প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰাখণ্ডত সংঘটিত বাছ দুৰ্ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা অনুদান ঘোষণা
प्रविष्टि तिथि:
05 JUN 2022 9:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডত সংঘটিত এক শোকাৱহ বাছ দুৰ্ঘটনাত কেইবাগৰাকীও যাত্ৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা বাছ দুৰ্ঘটনাত নিহতসকলৰ নিকটাত্মীয়ক ৫০,০০০ টকা আৰু আহত সকলক ২ লাখ টকাৰ অনুদান দিয়া কথা ঘোষণা কৰে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে;
"উত্তৰাখণ্ডত সংঘটিত বাছ দুৰ্ঘটনা অত্যন্ত বেদনাদায়ক। এই দূৰ্ঘটনাত যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকলৈ মই সমবেদনা জ্ঞাপন কৰিছো। ৰাজ্য চৰকাৰৰ তত্বাৱধানত, স্থানীয় প্ৰশাসনে ঘটনাস্থলীত যথা সম্ভৱ উদ্ধাৰ অভিযান চলাই আছে।"
"প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ৰ বাবে পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ অনুদান ঘোষণা কৰিছে। আহতসকলৰ প্ৰতিগৰাকীক ৫০,০০০ টকা প্ৰদান কৰা হ'ব।"
***
DS/ST/MS
(रिलीज़ आईडी: 1832044)
आगंतुक पटल : 124
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Urdu
,
English
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam