প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শিৱগিৰি তীৰ্থযাত্ৰাৰ ৯০ বছৰীয়া জয়ন্তী আৰু ব্ৰহ্ম বিদ্যালয়ৰ সোণালী জয়ন্তীৰ বছৰ-জোৰা যৌথ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ


“এই যৌথ উদযাপন ভাৰতৰ ভিন্ন সময়ত বিভিন্ন মাধ্যমৰ মাজেৰে আগবাঢ়ি গৈ থকা ধাৰণাটোৰ অমৰ যাত্ৰাৰ প্ৰতীক”

“আমাৰ শক্তি কেন্দ্ৰসমূহলৈ কেৱল তীৰ্থযাত্ৰাই নহয়, ই কেৱল বিশ্বাসৰ কেন্দ্ৰই নহয়, ই হৈছে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ ৰ উদ্দীপনাৰ জাগ্ৰত অনুষ্ঠান”

“ভাৰতত আমাৰ ঋষি আৰু গুৰুসকলে সদায়েই আমাৰ চিন্তাধাৰাক পৰিশোধন আৰু আমাৰ আচৰণক সমৃদ্ধ কৰিছিল”

“শ্ৰী নাৰায়ণ গুৰুৱে জাতি-ভেদৰ নামত অব্যাহত থকা বৈষম্যৰ বিৰুদ্ধে এখন যুক্তিসংগত আৰু ব্যৱহাৰিক যুঁজ দিছিল। আজি নাৰায়ণ গুৰু জীৰ একেই প্ৰেৰণাৰে দেশখনে দুখীয়া, নিপীড়িত, পিছপৰা লোকসকলক সেৱা আৰু তেওঁলোকৰ অধিকাৰ প্ৰদান কৰিছে”

“শ্ৰী নাৰায়ণ গুৰু আছিল এজন মৌলিক চিন্তাবিদ আৰু এজন ব্যৱহাৰিক সংস্কাৰক”

“আমি সমাজখনৰ সংস্কাৰৰ পথত অগ্ৰসৰ হোৱাৰ লগে-লগে সমাজখনত আত্ম-অগ্ৰগতিৰ এক শক্তিও জাগ্ৰত হৈছে, ‘বেটী বচাওঁ, বেটী পঢ়াওঁ’ ইয়াৰেই উদাহৰণ”

Posted On: 26 APR 2022 12:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭ লোক কল্যাণ মাৰ্গত শিৱগিৰি তীৰ্থযাত্ৰাৰ ৯০ বছৰীয়া জয়ন্তী আৰু ব্ৰহ্ম বিদ্যালয়ৰ সোণালী জয়ন্তীৰ বছৰ-জোৰা যৌথ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেখেতে বছৰ-জোৰা যৌথ উদযাপনৰ অৰ্থে প্ৰস্তুত ল’গ’টোও উন্মোচন কৰে। মহান সমাজ সংস্কাৰক শ্ৰী নাৰায়ণ গুৰুৰ আশীৰ্বাদ আৰু মাৰ্গদৰ্শনেৰে শিৱগিৰি তীৰ্থযাত্ৰা আৰু ব্ৰহ্ম বিদ্যালয় উভয়ৰে আৰম্ভ হৈছিল। এই অনুষ্ঠানত শিৱগিৰি মঠৰ আধ্যাত্মিক নেতা আৰু ভক্তসকলৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰ আৰু শ্ৰী ভি. মুৰুলীধৰন প্ৰমুখ্যে গন্য-মান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ বাসগৃহত সাধুসকলক আপ্যায়ন কৰিবলৈ পোৱাত সন্তোষ ব্যক্ত কৰে। তেখেতে বহু বছৰ ধৰি শিৱগিৰি মঠৰ সন্ত আৰু ভক্তসকলৰ সান্নিধ্য লাভ আৰু সদায়েই এই সান্নিধ্যৰে শক্তিশালী অনুভৱৰ কথা স্মৰণ কৰে। তেখেতে উত্তৰাখণ্ড-কেদাৰনাথ ট্ৰেজেডীৰ সময়ৰ কথা মনত পেলাই যেতিয়া কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আৰু কেৰালাৰ এজন প্ৰতিৰক্ষা মন্ত্ৰী থকা সত্বেও তেখেতক গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শিৱগিৰি মঠৰ সন্তসকলে সহায় কৰিবলৈ কৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেখেতে এই বিশেষাধিকাৰ কেতিয়াও পাহৰিব নোৱাৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শিৱগিৰি তীৰ্থযাত্ৰাৰ ৯০ বছৰীয়া জয়ন্তী আৰু ব্ৰহ্ম বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন এই অনুষ্ঠানসমূহৰ যাত্ৰাতে সীমাবদ্ধ নহয় বৰঞ্চ “এয়া হৈছে ভাৰতৰ ভিন্ন সময়ত বিভিন্ন মাধ্যমৰ মাজেৰে আগবাঢ়ি গৈ থকা ধাৰণাটোৰ অমৰ যাত্ৰাও।” তেখেতে আৰু কয় “বাৰাণসীৰ শিৱ নগৰেই হওঁক বা বৰ্কলাৰ শিৱগিৰিয়েই হওঁক, ভাৰতৰ প্ৰতিটো শক্তি কেন্দ্ৰয়েই সকলো ভাৰতীয়ৰ জীৱনত এক বিশেষ স্থান অধিকাৰ কৰিছে। এই সমূহলৈ কেৱল তীৰ্থযাত্ৰাই নহয়, ই কেৱল বিশ্বাসৰ কেন্দ্ৰই নহয়, ই হৈছে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ ৰ উদ্দীপনাৰ জাগ্ৰত অনুষ্ঠান।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বহু দেশ আৰু সভ্যতাই নিজৰ ধৰ্মৰ বিপৰীতে গৈ আধ্যাত্মিকতাবাদৰ স্থানত বস্তুবাদত মজ্জিত হোৱাৰ বিপৰীতে ভাৰতত, আমাৰ ঋষি আৰু গুৰুসকলে সদায়েই আমাৰ চিন্তাধাৰাক পৰিশোধন আৰু আমাৰ আচৰণক সমৃদ্ধ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰী নাৰায়ণ গুৰুৱে আধুনিকতাৰ কথা কৈছিল যদিও তেওঁ ভাৰতীয় সংস্কৃতি আৰু প্ৰমূল্যৰাজিকো সমৃদ্ধ কৰিছিল। তেওঁ শিক্ষা আৰু বিজ্ঞানৰ কথা কৈছিল যদিও ভাৰতৰ ধৰ্ম, বিশ্বাস আৰু হাজাৰ বছৰীয়া পৰম্পৰাৰ গৰিমা বৃদ্ধিৰ ক্ষেত্ৰত কেতিয়াও হেমাহি কৰা নাছিল। শ্ৰী নাৰায়ণ গুৰুৱে অন্ধ-বিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে প্ৰচাৰ চলাই ভাৰতক ইয়াৰ বাস্তৱতাৰ প্ৰতি সচেতন কৰি তুলিছিল। জাতিবাদৰ নামত অব্যাহত থকা বৈষম্যৰ বিৰুদ্ধে তেওঁ এক যুক্তিসংগত আৰু ব্যৱহাৰিক যুঁজ দিছিল। “আজি নাৰায়ণ গুৰু জীৰ একেই প্ৰেৰণাৰে দেশখনে দুখীয়া, নিপীড়িত, পিছপৰা লোকসকলক সেৱা আগবঢ়াইছে, তেওঁলোকৰ অধিকাৰ প্ৰদান কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে লগতে কয়, দেশখনে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ মন্ত্ৰৰে অগ্ৰসৰ হৈছে।

শ্ৰী নাৰায়ণ গুৰুক এজন মৌলিক চিন্তাবিদ আৰু ব্যৱহাৰিক সংস্কাৰক বুলি আখ্যায়িত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে গুৰু জীয়ে সদায়েই আলোচনাৰ শিষ্টতা অক্ষুন্ন ৰাখিছিল আৰু সদায়েই আন এজনৰ দৃষ্টিভংগী বুজিবলৈ চেষ্টা আৰু আনজনৰ সৈতে কামেৰে তেওঁৰ দৃষ্টিভংগীক সহযোগিতামূলকভাৱে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ সমাজখনত এনে এক পৰিবেশৰ সৃষ্টি কৰিছিল যাৰ মাজেৰে সমাজখনে নিজেই সঠিক যুক্তিৰে আত্ম-অগ্ৰগতিৰ দিশত অগ্ৰসৰ হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশদভাৱে কয় যে আমি সমাজখনৰ সংস্কাৰৰ এই পথত অগ্ৰসৰ হোৱা মাত্ৰেকে সমাজখনত আত্ম-অগ্ৰগতিৰ এক শক্তিও জাগ্ৰত হয়। তেখেতে শেহতীয়াকৈ বেটী বচাওঁ, বেটী পঢ়াওঁ অভিযানটোৰ সামাজিক অভিযোজনাৰ উদাহৰণ দাঙি ধৰে য’ত চৰকাৰখনে সঠিক পৰিবেশ সৃষ্টি কৰিবলৈ সক্ষম হোৱাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি ক্ষীপ্ৰতাৰে উন্নত হৈ পৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয়, ভাৰতীয় হিচাপে আমাৰ মাত্ৰ এটাই জাতি, সেয়া হৈছে ভাৰতীয়তা। আমাৰ এটাই ধৰ্ম– সেৱা আৰু কৰ্তব্যৰ ধৰ্ম। আমাৰ এজনেই ভগৱান– ভাৰত মাতা। শ্ৰী নাৰায়ণ গুৰুৰ ‘এক জাতি, এক ধৰ্ম, এক ঈশ্বৰ’ ৰ উপদেশে আমাৰ দেশপ্ৰেমক এক আধ্যাত্মিক মাত্ৰা প্ৰদান কৰিছে বুলি তেখেতে লগতে কয়। ‘আমি সকলোৱে জানো যে ঐক্যবদ্ধ ভাৰতীয়ৰ বাবে কোনো বিশ্ব লক্ষ্য অসম্ভৱ নহয়’, তেখেতে কয়।

আজাদী কা অমৃত মহোৎসৱৰ শুভ লগনত প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ স্বাধীনতা সংগ্ৰামখনিৰ বিশ্লেষণ কৰে যি তেখেতৰ মতে সদায়েই আধ্যাত্মিক ভেটি হৈ আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আমাৰ স্বাধীনতা সংগ্ৰাম কেতিয়াও প্ৰতিবাদ আৰু ৰাজনৈতিক কৌশলৰ প্ৰকাশতে সীমাবদ্ধ নাছিল। দাসত্বৰ শিকলি ছিঙিবলৈ কৰা যুঁজ আছিল যদিও ইয়াক কেনেদৰে আমি এখন স্বাধীন দেশ হিচাপে পৰিগণিত হ’ম, সেই দৃষ্টিৰে সমৃদ্ধ কৰা হৈছিল কাৰণ, কেৱল আমাৰ বিৰোধিতাই গুৰুত্বপূৰ্ণ নহয়, আমি যাৰ বাবে থিয় দিছো সেয়াহে অধিক গুৰুত্বপূৰ্ণ।”

প্ৰধানমন্ত্ৰীয়ে শ্ৰী নাৰায়ণ গুৰুৰ সৈতে স্বাধীনতা সংগ্ৰামখনৰ হোতাসকলৰ যুগান্তকাৰী বৈঠকখনিৰ কথা স্মৰণ কৰে। গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰ, গান্ধী জী আৰু স্বামী বিবেকানন্দ আৰু বহু গণ্যমান্য ব্যক্তিয়ে বিভিন্ন উপলক্ষত শ্ৰী নাৰায়ণ গুৰুক সাক্ষাৎ কৰিছিল আৰু এই বৈঠকসমূহতে ভাৰতৰ পুনৰ্গঠনৰ বীজ সিঁচা হৈছিল, যাৰ ফলশ্ৰুতিত আজিৰ ভাৰত আৰু ৰাষ্ট্ৰখনিৰ ৭৫-বছৰীয়া যাত্ৰাত দৃশ্যমান হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। ১০ বছৰৰ পিছত শিৱগিৰি তীৰ্থযাত্ৰা আৰু ২৫ বছৰৰ পিছত ভাৰতৰ স্বাধীনতাই শতবাৰ্ষিকী উদযাপন কৰিব। এই উপলক্ষে আমাৰ কৃতিত্ব আৰু দৃষ্টিৰ মাত্ৰা বিশ্বজনীন হ’ব লাগে বুলি তেখেতে কয়।

তিৰুৱনন্তপুৰমৰ শিৱগিৰিত ৩০ ডিচেম্বৰৰপৰা ১ জানুৱাৰীলৈকে প্ৰতি বছৰে তিনিদিন ধৰি শিৱগিৰি তীৰ্থযাত্ৰা অনুষ্ঠিত হয়। শ্ৰী নাৰায়ণ গুৰুৰ মতে তীৰ্থযাত্ৰাৰ লক্ষ্য জনসাধাৰণৰ মাজত সৰ্বাংগীন জ্ঞান প্ৰোথিতকৰণ হোৱা উচিত আৰু তীৰ্থযাত্ৰাই তেওঁলোকৰ সামগ্ৰিক বিকাশ আৰু সমৃদ্ধিত সহায় কৰিব লাগে। সেয়ে, তীৰ্থযাত্ৰাত শিক্ষা, স্বচ্ছতা, ধৰ্মনিষ্ঠা, হস্তশিল্প, ব্যৱসায় আৰু বাণিজ্য, কৃষি, বিজ্ঞান ও প্ৰযুক্তি আৰু সংগঠিত প্ৰচেষ্টা আদি আঠটা বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে।

১৯৩৩ ত মুষ্টিমেয় কেইজনমান ভক্তৰে আৰম্ভ হোৱা এই তীৰ্থযাত্ৰা এতিয়া দক্ষিণ ভাৰতৰ অন্যতম প্ৰধান অনুষ্ঠানত পৰিণত হৈছে। প্ৰতি বছৰে জাতি, পন্থ, ধৰ্ম আৰু ভাষা নিৰ্বিশেষে সমগ্ৰ বিশ্বৰ লাখ-লাখ ভক্তই শিৱগিৰিলৈ এই তীৰ্থযাত্ৰাত অংশগ্ৰহণৰ বাবে আহে।

শ্ৰী নাৰায়ণ গুৰুৱে সকলো ধৰ্মৰ নীতিৰাজি সমভাৱ আৰু স-সন্মানেৰে শিকোৱাৰ এডোখৰ ঠাইৰ কল্পনাও কৰিছিল। এই দৃষ্টি বাস্তৱায়িত কৰিবলৈ শিৱগিৰিৰ ব্ৰহ্ম বিদ্যালয় স্থাপন কৰা হৈছিল। ব্ৰহ্ম বিদ্যালয়ত শ্ৰী নাৰায়ণ গুৰুৰ কৰ্মৰাজি আৰু বিশ্বৰ সৰ্বগুৰুত্বপূৰ্ণ ধৰ্মৰ শাস্ত্ৰসহ ভাৰতীয় দৰ্শনৰ ৭-বছৰীয়া পাঠ্যক্ৰম আগবঢ়োৱা হৈছে।

 

***

DS/TS/SB



(Release ID: 1831301) Visitor Counter : 113