প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জাপান ভ্ৰমণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ বক্তব্য

Posted On: 22 MAY 2022 12:24PM by PIB Guwahati

জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম ফুমিঅ’ কিশিদাৰ আমন্ত্ৰণমৰ্মে ২০২২ ৰ ২৩-২৪ মে’লৈ মই জাপানৰ টকিঅ’ ভ্ৰমণ কৰিম।

২০২২ ৰ মাৰ্চত চতুৰ্দশ ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী কিশিদাক আপ্যায়ন কৰিবলৈ পাই সুখী হৈছিলো। টকিঅ’ ভ্ৰমণৰ সময়ছোৱাত মই ভাৰত-জাপানৰ বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্ব সুদৃঢ়কৰণৰ লক্ষ্যৰে আমাৰ অধিক কথোপকথন অব্যাহত ৰাখিবলৈ আগ্ৰহী হৈ উঠিছো।

জাপানত মই দ্বিতীয় ‘ইন-পাৰ্ছন’ কোৱাড নেতৃত্ব সন্মিলনটো অংশগ্ৰহণ কৰিম, যিয়ে চাৰিখন কোৱাড দেশৰ নেতৃত্বক কোৱাড পদক্ষেপৰাজিৰ অগ্ৰগতি পৰ্য্যালোচনাৰ পথ প্ৰশস্ত কৰিব। আমি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়ন আৰু পাৰস্পৰিক স্বাৰ্থৰ বৈশ্বিক বিষয়সমূহৰ সম্পৰ্কেও মত-বিনিময় কৰিম।

মই ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে এখনি দ্বিপাক্ষিক বৈঠকত মিলিত হ’ম, য’ত আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে আমাৰ বহু-মুখী দ্বিপাক্ষিক সম্পৰ্ক অধিক সংহতকৰণ সম্পৰ্কে আলোচনা কৰিম। আমি আঞ্চলিক উন্নয়ন আৰু সমসাময়িক বৈশ্বিক প্ৰসংগসমূহৰ সন্দৰ্ভতো আমাৰ আলোচনা অব্যাহত ৰাখিম।

অষ্ট্ৰেলিয়াৰ নৱ-নিৰ্বাচিত প্ৰধানমন্ত্ৰী এন্থনী আলবানিজে প্ৰথমবাৰৰ বাবে কোৱাড নেতৃত্ব সন্মিলনখনিত যোগদান কৰিব। মই তেখেতৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিম, য’ত বিস্তৃত কৌশলগত অংশীদাৰিত্বৰ অধীনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বহুমুখী সহযোগিতা আৰু পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহৰ সম্পৰ্কে আলোচনা কৰা হ’ব।

ভাৰত আৰু জাপানৰ মাজৰ অৰ্থনৈতিক সহযোগিতা আমাৰ বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ দিশ। মাৰ্চৰ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী কিশিদা আৰু মই জাপানৰপৰা ভাৰতলৈ অহা পাঁচ বছৰত ৰাজহুৱা আৰু ব্যক্তিগত বিনিয়োগ আৰু বিত্তীয় যোগানৰ ক্ষেত্ৰত ৫ ট্ৰিলিয়ন জেপিৱাই বাস্তৱায়িতকৰণৰ আমাৰ উদ্দেশ্য সম্পৰ্কে ঘোষণা কৰিছিলো। এই উদ্দেশ্যত উপনীত হ’বলৈ আগন্তুক ভ্ৰমণৰ সময়ত মই আমাৰ দেশসমূহৰ মাজত অৰ্থনৈতিক সংযোগ অধিক সুদৃঢ়কৰণৰ লক্ষ্যৰে জাপানৰ ব্যৱসায়িক নেতৃত্বৰে মিলিত হ’ম।

জাপানত প্ৰায় ৪০ হাজাৰ প্ৰবাসী ভাৰতীয়ই বাস কৰে, যিসকল জাপানৰে আমাৰ সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ ভৰসা। তেওঁলোকৰে মত-বিনিময় কৰিবলৈ মই আগ্ৰহী হৈ উঠিছো।

 

***

DS/ST/SB



(Release ID: 1828867) Visitor Counter : 134