প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীক সাক্ষাৎ জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মহামহিম ইয়োশিহিদে সুগাৰ

Posted On: 24 MAY 2022 2:25PM by PIB Guwahati

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মহামহিম ইয়োশিহিদে সুগাই ২০২২ ৰ ২৪ মে’ত টকিঅ’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

 তেওঁলোকে ২০২১ ৰ ছেপ্টেম্বৰত ৱাশ্বিংটন ডি.চি.ত অনুষ্ঠিত প্ৰথম ‘ইন-পাৰ্ছন’ কোৱাড নেতৃত্ব সন্মিলনত তেওঁলোকৰ দ্বিপাক্ষিক বৈঠককে ধৰি তেওঁলোকৰ পূৰ্ববৰ্তী পাৰস্পৰিক মত-বিনিময়ৰ কথা স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰত-জাপানৰ সম্পৰ্ক গভীৰ আৰু সুদৃঢ়কৰণৰ ক্ষেত্ৰত সুগাৰ বৰঙণিৰ শলাগ লয়।

দুয়োগৰাকী নেতাই ভাৰত-জাপানৰ বিশেষ কৌশলগত ও বিশ্ব অংশীদাৰিত্বক অধিক সুদৃঢ়কৰণ সন্দৰ্ভত মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে সুগাৰ নেতৃত্বত জাপানৰ সাংসদৰ এটা প্ৰতিনিধি দলক ভাৰতলৈ আমন্ত্ৰণ জনায়।

 

***

DS/AK/SB



(Release ID: 1828717) Visitor Counter : 110