প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী ২৪ এপ্ৰিলত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস সমাৰোহত ভাগ ল'বলৈ জম্মু আৰু কাশ্মীৰলৈ যাব


প্ৰধানমন্ত্ৰীয়ে ২০,০০০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ বিকাশৰ বিভিন্ন পদক্ষেপ উদ্বোধন আৰু শিলান্যাস কৰিব

প্ৰধানমন্ত্ৰীয়ে বানিহাল কাজিগুণ্ড পথ সুৰংগৰ উদ্বোধন কৰিব যি জম্মু আৰু কাশ্মীৰৰ বিভিন্ন ক্ষেত্ৰক ওচৰ চপাই অনাত সহায় কৰিব

প্ৰধানমন্ত্ৰীয়ে দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱেৰ তিনিটা ৰোড পেকেজ আৰু ৰতলে আৰু কোৱাৰ জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব

দেশৰ প্রতিখন জিলাত ৭৫টা জলাশয়ৰ মানোন্নয়ন আৰু পুনৰুজ্জীৱনৰ লক্ষ্যৰে অমৃত সৰোবৰ উদ্যোগৰ সূচনা কৰিব প্রধানমন্ত্রীয়ে

প্ৰধানমন্ত্ৰী মুম্বাইলৈও যাব য'ত তেওঁক ৰাষ্ট্ৰ নিৰ্মাণত অনুকৰণীয় যোগদানৰ বাবে প্ৰথম লতা দীননাথ মংগেশকাৰ পুৰস্কাৰেৰে সন্মানিত কৰা হ'ব

Posted On: 23 APR 2022 10:46AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ এপ্ৰিল, ২০২২ত পুৱা প্ৰায় ১১:৩০ বজাত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস সমাৰোহত ভাগ ল'বলৈ জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰিব আৰু দেশৰ সকলো গাঁও সভাক সম্বোধন কৰিব। তেওঁ সাম্বা জিলাৰ পল্লী পঞ্চায়ত ভ্ৰমণ কৰিব। এই যাত্ৰাৰ সময়ত, প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২০,০০০ কোটি টকাৰ ব্যয়সাপেক্ষ বিকাশৰ বিভিন্ন পদক্ষেপৰ উদ্বোধন আৰু শিলান্যাস কৰিব। প্ৰধানমন্ত্ৰীয়ে অমৃত সৰোবৰ পদক্ষেপৰো শুভাৰম্ভ কৰিব। ইয়াৰ পিছত, প্ৰায় সন্ধিয়া ৫ বজাত, প্ৰধানমন্ত্ৰীয়ে মুম্বাইত মাষ্টৰ দীননাথ মংগেশকাৰ পুৰস্কাৰ সমাৰোহত ভাগ ল'ব, য'ত তেওঁক প্ৰথম লতা দীননাথ মংগেশকাৰ পুৰস্কাৰেৰে সন্মানিত কৰা হ'ব।

 

জম্মু আৰু কাশ্মীৰত প্রধানমন্ত্রী -

জম্মু আৰু কাশ্মীৰত ২০১৯ৰ আগষ্ট মাহত সাংবিধানিক সংস্কাৰমূলক উদ্যোগ গ্রহণ কৰাৰ সময়ৰ পৰাই চৰকাৰে এই অঞ্চলৰ মানুহৰ জীৱনযাত্রাৰ মানোন্নয়নত আৰু প্রশাসনিক ব্যৱস্থাত অগ্রগতিৰ লক্ষ্যত সংস্কাৰৰ ওপৰত গুৰুত্ব দি আহিছে। এই ভ্ৰমণ কালত প্রধানমন্ত্রীয়ে যিবোৰ প্রকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব সেইবোৰে এই অঞ্চলত মসৃণ যাতায়াত ব্যৱস্থা, পৰিকাঠামোৰ মানোন্নয়ন আৰু মৌলিক সুযোগ-সুবিধা প্রদানৰ ক্ষেত্রত সুদূৰপ্রসাৰী ভূমিকা ল'ব।

প্রধানমন্ত্রীয়ে তাত ৩ হাজাৰ ১০০ কোটি টকা ব্যয়েৰে নির্মিত বানিহাল - কাজিগুণ্ড সুৰঙ্গপথৰ উদ্বোধন কৰিব। প্রায় ৯ কিলোমিটাৰ দীর্ঘ এই সুৰঙ্গপথটোৱে বানিহাল আৰু কাজিগুণ্ডৰ মাজৰ দূৰত্ব ১৬ কিলোমিটাৰ হ্রাস কৰিব আৰু যাত্রাৰ সময় প্রায় একৰ পৰা দেৰ ঘণ্টা কমিব। এই ট্যুইন টিউব সুৰঙ্গপথত প্রতি ৫০০ মিটাৰত ক্রছ পাছেজ আছে। সুৰঙ্গপথৰ ৰক্ষণাবেক্ষণ আৰু আপৎকালীন পৰিস্থিতিত উদ্ধাৰৰ বাবে এইধৰণৰ ক্রছ পাছেজৰ ব্যৱস্থা কৰা হৈছে। এই সুৰঙ্গপথটো জম্মু আৰু কাশ্মীৰৰ মাজত সকলো বতৰতে যাতায়াতৰ উপযোগী হৈ উঠিব। আনকি, এই দুই অঞ্চলক আৰু ওচৰ চপাই আনিব।

প্রধানমন্ত্রীয়ে দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্রেছৱেত তিনিটা পথ প্রকল্পৰ শিলান্যাস কৰিব। এই প্রকল্পসমূহৰ  খৰচ ধৰা হৈছে ৭ হাজাৰ ৫০০ কোটি টকার বেছি। প্রকল্পৰ মাধ্যমত চাৰি বা ছয় লেন বিশিষ্ট পথ নির্মাণ কৰা হ'ব। ইয়াৰ ফলত, জম্মু আৰু কাশ্মীৰ অঞ্চলৰ বিভিন্ন অংশৰ সৈতে যাতায়াত আৰু সুগম হ'ব। আনকি, জম্মু বিমান বন্দৰৰ সৈতেও আৰু ভাল যোগাযোগ ব্যৱস্থা গঢ়ি উঠিব।

প্রধানমন্ত্রীয়ে ৰতলে আৰু কোৱাৰ জলবিদ্যুৎ প্রকল্পৰ শিলান্যাস কৰিব। ৮৫০ মেগা ওৱাট ক্ষমতা বিশিষ্ট এই জলবিদ্যুৎ প্রকল্পটো কিস্তোৱাৰ জিলাত চিনাব নদীৰ ওপৰত নিৰ্মাণ কৰা হ'ব। ইয়াৰ বাবে খৰচ ধৰা হৈছে ৫ হাজাৰ ৩০০ কোটি টকা। তদুপৰি ৫৪০ মেগা ওৱাট ক্ষমতাসম্পন্ন কোৱাৰ জলবিদ্যুৎ প্রকল্পটো কিস্তোৱাৰ জিলাত চিনাব নদীৰ ওপৰত গঢ়ি তোলা হ'ব। এই জলবিদ্যুৎ প্রকল্পৰ শিতানত খৰচ ধৰা হৈছে ৪ হাজাৰ ৫০০ কোটি টকাৰ বেছি। এই অঞ্চলত বিদ্যুতৰ চাহিদা পূৰণত এই জলবিদ্যুৎ প্রকল্প দুটাই ডাঙৰ ভূমিকা পালন কৰিব।

জম্মু আৰু কাশ্মীৰত জনঔষধী কেন্দ্রৰ পৰিধি বিস্তাৰত আৰু সুলভ মূল্যত গুণগত মানৰ জেনেৰিক ঔষধপাতি যোগানত ১০০টা কেন্দ্র আৰম্ভ কৰা হৈছে। প্রধানমন্ত্রীয়ে এই জনঔষধী কেন্দ্ৰসমূহ জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিব। এই কেন্দ্রশাসিত অঞ্চলৰ প্রত্যন্ত এলেকাত জনঔষধী কেন্দ্ৰসমূহ খোলা হৈছে।

শ্রী মোদীয়ে পাল্লিত ৫০০ কিলোওৱাট উৎপাদন ক্ষমতা বিশিষ্ট সৌৰবিদ্যুৎ কেন্দ্রৰ সূচনা কৰিব। এই প্রকল্পই পাল্লি পঞ্চায়তক দেশৰ প্রথম কার্বন নিঃসৰণ মুক্ত পঞ্চায়ত এলেকা হিচাপে পৰিচিতি দিব।

প্রধানমন্ত্রীয়ে স্বামিত্ব কর্মসূচীৰ আওতাত সুফলভোগীসকলক স্বামিত্ব কার্ড প্রদান কৰিব। জাতীয় পঞ্চায়তীৰাজ দিৱস উদযাপন উপলক্ষে প্রধানমন্ত্রীয়ে বিভিন্ন বিভাগত জয়ী পঞ্চায়তসমূহক আর্থিক পুৰস্কাৰ দিব। প্রধানমন্ত্রীয়ে ইনটেক ফটো-গেলাৰী পৰিদৰ্শন কৰিব, যি এই অঞ্চলৰ গ্রামীণ ঐতিহ্যক তুলি ধৰিছে। দেশত আদর্শ স্মার্ট ভিলেজ গঢ়ি তুলিবলৈ শ্রী মোদীয়ে গ্রামীণ শিল্পোদ্যোগ ভিত্তিক নকেয়া স্মার্টপুৰ মডেল পৰিদর্শন কৰিব।

 

অমৃত সৰোবৰ -

জলাশয়বিলাকৰ পুনৰুজ্জীৱনৰ লক্ষ্যেত জম্মু আৰু কাশ্মীৰ ভ্ৰমণৰ সময়ত প্রধানমন্ত্রীয়ে অমৃত সৰোবৰ নামেৰে নতুন এটা উদ্যোগৰ সূচনা কৰিব। এই উদ্যোগত দেশৰ প্রতিখন জিলাত ৭৫টা জলাশয়ৰ মানোন্নয়ন আৰু পুনৰুজ্জীৱনৰ লক্ষ্য স্থিৰ কৰা হৈছে। আজাদী কা অমৃত মহোৎসৱ উদযাপনত চৰকাৰৰ এয়া আন এটা অভিনৱ উদ্যোগ।

 

মুম্বাইত প্রধানমন্ত্রী -

প্রধানমন্ত্রীয়ে ইয়াৰ পিছত মুম্বাইত উপস্থিত হৈ সন্ধিয়া পাঁচ বজাত মাষ্টাৰ দীননাথ মংগেশকাৰ পুৰস্কাৰ প্রদান অনুষ্ঠানত যোগ দিব। এই উপলক্ষে তেওঁক প্রথম লতা দীননাথ মংগেশকাৰ পুৰস্কাৰ প্রদান কৰা হ'ব। ভাৰতৰত্ন লতা মংগেশকাৰৰ স্মৰণত এই পুৰস্কাৰ আৰম্ভ কৰা হৈছে। দেশ গঠনত দৃষ্টান্তমূলক অৱদানৰ বাবে প্রতিবছৰে এজন ব্যক্তিক এই পুৰস্কাৰ দিয়া হ'ব।

***

 

DS/SH



(Release ID: 1823869) Visitor Counter : 149