উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ড’নাৰ মন্ত্ৰালয়ৰ অধীনত উত্তৰ-পূব মহোৎসৱৰ আয়োজন
গেংটকত 'উত্তৰ-পূবৰ ৰাজ্যসমূহৰ নগৰ উন্নয়নঃ স্মাৰ্ট চিটি বিপ্লৱ' শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব শ্ৰী হৰদীপ সিং পুৰীয়ে
Posted On:
29 APR 2022 2:09PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ ও নগৰ পৰিক্ৰমা আৰু পেট্ৰ'লিয়াম ও প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে কাইলৈ অৰ্থাৎ ৩০ এপ্ৰিল, ২০২২ ত গেংটকত অনুষ্ঠিতব্য এখনি আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই কাৰ্য্যসূচীত 'উত্তৰ-পূবৰ ৰাজ্যসমূহৰ নগৰ উন্নয়নঃ স্মাৰ্ট চিটি বিপ্লৱ' ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। ছিকিমৰ নগৰ উন্নয়ন, খাদ্য ও অসামৰিক যোগান বিভাগৰ মন্ত্ৰী শ্ৰী অৰুণ উপৰেটি আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনৰ জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰিবলগীয়া এই উদ্বোধনী অধিৱেশনতে এক অনলাইন ভৱন নিৰ্মাণৰ অনুমতি প্ৰণালী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব।
পুৱাৰ অধিৱেশনৰ পিছতে প্ৰাসংগিক বিষয়-বস্তুৰ আধাৰত তিনি কাৰিকৰী অধিৱেশন অনুষ্ঠিত হ'ব। এয়া আইআইটি, খড়গপুৰৰ জ্যেষ্ঠ অধ্যাপকসকলে পৰিচালনা কৰিব।
ছিকিমৰ এই কাৰ্য্যসূচী হৈছে আজাদী কা অমৃত মহোৎসৱৰ এটি অংশঃ উত্তৰ-পূবৰ আঠোখন ৰাজ্যতে ২৮ এপ্ৰিল, ২০২২ ৰপৰা ৪ মে’, ২০২২ লৈ উত্তৰ-পূব মহোৎসৱ হিচাপে ইয়াৰ উদযাপন কৰা হৈছে। কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় (DONER) য়ে "হম কিচি চে কম নহী" ৰ উদ্দীপনাৰে ইয়াৰ আয়োজন কৰিছে। সম্প্ৰতি ভাৰতে আজাদী কা অমৃত মহোৎসৱ নামেৰে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰি আছে য’ত অনুৰণিত হৈছে গৌৰৱময় ইতিহাস, জনতা, সংস্কৃতি আৰু সফলতাৰাজি। মন্ত্ৰালয়টোৱে এই উৎসৱৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সৌন্দৰ্য্য আৰু বিভিন্ন ক্ষেত্ৰত ইয়াৰ সাফল্যৰাজিৰ আলোকপাত কৰিছে। চলিত এই উৎসৱৰ অধীনত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিভিন্ন ৰাজধানী চহৰত ভিন্ন বিষয়ত একে ধৰণৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হৈছে।
***
MG/RNM/DP/SB
(Release ID: 1821902)
Visitor Counter : 141