কেবিনেট
লিথুৱানিয়াত ভাৰতীয় মিছন মুকলি কৰাৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন
পোষ্ট কৰা হৈছে:
27 APR 2022 4:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবনেটৰ সভাই ২০২২ চনত লিথুৱানিয়াত এটা নতুন ভাৰতীয় মিছন মুকলি কৰাৰ প্ৰস্তাৱলৈ অনুমোদন জনায়।
লিথুৱানিয়াত ভাৰতীয় মিছনৰ কাৰ্যালয় মুকলি কৰা কথাই ভাৰতৰ কূটনৈতিক সম্পৰ্কৰ উপস্থিতিৰ পৰিসৰ সম্প্ৰসাৰিত কৰি ৰাজনৈতিক সম্পৰ্ক অধিক গাঢ় কৰি তোলা, দ্বিপাক্ষিক বাণিজ্যৰ ক্ষেত্ৰখনৰ উত্তৰণ সাধন কৰা, বিনিয়োগ আৰু অৰ্থনৈতিক সম্পৰ্ক গঢ়ি তোলা, পৰস্পৰৰ নাগৰিকসকলৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ হাৰ বৃদ্ধি কৰা, বহু পক্ষীয় মঞ্চসমূহত ভাৰতৰ বৈদেশিক নীতি সাব্যস্তকৰণৰ ক্ষেত্ৰত অধিক মাত্ৰাত বহণক্ষম ৰাজনেতিক সহযোগিতা লাভৰ প্ৰেক্ষাপট ৰচিত হোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে। লিথুৱানিয়াত মুকলি কৰিবলগীয়া ভাৰতীয় মিছনে ভাৰতীয় সম্প্ৰদায়ক সেৱা আগবঢ়োৱাৰ লগতে তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰাত অধিক ফলপ্ৰসূ ভাবে ভূমিকা পালন কৰিব পাৰিব।
উন্নতি আৰু বিকাশৰ বাবে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় যাত্ৰা বা ‘সকলোকে লগত লৈ সকলোৰে বিকাশ’ সাধন কৰাৰ ক্ষেত্ৰত লিথুৱানিয়াত ভাৰতীয় মিছনৰ নতুন কাৰ্যালয় মুকলি কৰাৰ সিদ্ধান্ত এক দূৰদৃষ্টি সম্পন্ন সিদ্ধান্ত হিচাপেই পৰিগণিত হ’ব। ভাৰতৰ কূটনৈতিক উপস্থিতিৰ পৰিসৰ সম্প্ৰসাৰিত হোৱা কথাই আন কথাৰ লগতে ভাৰতীয় কোম্পানীসমূহক নতুন বজাৰত প্ৰৱেশৰ সুযোগ প্ৰদান কৰিব আৰু ভাৰতীয় সামগ্ৰী আৰু সেৱাৰ ৰপ্টানীৰ হাৰ বৃদ্ধি হোৱাত সহায় কৰিব। ইয়ে, ঘৰুৱা উত্পাদন আৰু নিয়োগৰ ক্ষেত্ৰখনক প্ৰত্যক্ষ ভাবে প্ৰভাৱিত কৰি স্বনিৰ্ভৰশীলতা অৰ্জনৰ জৰিয়তে ‘আত্মনিৰ্ভৰশীল ভাৰত’ গঢ়াৰ বাবে আমি দেখা সপোনটো সাৰ্থক কৰাত সহায়ক হ’ব।
***
DS/KB
(ৰিলিজ আই ডি : 1821101)
অতিথি কক্ষ : 249
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam