প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুজৰাটৰ দাহোদত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 20 APR 2022 9:49PM by PIB Guwahati

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়,

সৰ্বপ্ৰথমে দাহোদবাসীৰ ওচৰত ক্ষমা বিচাৰিছো৷ আৰম্ভণিতে কিছু সময় হিন্দীত ক’ম, তাৰ পাছত নিজৰ ঘৰৰ কথা ঘৰুৱা ভাষাত পাতিম৷

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ মোৰ সহযোগী তথা কেন্দ্ৰীয় ৰে’লমন্ত্ৰী শ্ৰী অশ্বিনী বৈঞ্চৱ জী, মন্ত্ৰী পৰিষদৰ সতীৰ্থ দৰ্শনা বেন জৰদোষ, সংসদৰ মোৰ জ্যেষ্ঠ সতীৰ্থ গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি শ্ৰীমান চি.আৰ. পাটিল, গুজৰাট চৰকাৰৰ মন্ত্ৰীবৰ্গ, সাংসদ আৰু বিধায়কসকল আৰু বিশাল হাৰত ইয়াত সমবেত মোৰ মৰমৰ জনজাতি ভাই-ভনীসকল৷

আজি ইয়াত জনজাতি অঞ্চলৰ লক্ষাধিক ভাই-ভনীয়ে আমাক আশীৰ্বাদ দিবলৈ আহিছে৷ আমাৰ ইয়াত পুৰণি ধাৰণা আছে যে আমি যি স্থানত থাকো, যি পৰিৱেশত থাকো, তাৰ বৃহৎ প্ৰভাৱ আমাৰ জীৱনত পৰে৷ মোৰ ৰাজহুৱা জীৱনত প্ৰাৰম্ভিক কালত যেতিয়া জীৱনৰ এটা যাত্ৰাৰ আৰম্ভ হৈছিল, তেতিয়া মই ওমৰ গাঁৱৰ পৰা অম্বাজী, ভাৰতৰ এই পূব অঞ্চল, গুজৰাটৰ এই পূব অঞ্চল, ওমৰ গাঁৱৰ পৰা অম্বাজীলৈকে সমগ্ৰ অঞ্চলটো আমাৰ জনজাতি ভাই-ভনীসকলৰ অঞ্চল, সেয়াই মোৰ কৰ্মক্ষেত্ৰ আছিল৷ জনজাতিসকলৰ মাজত থকা, তেওঁলোকৰ সৈতে জীৱন অতিবাহিত কৰা, তেওঁলোকক বুজি পোৱা, তেওঁলোকৰ সৈতে জীয়াই থকা ইত্যাদি দিশত মোৰ প্ৰাৰম্ভিক বৰ্ষসমূহত মোৰ জনজাতি মাতৃ, ভগ্নী, ভাইসকলে মোক মাৰ্গদৰ্শন কৰিছিল, মোক বহুত কিবা-কিবি শিকাইছিল, সেইবোৰে আজি মোক আপোনালোকৰ বাবে কিবা এটা কৰাৰ প্ৰেৰণা যোগাইছে৷

জনজাতিসকলৰ জীৱন মই অতি সমীপৰ পৰা দেখিছো আৰু শিৰণত কৰি ক’ব পাৰো যে গুজৰাট, মধ্যপ্ৰদেশ, চত্তীশগড়, ঝাৰখণ্ড বা ভাৰতৰ যিকোনো জনজাতি ক্ষেত্ৰত নহওক কিয়, মই ক’ব পাৰো যে মোৰ জনজাতি ভাই-ভনীসকলৰ জীৱন অৰ্থাৎ পানী যিমান পবিত্ৰ আৰু নতুন কুঁহিপাতৰ দৰে কোমল৷ এই দাহোদত বহু পৰিয়ালৰ সৈতে আৰু এই সমগ্ৰ অঞ্চলত মই বহু সময় অতিবাহিত কৰিছো৷ আজি মই আপোনালোকৰ সৈতে লগ পোৱা, আপোনালোক সকলোকে দেখাৰ সৌভাগ্য লাভ কৰিলো৷

ভাই-ভনীসকল,

সেইবাবেই আগতে গুজৰাটত আৰু এতিয়া সমগ্ৰ দেশত জনজাতি সমাজক, বিশেষকৈ আমাৰ ভগ্নী-কন্যাসকলৰ সৰু সৰু সমস্যা দূৰ কৰাৰ জৰিয়তে বৰ্তমান ভাৰত চৰকাৰ, গুজৰাট চৰকাৰে, দ্বৈত ইঞ্জিনৰ দৰে এক সেৱা ভাৱেৰে কাম কৰি আছে৷

ভাই-ভনীসকল,

ইয়াৰ পৰিপ্ৰেক্ষিততে আজি দাহোদ আৰু পঞ্চমাৰ্গৰ বিকাশৰ সৈতে জড়িত ২২,০০০ কোটি টকাৰো অধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ যিসমূহ প্ৰকল্প আজি উদ্বোধন কৰা হৈছে, তাৰ ভিতৰত এটা খোৱাপানী প্ৰকল্পৰ সৈতে জডিত আৰু দ্বিতীয়টো দাহোদক স্মাৰ্ট চিটী নিৰ্মাণৰ সৈতে জড়িত প্ৰকল্প৷ পানীৰ এই প্ৰকল্পৰ জৰিয়তে দাহোদৰ শতাধিক গাঁৱৰ মাতৃ-ভগ্নীৰ জীৱন অধিক সহজ হৈ পৰিব৷

বন্ধুসকল,

এই সম্পূৰ্ণ অঞ্চলৰ আকাংক্ষাৰ সৈতে জটিক এটা ডাঙৰ কাম আজি আৰম্ভ হৈছে৷ দাহোদ এতিয়া মেক ইণ্ডিয়াৰো ডাঙৰ কেন্দ্ৰত পৰিণত হ’বলৈ গৈ আছে৷ পৰাধীনতাৰ সময়ছোৱাত ইয়াত ভাপ-ইঞ্জিনৰ বাবে যি ৱৰ্কশ্বপ গঢ় লৈ উঠিছিল, সেইটোৱে মেক ইন ইণ্ডিয়াক গতি প্ৰদান কৰিব৷ এতিয়া দাহোদত পৰেলত ২০,০০০ কোটি টকাৰ কাৰখানা গঢ়ি তোলা হ’ব৷

মই যেতিয়াই দাহোদলৈ আহিছিলো, তেতিয়া মোক সন্ধিয়াৰ পৰেলৰ সেই চৰকাৰী কোৱাৰ্টাৰলৈ যোৱাৰ সুযোগ হৈছিল আৰু মই সৰু সৰু পাহাড়ৰ মাজত সেই পৰেলৰ ঠাইখন বৰ পছন্দ কৰিছিলো৷ মোৰ প্ৰকৃতিৰ সৈতে জীয়াই থকাৰ এক সুযোগ হৈছিল৷ কিন্তু বুকুত এক দুখ অনুভৱ হৈছিল৷ মই নিজ চকুৰে দেখিছিলো যে লাহে লাহে আমাৰ ৰে’লৱেৰ ক্ষেত্ৰ, এই আমাৰ পৰেল সম্পূৰ্ণৰূপে নিষ্প্ৰাণ হ’বলৈ ধৰিলে৷ কিন্তু প্ৰধানমন্ত্ৰী হোৱাৰ পাছত মোৰ সপোন আছিল যে মই ইয়াৰ পুনৰবাৰ জীৱন্ত ৰূপ দিম, সুন্দৰ কৰি তুলিম আৰু আজি মোৰ সেই সপোন পুৰণ হোৱাৰ দিশে অগ্ৰসৰ সৈতে যে ২০ হাজাৰ কোটি টকাৰ জৰিয়তে আজি মোৰ দাহোদত এই সম্পূৰ্ণ জনজাতি এলেকাত ইমান বৃহৎ বিনিয়োগ, হাজাৰ হাজাৰ নৱপ্ৰজন্মই সংস্থাপন লাভ কৰিছে৷

আজি ভাৰতীয় ৰে’লৰ আধুনিকীকৰণ হৈছে, বিদ্যুতীকৰণ ক্ষিপ্ৰতাৰে হৈছে৷ মালবাহী ৰে’লৰ বাবে পৃথ পথ, অৰ্থাৎ ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ নিৰ্মাণ কৰা হৈছে৷ সেইবোৰত ক্ষিপ্ৰতাৰে মালবাহী ৰে’ল চলিব পাৰে, যাতে মালবাহী ৰে’লৰ গতি ক্ষিপ্ৰ হয়, সস্তীয়া হওক, ইয়াৰ বাবে দেশত দেশতে নিৰ্মাণ কৰা ল’ক’মটিভ ইঞ্জিন নিৰ্মাণ কৰা আৱশ্যক৷ এই বৈদ্যুতিক ল’ক’মটিভৰ বিদেশত চাহিদা বৃদ্ধি পাইছে৷ সেই চাহিদা পুৰণ কৰাৰ বাবে দাহোদে ডাঙৰ ভূমিকা পালন কৰিব৷ মোৰ দাহোদৰ নৱ প্ৰজন্ম, আপোনালোকে যেতিয়াই বিশ্বৰ বিভিন্ন স্থানলৈ যোৱাৰ সুযোগ পাব, তেতিয়া কেতিয়াবা আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ দাহোদত নিৰ্মাণ কৰা ল’ক’মটিভ বিশ্বৰ বিভিন্ন দেশত চলি আছে৷ যিদিনা দেখিব, তেতিয়া অন্তৰত কিমান আনন্দ লাগিব৷

ভাৰত এতিয়া বিশ্বৰ সেই নিৰ্বাচিত দেশৰ অন্তৰ্ভূক্ত হৈছে, যি ৯ হাজাৰ হৰ্ছ পাৱাৰ শক্তিশালী ইঞ্জিন নিৰ্মাণ কৰে৷ এই নতুন কাৰখানাৰ পৰা ইয়াৰ হাজাৰ হাজাৰ নৱ প্ৰজন্মই সংস্থাপন লাভ কৰিব, সমীৱৰ্তী ঠাইসমূহত নতুন ব্যৱসায়ৰ সম্ভাৱনা বৃদ্ধি পাব৷ আপোনালোকে এখন নতুন দাহোদৰ কল্পনা কৰিব পাৰে৷ কেতিয়াবা এনে লাগে যে এতিয়া আমাৰ দাহোদ বৰোদাৰ সৈতে প্ৰতিযোগিতা কৰি পৰিশ্ৰমেৰে আগুৱাই যাব৷

আপোনালোকৰ এই উৎসাহ আৰু উদ্যম দেখি মোৰ এনে ভাৱ হয়, বন্ধুসকল মই দাহোদত মোৰ জীৱনৰ কেইবাদশক কটালো৷ এনে এক সময় আছিল যে মই স্কুটাৰ, বাছেৰে আহি তেতিয়াৰ পৰা এতিয়ালৈকে বহু কাৰ্যসূচী ৰূপায়ণ কৰিছো৷ মুখ্যমন্ত্ৰী থাকোতেও বহু কাৰ্যসূচী হাতত লৈছিলো৷ কিন্তু আজি মোৰ গৌৰৱবোধ হৈছে যে মই যেতিয়া মুখ্যমন্ত্ৰী আছিলো, তেতিয়া ইমান বিশাল কাৰ্যসূচী ল’ব পৰা নাছিলো৷ বৰ্তমান গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেলে এক অসাধাৰণ কাম কৰিলে যে অতীতত মই নেদেখা, ইমান বিশাল জনসমূদ্ৰ আজি মোৰ সন্মুখত থিয় কৰি দিলে৷ মই ভূপেন্দ্ৰ ভাই, চি.আৰ. পাটিল আৰু তেওঁৰ সমগ্ৰ টীম বহুত বহু অভিনন্দন জনাইছো৷ ভাই-ভনীসকল প্ৰগতিৰ এই পথত আমাৰ মাতৃ-ভগ্নীসকল পিছপৰি থাকিব নালাগে৷ মাতৃ-ভগ্নীসকলে সমানভাৱে প্ৰগতিৰ পথত কান্ধত কান্ধ মিলাই আগুৱাই যাওক, সেইবাবে মোৰ আঁচনিসমূহৰ কেন্দ্ৰবিন্দু মোৰ মাতৃ-ভগ্নী, তেওঁলোকৰ সুখ, তেওঁলোকৰ শক্তিক বিকাশৰ দিশত যাতে লগাব পাৰি, সেয়া কেন্দ্ৰত আছে৷ ইয়াত যদি পানীৰ সমস্যা হয়, তেতিয়াহ’লে সৰ্বপ্ৰথমে মাতৃ-ভগ্নীসকলৰ সমস্যা হ’ব৷ সেইবাবে মই সংকল্প ল’লো যে মই নলেৰে পানী যোগান ধৰিম৷ কম সময়ৰ ভিতৰতে মাতৃ-ভগ্নীসকলৰ আশীৰ্বাদত এই কাম সম্পূৰ্ণ হ’ব৷ আপোনালোকৰ ঘৰত পানী পাওক, পানীদাৰ লোকসকলে পানীৰ দ্বাৰা সেৱা কৰাৰ বাবে মই সুযোগ লাভ কৰিম৷ আঢ়ৈ বছৰত ছয় কোটিৰোধিক পৰিয়ালত নলসংযোগী পানী প্ৰদান কৰা হৈছে আৰু অনাগত দিনত এই কাম ক্ষিপ্ৰতাৰে চলিব৷

ভাই-ভনীসকল, ক’ৰোনাৰ সংকট আহিলে, এতিয়াও ক’ৰোনা আঁতৰি যোৱা নাই, ইফালে বিশ্বত যুদ্ধৰ বাতৰি, যুদ্ধৰ ঘটনা, ক’ৰোনাৰ সমস্যা কমাৰ পাছতে নতুন সমস্যা আহিল, এই সকলোবোৰৰ পাছতো আজি বিশ্বৰ সন্মুখত ধৈৰ্যসহকাৰে, সমস্যাৰ মাজতো, অনিশ্চয়তাৰ মাজতো আগুৱাই গৈছো৷ এই জটিল দিনসমূহতো চৰকাৰে দুখীয়াসকলৰ পাহৰি যোৱা নাই৷ মোৰবাৰে দুখীয়া, মোৰ জনজাতি, মোৰ দলিত, মোৰ অ’বিচি সমাজৰ প্ৰান্তীয় লোকসকলৰ সুখ আৰু তেওঁলোকৰ ধ্যান আৰু সেইবাবে যেতিয়া চহৰসমূহ বন্ধ হৈছিল, চহৰসমূহত কাম কৰা লোকসকলে ইয়াৰ দাহোদৰ লোকসকলে ৰাস্তাৰ কাম বহুত কৰিছিল, আগতে সকলো বন্ধ হ’ল, পুনৰ যেতিয়া দুখীয়া লোকসকলৰ ৰান্ধনীঘৰত চৌকা জ্বলে, তাৰবাবে সজাগ হৈ থাকিলো৷ আজি প্ৰায় দুবছৰ হ’বৰে হ’ল, দুখীয়া লোকসকলে বিনামূলীয়াকৈ খাদ্য সামগ্ৰী পাইছে, ৮০ কোটি লোকে দুবছৰ ধৰি বিনামূলীয়াকৈ খাদ্য সামগ্ৰী লাভ কৰাটো বিশ্বৰ সৰ্ববৃহৎ আঁচনি আমি ৰূপায়ণ কৰিলো৷

আমি সপোন দেখিছিলো যে মোৰ দুখীয়া জনজাতি লোকসকলৰ নিজা পকী গৃহ পাব, তেওঁলোকে শৌচালয় পাব, তেওঁলোকে বিজুলী পাবস তেওঁলোকে পানী পাব, তেওঁলোকে গেছৰ চৌকা পাব, তেওঁলোকৰ গাঁৱত ভাল আৰোগ্য কেন্দ্ৰ হ’ব, হাস্পতাল হওক, তেওঁলোকে ১০৮ সেৱা লাভ কৰক৷ তেওঁলোকে পঢ়াৰ বাবে ভাল বিদ্যালয় পাওক, গাঁৱে গাঁৱে ভাল পথ হওক, এই সকলো চিন্তাই বৰ্তমান একে সময়তে বৰ্তমান গুজৰাটৰ গাঁৱলৈকে পাইছে, ইয়াৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কান্ধত কান্ধ মিলাই কাম কৰি আছে৷ সেইবাবে আমি এখোজ আগুৱাই আছো৷

অপ্টিকেল ফাইবাৰ নেটৱৰ্ক, এতিয়া যেতিয়াই আপোনালোকৰ সময় আহিব ভাৰত চৰকাৰ আৰু গুজৰাটৰ চৰকাৰে পৃথক আঁচনিৰ যিসকল হিতাধিকাৰী ভাই-ভনী আছে, তেওঁলোকৰ সৈতে বহিছিল, তেওঁলোকৰ অভিজ্ঞতাত বুজিলে, মোৰ বাবে ইমান আনন্দৰ কথা আছিল যে মই তাক শব্দৰে বৰ্ণনা কৰিব নোৱাৰো৷ মোৰ আনন্দ লাগিছিল যে পঞ্চম, সপ্তম শ্ৰেণীত অধ্যয়ন কৰা মোৰ ভগ্নীসকলে, বিদ্যালয়ত ভৰি দি নোপোৱা মাতৃ-ভগ্নীসকলে কয় যে আমি আমাৰ ধৰিত্ৰী মাতাক ৰাসায়নিক সাৰমুক্ত কৰিছো, আমি সংকল্প লৈছো যে আমি জৈৱিক খেতি কৰিম আৰু আমাৰ শাক-পাছলি আহমেদাবাদৰ বজাৰত বিক্ৰী হৈ আছে৷ দুগুন দৰত বিক্ৰী হৈছে, মই মোৰ জনজাতি গাঁৱৰ মাতৃ-ভগ্নীসকলৰ সৈতে যেতিয়া কথা পাতি আছিলো, তেতিয়া তেওঁলোকৰ চকুত উৎসাহ দেখিছিলো৷ এটা সময় আছিল, মোৰ মনত আছে, দাগোদত ফুলনি, ফুলৰ খেতি বৃদ্ধি পাইছিল, সেই সময়ত ইয়াৰ ফুল মুম্বাইলৈকে তাক মাতৃসকলে, দেৱতাসকলে, ভগৱানক আমাৰ দাহোদৰ ফুল অৰ্পণ কৰিছিল৷ ইমানবোৰ ফুলনি, এতিয়া আমাৰ কৃষকসকলে জৈৱিক কৃষি কৰিবলৈ লৈছে৷ জনজাতি ভাইসকলে ইমান বৃহৎ পৰিৱৰ্তন আনিলে, তেতিয়া আপোনালোকে বুজিব লাগিব যে সকলোৱে এই পৰিৱৰ্তন আনিব লাগিব, জনজাতিসকলে আৰম্ভণি কৰিলে যেতিয়া সকলোৱে কৰিব লাগিব৷ দাহোদে সেই কাম কৰি দেখুৱালে৷

আজি মোৰ এক দিব্যাংগ দম্পত্তিক সাক্ষাৎ কৰাৰ সৌভাগ্য হ’ল আৰু মোৰ বাবে আচৰিত কথাটো এই যে চৰকাৰে হাজাৰ হাজাৰ টকা সাহাৰ্য দিলে, তেওঁলোকে কমন ছাৰ্ভিছ চেণ্টাৰ আৰম্ভ কৰি দিলে, কিন্তু তেওঁলোক তাতে সীমাবদ্ধ থকা নাই, তেওঁলোকে মোক ক’লে চাহাব মই দিব্যাংগ আৰু আপুনি ইমান সহায় কৰিলে যে মই সিদ্ধান্ত ল’লো যে মোৰ গাঁৱৰ প্ৰতিগৰাকী দিব্যাংগক সেৱা আগবঢ়োৱাৰ নামত এটকাও নলও৷ মই সেই পৰিয়ালটোক ছেল্যুট জনাইছো৷ 

বন্ধুসকল,

মোৰ জনজাতি পৰিয়ালৰ সংস্কাৰ চাওক, তেওঁৰ সংস্কাৰৰ পৰা আমি শিক্ষা পালো৷ বনবন্ধু কল্যান যোজনা, জনজাতীয় পৰিয়ালৰ বাবে চিন্তা কৰা, দক্ষিণ গুজৰাটত বিশেষকৈ চিকল চেল ৰোগ, ইমানবোৰ চৰকাৰী ধন খৰচ হ’ল, চিকল চেলৰ চিন্তা কৰাৰ বাবে যি মুল পৰিশ্ৰম লাগে, সেই কাম আমি কৰিলো আৰু আজি চিকলচেলৰ বাবে ব্যাপক হাৰত কাম চলি আছে৷ মই আমাৰ জনজাতি পৰিয়ালসমূহক বিশ্বাস দিছো যে বিজ্ঞানে আমাক সহায় কৰিবই, বৈজ্ঞানিক সংশোধন কৰি থকা হৈছে আৰু বছৰ বছৰ ধৰি এইধৰণৰৰ চিকলচেল ৰোগীৰ কাৰণ বিশেষকৈ জনজাতি সন্তান-সন্ততিসকলে সহ্য কৰিবলগীয়া হয়, এনে সমস্যাৰ পৰা বাহিৰ হৈ অহাৰ বাবে আমি পৰিশ্ৰম কৰিছো৷

ভাই-ভনীসকল,

এয়া আজাদীৰ অমৃৎ মহোৎসৱ, স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি পালন কৰি থকা হৈছে, কিন্তু দেশৰে দুৰ্ভাগ্য যে সাত দশক হৈ গ’ল, কিন্তু স্বাধীনতা সংগ্ৰামত যিসকলে মুলতে যুঁজ দিছিল, তেওঁলোকে উপযুক্ত সন্মান নাপালে, যি অধিকাৰ পাব লাগিছিল, সেয়া নাপালে৷ মই যেতিয়া গুজৰাটত আছিল, তেতিয়া তাৰ বাবে মাত মাতিছিলো৷ ২০২২ বৰ্ষত ওমৰত ভগৱান বিৰছা মুণ্ডাক মোৰ জনজাতি নৱপ্ৰজন্মই, ভগৱান বিৰছা মুণ্ডা ১৮৫৭ৰ স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব প্ৰদান কৰিছিল ইংৰাজৰ দাঁত টেঙাইছিল৷ সেইসকলক জনসাধাৰণে পাহৰিলে, আজি বিৰছা মুণ্ডৰ ভব্য সংগ্ৰহালয় ঝাৰখণ্ডত আমি নিৰ্মাণ কৰিলো৷

ভাই-ভনীসকল,

মই দাহোদৰ ভাই-ভনীসকলক অনুৰোধ কৰিছো যে বিশেষকৈ শিক্ষণ জগতৰ সৈতে জড়িত লোকসকলক অনুৰোধ কৰিছো, আপোনালোকে জানে যে ১৫ আগষ্ট, ২৬ জানুৱাৰী, ১ মে’ পৃথক পৃথক জিলাত পৃথকে উদযাপন কৰা হয়৷ এবাৰ যেতিয়া দাহোদত উৎসৱ আছিল, তেতিয়া দাহোদৰ আদিবাসীসকলে কিমান নেতৃত্ব প্ৰদান কৰিছিল, কিমান প্ৰতিবাদ তদাৰক কৰিছিল, আমাৰ দেৱগড়ৰ বাৰীয়া ২২দিনলৈকে জনজাতিসকলে প্ৰতিবাদ কৰিছিল, আমাৰ মানগড় পৰ্বতৰ শৃংখলাত আমাৰ জনজাতিসকলে ইংৰাজক দমন কৰিছিল৷ আমি গোৱিন্দগুৰু পাহৰিব নোৱাৰো আৰু মানগড়ত গোৱিন্দগুৰুৰ স্মাৰক নিৰ্মাণ কৰি আজিও তেওঁৰ বলিদানৰ স্মৰণ কৰি আহিছে চৰকাৰে৷ বৰ্তমান দেশবাসীক ক’ব বিচাৰিছো, সেইবাবে দাহোদৰ বিদ্যালয়, দাহোদৰ শিক্ষকসকলক অনুৰোধ কৰিছো যে ১৮৫৮ৰ স্বাধীনতা সংগ্ৰামত, সেয়া লাগিলে দেৱগড় বাৰিয়াই হওক বা লোমখেড়াই হওক বা লীমডীয়েই হওক বা দাহোদেই হওক বা চন্তৰামপুৰেই হওক বা ঝালোড যিয়েই নহওক কিয় এনে কোনো বিস্তৃত বৰ্ণনা নাচিল যে তাৰ জনজাতিসকলে তীৰ-বন্দুক লৈ ইংৰাজৰ সন্মুখত যুদ্ধ ক্ষেত্ৰত প্ৰত্যুত্তৰ দিয়া নাছিল, ইতিহাসিত সেই কথা লিখা আছে আৰু কাৰোবাৰ ফাঁচী পৰ্যন্ত হৈছিল আৰু ইংৰাজে জালিয়ানৱালাবাগত যিদৰে হত্যাকাণ্ড চলাইছিল, তেনে হত্যাকাণ্ড জনজাতি সম্প্ৰসাৰণত হৈছিল৷ কিন্তু ইতিহাসে সকলো পাহৰাই দিছে। স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূর্তি উপলক্ষে এই সকলো বিষয় তুলি ধৰিব পাৰিলে আমাৰ জনজাতি ভাই-ভনীসকলে বহুত প্রেৰণা পাব৷ চহৰত বসবাস কৰা নতুন প্রজন্মৰ ল’ৰা-ছোৱালীবোৰে প্রেৰণা পাব। সেইবাবে আপোনালোকৰ প্রতি মোৰ অনুৰোধ এই যে এই সকলো বিষয়ক লৈ পঢ়া-শুনা কৰি নাটক লিখক, এইবোৰক লৈ নি গান লিখক, সুৰ দিয়ক, ছাত্ৰ-ছাত্ৰীসকলক শিকাওক৷ এই নাটকবোৰ স্কুল-কলেজত মঞ্চস্থ কৰক৷ তেতিয়াহে সেই সময়ৰ ঘটনাসমূহে আজিৰ ল’ৰা-ছোৱালীসকলৰ মনত সজীৱ হৈ উঠিব। তেতিয়াহে গোবিন্দ গুৰুজীৰ আত্মবলিদানৰ কথা সকলোৱে স্মৰণ কৰিব। গোবিন্দ গুৰুজীৰ যি শক্তি আছিল, আমাৰ জনজাতি সমাজৰ লোকসকলে তেওঁক সেইবাবেইতো পুজা কৰে। কিন্তু ভৱিষ্যৎ প্রজন্মৰ লোকসকলেও যাতে তেওঁৰ সম্পর্কে জানিব পাৰে, সেই ক্ষেত্ৰত মই চেষ্টা কৰা দৰকাৰ।

ভাই-ভনীসকল,

আমাৰ জনজাতীয় সমাজত আগতো এখনো বিজ্ঞানৰ স্কুল নাছিল৷ মোৰ সপোন আছিল যে আমাৰ জনজাতীয় ল’ৰা-ছোৱালীসকল এদিন চিকিৎসক হ’ব, নাৰ্ছ হ’ব। যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্রীৰ দায়িত্ব লৈছিলো, তেতিয়া ওমৰগাঁৱত অম্বাজিৰ সন্নিকটস্থিত জনজাতি এলেকাসমূহত স্কুল থাকিলেও সেইবোৰত বিজ্ঞান পঢ়ুওৱা নহহৈছিল৷ স্কুলত যদি বিজ্ঞান নাথাকে, তেতিয়াহ’লে আমাদেৰ জনজাতীয় ল’ৰা-ছোৱালীসকল কিদৰে অভিযন্তা হ’ব? কিদৰে চিকিৎসক হ’ব? সেইবাবে মই এই অঞ্চলৰ স্কুলসমূহত বিজ্ঞান পাঠ্যক্ৰমৰ বিষয়ক অগ্রাধিকাৰ দিলো। এই অঞ্চলৰ স্কুলসমূহত বিজ্ঞান পঢ়ুওৱা আৰম্ভ হ’ল৷ মই ঠিক কৰিলো যে যিবোৰ জনজাতি এলেকাত অতি কমেও প্রত্যেক চবুৰীত এখনকৈ স্কুলত বিজ্ঞান পঢ়ুওৱাৰ ব্যৱস্থা কৰা হ’ব। আজি মই অতিশয় আনন্দিত যে এতিয়া এই জনজাতি জিলাসমূহত মেডিকেল কলেজ গঢ় লৈ উঠিছে, ডিপ্লোমা ইঞ্জিনিয়াৰিং কলেজ হৈছে, নাৰ্ছিং কলেজ হৈছে আৰু আমাৰ জনজাতি পৰিয়ালৰ ল’ৰা-ছোৱালীসকলে চিকিৎসক, অভিযন্তা হোৱাৰ বাবে পৰিশ্রম কৰিছে৷ ইয়াৰ পৰা উত্তীৰ্ণ হৈ বহুত ল’ৰা-ছোৱালীয়ে বিদেশত অনুশীলন কৰিবলৈ বাবে৷ কেন্দ্রীয় চৰকাৰৰ বিশেষ প্রকল্পত ছাত্রবৃত্তি লৈ বিদেশত পঢ়িব গৈছে। ভাই-ভনীসকল, উন্নয়নৰ দিশা কেনে হোৱা উচিৎ সেই দিশা আমি দেখুৱাইছো আৰু সেই পথত আমি নিজেও আগুৱাই গৈছো। আজি সমগ্ৰ দেশত ৭৫০খন একলব্য মডেল স্কুল আছে। অর্থাৎ, প্রায় প্রত্যেক জিলাত এখনকৈ একলব্য মডেল স্কুল আছে। সেইবোৰৰ জৰিয়তে আমাৰ লক্ষ্য পূৰণৰ বাবে কাম চলিছে। আমাৰ জনজাতি সম্প্রদায়ৰ ল’ৰা-ছোৱালীসকলৰ বাবে একলব্য স্কুলসমূহৰ দৰে অত্যাধুনিক শিক্ষণ ব্যৱস্থা কিদৰে আৰম্ভ কৰিব পৰা যায় তাক লৈও আমি চিন্তা-চৰ্চা কৰিছো৷

স্বাধীনতাৰ পাছত ইমান বছৰে সমগ্ৰ দেশত মাত্র ১৮টা জনজাতীয় গৱেষণা প্ৰতিষ্ঠান গঢ় লৈ উঠিছিল। সাত দশকত মাত্র ১৮খন। আমাৰ আদিবাসী ভাই-ভনীসকল, আমাক আশীর্বাদ দিলে৷ মই সাত বছৰত আৰু ৯খন জনজাতীয় গৱেষণা প্ৰতিষ্ঠান নিৰ্মাণ কৰিছো৷ কিদৰে উন্নয়ন হয় আৰু কিমান বৃহৎ হাৰত উন্নয়ন হয়, এয়া তাৰ উদাহৰণ। প্রগতি কিদৰে হ’ব, আমি তাক লৈ চিন্তা-চৰ্চা কৰিছো আৰু সেইবাবে মই আৰু এটা কাম কান্ধ পাতি লৈছো৷ সেই সময়তো মই মনত ৰাখিছো যে মই জীৱনৰ বহু সময় দুখীয়া জনগণৰ মাজত কটাইছিলো, সাধাৰণ মানুহৰ মাজত কটাইছিলো। সেইবাবে মোৰ সৰু সৰু বিষয়বোৰ মনত আছিল। ইয়াত ১০৮ এলেকাত সেৱা প্রদানৰ বাবে মই দাহোদলৈ আহিছিলো। তেতিয়া মোৰ সৈতে কেইবাগৰাকী ভগ্নীৰ সাক্ষাৎ হৈছিল। তেওঁলোকক মই চিনি পাইছিলো৷ ইয়ালৈ আহি তেওঁলোকৰ ঘৰত খাই গৈছিলো৷ তেতিয়া সেই ভগ্নীসকলে মোক কৈছিল যে চাহেব এই ১০৮ত আপুনি এটা কাম কৰক। মই সুধিছিলো কি কৰিম৷ তেতিয়া তেওঁলোকে কৈছিল যে আমাৰ ইয়াত সৰ্প দৰ্শনত বহু মানুহৰ মৃত্যু হয়। সাপে খুঁটিলে আমি যেতিয়া তেওঁলোকক ১০৮ত লৈ যাও, তেতিয়ালৈ বিষ মাথাত উঠি যায় আৰ আমাৰ পৰিয়ালৰ মানুহৰ সর্প দংশনত মৃত্যু হয়৷ দক্ষিণ গুজৰাটো এই সমস্যা আছে। মধ্য গুজৰাট, উত্তৰ গুজৰাটো এই সমস্যা আছে। তেতিয়া মই সিদ্ধান্ত ল’লো যে ১০৮ত সাপে খুঁটিলে যাতে শীঘ্ৰে বেজি দিব পৰা যায়, আৰু সর্প দংশনত আক্রান্ত সাধাৰণ মানুহক যাতে বঁচাব পৰা যায়, সেই চেষ্টা কৰিব লাগিব৷ সেই চেষ্টাত বহু পৰিমাণে সফল হ’লো৷ আজিও ১০৮ত এই সেৱা চলি আছে।

এতিয়া মই পশুপালনক কিছু কথা ক’ম। আজি আমাৰ পঞ্চমহালত দুগ্ধ পামৰ গুঞ্জন শুনা যায়। বৰ্তমান ইয়াৰ বহুত নাম হৈছে। কিন্তু আগতে কোনেও চিনি পোৱা নাছিল৷ উন্নয়নৰ ফলত গুজৰাট সকলো ক্ষেত্রত এতিয়া আগুৱাই গৈছে৷ মই অতিশয় আনন্দিত হৈছো যে গুজৰাটৰ প্রায় প্রতিখন গাঁৱত এতিয়া ‘সখী মহল’ চলিছে। ‘সখী মহল’ত ভনীসকলে নিজেই তেওঁলোকৰ কাম-কাজৰ নেতৃত্ব দিয়ে আৰু তেওঁলোকৰ কর্মকাণ্ডৰ জৰিয়তে আমাৰ শ শ, হাজাৰ হাজাৰ জনজাতিৰ লোক উপকৃত হৈছে। এফালে আর্থিক প্রগতি, আনফালে আধুনিক কৃষি, নিজা ঘৰ, জীৱনৰ বিভিন্ন সা-সুবিধা, যেনে নলসংযোগী পানী, মুৰৰ ওপৰত ছাঁদ, ঘৰত বিদ্যুৎ সংযোগ, প্রতিটো ঘৰত শৌচালয় – এনে সৰু সৰু বহুত কিবা-কিবি আৰু প্রত্যেক ঘৰৰ ল’ৰা-ছোৱালীয়ে যাতে পঢ়া-শুনা কৰিব পাৰে, যিমান বিচাৰে সিমান পঢ়িব পাৰে, সেইধৰণৰ ব্যৱস্থা। এই ধৰণৰ চতুর্মুখী উন্নয়নৰ কাম আমি যেতিয়া কৰিছো, এনে পৰিপ্রেক্ষিতত আজি যেতিয়া দাহোদ জিলাক মই সম্বোধন কৰিছো তেতিয়া আৰু যেতিয়া ওমৰগাঁৱৰ পৰা অম্বাজিলৈকে আমাৰ সকলো জনজাতীয় নেতাসকলে মঞ্চত বহি আছে, সকলো ‘আগেৱান’ৰা ইয়াত উপস্থিত হৈছে, তেতিয়া মোৰ এটা ইচ্ছাৰ কথা মই ক’ব বিচাৰিছো৷ মোৰ দৃঢ় বিশ্বাস, মোৰ এই ইচ্ছা আপোনালোক সকলোৱে মিলি পূৰণ কৰিব৷ কৰিব নে নাই? অলপ হাত ওপৰলৈ তুলি মোক আশ্বাস দিয়ক। সঁচাই কৰিব তো! এই কেমেৰাত সকলো ৰেকর্ড হৈছে। মই আকৌ খা-খবৰ ল’ম। সকলোৱে কৰিব তো! মই জানো আপোনালোকে কৰিব। আপোনালোকে কেতিয়াও মোক নিৰাশ নকৰে৷ মোৰ জনজাতীয় ভাই-ভনীসকলে এবাৰ যদি কৈ দিয়ে যে মই কৰিম, তেতিয়াহ’লে মই জানো যে তেওঁলোকে কৰিহে এৰিব৷ আমি এতিয়া স্বাধীনতাৰ ৭৫তম বর্ষপূর্তি পালন কৰিছো৷ তেতিয়া আমাৰ প্রতিখন জিলাত জনজাতি বিস্তাৰ য’ত য’ত আছে, তাত কি আমি ৭৫টা ডাঙৰ পুখুৰী খান্দিব নোৱাৰো নে? এতিয়াৰ পৰা যদি কাম আৰম্ভ কৰো আৰু প্রত্যেক জিলাত ৭৫টাকৈ পুখুৰী যদি খান্দো, তেতিয়াহ’লে এইবাৰ যেতিয়া বাৰিষা আহিব তাৰ জল সেই পুখুৰীত সোমাব। এনে সংকল্প লৈ যদি কাম কৰো, তেতিয়াহ’লে আমাৰ অম্বাজিৰ পৰা ওমৰগাঁওলৈকে সমগ্ৰ অঞ্চলৰ মাটি জলসিক্ত হৈ পৰিব৷ তাৰলগতে ইয়াৰ জীৱনো জলসমৃদ্ধ হ’ব। সেইবাবে স্বাধীনতাৰ অমৃত মহোৎসৱত নিজকে ‘পানীদাৰ’ কৰি তোলাৰ বাবে আপোনালোকৰ ‘জল উৎসৱ’ পালন কৰিব লাগিব৷ সেই পানীৰ বাবে পুখুৰী খনন কৰি আপোনালোকৰ জিলাক এক নতুন উচ্চতালৈ নিব  পৰা যাব। আমাৰ এই যি অমৃতকাল, স্বাধীনতাৰ ৭৫তম বর্ষপূর্তি, স্বাধীনতাৰ শতবর্ষৰ মাজত যি ২৫ বছৰ সময়, তাকে মই অমৃতকাল বুলি কৈছো৷ আজি যিসকল ১৮-২০ বছৰ বয়সীয়া যুৱক-যুৱতী, তেওঁলোকে সেই সময়ত সমাজত নেতৃত্ব দিব৷ তেওঁলোকে যি য’তেই নাথাকক কিয়, তাতে তেওঁলোকে নেতৃত্ব দিব৷ তেতিয়া আমাৰ দেশক সিমান উচ্চতাত উপনীত কৰাৰ বাবে এতিয়াৰ পৰাই কঠোৰ পৰিশ্রম কৰিব লাগিবব, এয়াই সেই সময়। মোৰ দৃঢ় বিশ্বাস যে আমাৰ জনজাতি ভাই-ভনীসকলে সেই কামচ কোনো কাৰণতে পিছপৰি নাথাকে৷ আমাৰ গুজৰাট কেতিয়াও পিছ পৰি নাথাকে। এয়া মোৰ পূর্ণ বিশ্বাস। আজি ইয়ালৈ আপোনালোকে ইমান বিপুল সংখ্যক লোক আহিছে, আমাক আশীর্বাদ দিছে, মান-সন্মান জনাইছে, মইতো আপোনালোকৰ ঘৰৰ মানুহ, আপোনালোকৰ মাজতে এদিন ডাঙৰ হৈছিলো। বহুত কিবা কিবি আপোনালোকৰ পৰা শিকিছো, জীৱনত আগুৱাইছো৷ আপোনালোকৰ কাষত মই বহুত ঋণী। সেইবাবে যেতিয়াই আপোনালোকৰ ঋণ পৰিশোধৰ সুযোগ পাও, তেতিয়া সেয়া কেতিয়াও এৰি যাব নিদিও৷ মোৰ যিমান ক্ষমতা অনুসৰি ঋণ পৰিশোধৰ অপ্রাণ চেষ্টা কৰিছো। পুনৰবাৰ আমাৰ জনজাতি সমাজৰ অহা সকলো স্বাধীনতা সংগ্রামীক সাদৰ শ্রদ্ধাঞ্জলি অর্পণ কৰিছো, তেওঁলোকৰকে প্রণাম জনাইছো৷ ভৱিষ্যৎ প্রজন্মক মোৰ অনুৰোধ, তেওঁলোকে যেন ভাৰতক আগুৱাই নিয়াৰ বাবে আমাৰ সৈতে কান্ধত কান্ধ মিলাই অগুৱাই আহে, এই অনুৰোধ ৰাখি আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো৷

মোৰ সৈতে সমস্বৰে দুহাত দাঙি কওক–

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বহুত বহুত ধন্যবাদ!

***

DS/VJ/ST/NS/DB


(Release ID: 1819793) Visitor Counter : 155