প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জোছেফ আৰ বাইডেনৰ মাজত ভাৰ্চুৱেল বাৰ্তালাপ
प्रविष्टि तिथि:
10 APR 2022 8:24PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জোছেফ আৰ বাইডেনৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত মিলিত হ'ব। দুয়োগৰাকী নেতাই দক্ষিণ এছিয়া, ইণ্ডো-পেচিফিক অঞ্চল আৰু গোলকীয় বিষয়সমূহৰ ওপৰত বৰ্তমানে অব্যাহত থকা দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ বিষয়ত মত বিনিময় কৰিব। ভাৰ্চুৱেল বৈঠকখনে দ্বিপাক্ষিক ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে দুয়োপক্ষক তেওঁলোকৰ নিয়মীয়া আৰু উচ্চ পৰ্যায়ৰ সম্পৰ্ক অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।
নেতাদ্বয়ৰ ভাৰ্চুৱেল বাৰ্তালাপ চতুৰ্থ ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২+২ মন্ত্ৰিত্বমূলক আলোচনাৰ পূৰ্বে হ'ব যাৰ নেতৃত্ব দিব ভাৰতৰ হৈ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিন আৰু বিদেশ সচিব এণ্টনি ব্লিংকেনে।
***
DS/AK/KG
(रिलीज़ आईडी: 1817168)
आगंतुक पटल : 185
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam