প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰ্চুৱেল পদ্ধতিত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি(ইণ্ডিয়াঅষ্ট্ৰেলিয়া ইচিটিএ)ৰ স্বাক্ষৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ ইংৰাজী অনুবাদ
পোষ্ট কৰা হৈছে:
02 APR 2022 2:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী মৰিচন,
অষ্ট্ৰেলিয়া আৰু ভাৰতৰ বাণিজ্য মন্ত্ৰীসকল,
আৰু আমাৰ সৈতে যোগদান কৰা দুয়োখন দেশৰ বন্ধুসকল,
নমস্কাৰ!
আজি এমাহৰো কম সময়ৰ ভিতৰত বন্ধু স্কটৰ সৈতে এয়া মোৰ তৃতীয় মুখামুখি বাৰ্তালাপ। আমাৰ মাজত যোৱা সপ্তাহত ভাৰ্চুৱেল সন্মিলনত অতি ফলপ্ৰসূ আলোচনা হৈছিল। সেই সময়ত, আমি আমাৰ অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি সম্পৰ্কে অতি সোনকালে আলোচনা সমাপ্ত কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিছিলোঁ। আৰু মই অত্যন্ত সুখী যে আজি এই গুৰুত্বপূৰ্ণ চুক্তিখন স্বাক্ষৰিত হৈছে। এই অসাধাৰণ সাফল্যৰ বাবে মই দুয়োখন দেশৰ বাণিজ্য মন্ত্ৰী আৰু তেওঁলোকৰ বিষয়াসকলক আন্তৰিক অভিনন্দন জনাইছোঁ।
মই অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী মৰিছনৰ বৰ্তমানৰ বাণিজ্য দূত শ্ৰী টনি এবটকো বিশেষভাৱে অভিনন্দন জনাইছোঁ। তেওঁৰ প্ৰচেষ্টাই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাত অৰিহণা যোগাইছে।
বন্ধুসকল,
ইমান কম সময়ৰ ভিতৰতে এনে এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰে দুয়োখন দেশৰ মাজৰ পাৰস্পৰিক বিশ্বাসকেই প্ৰতিফলিত কৰে। আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে এয়া নিঃসন্দেহে এক সন্ধিক্ষণ। আমাৰ দুয়োখন দেশৰ অৰ্থব্যৱস্থাত এনে অনেক সম্ভাৱনা আছে যিয়ে ইজনে সিজনৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। মই নিশ্চিত যে এই চুক্তিৰ জৰিয়তে আমি এই সুযোগসমূহৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিবলৈ সক্ষম হ'ম।
এই চুক্তিয়ে আমাৰ বাবে শিক্ষাৰ্থী, পেছাদাৰী আৰু পৰ্যটকৰ আদান-প্ৰদান সহজ কৰি তুলিব। ইয়াৰ ফলত দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হব। ভাৰত-অষ্ট্ৰেলিয়া অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তিৰ কাৰ্যকৰী আৰু সফল আলোচনাৰ বাবে মই দুয়োখন দেশৰ বিষয়াসকলক আকৌ এবাৰ অভিনন্দন জনাইছোঁ।
আজিৰ এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত যোগদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী মৰিছনক মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। অষ্ট্ৰেলিয়াৰ আগন্তুক নিৰ্বাচন সফলতাৰে সম্পন্ন কৰাৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে কাইলৈ অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ ফাইনেলৰ বাবে অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দললৈ শুভেচ্ছা জনাইছোঁ।
**************************************************
DS/ST/KG
(ৰিলিজ আই ডি : 1815876)
অতিথি কক্ষ : 169
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam