প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী মাৰ্ক ৰুটৰ মাজত ফোন কল
प्रविष्टि तिथि:
08 MAR 2022 9:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটৰ সৈতে ফোনযোগে কথা পাতে।
দুয়োগৰাকী নেতাই ইউক্ৰেইনত চলি থকা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে আৰু ইউক্ৰেইনত অব্যাহত থকা মানৱীয় পৰিস্থিতিৰ ওপৰত তেওঁলোকৰ উদ্বেগ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে শত্ৰুতা বন্ধ কৰা আৰু আলোচনা আৰু কূটনীতিৰ পথলৈ উভতি অহাৰ বাবে ভাৰতৰ ধাৰাবাহিক আবেদনৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰীয়ে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা আলোচনাক আদৰণি জনায় আৰু আগতীয়া সমাধানৰ আশা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী ৰুটক সংঘৰ্ষপূৰ্ণ অঞ্চলৰ পৰা ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাৰ অগ্ৰগতি আৰু ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে ঔষধকে ধৰি জৰুৰী সাহায্য যোগানৰ ৰূপত ভাৰতৰ সহায়ৰ বিষয়ে অৱগত কৰে।
প্ৰধানমন্ত্ৰীয়ে ২০২১ চনৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী ৰুটৰ সৈতে হোৱা ভাৰ্চুৱেল সন্মিলনৰ কথা স্মৰণ কৰে আৰু প্ৰধানমন্ত্ৰী ৰুটক ভাৰতত আগতীয়াকৈ অভ্যৰ্থনা জনোৱাৰ ইচ্ছা প্ৰকাশ কৰে।
***
DS/SH/MANN
(रिलीज़ आईडी: 1805494)
आगंतुक पटल : 179
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam