প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

Posted On: 07 MAR 2022 12:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীৰ সৈতে কথা বাৰ্তালাপ কৰে।

 

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ সংঘৰ্ষৰ পৰিস্থিতি আৰু অব্যাহত থকা আলোচনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীক বিতংভাৱে অৱগত কৰে ৰাষ্ট্ৰপতি জেলেনস্কীয়ে।

প্ৰধানমন্ত্ৰীয়ে অব্যাহত থকা সংঘৰ্ষ আৰু ইয়াৰ ফলত হোৱা মানৱীয় সংকটক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে হিংসা বন্ধ কৰিবলৈ আহ্বান জনায় আৰু কয় যে ভাৰতে সদায়ে সমস্যাসমূহৰ শান্তিপূৰ্ণ সমাধান আৰু দুয়োপক্ষৰ মাজত পোনপটীয়া আলোচনাৰ সমৰ্থন কৰি আহিছে।

 

প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনৰ পৰা ২০,০০০তকৈও অধিক ভাৰতীয় নাগৰিকক দেশলৈ ওভতাই অনাৰ ক্ষেত্ৰত কৰা সহায়ৰ বাবে ইউক্ৰেইনৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ এতিয়াও ইউক্ৰেইনত থকা ভাৰতীয় শিক্ষাৰ্থীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়ক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ দ্ৰুত আৰু সুৰক্ষিত স্থানান্তৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

***

DS/ST/KG



(Release ID: 1803863) Visitor Counter : 167