প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কৃষিখণ্ডত ২০২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত আয়োজিত ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 24 FEB 2022 2:38PM by PIB Guwahati

নমস্কাৰ!

মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী, ৰাজ্য চৰকাৰৰ প্ৰতিনিধিবৰ্গ, উদ্যোগ আৰু অকাডেমীৰ সৈতে জড়িত সকলো বন্ধু, কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে জড়িত আমাৰ কৃষক ভাই-ভনীসকল, ভদ্ৰ পুৰুষ-মহিলাসকল!

এয়া এক সুখৰ সংযোগ, কিয়নো ৩ বছৰৰ পূৰ্বে আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ শুভাৰম্ভ কৰা হৈছিল৷ এই যোজনা আজি দেশৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষকসকলৰ বাবে যথেষ্ট সম্বলত পৰিণত হৈছে৷ ইয়াৰ অধীনত দেশত ১১কোটি কৃষকে প্ৰায় ১.৭৫লাখ কোটি টকা লাভ কৰিছে৷ এই যোজনাত আমি স্মাৰ্টনেচক অনুভৱ কৰিব পাৰো৷ কেৱল এটা ক্লিকতে ১০-১২ কোটি কৃষকৰ বেংক একাউণ্টত পোনে পোনে ধন হস্তান্তৰ হয়, যিটো প্ৰতিগৰাকী ভাৰতীয় কৃষক, ভাৰতীয় নাগৰিকৰ বাবে গৌৰৱ কৰিবলগীয়া কথা৷

বন্ধুসকল,

বিগত ৭ বছৰত আমি বীজৰ পৰা বজাৰলৈকে এনে বহু নতুন ব্যৱস্থা প্ৰস্তুত কৰিছো, পুৰণি ব্যৱস্থাৱলীৰ সংস্কাৰ কৰিছো৷ কেৱল ৬ বছৰত কৃষি বাজেট দুগু বৃদ্ধি কৰিছো৷ কৃষকসকলৰ বাবে কৃষি ঋণতো ৭ বছৰত আঢ়ৈ গুণ বৃদ্ধি কৰা হৈছে৷ ক’ৰোনাৰ জটিল ক্ষণতো বিশেষ অভিযান চলাই আমি ৩ কোটি ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষকক কেচিচি ৰ সুবিধাৰ সৈতে জড়িত কৰিছেো৷ ইয়াৰ সুবিধা সম্প্ৰসাৰণ কৰি পশুপালন আৰু মীনপালনৰ সৈতে জড়িত কৃষকসকলকো প্ৰদান কৰা হৈছে৷ ক্ষুদ্ৰ জলসিঞ্চনৰ নেটৱৰ্ক যিমানে শক্তিশালী হৈছে, তাতকৈ সৰু কৃষকক যথেষ্ট সুবিধা প্ৰদান কৰা হৈছে৷

বন্ধুসকল,

এই সকলো প্ৰচেষ্টাৰ ফলত প্ৰতি বছৰ কৃষকসকলে অভিলেখ পৰিমাণৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে আৰু এমএছপিতো ক্ৰয়ৰ নতুন অভিলেখ ৰচনা হৈছে৷ জৈৱিক কৃষিৰ প্ৰতি উৎসাহ যোগোৱাৰ বাবে বৰ্তমান জৈৱিক সামগ্ৰীৰ মাৰ্কেট এতিয়া ১১,০০০ কোটি হৈছে৷ ইয়াৰ ৰপ্তানিৰ পৰিমাণো ৬ বছৰত ২,০০০ কোটি টকাৰ পৰা বৃদ্ধি পাই ৭,০০০ কোটি টকাতকৈ অধিক হৈছে৷

বন্ধুসকল,

এই বছৰ কৃষি বাজেটত বিগত বছৰসমূহৰ এই প্ৰচেষ্টাৱ অব্যাহত ৰখা হৈছে, সেয়া সম্প্ৰসাৰণ কৰা হৈছে৷ এই কৃষি বাজেটত কৃষি খণ্ডক আধুনিক আৰু স্মাৰ্ট হিচাপে গঢ় দিয়াৰ বাবে প্ৰধানকৈ সাতটা উপায় অৱলম্বন কৰা হৈছে৷

প্ৰথমতে, গংগাৰ দুয়োপাৰে ৫ কিলোমিটাৰৰ এলেকাত প্ৰাকৃতিক কৃষি-কাৰ্য মিচন মোডত কৰাৰ লক্ষ্য লোৱা হৈছে৷ তাত হাৰ্বেল মেডিচিনত দিশত জোৰ দিয়া হৈছে৷ ফল-ফুলৰ ক্ষেত্ৰতো জোৰ দিয়া হৈছে৷

দ্বিতীয়তে, কৃষি আৰু উদ্যান শস্যত আধুনিক প্ৰযুক্তিৰে কৃষকসকলৰ বাবে উপলব্ধ কৰোৱা হ’ব৷

তৃতীয়তে, খোৱা তেলৰ আমদানি কম কৰাৰ বাবে মিচন অইল পামৰ সমান্তৰালভাৱে তিল তেলৰ যিমান আমি জোৰ দিব পাৰো, তাক শক্তিশালী কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছো আৰু এই বাজেটত এই ক্ষেত্ৰত জোৰ দিয়া হৈছে৷

ইয়াৰ উপৰি চতুৰ্থটো লক্ষ্য হৈছে যে খেতিৰ সৈতে জড়িত সামগ্ৰীৰ পৰিবহণৰ বাবে পিএম গতি শক্তি প্লেনৰ জৰিয়তে লজিষ্টিকৰ নতুন ব্যৱস্থা গঢ় দিয়া হ’ব৷

বাজেটত পঞ্চমটো সমাধান দিয়া হৈছে যে কৃষিভিত্তিক ব্যৱস্থাপনাৰ অধিক সংগঠিত কৰা হ’ব, উন্নত শক্তিৰ উপায়সমূহৰ জৰিয়তে কৃষকসকলৰ আয় বৃদ্ধি কৰা হ’ব৷

ষষ্ঠ সমাধান হৈছে দেশত ডেৰ লক্ষাধিক ডাকঘৰত নিয়মীয়াকৈ বেংকৰ দৰে সুবিধা পাব, যাতে কৃষকসকলৰ অসুবিধা নহয়৷

আৰু সপ্তমটো হৈছে যে কৃষি গৱেষণা আৰু শিক্ষাৰ সৈতে জড়িত পাঠ্যক্ৰমত দক্ষতা বিকাশ, মানৱ গৱেষণা উন্নয়নত বৰ্তমানৰ সময় অনুসৰি সাল-সলনি কৰা হ’ব৷

বন্ধুসকল,

বৰ্তমান বিশ্বত স্বাস্থ্য সজাগতা বৃদ্ধি পাইছে৷ পৰিৱেশ অনুকূল জীৱনশৈলীৰ প্ৰতি সজাগতা বৃদ্ধি পাইছে৷ অধিক হাৰত জনতা ইয়াৰ প্ৰতি আকৰ্ষিত হৈছে৷ ইয়াৰ অৰ্থ এই যে ইয়াৰ মাৰ্কেটো বৃদ্ধি পাইছে৷ আমি ইয়াৰ সৈতে জড়িত যিবোৰ সামগ্ৰী আছে, যেনে- প্ৰাকৃতিক ফাৰ্মিং, জৈৱিক কৃষি ইয়াৰ সহায়ত ইয়াৰ বজাৰ দখল কৰাৰ চেষ্টা হাতত ল’ব পাৰি৷ প্ৰাকৃতিক কৃষি-কাৰ্যৰ লাভালাভ প্ৰতিজন ব্যক্তিৰ ওচৰত পোৱাৰ বাবে আমাপ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কৃষি বিশ্ববিদ্যালয়সমূহে সম্পূৰ্ণ শক্তিৰে জড়িত হ’ব লাগিব৷ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহে এখনকৈ গাঁও পালিত কৰিব পাৰেষ আমাৰ কৃষি বিশ্ববিদ্যালয়সমূহে ১০০বা ৫০০ কৃষকক অহা এবছৰত প্ৰাকৃতিক কৃষিৰ প্ৰতি ধাৱিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে৷

বন্ধুসকল,

আজিকালি আমাপ মধ্যবিত্ত পৰিয়ালসমূহত, উচ্চ মধ্যবিত্ত পৰিয়ালসমূহত এটা ট্ৰেণ্ড দেখিবলৈ পোৱা যায়৷ প্ৰায়ে দেখা যায় যে তেওঁলোকৰ খোৱা টেবুলত বহুপ্ৰকাৰৰ সামগ্ৰী আহি পাইছে৷ প্ৰ’টিনৰ নামত, কেলচিয়ামৰ নামত এনে বহু সামগ্ৰী খোৱা টেবুল স্থান দখল কৰিছে৷ ইয়াৰে বহু সামগ্ৰী বিদেশৰ পৰা আহিছে আৰু এই সেইবোৰ ভাৰতীয় সোৱাদ মতে নহয়৷ যিসময়ত এই সকলোবোৰ আমাৰ ভাৰতীয় উৎপাদিত সামগ্ৰী আছে, যদিও আমি সঠিকভাৱে উৎপাদন কৰিব পৰা নাই৷ সেইবোৰৰ বিপণন কৰিব পৰা নাই আৰু সেইবাবে আমাৰ প্ৰচেষ্টা এনে হোৱা উচিত যে তাতো ভোকেল ফৰ লোকেলৰ প্ৰয়োজন৷

ভাৰতীয় অন্ন, ভাৰতীয় ফচলো বিভিন্ন ধৰণৰ পোৱা যায় আৰু সেইবোৰ সোৱাদো৷ সমস্যাটো হৈছে আমাৰ বহুতৰে ইয়াৰ প্ৰতি জ্ঞান নাই তথা সজাগ নহয়৷ আমি কিদৰে ভাৰতীয় খাদ্যৰ প্ৰচাৰ কৰিম, প্ৰসাৰিত কৰিম, সেই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব৷

আমি দেখিছো যে ক’ৰোনাৰ সময়ত আমাৰ মচলা, হালধিৰ দৰে সামগ্ৰীৰ যথেষ্ট আকৰ্ষণ বৃদ্ধি পাইছে৷ ২০২৩ বৰ্ষটো আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষ হ’ব৷ ইয়াতো আমাৰ কৰ্প’ৰেট খণ্ডও আগবাঢ়ি আহিছে, ভাৰতৰ বাজৰাৰ ব্ৰেণ্ডিং কৰক, প্ৰচাৰ কৰক৷ আমাৰ যি মোতা ধান আছে আৰু আমাৰ অন্যান্য দেশৰ সৈতে জড়িত বৃহৎ মিচনসমূহ আছে, সেইবোৰৰ সন্দৰ্ভত আমাৰ দেশত আলোচনা-চক্ৰ আয়োজন কৰক, তাৰ যিসকল লোক আমদানিকাৰক, তেওঁলোকক বুজাওক যে নতুন ভাৰতৰ যি বাজৰা আছে, যি ভাৰতৰত ধানতকৈ কিমানগুণ উত্তম৷ তাৰ সোৱাদ কিমান গুৰুত্বপূৰ্ণ৷ আমি আমাৰ মিচনক জড়িত কৰিব পাৰো, আমি আলোচনা-চক্ৰ, ৱেবিনাৰ, আমদানিকৰ্তা-ৰপ্তানিকৰ্তাৰ মাজৰ আমাৰ বাজৰাৰ সম্পৰ্ক স্থাপন কৰিব পাৰো৷ ভাৰতৰ বাজৰাৰ পুষ্টিগত মূল্য কিমান বেচি, সেই ক্ষেত্ৰত আমি জোৰ দিব পাৰো৷

বন্ধুসকল,

আপোনালোকে দেখিছে যে আমাৰ চৰকাৰে যথেষ্ট পৰিমাণে চইল হেল্থ কাৰ্ডৰ দিশত জোৰ দিছে৷ দেশৰ কোটি কোটি কৃষকক চইল হেল্থ দি আছো৷ এটা সময় আছিল, যেতিয়া দেশৰ সর্বত্র পেথললী লেব’ৰেটৰী নাছিল৷ মানুহে যথেষ্ট পৰিমাণে পেথ’লজি পৰীক্ষাও নকৰিছিল৷ কিন্তু বৰ্তমান যি কোনো ৰোগ হ’লেই আগতে পেথ’লজি চেক-আপ হয়, পেথ’লজি লেব’ৰেটৰীলৈ যাব লগীয়া হয়। আমাৰ ষ্টার্ট-আপসমূহ, আমাৰ বেচৰকাৰী বিনিয়োগকাৰীসকলে দেশৰ বিভিন্ন স্থানত প্রাইভেট পেথ’লজি লেব’ৰেটৰীৰ দৰে ভূমিৰ পেথ’লজিকেল পৰীক্ষাৰ লেব খুলি কৃষকসকলক ভূমি পৰীক্ষাৰ বাবে, মা ধৰিত্রীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে প্রয়োজনীয় পথ দেখুৱাব পাৰে? ভূমিৰ স্বাস্থ্য পৰীক্ষাৰ বাবে এই পৰীক্ষাসমূহ যদি নিয়মীয়াকৈ হৈ থাকে, আমাৰ কৃষকসকলৰ মাজত যদি এই অভ্যাস আমি গঢ় দিব পাৰো, প্রত্যেকক যদি চইল হেলথ কার্ড তুলি দিব পাৰি, তেতিয়াহ’লে আমাৰ সৰু সৰু কৃষকসকলেও প্রত্যেক বছৰ অৱশ্যে ভূমি পৰীক্ষা কৰাব আৰু ইয়াৰ বাবে এই ধৰণৰ ভূমি পৰীক্ষা লেবৰ সম্পূর্ণ নেটৱর্ক গঢ়ি তুলিব পাৰে, নতুন নতুন যন্ত্রপাতি প্ৰস্তুত কৰিব পাৰে। মই ভাৱো এয়া এক ডাঙৰ ক্ষেত্র আৰু এই ক্ষেত্রত কাম কৰাৰ বাবে আমাৰ ষ্টার্ট-আপসমূহ আগুৱাই অহা উচিৎ।

আমাৰ কৃষকসকলৰ মাজতো এই সজাগতা বৃদ্ধি কৰিব লাগিব, তেওঁলোকৰ স্বভাৱৰ মাজত সহজ পৰিৱর্তন আনিব লাগিব যাতে তেওঁলোকে প্রত্যেক বছৰ, অন্ততঃ অতি কমেও বছৰত এবাৰ তেওঁলোকৰ খেতিৰ ভূমি পৰীক্ষা কৰা আৰু সেই পৰীক্ষাৰ ফল অনুসৰি ভূমিত কোনো ঔষধৰ প্রয়োজন, কোন সাৰৰ প্রয়োজন, কোন ফচলৰ বাবে কি কি দিব লাগিব, তাৰ এক বৈজ্ঞানিক জ্ঞানো যাতে তেওঁলোকে পায়, চইল হেল্থ কার্ড প্রদানৰ লগতে আপোনালোকে সেই তথ্য তেওঁলোককে জনাব৷ আমাৰ যুৱ বৈজ্ঞানিকসকলে নেনো-ফার্টিলাইজাৰ ডেভেলপ কৰিছে। এয়া নিশ্চিতভাবে এক ‘গেম চেঞ্জাৰ’ হ’বলৈ গৈ আছে। ফলত, এই ক্ষেত্রতো কর্পোৰেট জগতৰ সন্মুখত কাম কৰাৰ বহু সম্ভাৱনা জাগি উঠিছে।

বন্ধুসকল

উৎপাদন ব্যয় হ্রাস কৰা আৰু অধিক ফচলৰ আটাইতকৈ ডাঙৰ মাধ্যম হ’ল ক্ষুদ্র জলসিঞ্চন আৰু ইয়াৰ জৰিয়তে একভাবে পৰিবেশেৰও সেবা কৰা হয়। জল সাশ্রয় আজ মানবজাতিৰ বাবে একটি বহুত বড় কাম। চৰকাৰে ‘পাৰ ড্রপ মোৰ ক্রপ’ বা প্রতি বিন্দুতে অধিক শস্য উৎপাদনেৰ ওপৰ জোৰ দিয়েছে আৰু এটাই সময়েৰ চাহিদা। এতেও বহুত সম্ভাবনাৰ দৰজা খুলে যাবে আৰু সেবাবেই এক্ষেত্রে আপোনালোকে এগিয়ে আসুন। এখন যেমন কেন-বেতোয়া লিঙ্ক প্রকল্পটি বাস্তবায়িত হলে বুন্দেলখণ্ডে কেমন পৰিৱর্তন আসবে এটা আপোনালোকে সবাই খুব ভালোভাবে জানেন। যে কৃষি সেচ প্রকল্পগুলি বহুত দশক ধৰে দেশে আটকে ছিল, সে লিকেও এখন দ্রুতগতিতে বাস্তবায়িত কৰা হৈছেচিৎ।

আগামী ৩-৪ বছৰে আমি ভোজ্যতেল উৎপাদনকে প্রায় ৫০ শতাংশ বৃদ্ধিৰ লক্ষ্য ৰেখেছি। এই লক্ষ্যে আমাৰ নির্দিষ্ট সময়েৰ মধ্যে পৌঁছতেই হবে। ‘ন্যাশনাল মিশন অন এডিবল অয়েল’ বা ভোজ্যতেলেৰ বাবে জাতীয় অভিযানেৰ জৰিয়তে পাম অইলৰ কৃষি সম্প্রসাৰণৰ বহু সম্ভাৱনা আছে আৰু তিল খেতিৰ ক্ষেত্রতো আমি বিপুল মাত্রাত আগুৱাই অহাৰ প্রয়োজনীয়তা আছে।

শস্যৰ ধৰণৰ বাবে ফচলৰ বৈচিত্ৰক উৎসাহ যোগোৱাৰ বাবেও আমাৰ কৃষি বিনিয়োগকাৰীসকল আগুৱাই অহা উচিৎ। যেনে ভাৰতত এই ধৰণৰ মেচিন বিচাৰে, এয়া আমদানিকাৰকসকলে খুব ভালদৰেই জানে৷ তেওঁলোকে জানে যে যিমানে কাম ভালদৰে চলিব, সিমানে আমাৰ দেশৰ ফচল সম্পর্কেও জ্ঞান থাকিব লাগিব। যেনে, মই তিল খেতি আৰু দাইল খেতিৰ উদাহৰণ দিব পাৰো। দেশত এইবোৰৰ বহু বেছি চাহিদা আছে। এই ক্ষেত্রত আমাৰ কর্পোৰেট জগতক এই দুই ধৰণৰ কৃষিক উৎসাহ যোগোৱাৰ বাবে আগুৱাই অহা উচিৎ। এয়া আপোনালোকৰ বাবে এক ‘সুনিশ্চিত বজাৰ’। বিদেশৰ পৰা অনাৰ প্রয়োজন কি? আপোনালোকে দেশৰ কৃষকসকলৰ আগৰে পৰা ক’ব পাৰে যে তেওঁলোকে যদি এই ফচলৰ খেতি কৰে, তেতিয়াহ’লে ইমান পৰিমাণ ফচল আপোনালোকে ক্ৰয় কৰিব৷ ইয়াত বীমাৰ ব্যৱস্থা আছে। সেইবাবে বীমাৰ নিৰাপত্তাও আপোনালোকে পাব৷ ভাৰতৰ খাদ্যৰ প্রয়োজনীয়তা সম্পর্কে গৱেষণা হোৱা উচিৎ আৰু যিবোৰ সামগ্ৰীৰ অধিক প্রয়োজন, সেইবোৰ যাতে ভাৰতত উৎপাদন কৰিব পৰা যায়, সেই লক্ষ্যৰে আমি সকলোৱে মিলি কাম কৰিব লাগিব৷

বন্ধুসকল,

কৃত্রিম বুদ্ধিমত্তাই একবিংশ শতিকাৰ কৃষি আৰু আনুষংগিক ব্যৱসায়-বাণিজ্যক সম্পূর্ণ সলনি কৰিছে। দেশৰ কৃষিত ‘কিষাণ ড্রোনৰ ব্যৱহাৰ যিমানে বাঢ়িব, সিমানে দ্রুত পৰিৱর্তন আহিব। ড্রোন প্রযুক্তি এক মাত্রাত তেতিয়াই উন্নত হ’ব যেতিয়া আমি এগ্রি-ষ্টার্ট-আপসমূহ প্রমোট কৰিম। বিগত ৩-৪ বছৰত দেশত ৭০০ৰো অধিক এগ্রি-ষ্টার্ট-আপ প্ৰস্তুত কৰা হৈছে।

বন্ধুসকল,

শস্য চপোৱা পাছৰ ব্যৱস্থাপনাৰ দিশত বিগত সাত বছৰত বহু কাম হৈছে। কেন্দ্রীয় চৰকাৰে এই ক্ষেত্ৰত নিৰন্তৰ প্ৰচেষ্টা হাতত লৈছে যাতে প্রক্রিয়াকৃত খাদ্য পৰিধি বৃদ্ধি পায়, আমাৰ পণ্যৰ গুনাগুণ যাতে আন্তঃৰাষ্ট্ৰীয় মানৰ হয়৷ সেয়েহে ‘কিষাণ সম্পদা যোজনা’ৰ লগতে পিএলআই আঁচনি অতি গুৰুত্বপূর্ণ। ইয়াত মূল্য শৃংখলৰো বৃহৎ ভূমিকা আছে। সেইবাবে ১ লাখ কোটি টকাৰ বিশেষ কৃষি আন্তঃগাঁথনি পুঁজি গঢ়ি তোলা হৈছে। আপোনালোকে দেখিছে যে কিছুদিন পূৰ্বে ভাৰত সংযুক্ত আৰুব আমীৰশাহী আৰু অন্যান্য মধ্য প্রাচ্যৰ অন্যান্য দেশৰ সমান্তৰালভাৱে আবুধাবিৰ সৈতে চুক্তি সম্পাদন কৰিছে। ইয়াত খাদ্য প্রক্রিয়াকৰণ সহযোগিতা বৃদ্ধিৰ বাবেও কিছু গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হৈছে।

বন্ধুসকল,

শস্যৰ অবশিষ্ট, যাক উত্তৰ ভাৰতত পৰালী বুলি কয়, তাৰ উপযুক্ত ব্যৱস্থাপনাও সিমানেই প্রয়োজনীয়। সেইবাবে এইবাৰৰ বাজেটত কিছু নতুন উপায় ৰখা হৈছে। ইয়াৰ জৰিয়তে কার্বন নিৰ্গমনো হ্রাস পাব আৰু কৃষকসকলৰ সংস্থাপনো বৃদ্ধি পাব। এই ক্ষেত্ৰত আমি সকলোৱে ভাৱিব লাগিব৷ দেশৰ বৈজ্ঞানিকসকলে, প্রযুক্তি ক্ষেত্রৰ মেধাবী লোকসকলে ভাৱক৷ কৃষিৰ কোনো আৱৰ্জনা যাতে নষ্ট নহয়, সকলো আৱৰ্জনা যেন সম্পদলৈ ৰূপান্তৰিত হয়, সেই ক্ষেত্ৰত আমি সুক্ষ্মভাৱে ভাৱিব লাগিব৷ সেইবাবে নতুন নতুন ব্যৱস্থা আনিব লাগিব৷

শস্যৰ অৱশিষ্ট ব্যৱস্থাপনাক লৈ আমি যিমান সমাধান আনিছো সেইবোৰ যাতে কৃষকসকলে সহজতে কামত লগায়, তাক লৈয়ে আলাপ-আলোচনা হোৱা উচিৎ। শস্য চপোৱাৰ পাছত ৰৈ যোৱা আৱৰ্জনা আমাৰ দেশৰ কৃষকসকলৰ বাবে ডাঙৰ সমস্যাৰ কাৰণ হৈ উঠে। এতিয়া এই আৱৰ্জনা যদি আমি সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰো তেতিয়াহ’লে দেশৰ কৃষকসকলেও সক্রিয়ভাৱে আমাৰ সাৰথী হৈ পৰিৱ, আমাৰ অংশীদাৰ হৈ উঠিব। এই ক্ষেত্রত পৰিৱহণ আৰু সংৰক্ষণৰ ব্যৱস্থাক উৎসাহ যোগোৱা আৰু এই ব্যৱস্থাৰ সম্প্রসাৰণ কৰি থকাটো অতি প্রয়োজনীয়।

চৰকাৰে এই ক্ষেত্রত বহু কাম কৰিছে, কিন্তু আমাৰ যি বেচৰকাৰি ক্ষেত্র আছে, তেওঁলোকেও এই ক্ষেত্রত নিজৰ অৱদান আগবঢ়াব লাগিব। মই দেশৰ বেংকিং ক্ষেত্রকো অনুৰোধ কৰিম, যাতে তেওঁলোকে আমাৰ ‘অগ্ৰাধিকাৰ ভিত্তিত’ এই সকলো কিদৰে সলনি কৰিব, কিদৰে লক্ষ্য স্থিৰ কৰিব, ইয়াৰ তদাৰকী কিদৰে কৰিব, সেয়া ঠিক কৰে৷ যদি আমি বেংকসমূহৰ জৰিয়তে এই ক্ষেত্রক ধন যোগানৰ ব্যৱস্থা কৰো, তেতিয়াহ’লে আমাৰ বেচৰকাৰী খণ্ডৰ সৰু সৰু পদৰ মানুহবোৰে বহু পৰিমাণে এই ক্ষেত্রত কাম কৰিব পাৰিব৷ কৃষিক্ষেত্রত যিবোৰ ব্যক্তিগত কোম্পানীয়ে কাম কৰিছে তেওঁলোকেক মই কও, আপোনালোকে এই বিষয়টোকো নিজৰ অগ্রাধিকাৰৰ তালিকাত ৰাখক৷

বন্ধুসকল,

কৃষিত উদ্ভাৱন আৰু পেকেজিং–দুটা এনে খণ্ড, য’ত বহু দৃষ্টি দিয়া হৈছে যাক লৈ বহু কাম কৰাৰ বহু প্রয়োজন আছে। আজি সমগ্ৰ বিশ্বত ‘কনজিউমাৰিজম’ ক্রমান্বয়ে বৃদ্ধি পাইছে৷ সেইবাবে পেকেজিং আৰু ব্ৰেণ্ডিঙৰ গুৰুত্ব প্রতিদিনে বাঢ়িছে। ফলৰ পেকেজিঙত আমাৰ কর্পোৰেট হাউচসমূহে, এগ্রি-ষ্টার্ট-আপসমূহৰ বৃহৎ হাৰত আগুৱাই অহা উচিৎ। এইবোৰে যি কৃষি আৱৰ্জনা নিষ্কাসন কৰিব, সেইবোৰো ‘বেষ্ট পেকেজিং’ কিদৰে হ’ব পাৰে সেইদিনতো তেওঁলোকে লক্ষ্য ৰাখিব লাগিব৷ তেওঁলোকে এই ক্ষেত্রত কৃষকসকলক সহায় কৰক আৰু এই লক্ষ্যৰে নিজৰ পৰিকল্পনা প্ৰস্তুত কৰক৷

ভাৰতত খাদ্য প্রক্রিয়াকৰণ আৰু ইথানল উৎপাদনৰ ক্ষেত্রত বিনিয়োগৰ যথেষ্ট সম্ভাৱনা গঢ় লৈছে৷ চৰকাৰে ইথানলক ২০ শতাংশ ব্লেন্ডিঙৰ লক্ষ্য নির্ধাৰণ কৰি আগুৱাই গৈছে। এই ক্ষেত্রত সেয়েহে নিশ্চিত বজাৰ আছে। ২০১৪ৰ পূৰ্বে য’ত ১-২ শতাংশ ইথানল ব্লেণ্ডিং হ’ব, তাত এতিয়া ৮ শতাংশৰো অধিক ব্লেণ্ডিং হয়। ইথানল ব্লেণ্ডিঙক বৃদ্ধিৰ বাবে চৰকাৰে যথেষ্ট উৎসাহ দিয়া হৈছে৷ এই ক্ষেত্রতো আমাৰ বাণিজ্য জগত আগুৱাই আহক, আমাৰ ব্যৱসায় হাউচবোৰ আগুৱাই আহক।

আন এটা বিষয় হ’ল প্রাকৃতিক ফলৰ ৰস। ইয়াৰ পেকেজিঙৰ যথেষ্ট গুৰুত্ব আছে। এনে পেকেজিং যাৰ জৰিয়তে সেই সামগ্ৰী আয়ু বৃদ্ধি পায়, যি বহুদিন ধৰি চলে, এনে বহু কাম কৰাৰ প্রয়োজনীয়তা আছে। কাৰণ আমাৰ দেশত ইমান বিবিধ গুণসম্পন্ন ফল হয় আৰু ভাৰতত প্রাকৃতিক ফলৰ ৰসৰ বহুত বৈচিত্র্যও আছে। আমাৰ দেশত যি ফলৰ ৰস আছে, তাৰ বহুত ধৰণৰ সুবিধাও আছে, বহুত বেছি বৈচিত্র্য আছে। আমাৰ বিদেশীলোকৰ নকল নকৰি ভাৰতত যিমান ধৰণৰ প্রাকৃতিক ফলৰ ৰস আছে সেইবোৰ প্ৰচাৰ কৰা, উন্নত কৰিব লাগিব।

বন্ধুসকল,

আন এটা বিষয় হ’ল সমবায় খণ্ডক লৈ৷ ভাৰতত সমবায় খণ্ড বহুত পুৰণি আৰু স্পন্দিত। সেয়া চেনি কাৰখানাই হওক বা সাৰ কাৰখানা, দুগ্ধ শিল্প হওক বা ঋণ লোৱাৰ ব্যৱস্থা, শস্য কিনাৰ ক্ষেত্রত সমবায় খণ্ডৰ অংশীদাৰিত্ব যথেষ্ট ডাঙৰ৷ আমাৰ চৰকাৰে ইয়াৰ জৰিয়তে কিছু নতুন নিয়মো প্ৰস্তুত কৰিছে। আমাৰ চৰকাৰে ইয়াৰ সৈতে জড়িত কিছু নতুন মন্ত্ৰালয়ো গঠন কৰিছে আৰু ইয়াৰ মূল কাৰণ হ’ল কৃষকসকলক অধিক সহায় কৰা। আমাৰ সমবায় ক্ষেত্রত এক ‘স্পন্দিত ব্যৱসায় সামাজ্য’ বৃদ্ধিৰ বহু সুযোগ আছে৷ আপোনালোকৰ লক্ষ্য হোৱা উচিৎ যাতে সমবায় খণ্ডক এক সফল ব্যৱসায়ৰ উদ্যোগৰ পৰিণত কৰিব পাৰি৷

বন্ধুসকল,

আমাৰ যি ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান আছে সেইবোৰ প্রতিও মোৰ অনুৰোধ এই যে আপোনালোক আগুৱাই আহক আৰু এগ্রি-ষ্টার্ট-আপসমূহক ‘ফার্মাৰ প্রডিউচ অৰ্গেনাইজেচন’ বা এফপিঅ’সমূহৰ জৰিয়তে যিমানদূৰ সম্ভৱ আর্থিক সাহাৰ্য আগবঢ়াওক৷ আমাৰ দেশৰ ক্ষুদ্র কৃষকসকলৰ কৃষিত হোৱা ব্যয় হ্রাসৰ বাবে আপোনালোকে এটা ডাঙৰ ভূমিকা পালন কৰিব পাৰে৷ ইয়াৰ এটা সমাধান হ’ল, ক্ষুদ্র কৃষকসকলে ক’ৰ পৰা কৃষিৰ বিভিন্ন উপকৰণ আনিব, সেয়া ঠিক কৰা। আজিকালি শ্রমিক অতি কম পোৱা যায়। এনে পৰিস্থিতিত আমি কৃষিৰ বিভিন্ন উপকৰণ লৈয়ে এক নতুন পদ্ধতিৰ কথা ভবা উচিৎ। এনে পৰিস্থিতি মোকাবিলা কৰাৰ বাবে আমি কি ‘পুলিং’ৰ কথা ভাৱিব পাৰো?

আমাৰ কর্পোৰেট জগতে এই ধৰণৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে আগুৱাই অহা উচিত, যাতে কৃষি সংক্রান্ত বিভিন্ন উপকৰণ ভাড়াত পোৱাৰ সুবিধা থাকে। আমাৰ চৰকাৰে কৃষকসকল অন্নদাতাৰ লগতে শক্তিদাতা হিচাপে পৰিণত কৰি তোলাৰ বাবে ডাঙৰ অভিযান চলাইছে৷ সমগ্ৰ দেশত কৃষকসকলক সৌৰ পাম্প বিতৰণ কৰা হৈছে। আমাৰ অধিকাংশ কৃষকে কিদৰে কৃষিক্ষেত্রৰ পৰা সৌৰশক্তি উৎপাদন কৰিব সেয়া সুনিশ্চিত কৰিবলৈ আমি এই লক্ষ্যৰে প্ৰচেষ্টা হাতত ল’ব লাগিব৷

এইদৰে আমাৰ খেতি পথাৰৰ কাষে কাষে আমি ধন অৰ্জন কৰা গছ লগাব পাৰো। আমি আজিকালি টিম্বাৰ আমদানি কৰো। যদি আমি আমাৰ কৃষকসকলৰ বৈজ্ঞানিক পদ্ধতিৰে নিজৰ খেতিৰ কাষত মূল্যবান কাঠ আছে এই ধৰণৰ গছ লগাবলৈ উৎসাহ যোগাব পাৰো, তেতিয়াহ’লে ১০ৰ পৰা ২০ বছৰ পাছত তেওঁলোকৰ আয়ৰ এটা নতুন ব্যৱস্থা গঢ় লৈ উঠিব৷ চৰকাৰে এই ক্ষেত্রত প্রয়োজনীয় যিমান আইন সলনি কৰাটো দৰকাৰ, সেয়া সলনি কৰিব৷

বন্ধুসকল,

কৃষকসকলৰ আয় বৃদ্ধি, কৃষিখণ্ডত ব্যয় কম কৰা, বীজৰ পৰা বজাৰ পর্যন্ত কৃষকসকলৰ আধুনিক সেৱা প্রদান–এই সকলোতে আমাৰ চৰকাৰে অগ্রাধিকাৰ দিছে। মোৰ দৃঢ় বিশ্বাস, আপোনালোকৰ পৰামর্শসমূহৰ জৰিয়তে চৰকাৰৰ এইবোৰ প্রচেষ্টা সার্থক হ’ব আৰু আমাৰ কৃষকসকলে যিমান সপোন দেখে, কিবা কৰিব বিচাৰে, তেওঁলোকে সেয়া কৰাৰ উৎসাহ পাব৷ মোৰ দৃঢ় বিশ্বাস যি আজি আমি কৃষিৰ এক পৰৱর্তী প্রজন্মক লৈ চর্চা কৰিব বিচাৰো, পৰম্পৰাগত পদ্ধতিসমূহৰ পৰা বাহিৰ হৈ অহাৰ বাবে ভাৱিব বিচাৰে, বাজেটত, বাজেটত যিবোৰ দিশৰ ব্যৱস্থা কৰা হৈছে সেইবোৰৰ দিশত আমি কিদৰে উন্নতি কৰিব পাৰি, সেয়া চাব লাগিব আৰু আপোনালোকৰ প্রতি মোৰ অনুৰোধ এই যে ৱেবিনাৰত যেন এই সমস্যাৰ সমাধান সুত্ৰ ওলায়৷

১ এপ্রিলৰ পৰা নতুন বাজেট যেতিয়া কার্যকৰী হ’ব, সেই দিনাই আমি এই বিষয়সমূহ ‘ৰোল আউট’ কৰিম, কাম আৰম্ভ কৰিম। এতিয়া আমাৰ ওচৰত সম্পূৰ্ণ মার্চ মাহটো আছে। বাজেট ইতিমধ্যে সংসদত দাখিল কৰা হৈছে। এতিয়া সেই বাজেট আমাৰ সন্মুখত আছে। এনে পৰিস্থিতিত আমি সময় নষ্ট নকৰি জুন-জুলাই মাহত আমাৰ কৃষকসকলৰ নতুন বছৰ কিদৰে পালন কৰব, তাৰ পূৰ্বে এই মার্চ মাহত সকলো প্রস্তুতি ল’ব লাগিব৷ এপ্রিলত আমাৰ কৃষকসকলৰ বাবে কৃষিৰ বিভিন্ন উপকৰণ, বিভিন্ন সামগ্ৰী পোৱা দিয়াৰ পৰিকল্পনা আগতেই ৰচনা কৰিব লাগিব৷ ইয়াতো আমাৰ কর্পোৰেট জগত আগুৱাই আহক, আমাৰ ‘বিত্ত জগত’ আগুৱাই আহক, আমাৰ ষ্টার্ট-আপসমূহ আগুৱাই আহক, আমাৰ প্রযুক্তি ক্ষেত্রৰ সকলো আগুৱাই আহক। ভাৰতৰ প্রয়োজনীয়তাসমূহ বুজাৰ চেষ্টা কৰক৷ যিহেতু ভাৰত কৃষি প্রধান দেশ, আমি কোনো সামগ্ৰী বাহিৰৰ পৰা অনাটো অনুচিত। দেশৰ প্রয়োজনীয়তা অনুসৰি আমি প্ৰস্তুত কৰা উচিৎ।

মোৰ দৃঢ় বিশ্বাস, আমি যদি আমাৰ কৃষকসকলক, আমাৰ কৃষি বিশ্ববিদ্যালয়সমূহ, আমাৰ কৃষি বিষয়ত পঢ়া-শুনা কৰা ছাত্র-ছাত্রীসকলক এই সকলো কামৰ বাবে এটা মঞ্চত আনি আৰু তাৰপৰা আগুৱাই যাও, তেতিয়াহ’লে প্রকৃতাৰ্থত বাজেট এক কেৱল পৰিসংখ্যাৰ খেলা হৈ নাথাকে৷ বাজেটে আমাৰ জীৱন পৰিৱর্তন, কৃষি পৰিৱর্তন, গ্রাম্য জীৱন পৰিৱর্তনৰ এক বৃহৎ সাধন হৈ উঠিব পাৰে। সেইবাবে মই আপোনালোকক অনুৰোধ জনাইও যে এই ৱেবিনাৰ অতি ফলপ্রসূ হোৱা উচিৎ, ‘সম্পূৰ্ণ’ হোৱা উচিৎ। সকলো কাৰ্যকৰী দিশৰ সৈতে জড়িত থাকিব লাগিব তেতিয়াহে আমি ফল লাভ কৰিব পাৰিম৷ মোৰ দৃঢ় বিশ্বাস আপোনালোক সকলোৱে এই ক্ষেত্রৰ সৈতে জড়িত হওক৷ সমগ্ৰ দেশৰ বিভিন্ন প্রান্তৰ পৰা আজি যিসকলে এই ৱেবিনাৰৰ সৈতে সংযুক্ত হৈছে, তেওঁলোক সকলোৱেই ইয়াৰ সৈতে জড়িত হওক৷ ইয়াৰ ফলত আপোনালোকে পোনপটীয়াকৈ বিভাগসমূহকো বহুত ভাল পথ প্রদর্শন কৰিব পাৰে৷ অতি মসৃণভাৱে প্রতিটো পদক্ষেপক কার্যকৰ কৰাৰ পথ বাহিৰ হ’ব আৰু আমি দ্রুতগতিতে মিলাপ্ৰীতিৰে আগুৱাই যাব।

মই পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনোৱাৰ লগতে মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা জনাইছো।

 

***

DS/ST/NS/DB



(Release ID: 1801729) Visitor Counter : 377