প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

টেৰি (TERI) ৰ বিশ্ব বহনক্ষম উন্নয়ন সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণৰ পাঠ

Posted On: 16 FEB 2022 6:14PM by PIB Guwahati

একবিংশ বিশ্ব বহনক্ষম উন্নয়ন সন্মিলনত আপোনালোকৰ সৈতে সমবেত হ’বলৈ পাই মই আনন্দিত হৈছো। মোৰ কাৰ্য্যকালৰ সমগ্ৰ ২০ বছৰত, প্ৰথমে গুজৰাটত আৰু এতিয়া ৰাষ্ট্ৰীয় পৰ্য্যায়ত পৰিবেশ আৰু বহনক্ষম উন্নয়ন মোৰ বাবে গুৰুত্বপূৰ্ণ প্ৰসংগ হৈ আহিছে।

বন্ধুসকল, আমি শুনিছো, মানুহে আমাৰ গ্ৰহটোক ভংগুৰ (fragile) বুলি কয়। কিন্তু এইটো গ্ৰহ ভংগুৰ নহয়। এয়া আমি। আমি ভংগুৰ। গ্ৰহটোৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি আমাৰ অংগীকাৰসমূহো ভংগুৰ হৈ আহিছে। ১৯৭২ ৰ ষ্টকহম সন্মিলনৰপৰা যোৱা ৫০ বছৰত বহু কথা কোৱা হৈছে। খুব কম কাম কৰা হৈছে। কিন্তু ভাৰতত, আমি এই আলোচনা আগুৱাই নিছো।

দৰিদ্ৰলোকৰ বাবে ন্যায্য শক্তিৰ প্ৰৱেশাধিকাৰ আমাৰ পৰিবেশ নীতিৰ এক আধাৰশিলা হৈ আছে। উজ্জ্বলা যোজনাৰ জৰিয়তে, ৯০ নিযুতৰো অধিক পৰিয়ালক স্বচ্ছ ৰন্ধন ইন্ধনৰ সুবিধা প্ৰদান কৰা হৈছে। পিএম-কেইউএছইউএম আঁচনিখনৰ অধীনত, আমি কৃষকসকললৈ নৱীকৰণযোগ্য শক্তি লৈ গৈছো। আমি কৃষকসকলক সৌৰ পেনেল স্থাপন, ইয়াক ব্যৱহাৰ আৰু গ্ৰীডক অতিৰিক্ত শক্তি বিক্ৰী কৰিবলৈ উৎসাহিত কৰিছো। একত্ৰিত সৌৰ পাম্পৰ লগতে বিদ্যমান পাম্পসমূহ সৌৰকৰণৰ প্ৰচেষ্টা বৃদ্ধি কৰা হৈছে। ''ৰাসায়নিক সাৰ-মুক্ত প্ৰাকৃতিক কৃষি'' ৰ ওপৰত গুৰুত্ব প্ৰদানে বহনক্ষমতা আৰু সমতাৰ প্ৰোৎসাহনতো সহায় কৰিব।

বন্ধুসকল, আমাৰ এলইডি বাল্ব বিতৰণ আঁচনি সাত বছৰ ধৰি চলি আছে। ই প্ৰতি বছৰে ২২০ বিলিয়নৰোধিক ইউনিট বিদ্যুৎ আৰু ১৮০ বিলিয়ন টন কাৰ্বন ডাই অক্সাইড নিৰ্গমন সঞ্চয়ত সহায় কৰিছে। আমি ৰাষ্ট্ৰীয় হাইড্ৰজেন মিছন স্থাপনৰ কথা ঘোষণা কৰিছো। ইয়াৰ উদ্দেশ্য হৈছে সেউজীয়া হাইড্ৰজেনত প্ৰৱেশ কৰা, যি হৈছে আমাৰ ভৱিষ্যতক শক্তি প্ৰদানৰ বাবে এক আকৰ্ষণীয় প্ৰযুক্তি। মই টেৰিৰ দৰে শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক সেউজ হাইড্ৰজেনৰ সম্ভাৱনা উপলব্ধি কৰিবলৈ মাপযোগ্য সমাধান সূত্ৰ নিৰূপণৰ অৰ্থে উৎসাহিত কৰিছো।

বন্ধুসকল, ভাৰত এখন বৃহৎ-বৈচিত্ৰ্যপূৰ্ণ দেশ। বিশ্বখনৰ ২.৪% ভূমি এলেকাৰে, ভাৰতে বিশ্বখনৰ প্ৰায় ৮% প্ৰজাতি ধাৰণ কৰিছে। এই পৰিস্থিতিতন্ত্ৰক সুৰক্ষিত কৰাটো আমাৰ কৰ্তব্য। আমি আমাৰ সুৰক্ষিত এলেকা নেটৱৰ্ক সুদৃঢ় কৰি আছো। আই.ইউ.চি.এন.য়ে আমাৰ প্ৰচেষ্টাক স্বীকৃতি দিছে। হাৰিয়ানাৰ আৰাৱলী জৈৱবৈচিত্ৰ্য উদ্যানক জৈৱ বৈচিত্ৰ্যৰ ফলপ্ৰসূ সংৰক্ষণৰ বাবে অ’.ই.চি.এম. স্থান হিচাপে ঘোষণা কৰা হৈছে। মই আনন্দিতও যে ভাৰতৰ আৰু দুই আৰ্দ্ৰভূমিয়ে শেহতীয়াভাৱে ৰামচাৰ স্থান হিচাপে স্বীকৃতি লাভ কৰিছে। ভাৰতত এতিয়া ১ মিলিয়ন হেক্টৰৰোধিক বিস্তীৰ্ণ ৪৯ খন ৰামচাৰ স্থান আছে। পতিত ভূমি পুনৰুদ্ধাৰ কৰাটো আমাৰ অন্যতম মুখ্য ক্ষেত্ৰ। ২০১৫ ৰপৰা, আমি ১১.৫ নিযুত হেক্টৰৰোধিক পুনৰুদ্ধাৰ কৰিছো। আমি বন প্ৰত্যাহ্বান (Bonn Challenge) ৰ অধীনত ভূমি অৱক্ষয় নিৰপেক্ষতাৰ ৰাষ্ট্ৰীয় অংগীকাৰত উপনীত হোৱাৰ পথত অগ্ৰসৰ হৈছো। আমি ইউ.এন.এফ. চি.চি.চি. ৰ অধীনত কৰা আমাৰ সকলো অংগীকাৰ পৰিপূৰণত দৃঢ়ভাৱে বিশ্বাসী। গ্লাছগোত অনুষ্ঠিত চিঅ'পি-২৬ ৰ সময়তো আমি আমাৰ উচ্চাকাংক্ষা ব্যক্ত কৰিছো।

বন্ধুসকল, মই দৃঢ়ভাৱে বিশ্বাস কৰো আৰু মই নিশ্চিত, পৰিবেশৰ স্থিৰতা কেৱল জলবায়ু ন্যায়ৰ জৰিয়তেহে লাভ কৰিবপৰা কথাটোত আপুনি সন্মত হ’ব। অহা বিশ বছৰত ভাৰতৰ জনসাধাৰণৰ শক্তিৰ প্ৰয়োজনীয়তা প্ৰায় দুগুণ হোৱাৰ সম্ভাৱনা আছে। এই শক্তিক অস্বীকাৰে লাখ-লাখ লোকৰ জীৱনক অস্বীকাৰ কৰিব। সফল জলবায়ু ক্ৰিয়াৰ বাবেও পৰ্য্যাপ্ত বিত্ত যোগান প্ৰয়োজনীয়। ইয়াৰ বাবে, উন্নত দেশসমূহে বিত্ত আৰু প্ৰযুক্তি স্থানান্তৰৰ ক্ষেত্ৰত তেওঁলোকৰ অংগীকাৰ পূৰণ কৰাটো প্ৰয়োজনীয়।

বন্ধুসকল, বহনক্ষমতাৰ অৰ্থে গোলকীয় কমন্সৰ বাবে সমন্বিত পদক্ষেপৰ প্ৰয়োজন। আমাৰ প্ৰচেষ্টাই এই পাৰস্পৰিক-নিৰ্ভৰশীলতাক স্বীকৃতি প্ৰদান কৰিছে। আন্তৰ্জাতিক সৌৰ মিত্ৰতাৰ জৰিয়তে আমাৰ লক্ষ্য হৈছে ''এক সূৰ্য্য, এক বিশ্ব, এক গ্ৰীড''। আমি সকলো সময়তে সকলো ঠাইতে বিশ্ব-ব্যাপী গ্ৰীডৰপৰা স্বচ্ছ শক্তিৰ উপলব্ধতা নিশ্চিতকৰণৰ অৰ্থে কাম কৰিব লাগিব। এয়া হৈছে ''সমগ্ৰ বিশ্ব'' দৃষ্টিভংগী যাৰ বাবে ভাৰতৰ মূল্যবোধে থিয় দিছে।

বন্ধুসকল, দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট (C.D.R.I.) ৰ লক্ষ্য হৈছে প্ৰাকৃতিক দুৰ্য্যোগৰ সঘন সম্ভাৱনা থকা অঞ্চলসমূহত শক্তিশালী আন্তঃগাঁথনি নিৰ্মাণ কৰা। চিঅ’পি-২৬ ত, আমি 'প্ৰাণোচ্ছল দ্বীপ ৰাজ্যসমূহৰ বাবে আন্তঃগাঁথনি'' শীৰ্ষক এটি প্ৰচেষ্টাৰো শুভাৰম্ভ কৰো। দ্বীপ উন্নয়নশীল ৰাজ্যসমূহ আটাইতকৈ অসুৰক্ষিত আৰু সেয়েহে জৰুৰী সুৰক্ষাৰ প্ৰয়োজন।

বন্ধুসকল, এই দুটা পদক্ষেপত, আমি এতিয়া লাইফক যোগ দিওঁ- পৰিবেশৰ বাবে লাইফষ্টাইল (LIfestyle For Environment)। লাইফ হৈছে আমাৰ গ্ৰহটো উন্নতকৰণৰ বাবে জীৱনশৈলী বাছনি কৰা সম্পৰ্কে। লাইফ হ'ব সমগ্ৰ বিশ্বখনৰ একে-মনোভাৱাপন্ন লোকসকলৰ এক মিত্ৰজোঁট যিয়ে বহনক্ষম জীৱনশৈলীক প্ৰোৎসাহিত কৰিব। মই ইয়াক ৩পি বুলি কওঁ- প্ৰ' প্লেনেট পিপল। প্ৰ' প্লেনেট পিপল (৩-পি) এই বৈশ্বিক আন্দোলন হৈছে লাইফৰ বাবে মিত্ৰজোঁট। এই তিনি গোলকীয় মিত্ৰজোঁটে গোলকীয় কমন্সৰ অগ্ৰগতি সাধনৰ বাবে আমাৰ পৰিবেশ প্ৰচেষ্টাৰ ত্ৰিমূৰ্তি গঠন কৰিব।

বন্ধুসকল, আমাৰ পৰম্পৰা আৰু সংস্কৃতি হৈছে মোৰ অনুপ্ৰেৰণাৰ উৎস। ২০২১ ত, মই মানুহ আৰু গ্ৰহটোৰ স্বাস্থ্য কেনেদৰে আন্তঃ-সংযোগিত, সেই সম্পৰ্কে কৈছিলো। ভাৰতীয়সকলে সদায়েই প্ৰকৃতিৰ সৈতে সহবাস কৰিছে। আমাৰ সংস্কৃতি, ৰীতি-নীতি, দৈনন্দিন প্ৰথা আৰু অসংখ্য কৃষি ভিত্তিক উৎসৱে প্ৰকৃতিৰ সৈতে আমাৰ শক্তিশালী সম্পৰ্ককে প্ৰদৰ্শন কৰে। হ্ৰাস (Reduce), পুনৰ ব্যৱহাৰ (reuse), পুনৰ্ব্যৱহাৰ (recycle), পুনৰুদ্ধাৰ (recover), পুনৰ-ডিজাইন (re-design) আৰু পুনৰ-নিৰ্মাণ (re-manufacture) ভাৰতৰ সাংস্কৃতিক নীতিৰ অংশ হৈ আহিছে। ভাৰতে জলবায়ু স্থিতিস্থাপক নীতি আৰু অনুশীলনৰ বাবে কাম কৰি যাব যিদৰে আমি সদায়েই কৰি আহিছো।

এই কথাৰে আৰু সেই গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতিৰেই, মই টেৰি আৰু এই সন্মিলনত সমগ্ৰ বিশ্বৰ সকলো অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জনাইছো।

ধন্যবাদ!

বহু-বহু ধন্যবাদ!

***

DS/MZ/SB



(Release ID: 1799785) Visitor Counter : 156