নৌ-পৰিবহন মন্ত্ৰালয়

সোণোৱালে গোৱাস্থিত মোৰ্মুগাঁও প’ৰ্ট ট্ৰাষ্টত ৰিভাৰ ক্ৰুজ ছাৰ্ভিচ উদ্বোধন কৰে

Posted On: 11 DEC 2021 5:39PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ আৰু জল পৰিবহণ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি গোৱাস্থিত মোৰ্মুগাঁও প’ৰ্ট ট্ৰাষ্টত ৰিভাৰ ক্ৰুজ ছাৰ্ভিচ উদ্বোধন কৰে। তেওঁ ঘোষণা কৰে যে পৰ্যটকক গোৱাৰ সংস্কৃতি আৰু আৰু ইতিহাসৰ সম্পূৰ্ণ অভিজ্ঞতা দিবলৈ এফআৰপি ডাবল ডেক নাওৰ সৈতে সকলো প্ৰস্তাৱিত জলপথত শীঘ্ৰে সেৱা আৰম্ভ হ’ব। এই সিদ্ধান্তই গোৱাৰ পৰ্যটন ক্ষেত্ৰত নতুন সুযোগ আৰু সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি তেওঁ উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে বন্দৰটোৰ ক্ৰুজ টাৰ্মিনেল বাৰ্থকে ধৰি অপাৰেচনেল অঞ্চলসমূহ পৰিদৰ্শন কৰে, য’ত আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰুজ টাৰ্মিনেল স্থাপন হোৱাৰ কথা আছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অংশীদাৰসকল(ষ্টেক হল্ডাৰ)ৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু বৈঠকত তেওঁলোকে ভাৰতৰ ক্ৰমবৰ্ধিত সমুদ্ৰীয় খণ্ডৰ বিভিন্ন দিশ মন্ত্ৰীগৰাকীৰ সন্মুখত আলোকপাত কৰে। শ্ৰী সৰ্বানন্দ সোণোৱালে বন্দৰৰ ইউনিয়ন আৰু সংস্থাসমূহৰ সৈতেও আলোচনাত মিলিত হয় আৰু তেওঁলোকৰ বিভিন্ন সমস্যাসমূহৰ বুজ লয়।

এদিনীয়া গোৱা ভ্ৰমণত মন্ত্ৰীগৰাকীয়ে দেশৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বাণিজ্য আৰু উদ্যোগ জগতৰ অভাৱ-অভিযোগৰ নিস্পত্তি কৰিবলৈ বিভিন্ন ক্ষেত্ৰৰ অংশীদাৰসকলৰ সৈতে আন কেইবাখনো বৈঠকত মিলিত হ’ব।

 

***

MJPS/MS/jk/MS



(Release ID: 1790111) Visitor Counter : 157