প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অমিক্রনৰ প্রভাবত ক্রমবর্ধমান কোভিড আক্রান্তৰ সংখ্যাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি প্রধানমন্ত্রীয়ে দেশত কোভিড-১৯ মহামাৰীজনিত পৰিস্থিতি পর্যালোচনা কৰিছে


জিলাস্তৰত যথাযথ স্বাস্থ্য পৰিকাঠামো সুনিশ্চিত কৰিব লাগিবঃ প্রধানমন্ত্রী

মিছন মোড ভিত্তিত বয়ঃসন্ধিকালীন ল'ৰা-ছোৱালীৰ বাবে টীকাকৰণ অভিযান ত্বৰান্বিত কৰিব লাগিবঃ প্রধানমন্ত্রী

ভাইৰাছৰ চৰিত্র অহৰহ সলনি হৈছে, এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি জিনম ছিকুৱেন্সিং সহ পৰীক্ষা-নিৰীক্ষা, টীকা আৰু ঔষধ-পাতিৰ ক্ষেত্রত নিয়মিত বৈজ্ঞানিক গৱেষণাৰ প্রয়োজন আছে : প্রধানমন্ত্রী

কোভিড-ব্যতীত চিকিৎসা পৰিসেৱা সুনিশ্চিত কৰা তথা প্রত্যন্ত আৰু গ্রামীণ এলেকাত সাধাৰণ মানুহৰ স্বাস্থ্য সম্পর্কিত পৰিসেৱাৰ বাবে টেলি-মেডিচিন ব্যৱস্থাৰ প্রয়োগ জৰুৰী : প্রধানমন্ত্রী

ৰাজ্যভিত্তিক পৰিস্থিতি, শ্ৰেষ্ঠ পন্থাপদ্ধতি আৰু জনস্বাস্থ্য ক্ষেত্রত প্রতিকাৰমূলক ব্যৱস্থা সন্দৰ্ভত আলোচনাৰ বাবে মুখ্যমন্ত্রীসকলৰ সৈতে বৈঠক কৰা হ'ব : প্রধানমন্ত্রী

কোভিড-১৯ৰ বিৰুদ্ধে আমি বর্তমান যুঁজত কোভিড আদর্শ আচৰণবিধিসমূহ মানি চলাৰ ওপৰত জোৰ দি জন-আন্দোলন অব্যাহত ৰাখিব লাগিব : প্রধানমন্ত্রী

Posted On: 09 JAN 2022 7:49PM by PIB Guwahati

দেশত কোভিড-১৯ মহামাৰীজনিত পৰিস্থিতি বিশ্লেষণ, স্বাস্থ্য পৰিকাঠামো আৰু লজিষ্টিক্স ক্ষেত্রৰ বর্তমান প্রস্তুতি, দেশত টীকাকৰণ অভিযানৰ অৱস্থা তথা কোভিড-১৯ৰ নতুন প্রজাতি অমিক্রনৰ প্রকোপ তথা জনস্বাস্থ্য ক্ষেত্রত ইয়াৰ প্রভাব পর্যালোচনা কৰিবলৈ প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি এক উচ্চপর্যায়ৰ বৈঠকত পৌৰোহিত্য কৰে।

পর্যালোচনা বৈঠকত কেন্দ্রীয় স্বাস্থ্য সচিবে সমগ্ৰ বিশ্বত বর্তমান কোভিড আক্রান্তৰ সংখ্যাত বৃদ্ধি সম্পর্কে এক বিস্তাৰিত বিবৰণী উত্থাপন কৰে। ইয়াৰ পিছত, আক্রান্তৰ সংখ্যাত দ্রুত বৃদ্ধি আৰু আক্রান্তৰ হাৰ বেছি – এই পৰিসংখ্যাৰ ওপৰত ভিত্তি কৰি বিভিন্ন ৰাজ্য আৰু জিলাত কোভিড-১৯ পৰিস্থিতিৰ খতিয়ান তুলি ধৰা হয়। বর্তমান পৰিস্থিতিজনিত প্ৰত্যাহ্বান মোকাবিলাত ৰাজ্যসমূহক সকলোধৰণৰ সাহায্যৰ বাবে কেন্দ্রীয় চৰকাৰৰ পক্ষৰ পৰা যিবোৰ প্রয়াস গ্রহণ কৰা হৈছে, সেই ক্ষেত্ৰতো প্রধানমন্ত্রীক অবহিত কৰা হয়। বৈঠকত আক্রান্তৰ সংখ্যা সর্বোচ্চ পর্যায়ত উপনীত কৰাৰ ক্ষেত্রত যি আশংকা অনুমান কৰা হৈছে, সেই সন্দৰ্ভতো আলোচনা হয়।

আপৎকালীন কোভিড পৰিস্থিতি মোকাবিলা পেকেজ (ইচিআৰপি-II)ৰ আওতাত ৰাজ্যসমূহত স্বাস্থ্য পৰিকাঠামোৰ মানোন্নয়ন, নমুনা পৰীক্ষাৰ সংখ্যা বঢ়োৱা, অক্সিজেন আৰু আইচিইউ বেডৰ পর্যাপ্ত যোগান তথা অত্যাৱশ্যকীয় কোভিড ঔষধ-পাতিৰ লভ্যতা সুনিশ্চিত কৰিবলৈ যিবোৰ পদক্ষেপ লোৱা হৈছে, সেই সম্পর্কেও বিস্তাৰিত বিবৰণ দাঙি ধৰা হয়। এই প্রেক্ষিতত প্রধানমন্ত্রীয়ে জিলা পর্যায়ত উপযুক্ত স্বাস্থ্য পৰিকাঠামো সুনিশ্চিত কৰাৰ প্রয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে। তেওঁ বিষয়াসকলক এই প্রেক্ষিতত ৰাজ্যসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয় বজাই ৰাখিবলৈ নির্দেশ দিয়ে।

দেশত বর্তমান ১৫-১৮ বয়সীয়াসকলৰ টীকাকৰণ অভিযান চলিছে। এই প্রেক্ষিতত নিৰন্তৰ যি প্রয়াস গ্রহণ কৰা হৈছে সেই সম্পর্কে প্রধানমন্ত্রীক অবগত কৰি কোৱা হৈছে যে, অভিযান আৰম্ভ হোৱাৰ সাতদিনৰ ভিতৰত বয়ঃসন্ধিকালীন ৩১ শতাংশ ল'ৰা-ছোৱালীক টীকাৰ প্রথম ডোজ দিয়া সম্ভৱ হৈছে। প্রধানমন্ত্রীয়ে এই অগ্রগতি অব্যাহত ৰাখি মিছন মোড ভিত্তিত টীকাকৰণ অভিযানৰ গতি ত্বৰান্বিত কৰাৰ ওপৰত জোৰ দিয়ে।

বিস্তাৰিত আলাপ-আলোচনাৰ পিছত প্রধানমন্ত্রীয়ে বিষয়াসকলক নির্দেশ দি কয়, যিবোৰ এলেকাৰ পৰা এতিয়াও কোভিড আক্রান্তৰ ঘটনাৰ খবৰ পোৱা গৈছে, তাত কন্টেইনমেন্ট জোন আৰু নিবিড় কৰাৰ সমান্তৰালকৈ, কঠোৰ নজৰদাৰি অব্যাহত ৰাখিব লাগিব। তেওঁ ৰাজ্যসমূহক পৰিস্থিতিৰ মোকাবিলাৰ বাবে কাৰিকৰী সহায়তা দিয়াৰ কথাও উল্লেখ কৰে। সংক্রমণ শৃঙ্খল ভাঙি পেলাবলৈ আৰু পৰিস্থিত নিয়ন্ত্রণত ৰাখিবলৈ প্রধানমন্ত্রীয়ে নতুন এই পৰিস্থিতিত মাস্কৰ ব্যৱহাৰ আৰু দৈহিক দূৰত্ববিধি মানি চলাৰ ওপৰতো জোৰ দিয়ে। তেওঁ, স্বল্প উপসর্গ/উপসর্গ-বিশিষ্ট আক্রান্ত ৰোগীসকলক হোম আইছোলেচন বা ঘৰত নিভৃতবাসৰ ব্যৱস্থা কঠোৰভাৱে মানি চলাৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰি কয়, ইয়াৰ ফলত সামুদায়িক সংক্রমণ প্রতিৰোধ কৰা সম্ভৱ হ'ব।

 

প্রধানমন্ত্রীয়ে কয়, ৰাজ্যভিত্তিক পৰিস্থিতি, সংক্রমণ প্রতিৰোধ আৰু নিয়ন্ত্রণৰ শ্ৰেষ্ঠ পন্থাপদ্ধতি আৰু জনস্বাস্থ্য ক্ষেত্রত প্রতিকাৰমূলক ব্যৱস্থাসমূহক লৈ আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠক আহ্বান কৰা হ'ব।

প্রধানমন্ত্রীয়ে কোভিড আক্রান্ত ৰোগীসকলৰ সমান্তৰালকৈ, কোভিড-ব্যতীত স্বাস্থ্য পৰিসেৱা অব্যাহত ৰখাৰ প্রয়োজনীয়তাৰওপরৰত জোৰ দিয়ে। এই প্রসঙ্গত তেওঁ কয়, প্রত্যন্ত আৰু গ্রামীণ এলেকাসমূহত সাধাৰণ মানুহৰ স্বার্থত স্বাস্থ্য পৰিসেৱা উপলব্ধ কৰাবলৈ টেলি-মেডিচিন ব্যৱস্থাক কামত লগাব পাৰি।

কোভিড-১৯ পৰিস্থিতি মোকাবিলাত এতিয়ালৈকে স্বাস্থ্যকর্মীসকলে যি নিৰলস প্রয়াস চলাইছে তাৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰি প্রধানমন্ত্রীয়ে স্বাস্থ্যকর্মী, আগশাৰীত থকা কৰোণা যোদ্ধাসকলৰ বাবে ‘প্রিকছন ডোজ’, পৰিভাষাত ‘বুষ্টাৰ ডোজ’ দিয়াৰ গতি বঢ়াবলৈ মিছন মোড ভিত্তিত কাম কৰাৰ পৰামর্শ দিয়ে।

ভাইৰাছৰ চৰিত্র অহৰহ সলনি হৈছে। এই বিষয়টোৰ  প্ৰতি লক্ষ্য ৰাখি জিনম ছিকুৱেন্সিং সহ নমুনা পৰীক্ষা, টীকা আৰু ঔষধ-পাতিৰ ক্ষেত্রত নিয়মিত বৈজ্ঞানিক গৱেষণাৰ প্রয়োজন আছে বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে।

আজিৰ এই পর্যালোচনা বৈঠকত কেন্দ্রীয় গৃহ মন্ত্রী শ্রী অমিত শাহ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ডাঃ মনসুখ মণ্ডাভিয়া, বিভাগীয় প্রতিমন্ত্রী শ্রীমতী ভাৰতী প্রবীণ পাওৱাৰ, নীতি আয়োগৰ স্বাস্থ্য বিষয়ক সদস্য ডাঃ ভি কে পল, কেবিনেট সচিব শ্রী ৰাজীব গৌবা, গৃহ সচিব শ্রী এ কে ভাল্লা, স্বাস্থ্য সচিব শ্রী ৰাজেশ ভূষণ, জৈৱ-প্রযুক্তি দপ্তৰৰ সচিব ডঃ ৰাজেশ গোখলে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মহানির্দেশক ডাঃ বলৰাম ভার্গব সহ ফার্মাচিউটিকেলছ দপ্তৰ, অসামৰিক বিমান পৰিবহণ আৰু বিদেশ মন্ত্ৰালয়ৰ সচিবসকলো উপস্থিত আছিল। বৈঠকত জাতীয় বিপর্যয় ব্যৱস্থাপনা কর্তৃপক্ষৰ প্ৰতিনিধিসকলৰ উপৰিও উচ্চপদস্থ চৰকাৰী বিষয়াসকলে যোগ দিয়ে।

 

***

DS/SH



(Release ID: 1789316) Visitor Counter : 129