প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘ই-শ্ৰম’-ত কৰা পঞ্জীয়ণে ১০কোটিৰ ঘৰ অতিক্ৰম কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে

Posted On: 01 DEC 2021 5:00PM by PIB Guwahati

‘ই-শ্ৰম’-ত কৰা পঞ্জীয়ণে ১০কোটিৰ ঘৰ অতিক্ৰম কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই কথাক সংকল্পৰ পৰা সিদ্ধিলৈ কৰা এক যাত্ৰা বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

শ্ৰম আৰু নিয়োগ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱৰ এটি বাৰ্তাৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

“এয়াইতো সংকল্পৰ পৰা সিদ্ধিলৈ কৰা যাত্ৰা। দেশৰ কোটি কোটি শ্ৰমিক আৰু কৰ্মীৰ সামৰ্থ্যই আজি নতুন ভাৰতৰ আধাৰস্তম্ভ নিৰ্মাণ কৰি আছে। তেওঁলোকৰ সামাজিক সুৰক্ষাতে দেশৰ শক্তিশালী ভৱিষ্যত সমাহিত হৈ আছে”।

 

***

DS/SH/KB



(Release ID: 1787648) Visitor Counter : 112