প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গোৱাত অনুষ্ঠিত ‘গোৱাৰ মুক্তি দিৱস উদযাপন সমাৰোহ’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

Posted On: 19 DEC 2021 7:01PM by PIB Guwahati

‘ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, সমেস্ত গোঁয়কাৰ ভাৱা-ভয়ণীক, মায়েমোগাছো যেৱকাৰ’! এই ঐতিহাসিক কৰ্যক্ৰমত উপস্থিত গোৱাৰ ৰাজ্যপাল শ্ৰী পি এছ শ্ৰীধৰণ পিল্লাই জী, গোৱাৰ উৰ্জাৱান মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত জী, উপমুখ্যমন্ত্ৰী চন্দ্ৰকান্ত কাৱলেকাৰ জী, মনোহৰ আজগাঁওকাৰ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰীপদ নায়ক জী, গোৱা বিধানসভাৰ অধ্যক্ষ ৰাজেশ পটনেকাৰ জী, গোৱা চৰকাৰৰ সকলো মন্ত্ৰী, জন প্ৰতিনিধিগণ, বিষয়ববীয়াসকল আৰু গোৱাৰ মোৰ ভাই-ভনীসকল!

‘মহজ্যা মোগল গোঁয়কাৰানো, গেঁয় মুক্তীছ্য, হীৰক মহোত্সৱ ৱৰ্সা নিমতান, তুমকা সগল্যাঁক, মনা কালজাসাৱন পৰবীঁ! সৈমান নটলেল্যা, মোগাল মনশঁছ্যা, হ্যা, ভাঁগৰল্যা গোঁয়াঁত, যেৱন ম্হাকা খুপ খোস ভোগতা’! গোৱাৰ এই ভূমিখণ্ড, গোৱাৰ বতাহ, গোৱাৰ সমুদ্ৰই প্ৰকৃতিৰ অদ্ভুত বৰদান লাভ কৰিছে। আৰু আজি সকলোৱে, গোৱাৰ ৰাইজৰ এই উত্সাহ, গোৱাৰ বতাহত মুক্তিৰ গৌৰৱক আৰু অধিক কৰি তুলিছে। আজি আপনালোকৰ মুখত গোৱাৰ গৌৰৱশালী ইতিহাসৰ ঐতিহ্য জিলিকি উঠা দেখি ময়ো আপোনালোকৰ সমানেই আহ্লাদিত, আনন্দিত অনুভৱ কৰিছো। মোক অৱগত কৰা হৈছে যে এইডোখৰ ঠাই খুবেই কম যেন হৈ উঠিছে, সেয়ে কাষতে এনেকুৱা আৰু দুখন ৰভাৰ দিহা কৰা হৈছে আৰু সকলো লোক তাতো বহিছেগৈ।

বন্ধুসকল,

আজি গোৱাই কেৱল নিজৰ মুক্তিৰ হীৰক জয়ন্তীয়েই উদযাপন কৰা নাই, বৰং ৬০টা বছৰৰ এই যাত্ৰাৰ স্মৃতিৰাজী আমাৰ সন্মুখত উজ্জীৱিতও কৰিছে। আমাৰ সন্মুখত আজি আমাৰ সংঘৰ্ষ আৰু বলিদানৰ গাঁথাও আছে। আমাৰ সন্মুখত লাখ লাখ গোৱাবাসীৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ সেই পৰিণাম, যাৰ সুবাদতে আমি কম সময়তে দীঘলীয়া পৰিক্ৰমা সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছো। আৰু সন্মুখত যেতিয়া গৌৰৱ কৰিব পৰাকৈ ইমানবোৰ সমল থাকে, তেতিয়াতো ভৱিষ্যতৰ বাবে নতুন সংকল্প নিজে নিজেই তৈয়াৰ হ’বলৈ ধৰে। নতুন সপোন নিজে নিজেই আগবাঢ়ি আহিবলৈ ধৰে। এয়াও এক আনন্দৰ সংযোগ যে গোৱাৰ স্বাধীনতাৰ এই হীৰক জয়ন্তী দেশৰ ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ৰ সৈতে একেলগে উদযাপন কৰি থকা হৈছে। সেয়ে গোৱাৰ সপোন আৰু গোৱাৰ সংকল্পই আজি দেশক উৰ্জা প্ৰদান কৰি আছে।

বন্ধুসকল,

ইয়ালৈ অহাৰ আগতে মই আজাদ মৈদানত শ্বহীদ স্মাৰকত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৌভাগ্য লাভ কৰিছিলো। শ্বহীদসকলক প্ৰণিপাত জনোৱাৰ পিচত মই মীৰামাৰত ‘সেল পেৰেড’ আৰু ‘ফ্লাই পাষ্ট’ৰ সাক্ষীও হৈছিলো। ইয়ালৈ আহিও, ‘অপাৰেশ্যন বিজয়’ৰ বীৰসকলক, ‘ভেটেৰান’সকলক দেশৰ তৰফৰ পৰা সন্মানিত কৰাৰ সুযোগ পাইছিলো। ইমান সুযোগ, অভিভূত কৰিব পৰা ইমানবোৰ অভিজ্ঞতা গোৱাই আজি একলগেই প্ৰদান কৰিছে। এয়াইতো উত্সাহ-উদ্দীপনাপূৰ্ণ, উজ্জীৱিত গোৱাৰ স্বভাৱ। মই এই চেনেহৰ বাবে, এই আপোনত্বৰ বাবে গোৱাৰ প্ৰতিগৰাকী ব্যক্তিকে কৃতজ্ঞতা জনাইছো।

বন্ধুসকল,

আজি আমি এহাতে গোৱাৰ ‘লিবাৰেশ্যন ডে’’ উদযাপন কৰিছো, আৰু আনহাতে গোৱাৰ বিকাশৰ বাবে নতুন পদক্ষেপো গ্ৰহণ কৰি আছো। এতিয়া ইয়াত গোৱা চৰকাৰৰ বিভিন্ন বিভাগসমূহক, সংস্থাসমূহক ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘স্বয়ং সম্পূৰ্ণ গোৱা’ৰ সফল ৰূপায়ণৰ বাবে পুৰস্কৃত কৰা হৈছে। খুউব ভালকৈ কাম কৰা গোৱাৰ পঞ্চায়তসমূহ, পৌৰ নিগমকো পুৰস্কৃত কৰা হৈছে। লগতে আজি পুনৰ্নিৰ্মিত দুৰ্গ- ‘আগুআড়া জে’ল সংগ্ৰহালয়’, চিকিত্সা মহাবিদ্যালয়ৰ ‘ছুপাৰ স্পেচিয়েলিটী ব্লক’, দক্ষিণ গোৱা জিলা হাস্পটাল আৰু ডাৱোৰলিমৰ ‘গেছ ইন্সুলেটেড উপ কেন্দ্ৰ’ৰ উদ্বোধনো কৰা হ’ল। গোৱা চিকিত্সা মহাবিদ্যালয় আৰু মোপা বিমান বন্দৰত ‘বিমান পৰিবহণ কৌশল বিকাশ কেন্দ্ৰ’ৰ শুভাৰম্ভও আজিৰ পৰাই হৈছে। মই আপোনালোক আটাইকে এই সকলো কাৰ্য, এইসমূহ উন্নয়ণী পৰিযোজনাৰ বাবে অনেক অনেক অভিনন্দন জনাইছো।

বন্ধুসকল,

অমৃত মহোত্সৱত দেশে প্ৰতিগৰাকী দেশবাসীৰ পৰা ‘সকলোৰে প্ৰয়াস’-ৰ গোঁহাৰি জনাইছে। গোৱাৰ মুক্তি সংগ্ৰাম এই মন্ত্ৰৰ এক বহুত ডাঙৰ উদাহৰণ। অলপ আগতে মই আজাদ মৈদানত শ্বহীদ স্মাৰক চাই আছিলো। ইয়াক চাৰিটা হাতৰ আকৃতিৰে আকাৰ দিয়া হৈছে। গোৱাৰ মুক্তিৰ বাবে যে ভাৰতৰ চাৰিওটা কোণৰ পৰা একেলগে হাত আগবঢ়োৱা হৈছিল, এয়া সেই কথাৰে প্ৰতীক। চাওকচোন, গোৱাই এনে এটা সময়ত পৰ্টুগালৰ অধীনস্থ হৈছিল যেতিয়া দেশৰ আন ডাঙৰ ভূভাগত মোগলৰ সাম্ৰাজ্য আছিল। ইয়াৰ পিচত এইখন দেশে কিমান যে বিদ্ৰোহৰ ধুমুহা প্ৰত্যক্ষ নকৰিলে, শাসনৰ কিমান উথ্থান–পতন নেদেখিলে। কিন্তু সময় আৰু শাসনৰ উথ্থান-পতনৰ মাজত শতাব্দীৰ ব্যৱধানৰ পিচতো গোৱাই নিজৰ ভাৰতীয়ত্বক নাপাহৰাৰ দৰেই ভাৰতেও আপোন গোৱাখনক পাহৰিব নোৱাৰিলে। এয়া এক এনেকুৱা সম্পৰ্ক যি সময়ৰ সৈতে আৰু অধিক শক্তিশালীহে হৈ উঠে। গোৱাৰ মুক্তি সংগ্ৰাম, এক এনে অমৰ জ্যোতি যি ইতিহাসৰ হাজাৰ জঞ্জালক সহ্য কৰিও উদীপ্ত হৈয়ে থাকিল, অটল হৈয়ে থাকিল। ‘কুংকললী সংগ্ৰাম’ৰ পৰা চত্ৰপতি শিৱাজী মহাৰাজ আৰু সম্ভাজীৰ নেতৃত্বত বীৰ মাৰাঠাসকলৰ সংঘৰ্ষ পৰ্যন্ত, গোৱাৰ বাবে নিৰন্তৰ প্ৰয়াস চলি আছিল, প্ৰতিগৰাকীৰ তৰফৰ পৰা।

বন্ধুসকল,

দেশতো গোৱাতকৈ আগতে স্বাধীন হৈছিল। দেশৰ অধিকাংশ লোকে তেওঁলোকৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিলেই। তেওঁলোকে তেওঁলোকৰ সপোন সাৰ্থক কৰি জীৱন অতিবাহিত কৰাৰ সুযোগ লাভ কৰিছিল। তেওঁলোকৰ হাতত বিকল্প আছিল যে তেওঁলোকে শাসন সত্তাৰ বাবে সংঘৰ্ষ কৰিব পাৰিছিল, পদ-প্ৰতিষ্ঠা ল’ব পাৰিছিল। কিন্তু কিমান যে সেনানীয়ে সেইবোৰ সকলো ত্যাগ কৰি গোৱাৰ স্বাধীনতাৰ বাবে সংঘৰ্ষ আৰু বলিদানৰ পথ গ্ৰহণ কৰিছিল। গোৱাৰ ৰাইজেও মুক্তি আৰু স্বৰাজৰ বাবে আন্দোলন কেতিয়াও স্তব্ধ হ’বলৈ দিয়া নাছিল। তেওঁলোকে ভাৰতৰ ইতিহাসত সকলোতকৈ দীঘল সময়ৰ বাবে স্বাধীনতাৰ বন্তি জ্বলাই ৰাখিছিল। এয়া এইকাৰণেই কিয়নো, ভাৰত কেৱল এক ৰাজনৈতিক সত্তাই নাছিল। ভাৰত মানৱতাৰ হিত ৰক্ষা কৰিব খোজা এক বিচাৰধাৰাও হয়, ভাৰত এটা পৰিয়ালো হয়। ভাৰত এনে এটা চিন্তা য’ত ৰাষ্ট্ৰ ‘স্ব’-তকৈ ওপৰত থাকে, সৰ্বোপৰি হয়। য’ত কেৱল এটাই মন্ত্ৰ উচ্চাৰিত হয়- ‘ৰাষ্ট্ৰ প্ৰথম’! ‘নেশ্যন ফাৰ্ষ্ট’। য’ত এটাই সংকল্প লোৱা হয়- ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’। চাওকচোন, লুইছ ডি মিনেঝিস ব্ৰাগাঞ্জা, ত্ৰিস্তাৱ ব্ৰাগাঞ্জা, দ কুন্হা, জুলিঅ’ মিনেঝিসৰ দৰে নামেই হওক, পুৰুষোত্তম কাকেডকাৰ, লক্ষ্মীকান্ত ভেম্বৰৰ দৰে সেনানীয়েই হওক, অথবা বালা ৰায়া মাপাৰীৰ দৰে যুৱকৰ বলিদান, আমাৰ কিমান সেনানীয়ে স্বাধীনতাৰ পিচতো আন্দোলন কৰিছিল, পীড়া সহ্য কৰিবলগীয়া হৈছিল, বলিদান দিছিল, কিন্তু এই আন্দোলনক থমকি ৰ’বলৈ দিয়া নাছিল। স্বাধীনতাৰ ঠিক আগতে ৰাম মনোহৰ লোহিয়া জীৰ পৰা স্বাধীনতাৰ পিচত ‘জনসংঘ’ৰ কিমানযে নেতাই এই মুক্তি আন্দোলন অব্যাহত ৰাখিছিল। মনত পেলাওকচোন, মোহন ৰানাডে জীক, যিগৰাকী ব্যক্তিক গোৱাৰ মুক্তিৰ বাবে আন্দোলন কৰাৰ বাবে জে’ললৈ প্ৰেৰণ কৰিছিল। তেওঁ কেবাবছৰ ধৰি জে’লৰ যাতনা ভূগিবলগীয়া হৈছিল। গোৱাৰ স্বাধীনতাৰ পিচতো তেওঁ কেবাবছৰো জে’লতে থাকিবলগীয়া হৈছিল। তেতিয়া ৰানাডে জীৰ দৰে ক্ৰান্তিকাৰীৰ বাবে অটল জীয়ে দেশৰ সংসদত সৰৱ ভূমিকা গ্ৰহণ কৰিছিল। ‘আজাদ গোমন্তক দল’ৰে জড়িত কিমান যে নেতায়ো গোৱা আন্দোলনৰ বাবে নিজৰ সৰ্বস্ব অৰ্পণ কৰিছিল। প্ৰভাকৰ ত্ৰিবিক্ৰম বৈদ্য, বিশ্বনাথ লবণ্ডে, জগন্নাথ ৰাৱ যোশী, নানা কাজৰেকাৰ, সুধীৰ ফড়কেৰ দৰে কিমানগৰাকী সেনানীয়ে গোৱা, দমন, দিউ, দাদৰা আৰু নগৰ হাভেলীৰ স্বাধীনতাৰ বাবে সংঘৰ্ষ কৰিছিল, এই আন্দোলনক দিকদৰ্শন কৰাইছিল, শক্তি প্ৰদান কৰিছিল।

বন্ধুসকল,

‘গোৱা মুক্তি বিমোচন সমিতি’ৰ সত্যাগ্ৰহত ৩১ সত্যাগ্ৰহীয়ে নিজৰ প্ৰাণ দিবলগীয়া হৈছিল।

ভাবকচোন, এইসকল বলিদানীৰ কথা, পাঞ্জাৱৰ বীৰ কৰ্ণেল সিং বেনীপালৰ দৰে বীৰৰ বিষয়ে, এওঁৰ আভ্যন্তৰত এক চটফটনি আছিল, কিয়নো সেই সময়ত দেশৰ এটা অংশ তেতিয়াও পৰাধীন আছিল, কিছুসংখ্যক দেশবাসীয়ে তেতিয়াও স্বাধীনতা লাভ কৰা নাছিল। আৰু আজি মই এই সুযোগত এই কথাও ক’ম যে যদি চৰ্দাৰ বল্লভ ভাই পেটেল, আৰু কিছু বছৰ জীয়াই থাকিলহেতেন, তেতিয়া হ’লে গোৱাই নিজৰ মুক্তিৰ বাবে ইমান দিন অপেক্ষা কৰিবলগীয়া নহ’লহেতেন।

বন্ধুসকল,

গোৱাৰ ইতিহাস স্বৰাজৰ বাবে ভাৰতৰ সংকল্পৰে কেৱল প্ৰতীক নহয়। এয়া ভাৰতৰ একতা আৰু সংঘবদ্ধতাৰো জীৱন্ত দস্তাবেজ। গোৱাই শান্তিৰ সৈতে সকলো চিন্তনক ফুলে-ফলে জাতিস্কাৰ হ’বলৈ ঠাই উলিয়াই দিছিল। কেনেকৈ একেলগে সকলো মত-ধৰ্ম-সম্প্ৰদায়ে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ত ৰং সানে, গোৱাই সেয়া কৰি দেখুৱাইছে। গোৱা সেইডোখৰ ঠাই, যিয়ে জৰ্জিয়াৰ ছেইণ্ট কুইন কেটেৱানৰ ‘হ’লি ৰেলিক’ক শতাব্দী ধৰি সযতনে ৰাখিছিল। এই কেইটামান মাহৰ আগতে মাত্ৰ ভাৰতে ছেইণ্ট কুইন কেটেৱানৰ ‘হ’লি ৰেলিক’ জৰ্জিয়া চৰকাৰক অৰ্পণ কৰিছে। ছেইণ্ট কুইন কেটেৱানৰ এই পবিত্ৰ অৱশেষ ২০০৫ চনত ইয়াৰ ‘ছেইণ্ট অগষ্টিন চাৰ্ছ’ৰ পৰাই উপলব্ধ হৈছিল।

বন্ধুসকল,

যেতিয়া গোৱাৰ স্বাধীনতাৰ বাবে সংঘৰ্ষ হৈছিল, তেতিয়া সকলোৱে মিলি একত্ৰে সংগ্ৰাম কৰিছিল, একেলগে সংঘৰ্ষত লিপ্ত হৈছিল। বিদেশী শাসনৰ বিৰুদ্ধে ‘পিণ্টোছ ক্ৰান্তি’কতো ইয়াত নেটিভ ক্ৰিষ্টিয়ান্সয়েই নেতৃত্ব প্ৰদান কৰিছিল। ইয়াতেই ভাৰতৰ পৰিচয় পোৱা যায়। ইয়াত মত-মতান্তৰ সকলোৰে এটাই অৰ্থ, সেয়া হৈছে ‘মানৱতাৰ সেৱা’। মানৱ মাত্ৰৰে সেৱা। ভাৰতৰ এই একতা, এই মিলা-প্ৰীতিৰ পৰিচয়ক প্ৰশংসা সমগ্ৰ পৃথিৱীয়েই কৰে। ভাৰতৰ প্ৰতি তেওঁলোকৰ ভাবো এনেয়ো অভিভূত কৰা ধৰণৰে আছিল। মই তেওঁলোকক ভাৰতলৈ অহাৰ বাবে আমন্ত্ৰিতো কৰিছো। আৰু আপোনালোকক নিশ্চিত ভাবেই ক’ব বিচাৰিম যে,  তেওঁলোকে মোৰ নিমন্ত্ৰণৰ পিচত কৈছিল- পোপ ফ্ৰান্সিছয়ে কৈছিল-“This is the greatest gift you have given me” এয়া ভাৰতৰ বৈচিত্ৰ্যতা, আমাৰ উজ্জীৱিত গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ স্নেহ।

বন্ধুসকল,

গোৱাৰ প্ৰাকৃতিক সুন্দৰতা, সদায়ে ইয়াৰ পৰিচয় হৈ আহিছে। কিন্তু এতিয়া ইয়াত যি চৰকাৰ আছে, সেই চৰকাৰে গোৱাৰ পৰিচয় শক্তিশালী কৰি আছে। এয়া নতুন পৰিচয়-, এই পৰিচয় সকলো কামতে আগত থকা, শীৰ্ষত স্থান লাভ কৰা ৰাজ্যৰ পৰিচয়। বাকী ঠাইবোৰে যেতিয়া কাম কৰিবলৈ আৰম্ভ কৰে, অথবা কাম আগবঢ়াবলৈ লয়, গোৱাই সেই কাম তেতিয়া সম্পূৰ্ণ কৰি পেলায়। ‘টুৰিষ্ট ডেষ্টিনেশ্যন’ হিচাপে ৰাইজৰ অগ্ৰণী পচন্দতো গোৱা হয়েই, এতিয়া আক’ ‘গুড গভাৰ্ণেন্স’ৰ প্ৰসংগতো গোৱা শীৰ্ষত আছে। জনমুৰী আয়েই হওক, তেতিয়াও গোৱা শীৰ্ষত! ‘অপেন ডেফিকেশ্যন ফ্ৰী’ ৰাজ্য হিচাপেও গোৱাই ১০০শতাংশ কাম সম্পূৰ্ণ কৰিছে। বালিকাৰ বাবে স্কুলত পৃথক শৌচাগাৰৰ সুবিধাই হওক, গোৱা ১০০শতাংশ, ফুল মাৰ্ক্ছ! ‘ঘৰে ঘৰে গৈ আৱৰ্জনা সংগ্ৰহে’ই হওক, ইয়াতো গোৱা শ-শতাংশ! ‘প্ৰতি ঘৰ জল’-ৰ বাবে নলৰ সংযোগেই হওক- ইয়াতো গোৱা ১০০শতাংশ! ‘আধাৰ এনৰোলমেণ্ট’তো গোৱাই এশ শতাংশ কাম সম্পূৰ্ণ কৰিছে। ‘খাদ্য-সুৰক্ষা’ৰ ক্ষেত্ৰতো গোৱা সকলোৰে আগত! ‘প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা’ৰ অধীনত ‘অল ৱে’ডাৰ ৰোড’-ৰ সংযোগেই হওক- গোৱাৰ কাম ১০০শতাংশ! ‘জন্ম পঞ্জীয়ণে’ই হওক তেতিয়াও গোৱাৰ অভিলেখ ১০০শতাংশ! এইখন তালিকা ইমানেই দীঘল যে গণিবলৈ হয়তো সময় কম হ’বগৈ। প্ৰমোদ জী আপোনাৰ লগতে আপোনাৰ গোটেই ‘টীম’টোকে মই ধন্যবাদ জনাইছো। গোৱাই যিখিনি কৰি দেখুৱাইছে, এয়া নিতান্তই অভুতপূৰ্ব। গোৱাৰ ৰাইজে যিখিনি কৰি দেখুৱাইছে, সেয়া দৰাচলতেই প্ৰশংসাৰ যোগ্য! অলপতে আপোনালোকে সম্ভৱ কৰা আৰু এটা নতুন সাফল্যৰ বাবে মই গোৱাৰ চৰকাৰক, আৰু গোৱাবাসীক বিশেষভাবে অভিনন্দন জনাব বিচাৰিছো, এই সাফল্য হৈছে ‘১০০শতাংশ টীকাকৰণ’ৰ! গোৱাত সকলো যোগ্যতাপ্ৰাপক ব্যক্তিয়ে প্ৰতিষেধক গ্ৰহণ কৰিছে। দ্বিতীয় পালিৰ বাবেও অভিযান দ্ৰুত গতিৰে চলি আছে। এই সাফল্য অৰ্জন কৰা আপোনালোক দেশৰ প্ৰথমকেইখন ৰাজ্যৰ অন্যতম। মই ইয়াৰ বাবেও গোৱাক অভিনন্দন জনাইছো।

ভাই-ভনীসকল,

গোৱাৰ এইসমূহ সাফল্যক, এই নতুন পৰিচয়ক যেতিয়া মই শক্তিশালী হোৱা দেখো তেতিয়া মোৰ অভিন্ন বন্ধু মনোহৰ পাৰিকৰ জীলৈও মনত পৰে। তেওঁ কেৱল গোৱাৰ বিকাশকে নতুন মাত্ৰা প্ৰদান কৰা নাছিল, বৰং গোৱাৰ ক্ষমতাৰ বিস্তাৰো কৰিছিল। গোৱাৰ ৰাইজ কিমান সত্, কিমান প্ৰতিভাবান আৰু পৰিশ্ৰমী, দেশে গোৱাৰ চৰিত্ৰক মনোহৰ জীৰ আভ্যন্তৰত প্ৰত্যক্ষ কৰিছিল। অন্তিম নিশ্বাস পৰ্যন্ত মানুহে কেনেকৈ নিজৰ ৰাজ্যখন, নিজৰ মানুহখিনিৰ বাবে কাম কৰি থাকিব পাৰে, তেওঁৰ জীৱনত আমি এই কথা সাক্ষাত দেখিবলৈ পাইছিলো। মই এই সুযোগতে মোৰ পৰম মিত্ৰ আৰু গোৱাৰ মহান সন্তান মনোহৰ জীকো প্ৰণিপাত জনাইছো।

বন্ধুসকল,

গোৱাৰ বিকাশৰ বাবে, গোৱাত পৰ্যটনৰ অপাৰ সম্ভাৱনা বৃদ্ধি কৰাৰ বাবে যি অভিযান পাৰিকৰ জীয়ে আৰম্ভ কৰিছিল, সেয়া আজিও সিমান উত্সাহৰেই অব্যাহত আছে। ক’ৰোনাৰ দৰে ইমান বিশাল বিশ্ব-মহামাৰীৰ পৰাও গোৱাই যিমান দ্ৰুততাৰে মুক্ত হ’বলৈ সক্ষম হৈছে, সেই কথতো এয়া প্ৰত্যক্ষ কৰিব পৰা যায়। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰ্যটন উদ্যোগক এক নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰখা হৈছে। ‘ভিছা নিয়ম’ সৰল কৰা, ‘ই-ভিছা’ থকা দেশৰ সংখ্যা বৃদ্ধি কৰাই হওক, সকলো দিশৰ পৰা পৰ্যটন উদ্যোগক সহযোগিতা আগবঢ়োৱাৰ কামো চলাই থকা হৈছে। অলপতে হৈ যোৱা চলচ্ছিত্ৰ মহোত্সৱৰ সফলতায়ো গোৱাত পৰ্যটন কেনেদৰে বিকশিত হৈছে সেই কথাৰে সম্ভেদ দিছে।

বন্ধুসকল,

যেনেদৰে গোৱা চৰকাৰে ইয়াত উন্নত মানৰ পথ নিৰ্মাণ কৰিছে, আন্তঃগাঁথনি আৰু সেৱাসমূহক শক্তিশালী ৰূপত গঢ়ি তুলিছে, তাৰ ফলত ইয়াত পৰ্যটকসকলৰ বাবে আগবঢ়োৱা সেৱাৰ পৰিসৰ বৃদ্ধি পাইছে, সেইদৰেই, আজি সমগ্ৰ দেশতে ‘হাইৱে’, ‘এক্সপ্ৰেছৱে’ আৰু ‘হাইটেক ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’-ক আধুনিক ৰূপত নিৰ্মাণৰ দিহা কৰা হৈছে, আজি ‘ৰে’লৱে’ৰ কায়াকল্প ৰূপান্তৰণ সম্পন্ন হৈছে, দেশৰ বহুবোৰ চহৰত বিমান বন্দৰ নিৰ্মাণৰ কাম চলাই থকা হৈছে, ইযাৰ ফলত মানুহৰ যাতায়াত সহজ হৈ উঠিব। তেওঁলোকে যদি গোৱালৈ আহিবলৈ বিচাৰে, তেওঁলোকে ৰাস্তাৰ কথা ভাবি পৰিকল্পনা বাতিল কৰিবলগীয়া নহয়। এই মিছনক এতিয়া গতি দিয়াৰ লক্ষ্যৰে, শক্তি প্ৰদানৰ লক্ষ্যৰে, ‘প্ৰধানমন্ত্ৰী গতিশক্তি নেশ্যনেল মাষ্টাৰ প্লেন’-ৰ কামো আৰম্ভ কৰা হৈছে। আগন্তুক বছৰসমূহত এই ‘মিছন গতিশক্তি’ দেশত আন্তঃগাঁথনি নিৰ্মাণ আৰু পৰ্যটনৰ এক নতুন যুগৰ সূত্ৰপাত ঘটাব।

বন্ধুসকল,

গোৱাত যদি এফালে এই অনন্ত সমুদ্ৰ আছে, তেন্তে আনফালে ইয়াত যুৱ-প্ৰজন্মৰ সমুদ্ৰৰ দৰেই ব্যাপক সপোনো আছে। এই সপোনবোৰক সাকাৰ কৰিবৰ বাবে তেনেধৰণৰ ব্যাপক ‘ভিছনো’ লাগিব। মই এই কথা ক’ব পাৰো যে প্ৰমোদ সাৱন্ত জীয়ে এনেয়েও ডাঙৰ ‘ভিছন’ লৈ এতিয়া কাম কৰি আছে। আজি গোৱাৰ স্কুলসমূহত ল’ৰা-ছোৱালীসকলক ‘ফিউশ্যাৰ ৰে’ডী’ শিক্ষাৰ বাবে ‘কোডিং’ আৰু ‘ৰ’বোটিক্স’-ক ‘প্ৰমোট’ কৰাৰ ব্যৱস্থা কৰা হৈছে। ‘টেক্নিকেল শিক্ষা’ক ‘ছাবছিডাইজ’ কৰা হৈছে। উচ্চতৰ শিক্ষাৰ বাবে চৰকাৰে ৫০শতাংশ মাছুল ৰেহাইৰো ব্যৱস্থা কৰিছে। আজি ইয়াত যি ‘বিমান পৰিবহণ কৌশল বিকাশ কেন্দ্ৰ’ উদ্বোধন কৰা হ’ল, সেইটোৱেও এতিয়া যুৱ-প্ৰজন্মৰ বাবে জীৱিকাৰ নতুন সম্ভাৱনা সৃষ্টি কৰিব। এইদৰেই আজি দেশে ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ সংকল্প গ্ৰহণ কৰি নিজৰ ভৰিত থিয় দিয়াৰ দৰেই গোৱায়ো ‘স্বয়ং সম্পূৰ্ণ গোৱা মিছন’ৰে দেশক শক্তি প্ৰদান কৰি আছে। মই এই মিছনৰ ‘স্বয়ং সম্পূৰ্ণ মিত্ৰ’সকলৰ সৈতেও ‘ভাৰ্চুৱেলী’ কথা পতাৰ এক সুযোগ লাভ কৰিছিলো। আপোনালোক সকলো মিলি যেনেদৰে গোৱাক আত্মনিৰ্ভৰ কৰাৰ বাবে আৰু আগবাঢ়ি আছে, যেনেকৈ বৰ্তমান চৰকাৰে নিজে আগবাঢ়ি ৰাইজৰ দুৱাৰে দুৱাৰে যাবলৈ ধৰিছে, চৰকাৰী সেৱাসমূহ যেনেকৈ ‘অনলাইন’ৰ জৰিয়তে নাগৰিকসকলৰ হাতত পৰিছেগৈ, যিমান দ্ৰুতগতিৰে ভ্ৰষ্টাচাৰ ক্ষেত্ৰত দুৱাৰ বন্ধ হৈ আছে, এয়াইতো ‘সকলোৰে সৈতে সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াস’-ৰ সেই সংকল্প, যাক গোৱাই আজি সম্পূৰ্ণ হোৱা দেখিবলৈ পাইছে।

বন্ধুসকল,

আজি যেনেকৈ ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ত দেশে স্বাধীনতাৰ ১০০বছৰৰ বাবে নতুন সংকল্প গ্ৰহণ কৰিছে, সেই দৰেই মই আহ্বান জনাইছো যে গোৱাই নিজৰ মুক্তিৰ ৭৫সংখ্যক বছৰ হোৱাৰ সময়ত কোনখিনি পাবগৈ, তাৰ বাবে সংকল্প গ্ৰহণ কৰক, নতুন লক্ষ্য নিৰ্দ্ধাৰণ কৰক। ইয়াৰ বাবে যি নিৰন্তৰতা এই পৰ্যন্ত গোৱাত প্ৰত্যক্ষ কৰা হৈছে, সেয়াই আগলৈও অব্যাহত ৰাখিব লাগিব। আমি থমকি ৰ’লে নহ’ব, আমাৰ গতিবেগ কমিবলৈ দিলে নহ’ব। ‘গোঁয়ে আনী গোঁয়কাৰাঁছী, তোখণায় কৰীত, তিতকী থোডীছ! তুমকাঁ সগলয়াঁক, পৰত এক ফাৱত, গোঁয় মুক্তীদিসাছীঁ, পৰবীঁ দিৱন, সগলয়াঁখাতীৰ, বৰী ভলায়কী আনী যশ মাগতাঁ’! বহুত বহুত ধন্যবাদ! ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! ধন্যবাদ!

 

***

 

DS/VJ/AK/DK/KB


(Release ID: 1784078)