প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এনচিচি দিৱস উপলক্ষে এনচিচিৰ কেডেটসকলক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ


এনচিচিৰ প্ৰাক্তন কেডেটসকলক এনচিচি এলামনাই এছ’চিয়েশ্যনক সমৃদ্ধ কৰিবলৈ আহ্বান

Posted On: 28 NOV 2021 5:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনচিচি দিৱস উপলক্ষে এনচিচিৰ কেডেটসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে তদুপৰি সমগ্ৰ ভাৰতৰ এনচিচিৰ প্ৰাক্তন কেডেটসকলক এনচিচি এলামনাই এছ’চিয়েশ্যনক সংগঠনটোৰ কাৰ্য্যকলাপত তেওঁলোকৰ সমৰ্থন আৰু অংশগ্ৰহণেৰে সমৃদ্ধ কৰিবলৈ আহ্বান জনাইছে।

এলানি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"এনচিচি দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো। "একতা আৰু নিয়মানুবৰ্তিতা"ৰ মূলমন্ত্ৰৰে উদ্বুদ্ধ হৈ, এনচিচিয়ে ভাৰতৰ যুৱ সমাজক তেওঁলোকৰ প্ৰকৃত সম্ভাৱনা উপলব্ধি কৰিবলৈ আৰু ৰাষ্ট্ৰ নিৰ্মাণত বৰঙণি যোগাবলৈ এক মহান অভিজ্ঞতা আগবঢ়াইছে। জানুৱাৰীত এই বছৰৰ এনচিচি ৰেলীত মোৰ ভাষণ ইয়াত সংলগ্ন কৰিছো।

কেইদিনমান পূৰ্বে, ঝান্সীত 'ৰাষ্ট্ৰ ৰক্ষা সমৰ্পণ পৰ্ব' ত, মই এনচিচি এলামনাই এছ’চিয়েশ্যনৰ প্ৰথম সদস্য হিচাপে পঞ্জীয়নৰে ধন্য হৈছিলো। এলামনাই এছ’চিয়েশ্যন গঠন হৈছে এনচিচিৰে জড়িত সকলোকে একত্ৰিতকৰণৰ বাবে এক প্ৰশংসনীয় প্ৰয়াস।

মই সমগ্ৰ ভাৰতৰ এনচিচিৰ প্ৰাক্তন কেডেটসকলক এনচিচি এলামনাই এছ’চিয়েশ্যনক সংগঠনটোৰ কাৰ্য্যকলাপত তেওঁলোকৰ সমৰ্থন আৰু অংশগ্ৰহণেৰে সমৃদ্ধ কৰিবলৈ আহ্বান জনাইছো। ভাৰত চৰকাৰে এনচিচিৰ অভিজ্ঞতাক আৰু অধিক প্ৰাণোচ্ছল আৰু অৰ্থপূৰ্ণ কৰি তুলিবলৈ অলেখ প্ৰচেষ্টা হাতত লৈছে। 

 

****

DS/SH/SB



(Release ID: 1777620) Visitor Counter : 136