প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছিডনী ডায়লগৰ মূল ভাষণত ভাৰতৰ প্রযুক্তি খণ্ডৰ বিৱর্তন আৰু আমূল পৰিৱর্তনৰ প্রসংগ উল্লেখ কৰিলে প্রধানমন্ত্রীয়ে


ভাৰতত ৰূপান্তৰ হোৱা গুৰুত্বপূর্ণ ৫টা খণ্ডৰ কথাও উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীয়ে

গণতন্ত্রৰ আটাইতকৈ ডাঙৰ শক্তি হ’ল ইয়াৰ সৰলতা; একেদৰে আমাৰ একাংশই ন্যস্ত স্বার্থ চৰিতার্থ কৰাৰ বাবে এই সৰলতাৰ অপব্যৱহাৰ কৰা উচিত নহয়

ভাৰতৰ ডিজিটেল বিৱর্তনে ইয়াৰ গণতান্ত্রিক ব্যৱস্থা, জনসাংখ্যিক বৈশিষ্ট্য আৰু বিশাল আর্থিক ব্যৱস্থাৰ মাজত নিহিত আছে

আমি তথ্যক জনতাৰ সবলীকৰণৰ উৎস হিচাপে ব্যৱহাৰ কৰো; ব্যক্তি অধিকাৰৰ দৃঢ় নিশ্চয়তাকে ধৰি গণতান্ত্রিক আন্তঃগাঁথনিত তথ্য ব্যৱহাৰৰ ক্ষেত্রত ভাৰতৰ অতুলনীয় অভিজ্ঞতা আছে

ভাৰতৰ গণতান্ত্রিক ঐতিহ্য অতি প্রাচীন; আধুনিক প্রতিষ্ঠানসমূহো অতি শক্তিশালী; আমি সদায় বিশ্বাস কৰি আহিছো যে সমগ্র বিশ্বই এটা পৰিয়াল

তেওঁ একেলগে কাম কৰাৰ লক্ষ্যৰে গণতন্ত্রৰ বাবে এক ভৱিষ্যৎ ৰূপৰেখা দিয়ে, যি ৰাষ্ট্ৰীয় অধিকাৰক স্বীকৃতি দিয়ে, একেদৰে বাণিজ্য আৰু বিনিয়োগে জনগণৰ কল্যাণ নিশ্চিত কৰে

এইটো অতি গুৰুত্বপূর্ণ যে ক্রিপ্টো-কাৰেন্সিক লৈ সমগ্ৰ গণতান্ত্রিক দেশক একেলগে কাম কৰিব লাগিব আৰু সুনিশ্চিত কৰিব লাগিব যে ক্রিপ্টো ব্যৱস্থাই আমাৰ যুৱসম্প্রদায়ৰ বাবে অশুভ হৈ নুঠে

Posted On: 18 NOV 2021 9:29AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে প্রাৰম্ভিক ছিডনী ডায়লগত উদ্বোধনী ভাষণ আগবঢ়ায়৷ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্রযুক্তি ক্ষেত্রত বিৱর্তন আৰু আমূল পৰিৱর্তনৰ বিষয়ে বক্তব্য আগবঢ়ায়৷ অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী শ্ৰীযুত স্কট মৰিছনে ডায়লগত প্রাৰম্ভিক ভাষণ আগবঢ়ায়৷

প্রধানমন্ত্রী শ্রী মোদীয়ে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল আৰু উদীয়মান ডিজিটেল বিশ্বত ভাৰতৰ মূল ভূমিকা পালনত আন্তর্জাতিক স্বীকৃতিৰ কথা উল্লেখ কৰে৷ ডিজিটেল যুগত সা-সুবিধাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্র বিশ্বই সমুদ্রৰ পৰা চাইবাৰ খণ্ড আৰু মহাকাশত নতুন ধৰণৰ বিপদ আৰু প্ৰত্যাহ্বনৰ মুখামুখি হৈছে। গণতন্ত্রৰ আটাইতকৈ ডাঙৰ শক্তি সৰলতা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "একাংশই ন্যস্ত স্বার্থ চৰিতার্থ কৰাৰ বাবে এই সৰলতাৰ অপব্যৱহাৰ হ’বলৈ দিয়াটো উচিত নহয়।"

প্ৰধানমন্ত্ৰীয়ে কয় যে গণতান্ত্রিক আৰু ডিজিটেল খণ্ডত অগ্রণী দেশ হিচাপে ভাৰতে ইয়াৰ অংশীদাৰসকলৰ অভিন্ন সমৃদ্ধ আৰু নিৰাপত্তাৰ লক্ষ্যৰে কাম কৰিবলৈ প্রস্তুত। তেওঁ কয় যে "ডিজিটেল খণ্ডত ভাৰতৰ আমূল পৰিৱৰ্তন ইয়াৰ গণতান্ত্রিক পদ্ধতি, ইয়াৰ জনসাংখ্যিক বৈশিষ্ট্য আৰু সুবিশাল আর্থিক ব্যৱস্থাৰ মাজত নিহিত  হৈ আছে। এই ডিজিটেল পৰিৱর্তনৰ চালিকা শক্তি হিচাপে উদ্যোগ সংস্থা আৰু আমাৰ যুৱসম্প্রদায়ৰ উদ্ভাৱনে ডাঙৰ ভূমিকা লৈছে। আমি অতীতৰ প্ৰত্যাহ্বানক সুযোগলৈ পৰিণত কৰিছো, যাতে উজ্জ্বল ভৱিষ্যতৰ লক্ষ্যৰে অগ্রসৰ হ’ব পাৰি৷"

প্রধানমন্ত্রীয়ে ভাৰতত গুৰুত্বপূর্ণ ৫টা ক্ষেত্রত ৰূপান্তৰৰ কথা উল্লেখ কৰে৷ প্রথমতে, বিশ্বৰ আটাইতকৈ ব্যয়বহুল সার্বজনীন তথ্য আন্তঃগাঁথনি ব্যৱস্থাই ভাৰততে গঢ়ি তোলা হৈছে৷ ১৩০ কোটিতকৈ অধিক ভাৰতীয়ৰ এক অনন্য ডিজিটেল পৰিচয় আছে। শীঘ্ৰে ৬ হাজাৰ গাঁও ব্রডব্ৰেণ্ড সেৱাৰ সৈতে সংযুক্ত হ’ব আৰু বিশ্বৰ অন্যতম কার্যকৰী ডিজিটেল মাছুল প্রদান আন্তঃগাঁথনি ইউপিআই আৰম্ভ হৈছে। দ্বিতীয়তে, প্রশাসনিক কাম-কাজ, বিত্তীয় অন্তর্ভুক্তিকৰণ, সবলীকৰণ, যোগাযোগ, সা-সুবিধা প্ৰদান দিয়া আৰু কল্যাণমূলক কামত প্রযুক্তিৰ ব্যৱহাৰ হৈছে৷ তৃতীয়তে, ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম আৰু দ্রুত বিকাশশীল ষ্টার্ট আপ ব্যৱস্থা হৈ উঠিছে৷ চতুর্থতে, ভাৰতৰ শিল্প আৰু সেৱাকে ধৰি কৃষি খণ্ডত ব্যাপক ডিজিটেল ৰূপান্তৰণ কৰা হৈছে৷ পঞ্চমতে, ভাৰতক ভৱিষ্যতৰ বাবে প্রস্তুত কৰি তুলিবলৈ ব্যাপক প্রয়াস অব্যাহত আছে। প্ৰধানমন্ত্ৰীয়ে কয়, "আমি ফাইভ-জি আৰু ছিক্স-জিৰ দৰে টেলিকম প্রযুক্তিৰ ক্ষেত্রত স্বদেশী সক্ষমতা উদ্ভাৱনৰ লক্ষ্যৰে বিনিয়োগ কৰিছো। কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্রত ভাৰত বিশ্বৰ অন্যতম অগ্রণী দেশ। একেদৰে মেছিন লার্নিং বিশেষকৈ, জনতাকেন্দ্রিক আৰু কৃত্রিম বুদ্ধিমত্তাৰ নৈতিক প্রয়োগৰ ওপৰত গুৰুত্ব দিছো৷ আমি টেলিকম প্রযুক্তিৰ সমান্তৰালভাৱে ক্লাউড প্লেটফর্ম আৰু ক্লাউট কম্পিউটিঙৰ দৰে সর্বাধুনিক প্রযুক্তিৰ ক্ষেত্রত দেশীয় সক্ষমতা বৃদ্ধিৰ কাম কৰি আহিছো৷"

ভাৰতৰ নমনীয়তা আৰু ডিজিটেল সার্বভৌমত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমি হার্ডৱেৰৰ ক্ষেত্রত অগ্রাধিকাৰ দিছো৷ ছেমি-কণ্ডাক্টৰ উৎপাদনৰ ক্ষেত্রত অগ্রণী দেশ হৈ উঠিবলৈ আমি উৎসাহ ভাটাকে ধৰি এক পেকেজ প্রস্তুত কৰিছো৷ ইলেক্ট্রনিক্স আৰু তথ্য প্রযুক্তিৰ ক্ষেত্রত আমি যি উৎপাদন সংযুক্ত উৎসাহ ভাটা কাৰ্যসূচী আৰম্ভ কৰিছো, ইয়াৰ ফলত ইতিমধ্যে দেশী-বিদেশী সংস্থাসমূহ আকৃষ্ট হৈছে৷ প্রধানমন্ত্রীয়ে লগতে কয় যে ডাটা বা তথ্যৰ সুৰক্ষাৰ ক্ষেত্রত গোপনীয়তা আৰু নিৰাপত্তাৰ প্ৰতি ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। "আমি তথ্যক জনসাধাৰণৰ সবলীকণৰ উৎস হিচাপে ব্যৱহাৰ কৰো; ব্যক্তি অধিকাৰৰ দৃঢ় নিশ্চয়তাকে ধৰি গণতান্ত্রিক আন্তঃগাঁথনিত তথ্য ব্যৱহাৰৰ ক্ষেত্রত ভাৰতৰ অতুলনীয় অভিজ্ঞতা আছে", বুলিও লগতে কয় প্রধানমন্ত্রীয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ৱাই২কে সমস্যাৰ সমাধানত ভাৰতে সাধ্য অনুসৰি অৱদান আগবঢ়াইছে। সেইদৰে এক উদাৰ ছফটৱেৰৰ উৎস হিচাপে বিশ্বক কো-উইন প্লেটফর্মৰ দৰে সুবিধা প্রদান কৰিছে। এই সকলোবোৰেই ভাৰতৰ মূল্যবোধ আৰু দূৰদৃষ্টিৰ প্রকৃত উদাহৰণ। তেওঁ জনায়, "ভাৰতৰ গণতান্ত্রিক ঐতিহ্য অতি প্রাচীন; আধুনিক প্রতিষ্ঠানসমূহো অত্যন্ত শক্তিশালী; আমি সদায় বিশ্বাস কৰি আহিছো যে সমগ্র বিশ্বই এটা পৰিয়াল"৷

প্ৰধানমন্ত্ৰীয়ে কয় যে প্রযুক্তি আৰু নীতি ব্যৱহাৰৰ ক্ষেত্রত ভাৰতৰ বিশাল অভিজ্ঞতাই সৰ্বাংগীন উন্নয়ন আৰু সামাজিক সবলীকৰণৰ ক্ষেত্রত উন্নয়নশীল দেশসমূহৰ বাবে গুৰুত্বপূর্ণ হৈ উঠিব পাৰে৷ "উন্নয়নশীল দেশসমূহ আৰু সাধাৰণ জনতাৰ সবলীকৰণত আমি একেলগে কাম কৰিব পাৰো আৰু এই শতিকাৰ সা-সুবিধা গ্রহণত তেওঁলোকক প্রস্তুত কৰি তুলিব পাৰো", প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

গণতান্ত্রিক দেশসমূহক একেলগে কাম কৰাৰ ৰূপৰেখা দি প্রধানমন্ত্রীয়ে ভৱিষ্যৎ প্রযুক্তিৰ গৱেষণা আৰু উদ্ভাৱনত একেলগ হৈ বিনিয়োগ কৰিবলৈ সমন্বয়মূলক আন্তঃগাঁথনি গঢ়ি তোলাৰ আহ্বান জনায়৷ তেওঁ কয় যে ইয়াৰ ফলত উন্নয়নশীল দেশসমূহত উৎপাদনৰ এনে এক নির্ভৰযোগ্য পৰিৱেশ গঢ় লৈ উঠিব যি যোগান শৃংখলত ডাঙৰ ভূমিকা পালন কৰিব৷ চাইবাৰ নিৰাপত্তাৰ ক্ষেত্রত গোয়েন্দা তথ্য বিনিময় আৰু পাৰস্পৰিক সহযোগিতা নিবিড় কৰাৰ লগতে প্রধানমন্ত্রীয়ে গুৰুত্বপূর্ণ তথ্য বিনিময় আন্তঃগাঁথনি সুৰক্ষাৰ ওপৰত জোৰ দিয়ে৷ জনমতৰ অপব্যৱহাৰ প্রতিৰোধত, গণতান্ত্রিক মূল্যবোধগুলি অনুসৰণ কৰি এক কার্যকৰী প্রশাসনিক বিধি ব্যৱস্থা গঢ়ি তোলা, তথ্য পৰিচালনাৰ ক্ষেত্রত আদর্শগত নিয়ম-নীতি অনুসৰণ তথা গোপনীয় তথ্য প্ৰচাৰৰ ক্ষেত্রত সুৰক্ষা ব্যৱস্থাক আৰু অধিক সুদৃঢ় কৰাৰ ওপৰত জোৰ দিয়ে৷ তেওঁ কয় যে সম্ভাৱনাপূৰ্ণ সুৰক্ষা আন্তঃগাঁথনি এনে হ’ব, যি ৰাষ্ট্ৰীয় অধিকাৰক স্বীকৃতি প্ৰদান কৰিব আৰু একেদৰে ব্যাপক বাণিজ্য আৰু বিনিয়োগৰ প্রসাৰ ঘটাব৷

এনে পৰিপ্রেক্ষিতত প্রধানমন্ত্রীয়ে ক্রিপ্টো কাৰেন্সিৰ উদাহৰণ দি কয়, "এইটো অতি গুৰুত্বপূর্ণ যে ক্রিপ্টো-কাৰেন্সিক লৈ সমগ্ৰ গণতান্ত্রিক দেশে একেলগে কাম কৰিব লাগিব আৰু সুনিশ্চিত কৰিব লাগিব যাতে ক্রিপ্টো ব্যৱস্থাই আমাৰ যুৱসম্প্রদায়ৰ বাবে অশুভ হৈ নুঠে"।

****

DS/DB



(Release ID: 1777600) Visitor Counter : 171