প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশ্ব উদ্ভাৱন সন্মিলন, ২০২১ ৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পাঠ

Posted On: 18 NOV 2021 5:53PM by PIB Guwahati

মোৰ কেবিনেট সতীৰ্থ শ্ৰী মনসুখ ভাই, ভাৰতীয় ফাৰ্মাচিউটিকেল এলায়েন্সৰ অধ্যক্ষ শ্ৰী সমীৰ মেহতা, কেডিলা হেল্থকেয়াৰ লিমিটেডৰ অধ্যক্ষ শ্ৰী পংকজ পেটেল, বিশিষ্ট অংশগ্ৰহণকাৰীসকল,

নমস্তে!

আৰম্ভণিতে, এই বিশ্ব উদ্ভাৱন সন্মিলন আয়োজনৰ বাবে মই ভাৰতীয় ফাৰ্মাচিউটিকেল সন্থাক অভিনন্দন জনাইছো।

ক’ভিড-১৯ মহামাৰীটোৱে স্বাস্থ্যসেৱা খণ্ডৰ গুৰুত্ব কঢ়িয়াই আনিছে। জীৱনশৈলীয়েই হওঁক বা ঔষধ, চিকিৎসা প্ৰযুক্তি বা ভেকছিনেই হওঁক, স্বাস্থ্যসেৱাৰ প্ৰতিটো দিশেই যোৱা দুটা বছৰত বিশ্বৰ মনোযোগ আকৰ্ষণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত, ভাৰতীয় ফাৰ্মাচিউটিকেল উদ্যোগটোও প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

ভাৰতীয় স্বাস্থ্যসেৱা খণ্ডটোৱে অৰ্জন কৰা বৈশ্বিক আস্থাৰ ফলত সাম্প্ৰতিক সময়ত ভাৰতক ''বিশ্বৰ ফাৰ্মাচী'' বুলি কোৱা হৈছে। প্ৰায় ৩ নিযুত লোকক নিযুক্তি প্ৰদান আৰু প্ৰায় তেৰ বিলিয়ন ডলাৰৰ বাণিজ্য উদ্বৃত্ত সৃষ্টিৰে ভাৰতীয় ফাৰ্মা উদ্যোগটো আমাৰ অৰ্থনৈতিক বিকাশৰ এক মুখ্য চালিকাশক্তি হৈ আহিছে।

সুলভ মূল্যত উচ্চ মানদণ্ড আৰু পৰিমাণৰ সংমিশ্ৰণে ভাৰতীয় ফাৰ্মা খণ্ডটোৰ প্ৰতি সমগ্ৰ বিশ্বখনৰ যথেষ্ট আগ্ৰহ সৃষ্টি কৰিছে। ২০১৪ ৰপৰা, ভাৰতীয় স্বাস্থ্যসেৱা খণ্ডটোৱে ১২ বিলিয়ন ডলাৰৰোধিক প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ প্ৰলুব্ধ কৰিছে। আৰু, এতিয়াও বহু সম্ভাৱনা আছে।

বন্ধুসকল,

আমাৰ কল্যাণৰ সংজ্ঞা শাৰীৰিক সীমাৰদ্বাৰা সীমাবদ্ধ নহয়। আমি সমগ্ৰ মানৱজাতিৰ কল্যাণক বিশ্বাস কৰো।

সৰ্বে ভৱন্তু সুখীনঃ সৰ্বে সন্তু নিৰাময়া।

আৰু, আমি ক’ভিড-১৯ বিশ্ব মহামাৰীটোৰ সময়ছোৱাত সমগ্ৰ বিশ্বক এই মনোভাৱ প্ৰদৰ্শন কৰিছো। মহামাৰীটোৰ প্ৰাৰম্ভিক পৰ্য্যায়ত আমি ১৫০ খনৰোধিক দেশলৈ জীৱন-দায়িনী ঔষধ আৰু চিকিৎসা আহিলা ৰপ্তানি কৰিছিলো। আমি এই বছৰ প্ৰায় ১০০ খন দেশলৈ ৬৫ নিযুতৰোধিক পালি ক’ভিড ভেকছিন ৰপ্তানি কৰিছো। আগন্তুক মাহবোৰত, আমি আমাৰ ভেকছিনৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ লগে-লগে, আমি আৰু বহুতো কাম কৰিম।

বন্ধুসকল,

ক’ভিড-১৯ ৰ যুগত জীৱনৰ সকলো ক্ষেত্ৰতে উদ্ভাৱনৰ গুৰুত্ব শক্তিশালী কৰা হৈছে। এই ব্যাঘাতৰাজিয়ে আমাক আমাৰ জীৱনশৈলী, আমি চিন্তা আৰু কাম কৰাৰ ধৰণ নতুনকৈ ভাবিবলৈ বাধ্য কৰায়। ভাৰতীয় ফাৰ্মা খণ্ডটোৰ পৰিপ্ৰেক্ষিতটো গতি, মাত্ৰা আৰু উদ্ভাৱনৰ উদ্দীপনা প্ৰকৃতাৰ্থত আকৰ্ষণীয় হৈ পৰিছে। উদাহৰণস্বৰূপে, উদ্ভাৱনৰ এই উদ্দীপনাৰ ফলশ্ৰুতিত ভাৰত পিপিইৰ এক মুখ্য উৎপাদক আৰু ৰপ্তানিকাৰী হৈ উঠিছে। আৰু, একেই উদ্ভাৱনৰ মনোভাৱৰ ফলত ভাৰত ক’ভিড-১৯ ৰ ভেকছিনৰ উদ্ভাৱন, উৎপাদন, প্ৰদান আৰু ৰপ্তানিৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে।

বন্ধুসকল,

ফাৰ্মা খণ্ডটোৰ বিকাশত উদগনি যোগোৱাৰ বাবে ভাৰত চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপৰাজিত উদ্ভাৱনৰ একেই মনোভাৱ প্ৰতিফলিত হৈছে। যোৱা মাহত, চৰকাৰখনে ''ভাৰতৰ ফাৰ্মা-মেডটেক খণ্ডত গৱেষণা আৰু বিকাশ আৰু উদ্ভাৱনক অনুপ্ৰেৰিত কৰাৰ নীতি''ৰ ৰূপৰেখা অংকিত এখন খচৰা দস্তাবেজ মুকলি কৰিছে। এই নীতিয়ে ফাৰ্মাচিউটিকেল আৰু চিকিৎসা আহিলাত গৱেষণা আৰু উন্নয়নক উৎসাহিত কৰাৰ বাবে ভাৰতৰ অংগীকাৰক প্ৰতিফলিত কৰে।

আমাৰ দৃষ্টি হৈছে উদ্ভাৱনৰ বাবে এক বাতাবৰণ গঢ়ি তোলা যিয়ে ভাৰতক ঔষধ আৱিষ্কাৰ আৰু উদ্ভাৱনী মূলক চিকিৎসা আহিলাৰ ক্ষেত্ৰত এক গুৰু হিচাপে গঢ়ি তুলিব। সকলো অংশীদাৰৰ সৈতে বিস্তৃত পৰামৰ্শৰ ভিত্তিত আমাৰ নীতিগত হস্তক্ষেপ প্ৰদান কৰা হৈছে। আমি নিয়ন্ত্ৰক পৰিকাঠামো সন্দৰ্ভত উদ্যোগৰ চাহিদাৰ প্ৰতি সংবেদনশীল আৰু এই দিশত সক্ৰিয়ভাৱে কাম কৰি আছো। ফাৰ্মাচিউটিকেল আৰু চিকিৎসা আহিলাৰ বাবে ত্ৰিশ হাজাৰ কোটি টকীয়া উৎপাদন সংযোজিত ইনচেণ্টিভ আঁচনিখনৰ জৰিয়তে উদ্যোগটোৱে বহু উৎসাহ লাভ কৰিছে।

বন্ধুসকল,

উদ্যোগ, শৈক্ষিক জগত আৰু বিশেষকৈ আমাৰ প্ৰতিভাশালী যুৱ সমাজৰ সমৰ্থন গুৰুত্বপূৰ্ণ। সেইকাৰণে আমি শিক্ষা আৰু উদ্যোগৰ মাজত সহযোগিতাক উদ্দীপনা যোগাই আছো। ভাৰতত বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলৰ এটা বৃহৎ ভেটি আছে যিয়ে উদ্যোগটোক অধিক শিখৰলৈ লৈ যোৱাৰ সম্ভাৱনা আছে। এই শক্তিক ''ডিস্ক’ভাৰ এণ্ড মেক ইন ইণ্ডিয়া''লৈ পৰিণত কৰা প্ৰয়োজন।

বন্ধুসকল,

মই তদুপৰি দুটা ক্ষেত্ৰত আলোকপাত কৰিব খুজিছো যাক আপোনালোকে সাৱধানতাৰে অন্বেষণ কৰাটো মই বিচাৰো। প্ৰথমটো কেঁচা মালৰ প্ৰয়োজনীয়তাৰে সম্পৰ্কীয়। আমি ক’ভিড-১৯ ৰ সৈতে যুঁজ দি অহাৰ মাজতে আমি দেখিছিলো যে এইটো এটা সমস্যা যাক অধিক মনোযোগ দিয়াটো প্ৰয়োজনীয়। আজি, ভাৰতৰ ১.৩ বিলিয়ন লোকে ইয়াক আত্মনিৰ্ভৰ কৰি তোলাৰ দায়িত্ব গ্ৰহণৰ সময়তে আমি ভেকছিন আৰু ঔষধৰ বাবে মুখ্য উপাদানবোৰৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ বিষয়ে অৱশ্যেই চিন্তা কৰিব লাগে। এইটো এটা সীমা যাক ভাৰতে অতিক্ৰম কৰিব লাগিব।

মই নিশ্চিত যে বিনিয়োগকাৰী আৰু উদ্ভাৱকসকলো একেদৰে এই প্ৰত্যাহ্বান অতিক্ৰমৰ অৰ্থে একেলগে কাম কৰিবলৈ আগ্ৰহী। দ্বিতীয় ক্ষেত্ৰটো ভাৰতৰ পৰম্পৰাগত ঔষধৰ সৈতে সম্পৰ্কীয়। আন্তৰ্জাতিক বজাৰখনত এতিয়া এই সামগ্ৰীবোৰৰ গুৰুত্বপূৰ্ণ আৰু বৰ্ধিত চাহিদা আছে। শেহতীয়া বছৰকেইটাত এই সামগ্ৰীবোৰৰ ৰপ্তানিৰ তীব্ৰ বৃদ্ধিৰ জৰিয়তে ইয়াক দেখা পোৱা যায়। কেৱল ২০২০-২১ তে, ভাৰতে ১.৫ বিলিয়ন ডলাৰৰো অধিক মূল্যৰ ভেষজ ঔষধ ৰপ্তানি কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত পৰম্পৰাগত ঔষধৰ বাবে ইয়াৰ বৈশ্বিক কেন্দ্ৰ স্থাপনৰ বাবেও কাম কৰি আছে। আমি বৈশ্বিক প্ৰয়োজনীয়তা, বিজ্ঞানসন্মত মানদণ্ড আৰু উত্তম উৎপাদন পন্থাৰ সৈতে সংগতি ৰাখি আমাৰ পৰম্পৰাগত ঔষধৰাজি জনপ্ৰিয়কৰণৰ অধিক উপায়ৰ বিষয়ে চিন্তা কৰিব পাৰোনে?

বন্ধুসকল,

মই আপোনালোক আটাইকে ভাৰতত ধাৰণ কৰা, ইন’ভেট ইন ইণ্ডিয়া, মেক ইন ইণ্ডিয়া আৰু বিশ্বখনৰ বাবে প্ৰস্তুত কৰিবলৈ আমন্ত্ৰণ জনাইছো। আপোনাসৱৰ প্ৰকৃত শক্তি আৱিষ্কাৰ কৰক আৰু বিশ্বখনক সেৱা কৰক।

উদ্ভাৱন আৰু উদ্যোগৰ অৰ্থে প্ৰয়োজনীয় প্ৰতিভা, সম্পদ আৰু বাতাবৰণ আমাৰ আছে। ফাৰ্মা খণ্ডটোত আমাৰ ক্ষীপ্ৰ পদক্ষেপৰাজি, আমাৰ উদ্ভাৱনৰ উদ্দীপনা আৰু আমাৰ সাফল্যৰাজিক বিশ্বখনে লক্ষ্য কৰিছে। এয়া আগুৱাই যোৱা আৰু নতুন শিখৰত আৰোহনৰ সৰ্বশ্ৰেষ্ঠ সময়। মই বৈশ্বিক আৰু ঘৰুৱা উদ্যোগৰ নেতৃবৃন্দ আৰু অংশীদাৰসকলক ভাৰতে উদ্ভাৱনৰ বাবে বাতাবৰণৰ উন্নয়ন সাধনৰ অৰ্থে অংগীকাৰবদ্ধ বুলি আশ্বাস প্ৰদান কৰিছো। এই সন্মিলনখনে যাতে গৱেষণা ও উন্নয়ন আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতীয় ফাৰ্মাচিউটিকেল উদ্যোগটোৰ স্থিতি সুদৃঢ়কৰণৰ অৰ্থে ধ্বজাবাহী অনুষ্ঠান হিচাপে কাম কৰে, মই তাৰে কামনা কৰিলো।

মই পুনৰবাৰ আয়োজকবৃন্দক অভিনন্দন জনাইছো আৰু এই দুদিনীয়া সন্মিলনত ফলপ্ৰসূ আলোচনা হোৱাৰ কামনা কৰিলো।

ধন্যবাদ।

বহু বহু ধন্যবাদ।

***

DS/SH/SB



(Release ID: 1777539) Visitor Counter : 178