প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পন্ধাৰপুৰত ৰাষ্ট্ৰীয় ঘাইপথ সম্পৰ্কীয় এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
प्रविष्टि तिथि:
08 NOV 2021 6:24PM by PIB Guwahati
ৰামকৃষ্ণ হৰি।
ৰামকৃষ্ণ হৰি।
কাৰ্যক্ৰমত আমাৰ সৈতে উপস্থথিত থকা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰীমান ভগত সিং কোশিয়াৰী জী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰীমান উদ্ধৱ থকৰে জী, মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ শ্ৰী নীতীন গাড়কাৰী জী, নাৰায়ণ ৰাণে জী, ৰাওচাহিব দানৱে জী, ৰামদাস আঠৱালে জী, কপিল পাটিল জী, ডাক্টৰ ভাগৱত কাৰাড় জী, ডাক্টৰ ভাৰতী পৱাৰ জী, জেনেৰেল ভি কে সিং জী, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী শ্ৰী অজিত পৱাৰ জী, মহাৰাষ্ট্ৰ বিধানসভাৰ বিৰোধী পক্ষৰ নেতা আৰু মোৰ বন্ধু শ্ৰী দেৱেন্দ্ৰ ফড়নৱিশ জী, বিধান পৰিষদৰ অধ্যক্ষ ৰামৰাজে নায়ক জী, মহাৰাষ্ট্ৰ চৰকাৰৰ সন্মানীয় মন্ত্ৰীগণ, সদনত মোৰ সতীৰ্থ সাংসদসকল, মহাৰাষ্ট্ৰৰ বিধায়কসকল, অন্য জনপ্ৰতিনিধিসকল, ইয়াত আমাক আশীৰ্বাদ দিবলৈ সমবেত হোৱা আমাৰ পূজ্য সন্তমণ্ডলী আৰু শ্ৰদ্ধালুসকল!
দুদিন আগতে মাত্ৰ ঈশ্বৰৰ কৃপাত কেদাৰনাথত মই আদি শংকৰাচাৰ্যৰ পুনৰ্নিৰ্মিত সমাধিৰ সেৱা কৰাৰ সুযোগ লাভ কৰিছিলো, আৰু আজি ‘ভগবান ৱিথ্থল’য়ে নিজৰ নিবাসস্থান পন্ধাৰপুৰৰ পৰা মোক আপোনালোক আটাইৰে সৈতে সংযোজিত কৰিছে। ইয়াতকৈ ডাঙৰ ঈশ্বৰীয় কৃপাৰ সাক্ষাত্কাৰৰ সৌভাগ্য আৰু কি হ’ব পাৰে বাৰু? আদি শংকাৰাচাৰ্য জীয়ে নিজেই কৈছিল-
মহা-যোগ-পীঠে,
তটে ভীম-ৰথ্যাম্,
ৱৰম্ পুণ্ডৰী-কায়,
দাটুম্ মুনীন্দ্ৰঃ।
পৰব্ৰহ্ম লিংগম্,
ভজে পাণ্ডু-ৰংগম্।।
অৰ্থাত, শংকৰাচাৰ্য জীয়ে কৈছিল- পন্ধাৰপুৰৰ এই মহাযোগ ভূমিত ‘বিথ্থল ভগৱান’ সাক্ষাত্ আনন্দ স্বৰূপ। সেয়ে পন্ধাৰপুৰতো দৰাচলতে আনন্দৰেই প্ৰত্যক্ষ স্বৰূপ। আৰু আজি-কালিতো ইয়াৰ সৈতে সেৱাৰ আনন্দও বিজড়িত হৈ আহিছে। “মলা অতিশয় আনন্দ হোতে আহে কী, সন্ত জ্ঞানোবা মাউলী আণি সন্ত তুকোবাৰায়াঁছ্যা পালখী মাৰ্গাছে আজ উদঘাটন হোতে আহে, ৱাৰকত্যানা অধিক সুবিধা তৰ মিলণাৰ আহেতছ, পণ আপণ জসে মহণতো কী, ৰস্তে হে বিকাশাছে দ্বাৰ অসতে, তসে পন্ধাৰী-কডে জাণাৰে হে মাৰ্গ মাগৱতধৰ্মাছী পতাকা আণখী উঁছ ফডবিণাৰে মহামাৰ্গ ঠৰতীল, পৱিত্ৰ মাৰ্গাকড়ে নেণাৰে তে পহাদ্বাৰ ঠৰেল”।
বন্ধুসকল,
আজি ইয়াত ‘শ্ৰীসন্ত জ্ঞানেশ্বৰ মহাৰাজ পালখী মাৰ্গ’ আৰু ‘সন্ত তুকাৰাম মহাৰাজ পালখী মাৰ্গ’ৰ আধাৰশিলা স্থাপন কৰা হৈছে। ‘শ্ৰীসন্ত জ্ঞানেশ্বৰ মহাৰাজ পালখী মাৰ্গ’ৰ নিৰ্মাণ এতিয়া ভিডিঅ’ৰ জৰিয়তেও দেখিবলৈ পাইছো, নীতীন জীৰ ভাষণতো শুনিছো, পাঁচোটা খণ্ডত এইছোৱা পথৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হ’ব আৰু ‘সন্ত তুকাৰাম মহাৰাজ পালখী মাৰ্গ’ৰ কাম সম্পন্ন কৰা হ’ব তিনিটা খণ্ডত। এই প্ৰতিটো খণ্ডত ৩৫০কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ঘাইপথ নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ বাবে ১১হাজাৰ কোটিৰো অধিক টকা ব্যয় কৰা হ’ব। ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই ঘাইপথকেইটাক দুয়োফালৰ পাল্কী যাত্ৰাৰ বাবে খোজকাঢ়ি যোৱা শ্ৰদ্ধালুসকলৰ বাবে, ‘ৱাৰকাৰী’সকলৰ বাবে বিশেষ মাৰ্গ নিৰ্মাণ কৰা হ’ব। ইয়াৰ উপৰি আজি পন্ধাৰপুৰক সংযোজিত কৰিব লগা প্ৰায় দুশকিলোমিটাৰ দীঘল ৰাষ্ট্ৰীয় ঘাইপথৰো শুভাৰম্ভ কৰা হৈছে, শুভ উদ্বোধন কৰা হৈছে। ইয়াৰ নিৰ্মাণত প্ৰায় ১২শ কোটি টকা খৰছ কৰা হৈছে। সাতাৰা, কোলহাপুৰ, সাংগলী, বীজাপুৰ, মাৰঠৱাৰাৰ এলেকা, উত্তৰ মহাৰাষ্ট্ৰৰ এলেকাৰ দৰে স্থানসমূহৰ পৰা পন্ধাৰপুৰলৈ অহা শ্ৰদ্ধালুসকলক এই ৰাষ্ট্ৰীয় ঘাইপথে বাৰুকৈয়ে সহায় কৰিব। এই মহা-মাৰ্গ এক প্ৰকাৰে ভগবান ৱিথ্থলৰ ভক্তসকললৈ সেৱা আগবঢ়োৱাৰ লগতে এই পূণ্যক্ষেত্ৰ সামগ্ৰিক বিকাশৰো মাধ্যম হৈ উঠিব। বিশেষকৈ ইয়াৰ জৰিয়তে দক্ষিণ ভাৰতৰ বাবে পথ-যোগাযোগ ব্যৱস্থা আৰু অধিক উন্নত হৈ উঠিব। ইয়াৰ দ্বাৰা এতিয়া আৰু অধিক শ্ৰদ্ধালু ইয়ালৈ অতি সহজেই আহিব পাৰিব, আৰু অঞ্চলটোৰ বিকাশৰে জড়িত অন্য গতিবিধিসমূহেও গতি লাভ কৰিব। মই এই সকলোবোৰ পূণ্য কাৰ্যৰে জড়িত সকলো ব্যক্তিকে অভিনন্দন জনাইছো। এয়া এনে এক প্ৰয়াস যিয়ে স্বাভাৱিকতেই আমাক সন্তোষ প্ৰদান কৰিছে, আমাক জীৱনৰ সাৰ্থকতাৰ আভাস প্ৰদান কৰিছে। মই ভগবান ৱিথ্থলৰ সকলো ভক্তক, এই অঞ্চলৰ লোকসকলক পন্ধাৰপুৰ ক্ষেত্ৰৰ এই বিকাশ অভিযানৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। “মী সৰ্ব ৱাৰক-য়ানা নমন কৰতো, ত্যানা কোটী কোটী অভিবাদন কৰতো”। মই এই কৃপাৰ বাবে বিথ্থলদেৱৰ চৰণত প্ৰণিপাত জনাইছো, তেওঁক সষ্টাংগে প্ৰণাম জনাইছো। মই সকলো সন্তৰ চৰণতো সেৱা জনাইছো।
বন্ধুসকল,
অতীতত আমাৰ ভাৰতত কিমান যে আক্ৰমণ হৈছিল! কেবাটাও শতাব্দীৰ পৰাধীনতাৰ গ্ৰাসত এইখন দেশ নিমজ্জিত হ’বলগীয়া হৈছিল। প্ৰাকৃতিক দুৰ্যোগ আহিছে, প্ৰত্যাহ্বান আহিছে, জটিলতাই গা কৰি উঠিছে, কিন্তু ভগৱান বিথ্থলদেৱৰ প্ৰতি থকা আমাৰ আস্থা, আমাৰ যাত্ৰা নিৰন্তৰ অব্যাহত থাকিল। আজিও এই যাত্ৰা পৃথিৱীৰ সকলোতকৈ প্ৰাচীন আৰু সকলোতকৈ বৃহত্ জনযাত্ৰাৰূপত, গণ জাগৰণ হিচাপে গণ্য কৰি অহা হৈছে। ‘আষাঢ় একাদশী’ত পন্ধাৰপুৰ যাত্ৰাৰ বিহংগম দৃশ্য কোনে বাৰু পাহৰিব পাৰে? হাজাৰ হাজাৰ, লাখ লাখ শ্ৰদ্ধুলুয়ে কেৱল লানি লাগি আগবাঢ়ে, কেৱল আগবাঢ়ে। সকলো দিশে ‘ৰামকৃষ্ণ হৰি, পুণ্ডলিক ৱৰদে হাৰি বিথ্থল’ আৰু জ্ঞান বা তুকাৰামৰ জয়ঘোষ হোৱা শুনিবলৈ পোৱা যায়। সম্পূৰ্ণ ২১দিন ধৰি চলা এক অনন্য অনুশাসন, এক অসাধাৰণ সংযম দেখিবলৈ পোৱা যায়। এই যাত্ৰা বেলেগ বেলেগ পাল্কী মাৰ্গৰে আগবাঢ়ে, পিচে সকলোৰে গন্তব্য কিন্তু একেটাই হয়। এয়া ভাৰতৰ সেই শাশ্বত শিক্ষাৰ প্ৰতীক, যিয়ে আমাৰ আস্থাক নাবান্ধে, বৰং মুক্তহে কৰে। যিয়ে আমাক শিকায় যে পথ বেলেগ বেলেগ হ’ব পাৰে, পদ্ধতি আৰু বিচাৰ বেলেগ বেলেগ হ’ব পাৰে, কিন্তু আমাৰ লক্ষ্য একটাই হয়। শেষত সকলো পথেই ‘ভগৱত পথে’ইহে হয়গৈ আৰু সেয়ে আমাৰ দেশতো বৃহত্ বিশ্বাসৰে শাস্ত্ৰত কোৱা হৈছে- ‘একম্ সত্ বিপ্ৰাঃ বহুধা বদন্তি’।।
বন্ধুসকল,
সন্ত তুকাৰাম মহাৰাজ জীয়ে আমাক মন্ত্ৰ দিছিল, আৰু তুকাৰাম মহাৰাজ জীয়ে কেছিল-
“বিষ্ণুময় জগ বৈষ্ণৱাঞ্চা ধৰ্ম, ভেদাভেদ ভ্ৰম অমংগল আইকা জী তুম্হী ভক্ত ভাগৱত, কৰাল তেঁ হিত সত্য কৰা। কোণা হী জিৱাছা ন ঘড়ো মত্সৰ, বৰ্ম সৰ্বেশ্বৰ পূজানাছে”।।
অৰ্থাত্, বিশ্বত সকলো বিষ্ণুময়। সেয়ে জীৱৰ মাজত বিভাজন কৰা, ভেদাভেদ সৃষ্টি কৰাটো অমংগলীয়া কথা। পৰস্পৰৰ মাজত ঈৰ্ষা, দ্বেষ নোহোৱা, আমি সকলোকে সমান বুলি ভবাটোৱেই দৰাচলতে ধৰ্ম। সেয়ে, ‘দিণ্ডী’ত কোনো জাত-পাতৰ বিচাৰ নাই, কোনো ভেদাভেদ কৰা নহয়। প্ৰতিগৰাকী ‘ৱৰকৰী’কে সমান বুলি গণ্য কৰা হয়, প্ৰতিগৰাকী ‘ৱৰকাৰী’ এজন আনজনৰ ‘গুৰুভাই’, ‘গুৰুভগ্নী’ বুলি গণ্য কৰা হয়। সকলোৱেই একেগৰাকী ‘বিথ্থল’ৰ সন্তান, সেয়ে সকলোৰে একেটাই জাতি, একেটাই গোত্ৰ, সেয়া হৈছে ‘বিথ্থল গোত্ৰ’। ‘ভগবান বিথ্থল’ৰ দৰবাৰ সকলোৰে বাবে সমানেই মুক্ত। আৰু যেতিয়া সকলোৰে সৈতে ‘সকলোৰে বিকাশ, সকলোৰে বিশ্বাস’ৰ কথা কোৱা হয়, তেতিয়া তাৰ নেপথ্যতো এই মহান পৰম্পৰাৰ প্ৰেৰণা থাকে, সেই ভাৱনায়েই ক্ৰিয়া কৰে। এই ভাৱনায়েই আমাক দেশৰ বিকাশৰ বাবে প্ৰেৰিত কৰে, সকলোকে লগত লৈ, সকলোৰে বিকাশৰ বাবে প্ৰেৰিত কৰে।
বন্ধুসকল,
পন্ধাৰপুৰৰ আভা, পন্ধাৰপুৰৰ অনুভূতি আৰু পন্ধাৰপুৰৰ অভিব্যক্তি এই সকলোবোৰেই অলৌকিক। “আপণ মহণতো না! মাঝে মাহেৰ পন্ধাৰী, আহে ভিৱৰেছা তীৰী”। দৰাচলতেই পন্ধাৰপুৰ মাঁৰ ঘৰৰ দৰেই। কিন্তু মোৰ বাবে পন্ধাৰপুৰৰে আৰু দুটা বিশেষ সম্বন্ধ আছে আৰু মই সন্তসকলৰ আগত ক’ব খুজিছো, হয় মোৰ বিশেষ সম্পৰ্ক আছে। মোৰ প্ৰথম সম্বন্ধ হৈছে গুজৰাটৰ, দ্বাৰকাৰ। ‘ভগবান দ্বৰকাধীশে’ই ইয়ালৈ আহি ‘বিথ্থল’ স্বৰূপত বিৰাজমান হৈছিলহি। আৰু মোৰ দ্বিতীয়টো সম্বন্ধ হৈছে কাশীৰ। মই কাশীৰো হও, আৰু এই পন্ধাৰপুৰ আমাৰ বাবে দক্ষিণৰ কাশী। সেয়ে পন্ধাৰপুৰৰ সেৱা মোৰ বাবে সাক্ষাত্ শ্ৰী নাৰায়ণ হৰিৰ সেৱা সদৃশ। এইখন সেই ভূমি য’ত ভক্তৰ বাবে ভগবান আজিও প্ৰত্যক্ষৰূপত বিৰাজমান হয়। এইখন সেই ভূমি, যাৰ বিষয়ে সন্ত নামদেৱ জী মহাৰাজে কৈছিল যে পন্ধাৰপুৰ তেতিয়াৰ পৰাই আছে যেতিয়া আনকি সংসাৰৰেই সৃষ্টি হোৱা নাছিল। এয়া এইকাৰণেই কাৰণ পন্ধাৰপুৰ ভৌতিক ৰূপৰেই নহয়, বৰং ভাৱনাত্মক ৰূপতে আমাৰ মনতো ভাস্বত হৈ থাকে। এইখন সেই ভূমি যিয়ে সন্ত জ্ঞানেশ্বৰ, সন্ত নামদেৱ, সন্ত তুকাৰাম আৰু সন্ত একনাথৰ দৰে কিমান যে সন্তক যুগ-সন্ত কৰি গঢ়ি তুলিছিল। এইডোখৰ ভূমিয়ে ভাৰতক এক নতুন উদ্দীপনা প্ৰদান কৰিছিল, ভাৰতক পুনৰাই চৈতন্য কৰিছিল। আৰু ভাৰতভূমিৰো এই বিশেষত্ব আছে যে সময়ে সময়ে বেলেগ বেলেগ ক্ষেত্ৰত এনে মহান বিভূতিসকল অৱতৰিত হৈ থাকে, দেশক দিগ-দৰ্শন কৰাই ৰাখে। চাওকচোন, দক্ষিণত মাধৱাচাৰ্য, নিম্বাৰ্কাচাৰ্য, ৰামানুজাচাৰ্য, পশ্চিমত নৰসী মেহতা, মীৰাবাঈ, ধীৰো ভগত, ভোজা ভগত, প্ৰীতম, সেইদৰে উত্তৰত ৰামানন্দ, কবীৰদাস, গোস্বামী তুলসীদাস, সুৰদাস, গুৰু নানকদেৱ, সন্ত ৰৈদাস, পূবত চৈতন্য মহাপ্ৰভু আৰু শংকৰদেৱৰ দৰে অনেক সন্তৰ বিচাৰধাৰাই দেশক সমৃদ্ধ কৰিছিল। বেলেগ বেলেগ স্থান, বেলেগ বেলেগ সময়, কিন্তু উদ্দেশ্য আছিল একেটাই! সকলোৱেই ভাৰতীয় জনমানসত এক নতুন চেতনাৰ উন্মেষ ঘটাইছিল, সমগ্ৰ ভাৰতক ভক্তিৰ শক্তিৰ অনুভৱ প্ৰদান কৰিছিল। এই ভাৱ আৰু এই ভাৱতে আমি এয়াও দেখিবলৈ পাও যে মথুৰাৰ ‘কৃষ্ণ’, গুজৰাটত ‘দ্বাৰকাধীশ’ হয়, উডুপীত হয় ‘বালকৃষ্ণ’ আৰু পন্ধাৰপুৰত আহি ‘বিথ্থল’ ৰূপত বিৰাজমান হৈ উঠে। সেইগৰাকী ভগবান ‘বিথ্থলে’ই দক্ষিণ ভাৰতত ‘কনকদাস’ আৰু ‘পুৰন্দৰদাস’ৰ দৰে সন্ত কবিৰ জৰিয়তে জন-গণৰে জড়িত হৈ পৰে আৰু কবি লীলাশুকৰ কাব্যৰে কেৰলতো প্ৰকট হৈ উঠে। এয়াইতো ভক্তি, যাৰ শক্তি সংযোজিত কৰিব পৰা শক্তি। এয়াইতো ‘এক ভাৰত-শ্ৰেষ্ঠ ভাৰত’ৰ বিশাল ৰূপ দৰ্শন।
বন্ধুসকল,
‘ৱাৰকৰী আন্দোলন’ৰ আৰু এটা বিশেষত্ব আছে, আৰু সেয়া হৈছে পুৰুষসকলৰ খোজত খোজ মিলাই ‘ৱাৰী’ত যাত্ৰা কৰা আমাৰ ভগ্নীসকল, দেশৰ মাতৃশক্তি, দেশৰ স্ত্ৰী-শক্তি! পন্ধাৰীৰ ৱাৰী, সুযোগৰ সমতাৰ সুন্দৰ প্ৰতীক। ‘ৱাৰকাৰী আন্দোলন’ৰ প্ৰতিপাদ্য বাক্য হ’ল- ‘ভেদাভেদ অমংগল’! এয়াই সামাজিক সমতাৰ উদঘোষ আৰু এই সমতাত স্ত্ৰী আৰু পুৰুষৰ সমতাও অন্তৰ্নিহিত হৈ থাকে। বহু ‘ৱাৰকাৰী’, স্ত্ৰী আৰু পুৰুষেও ইজনে সিজনক ‘মাউলী’ বুলিয়ে মাতে, ভগবান ‘বিথ্থল’ আৰু ‘সন্ত জ্ঞানেশ্বৰ’ৰ ৰূপ আনজনৰ গাত প্ৰত্যক্ষ কৰে। ‘মাউলী’-ৰ অৰ্থ কি আপোনালোকেও জানে। ‘মাউলী’ মানে ‘মা’। অৰ্থাত্ এয়া মাতৃশিক্তিৰো গৌৰৱগান।
বন্ধুসকল,
মহাৰাষ্ট্ৰৰ মাটিত মহাত্মা ফুলে, বীৰ সৱাৰকাৰৰ দৰে অনেক পুৰোধাই নিজৰ কামক সাফল্যৰ যি পৰ্যায়লৈ নিবলৈ সক্ষম হৈছিল, সেই যাত্ৰাত ‘ৱাৰকাৰী আন্দোলনে’ যি আধাৰ নিৰ্মাণ কৰিছিল সেয়া নিতান্তই গুৰুত্বপূৰ্ণ আছিল। ‘ৱাৰকাৰী আন্দোলন’ত কোনে ভাগ লোৱা নাছিল? সন্ত সাৱতা মহাৰাজ, সন্ত ছোখা, সন্ত নামদেৱ মহাৰাজ, সন্ত গোৰোবা, সেন জী মহাৰাজ, সন্ত নৰহৰি মহাৰাজ, সন্ত কান্হোপাত্ৰা, সমাজৰ সকলো শ্ৰেণীৰ লোকেই ‘ৱাৰকাৰী আন্দোলন’ৰ অংশ হৈছিল।
বন্ধুসকল,
পন্ধাৰপুৰে মানৱতাক কেৱল ভক্তি আৰু ৰাষ্ট্ৰভক্তিৰে পথ নিৰ্দেশনা দিয়া নাছিল, বৰং ভক্তিৰ শক্তিৰে মানৱতাৰ পৰিচয়ো কৰাইছিল। ইয়ালৈ সাধাৰণতে কোনেও ভগৱানৰ পৰা কিবা বিচাৰিবলৈ নাহে। ইয়াত ‘বিথ্থল ভগবান’ৰ দৰ্শন, তেওঁৰ নিষ্কাম ভক্তিয়েই জীৱনৰ লক্ষ্য হৈ উঠে। “কায় বিথ্থু মাউলীছ্যা দৰ্শনানে ডোলয়াছে পাৰনে ফিটতে নাহী”! সেয়েতো ইয়াত ভগবানে নিজেই ভক্তৰ আদেশত যুগ যুগ ধৰি কঁকালত হাত থৈ থিয় দি আছে। ভক্ত পুণ্ডলিকে মাক-বাপেকৰ ৰূপত ঈশ্বৰ দৰ্শন কৰিছিল, ‘নৰ সেৱাকে নাৰায়ণ সেৱা’ বুলি গণ্য কৰিছিল। আজিও সেই আদৰ্শৰেই সমাজ বৰ্তি আহিছে, সেৱা-দিণ্ডীৰ জৰিয়তে জীৱ মাত্ৰৰে সেৱাক সাধানা বুলি জ্ঞান কৰি আগবাঢ়ি গৈছে। প্ৰতিগৰাকী ‘ৱাৰকাৰী’য়ে যি নিষ্কাম ভাৱনাৰে ভক্তি কৰে, সেই ভাৱনাৰেই নিষ্কাম সেৱাও কৰে। ‘অমৃত কলস দান অন্নদান’ৰে দুখীয়া-দৰিদ্ৰজনৰ সেৱাৰ প্ৰকল্পতো ইয়াত চলিয়েই আহিছে, শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকৰ সেৱা সমাজৰ শক্তিৰ এক অদ্বিতীয় উদাহৰণ। আমাৰ দেশত আস্থা আৰু ভক্তি কেনেদৰে ৰাষ্ট্ৰসেৱা আৰু ৰাষ্ট্ৰভক্তিৰে জড়িত, ‘সেৱা-দিণ্ডী’ ইয়াৰো বহুত ডাঙৰ উদাহৰণ। গাঁৱৰ উথ্থান, গাঁৱৰ প্ৰগতি, ‘সেৱা দিণ্ডী’ ইয়াৰ এক বহুত ডাঙৰ মাধ্যম হৈ উঠিছে। দেশে আজি গাঁৱৰ বিকাশৰ বাবে যিমানবোৰ সংকল্প গ্ৰহণ কৰি আগবাঢ়িছে, আমাৰ ‘ৱাৰকাৰী’ ভাই-ভনীসকল তাৰো বহুত ডাঙৰ শক্তি। দেশে ‘স্বচ্ছ ভাৰত অভিযান’ আৰম্ভ কৰিছে যদি আজি ‘বিথোৱা;ৰ ভক্তসকলে ‘নিৰ্মল ৱাৰী অভিযান’ৰে তাকে গতি প্ৰদান কৰিছে। এইদৰেই, ‘বেটী বচাও, বেটী পঢ়াও’ অভিযানেই হওক, ‘জল সংৰক্ষণ’ৰ বাবে আমাৰ প্ৰয়াসেই হওক, আমাৰ আধ্যাত্মিক চেতনাই আমাৰ ৰাষ্ট্ৰীয় সংকল্পসমূহক ইন্ধন যোগাই আহিছে। আৰু আজি যেতিয়া মই আমাৰ ‘ৱাৰকাৰী’ ভাই-ভনীসকলৰ সৈতে কথা-বতৰা পাতিছো, আপোনালোকৰ পৰা আশীৰ্বাদ স্বৰূপে তিনিটা বস্তুও বিচাৰিব খুজিছো, বিচাৰোনে বাৰু? হাত দাঙি কওকচোন, খোজো নে বাৰু? আপোনালোকে দিবনে বাৰু? চাওক, যিদৰে আপোনালোকে হাত দাঙি এক প্ৰকাৰে মোক আশীৰ্বাদ প্ৰদান কৰিলে, আপোনালোকে সদায়ে মোৰ প্ৰতি স্নেহ প্ৰকাশ কৰি আহিছেযে মই নোখোজাকৈ থাকিব পৰা নাই। আশীৰ্বাদ হিচাপে মই প্ৰথমতে বিচাৰিছো শ্ৰী জ্ঞানেশ্বৰ মহাৰাজ আৰু সন্ত তুকাৰাম মহাৰাজৰ নামত যি দুটা পাল্কী মাৰ্গৰ নিৰ্মাণ কৰি থকা হৈছে, তাৰ কাষত যিকেইটা পদপথ নিৰ্মাণ কৰা হ’ব তাৰ দুয়োকাষে কিছুমান ছাঁ দিব পৰা গছ নিশ্চিত ভাবে ৰুব লাগিব। এই কামটো আপোনালোকে কৰিবনে বাৰু? মই সকলোকে এই আহ্বান জনাইছো। যেতিয়ালৈ এই পথছোৱা নিৰ্মিত হৈ উঠিবগৈ তেতিয়ালৈ এই গছবোৰো সিমানেই ডাঙৰ হৈ সমগ্ৰ পদপথকেইটা ছাঁ দিব পৰা হৈ যাবগৈ লাগিব। মই এই পাল্কী পথৰ কাষৰ গাঁওসমূহে এই কামটো জন আন্দোলনৰ ৰূপত নেতৃত্ব দিয়াটো বিচাৰিছো। প্ৰতিখন গাঁৱে নিজৰ গাৱঁৰ মাজেৰে পাৰ হোৱা অংশসমূহৰ দায়িত্ব বহণ কৰিব, সেই অংশত গছপুলি ৰোপন কৰিব, তেতিয়া অতি সোনকালেই এই কাম সম্ভৱ হৈ উঠিব।
বন্ধুসকল,
আপোনালোকৰ পৰা বিচৰা দ্বিতীয়টো আশীৰ্বাদ হৈছে এই পদপথৰ কাষত খোৱা পানীৰ ব্যৱ্স্থা, আৰু সেয়াও বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিব লাগিব। এই পথছোৱাত খোৱা পানীৰ অনেক ব্যৱস্থা কৰা হওক। ভগবান ‘ৱিথ্থল’ৰ ভক্তিত লীন যোৱা শ্ৰদ্ধালুসকল যেতিয়া পন্ধাৰপুৰৰ ফালে আহিবলৈ ধৰে, তেতিয়া ২১দিন ধৰি তেওঁলোকে সকলো পাহৰি যায়। এনে পৰিস্থিতিত খোৱাপানীৰ ব্যৱস্থাই এইসকল ভক্তক বহুখিনি সকাহ দিব। আৰু আজি মই আপোনালোকৰ পৰা তৃতীয়টো আশীৰ্বাদ নিশ্চয় ল’ম আৰু মই ভাবো আপোনালোকে মোক নিৰাশ নকৰে। মই বিচৰা তৃতীয় আশীৰ্বাদটো পন্ধাৰপুৰৰ বাবে। মই ভৱিষ্যতে পন্ধাৰপুৰক ভাৰতবৰ্ষৰ সকলোতকৈ স্বচ্ছ তীৰ্থস্থলসমহূৰ মাজত থকাটো বিচাৰিছো। হিন্দুস্থানলৈ যেতিয়াই কোনোবাই দৃষ্টি দিব তেঁৱেই যাতে সকলোতকৈ পৰিষ্কাৰ তীৰ্থস্থানৰ তালিকাৰ শীৰ্ষত মোৰ ‘ৱিথ্থল’ৰ নাম, মোৰ ‘ৱিথ্থল’ৰ ভূমিৰ নাম, মোৰ পন্ধাৰপুৰৰ নাম থাকিব লাগিব, এই কথাটো আপোনালোকে ৰাখিবনে বাৰু? এই কাম নিশ্চিত ভাবেই সকলোৰে সহযোগেৰেহে সম্ভৱ কৰিব পৰা যাব। যেতিয়া স্থানীয় ৰাইজে স্বচ্ছতাৰ আন্দোলনৰ নেতৃত্ব নিজে গ্ৰহণ কৰিব, তেতিয়াহে আমি এই সপোন বাস্তৱায়িত কৰিব পাৰিম আৰু মই সদায়ে যিটো কথাৰ ওকালতি কৰি আহিছো সেইটো হৈছে ‘সকলোৰে প্ৰয়াস’, এৰা সকলোৰে প্ৰয়াসৰেহে এয়া সম্ভৱ কৰিব পৰা যাব।
বন্ধুসকল,
আমি যেতিয়া পন্ধাৰপুৰৰ দৰে তীৰ্থসমূহৰ বিকাশ সাধন কৰো, তেতিয়া কেৱল সাংস্কৃতিক প্ৰগতিয়েই সম্ভৱ নহয়, বৰং সমগ্ৰ অঞ্চলটোৰে উন্নয়ণ সম্ভৱ হৈ উঠে। এই অঞ্চলৰ পথসমূহ বহলোৱা হৈছে, নতুনকৈ ঘাইপথৰ নিৰ্মাণ কৰা হৈছে, ইয়াৰ ফলত ধাৰ্মিক পৰ্যটনৰটো বিকাশ হ’বই লগতে নতুন কৰ্ম-সংস্থান আৰু সেৱা অভিযানেও গতি লাভ কৰিব। আমাৰ সকলোৰে শ্ৰদ্ধেয় অটলবিহাৰী বাজপেয়ী জীয়ে সদায়ে ভাবিছিল যে যি অঞ্চলৰে ঘাইপথ পাৰ হৈ যায়, পথ নিৰ্মিত হয়, সেইবোৰ অঞ্চলত বিকাশে নতুন গতি লাভ কৰে। এই ভাৱনাৰেই তেওঁ ‘স্বৰ্ণিম চতুৰ্ভূজ’ৰ শুভাৰম্ভ কৰিছিল, দেশৰ গাঁওসমূহক পথৰে সংযোজিত কৰাৰ অভিযান আৰম্ভ কৰিছিল। আজিও সেই আদৰ্শৰ ভেটিতে দেশত আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ কাম দ্ৰুতগতিৰে অব্যাহত ৰখা হৈছে। দেশত স্বাস্থ্য আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰতো ‘কল্যাণ কেন্দ্ৰ’ স্থাপন কৰাৰ কাম চলাই থকা হৈছে, নতুন চিকিত্সা মহাবিদ্যালয় স্থাপনৰ কাম চলি আছে, ডিজিটেল ব্যৱস্থাৰ সম্প্ৰসাৰণৰ কাম অব্যাহত ৰখা হৈছে। দেশত আজি নতুন ঘাইপথ, জলপথ, নতুন ৰে’লপথ, মেট্ৰো পথ, আধুনিক ৰে’লষ্টেশ্যন, নতুন বিমানবন্দৰ, নতুন বিমানপথৰ এক বিস্তৃত নেটৱৰ্ক স্থাপিত হৈছে। দেশৰ প্ৰতিখন গাঁৱলৈ ‘অপ্টিকেল ফাইবাৰ নেটৱৰ্ক’ সম্প্ৰসাৰণৰ বাবে দ্ৰুতগতিৰে কাম কৰি থকা হৈছে। এইবোৰ আঁচনিৰ কামৰ গতি ত্বৰান্বিত কৰাৰ বাবে, সমন্বয় স্থাপনৰ বাবে ‘পিএম গতিশক্তি নেস্যনেল মাষ্টাৰ প্লান’ৰো শুভাৰম্ভ কৰা হৈছে। আজি দেশে এশ শতাংশ ‘কভাৰেজৰ ভিজন’ লৈ আগবাঢ়িব খুজিছে। প্ৰতিগৰাকী দুখীয়াক পকীঘৰ, প্ৰতিটো ঘৰতে শৌচালয়, প্ৰতিটো পৰিয়ালকে বিজুলীৰ সংযোজন, প্ৰতিটো ঘৰলৈ নলৰে পানী যোগান, আৰু আমাৰ মাতৃ-ভগ্নীসকলক গেছ সংযোগ দিয়াৰ দৰে সপোনবোৰ আজিৰ তাৰিখত বাস্তৱ হৈছে। সমাজৰ দুখীয়া, বঞ্চিত, দলিত, পিচপৰা আৰু মধ্যবিত্তীয়সকলে সকলোতকৈ বেছিকৈ ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰিছে।
বন্ধুসকল,
আমাৰ অধিকাংশ ‘ৱাৰকাৰী গুৰুভাই’তো কৃষকৰ পৰিয়ালৰ পৰাই আহে। গাঁও-দৰিদ্ৰ বাবে দেশৰ প্ৰয়াসৰ জৰিয়তে আজি সাধাৰণ নাগৰিকৰ জীৱনলৈ কেনে পৰিৱৰ্তন আহিছে সেয়া আপোনালোক সকলোৱেই দেখিছে। আমাৰ গাঁৱৰ দুখীয়া-দৰিদ্ৰৰে, মাটিৰে জড়িত হৈ অহা অন্নদাতাসকল এনেকুৱাই হয়। তেওঁলোক গ্ৰামীণ অৰ্থব্যৱস্থাৰো সাৰথি হয়, সমাজৰ সংস্কৃতি, ৰাষ্ট্ৰীয় একতাৰো নেতৃত্ব দান কৰে। ভাৰতৰ সংস্কৃতিক, ভাৰতৰ আদৰ্শক শতিকাৰ পিচত শতিকা ধৰি এইসকল ধৰিত্ৰীপুত্ৰয়েই সঞ্জীৱিত কৰি আহিছে। এগৰাকী প্ৰকৃত অন্নদাতাই সমাজক সংযোজিত কৰে, সমাজক জীয়াই ৰাখে, সমাজৰ বাবে জীয়াই থাকে। আপোনালোকৰ দ্বাৰাই সমাজৰ প্ৰগতি সম্ভৱ হয়, আৰু আপোনালোকৰ প্ৰগতিৰ জৰিয়তেইহে সমাজ প্ৰগতিশীল হয়। সেয়ে, ‘অমৃতকাল’ত দেশৰ সংকল্পত আমাৰ অন্নদাতাসকল আমাৰ উন্নতিৰ বহুত ডাঙৰ বুনিয়াদ হয়। এই ভাৱনাকে লৈ দেশে আগুৱাই আছে।
বন্ধুসকল,
সন্ত জ্ঞানেশ্বৰ জী মহাৰাজে এষাৰ বৰ ধুনীয়া কথা কৈছিল, সন্ত মহাৰাজে কৈছিল-
“দুৰিতাঞ্চে তিমিৰ জাৱে। বিশ্ব স্বধৰ্ম সূৰ্যে পাহো। জে জে বাঞ্চিল তো তে লাহো, প্ৰাণিজাত”।
অৰ্থাত্, বিশ্বৰ পৰা বেয়াবোৰৰ অন্ধকাৰ নষ্ট হওক। ধৰ্ম, কৰ্তব্যৰ সূৰ্য সমগ্ৰ বিশ্বতে উদয় হওক, আৰু জীৱসকলৰ ইচ্ছাসমূহ পূৰ্ণ হওক। আমাৰ সকলোৰে ভক্তি, আমাৰ সকলোৰে প্ৰয়াসে সন্ত জ্ঞানেশ্বৰ জীৰ এই ভাৱনাক নিশ্চিত ভাবেই সিদ্ধ কৰেগে”। এই বিশ্বাসৰেই মই পুনৰবাৰ সকলো সন্তকে প্ৰণিপাত জনাই, ‘ৱিথ্থৱা’ৰ চৰণত প্ৰণাম জনাই আপোনালোক আটাইকে ধন্যবাদ জনাইছো।
জয় জয় ৰামকৃষ্ণ হৰি!
জয় জয় ৰামকৃষ্ণ হৰি!
*****
DS/SH/AK/AV/KB
(रिलीज़ आईडी: 1771865)
आगंतुक पटल : 196
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam