প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আত্মনির্ভৰ ভাৰত, স্বয়ংপূৰ্ণ গোৱা প্ৰকল্পৰ হিতাধিকাৰী আৰু অংশীদাৰসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 23 OCT 2021 2:01PM by PIB Guwahati

আত্মনির্ভৰ ভাৰতাছে সপন, স্বয়ংপূৰ্ণ গোৱা এব-জণে-তলেন, সাকাৰ কৰপী গোয়কাৰাংক এবকাৰ৷ তুমছা-চাৰকা, ধড-পড-কৰপী, লোকাংক লাগূন, গোংৱা ৰাজ্যাছো গৰজো, গোৱাংতচ ভাগপাক ছুৰু জালাত, হী খোছয়েচী গজাল আছা,

যেতিয়া চৰকাৰৰ সকলো প্ৰচেষ্টাৰ সৈতে জনগণৰ পৰিশ্রম জড়িত হয়, তেতিয়া কেনে ধৰণৰ পৰিৱর্তন আহে, কিদৰে আত্মবিশ্বাস গঢ় লৈ উঠে সেয়া আজি মই স্বয়ংপূৰ্ণ গোৱাৰ হিতাধিকাৰীসকলৰ সৈতে কথা পতাৰ সময়ত বাৰে বাৰে অনুভৱ কৰিছো৷ গোৱাক এই সার্থক পৰিৱর্তনৰ পথ যি দেখাইছে, সেই জনপ্রিয় আৰু প্রাণশক্তিৰে ভৰা মুখ্যমন্ত্রী ড০ প্রমোদ ছাৱান্তজী, মোৰ কেন্দ্রীয় মন্ত্ৰীসভাৰ জ্যেষ্ঠ সহযোগী শ্রীপদ নায়কজী, গোৱাৰ উপ-মুখ্যমন্ত্রী শ্রী মনোহৰ অঝগাওকৰজি, উপ-মুখ্যমন্ত্রী শ্রী চন্দ্রকান্ত কেৱলেকৰজি, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্রী, সাংসদ, বিধায়ক, সমস্ত স্থানীয় প্রশাসনৰ প্রতিনিধিবৃন্দ, জিলা পৰিষদৰ সদস্যসকল, পঞ্চায়ত সদস্যসকল, অন্যান্য জনপ্রতিনিধিসকল আৰু মোৰ প্রিয় গোৱাৰ ভাই-ভনীসকল,

কোৱা হয় যে গোৱা মানে আনন্দ, গোৱা মানে প্রকৃতি, গোৱা মানে পর্যটন৷ কিন্তু আজি মই কও যে গোৱা মানে উন্নয়নৰ নতুন আৰ্হি, গোৱা মানে সামগ্রিক প্রচেষ্টাৰ প্রতিবিম্ব, গোৱা মানে পঞ্চায়তৰ পৰা আৰম্ভ কৰি প্রশাসনৰ সকলো পৰ্যায়ৰ উন্নয়নৰ প্ৰতি ঐক্যবদ্ধ প্রচেষ্টা।

বন্ধুসকল,

বিগত বছৰসমূহত দেশে বিভিন্ন অভাৱৰ পৰা বাহিৰ হৈ জীৱনধাৰণৰ বিভিন্ন প্রয়োজনীয়তা আৰু আকাংক্ষা পূৰণক নিজৰ উদ্দেশ্য কৰি লৈছে। যি মৌলিক সুবিধাৰ পৰা দেশৰ জনগণে বহু বছৰ ধৰি বঞ্চিত আছিল, সেই সুবিধাসমূহ প্রদান কৰি দেশবাসীৰ জীৱনক সহজ কৰাৰ প্ৰচেষ্টাক সৰ্বাধিক অগ্রাধিকাৰ দিয়া হৈছে৷ চলিত বৰ্ষৰ ১৫ আগষ্টত মই লালকিল্লাৰ প্রাচীৰৰ পৰা প্রদান কৰা ভাষণত কৈছিলো যে আমি এতিয়া এই প্রকল্পসমূহক গতি প্ৰদান কৰিব লাগিব, অর্থা ১০০শতাংশ লক্ষ্য পূৰণ কৰিব লাগিব৷ এই লক্ষ্যসমূহ পূৰণৰ ক্ষেত্রত প্রমোদ ছাৱন্তজী আৰু তেওঁৰ দলৰ নেতৃত্বত গোৱাই অগ্রণী ভূমিকা পালন কৰিছে৷ ভাৰতে মুকলি স্থানত মলত্যাগৰ পৰা মুক্তিৰ লক্ষ্য লৈছিল। গোৱা ইতিমধ্যে সেয়া ১০০ শতাংশ বাস্তবায়িত কৰিছে। দেশৰ প্ৰতিটো পৰিয়ালত বিদ্যু সংযোগৰ লক্ষ্য লোৱা হৈছিল, সেৱাও গোৱাত ১০০ শতাংশ সম্পূৰ্ণ হৈছে৷ প্রতিটো পৰিয়ালত খোৱা পানী প্ৰদানৰ অভিযানো গোৱাই সৰ্বপ্ৰথমে ১০০ শতাংশ সম্পূৰ্ণ কৰিছে৷ দৰিদ্রসকলক বিনামূলীয়া ৰেচন প্ৰদানৰ ক্ষেত্রতো গোৱা ১০০ শতাংশ সফল!

বন্ধুসকল,

দুদিন পূৰ্বে ভাৰতে ১০০ কোটি ৰোনা টিকাৰ দিয়াৰ সাফল্য অর্জন কৰিছে৷ এই ক্ষেত্ৰতো গোৱাত ১০০ শতাংশ প্রথম সম্পূৰ্ণ হৈছে। গোৱাই এতিয়া দ্বিতীয় জৰ ১০০ শতাংশ লক্ষ্য পূৰণৰ বাবে সম্পূর্ণ শক্তিৰে কাম কৰি আহিছে।

ভাই-ভনীসকল,

মই অতিশয় আনন্দিত যে মহিলাসকলৰ বাবে অতি প্রয়োজনীয় বিভিন্ন ধৰণৰ সুবিধা আৰু সন্মানৰ প্ৰতি কেন্দ্রীয় চৰকাৰে যিবোৰ প্রকল্প আৰম্ভ কৰিছে, গোৱাত সেইবোৰ বাস্তবায়িত কৰাত সফল হৈছে৷ শৌচালয় পৰা আৰম্ভ কৰি উজ্জ্বলা ৰন্ধন গেছ সংযোগ বা জন ধন বেংক একাউণ্ট, গোৱাৰ মহিলাসকলে এই সকলো সেৱা প্রদানৰ ক্ষেত্রত ৰাজ্য চৰকাৰে যথেষ্ট ভাল কাম কৰিছে৷ ইয়াৰ ফলত ৰোনা লকডাউনৰ সময়ত হাজাৰ হাজাৰ ভগ্নীয়ে বিনামূলীয়া ৰন্ধন গেছ চিলিণ্ডাৰ পাইছে, তেওঁলোকৰ বেংক একাউণ্টত টকা জমা হৈছে, ঘৰে ঘৰে নলসংযোগী খোৱা পানী প্ৰদান কৰি গোৱা চৰকাৰে বহুতৰ জীৱন অতি সহজ কৰি তুলিছে৷ এতিয়া গোৱা চৰকাৰে গৃহ আধাৰআৰু দীনদয়াল চিয়েল চিকিউৰিটি দৰে প্রকল্পৰ জৰিয়তে গোৱাৰ ভগ্নীসকলৰ জীৱন আৰু অধিক উন্নত কৰাৰ কাম কৰিছে৷

ভাই-ভনীসকল,

যেতিয়া কঠিন সময় আহে, বিভিন্নধৰণৰ প্রতিকূলতা আহে, তেতিয়াই প্রকৃত সামর্থ্য উপলব্ধি কৰিব পৰা যায়। বিগত ডেৰ-দুই বছৰত গোৱাৰ সন্মুখত ১০০ বছৰৰ সর্ববৃহ মহামাৰী যেনেকৈ আহিছে, তেনেকৈ ভীষণ ঘূৰ্ণীবতাহ আৰু প্রলয়ংকাৰী বানৰ বিভীষিকাইও গোৱাবাসীক বিপৰ্যস্ত কৰিছে। মই অনুভৱ কৰো ইয়াৰ ফলত গোৱাৰ পর্যটন ক্ষেত্র কিমান ক্ষতিগ্রস্ত হৈছে৷ কিন্তু সকলো প্রতিকূল অৱস্থাক নেওচি গোৱা ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰে দুগুণ শক্তিৰে গোৱাৰ জনগণক সাহাৰ্য প্ৰদানৰ কাম কৰি আহিছে৷ আমি গোৱা চৰকাৰৰ কামক বলৈ দিয়া নাই৷ মই প্রমোদজী আৰু তেওঁৰ সমগ্ৰ দলটোক অভিনন্দন জনাও যে তেওঁলোকে স্বয়ংপূর্ণ গোৱা অভিযানক গোৱাৰ উন্নয়নৰ ভেটি কৰি লৈছে৷ এতিয়া এই অভিযানক আৰু অধিক দ্রুত কৰাৰ বাবে চৰকাৰ তুমচ্চাদাৰী ডাঙৰ পদক্ষেপো গ্ৰহণ কৰিছে।

বন্ধুসকল,

এয়া জনতাকেন্দ্ৰিক সক্ৰিয় প্ৰশাসন সেই ভাৱনাৰে প্রতিফলন। ইয়াৰ ফলত বিগত সাত বছৰত দেশ বহু আগুৱাই গৈছে৷ নে প্রশাসন চৰকাৰে নিজেই নাগৰিকৰ কাষলৈ যায় আৰু তেওঁৰ সমস্যাসমূহ সমাধান কৰে৷ গোৱাইও গ্রাম্যস্তৰত, পঞ্চায়ত আৰু জিলাস্তৰত এটা ভাল মডেল গঢ়ি তুলিছে৷ মোৰ দৃঢ় বিশ্বাস, যিদৰে কেন্দ্রৰ বিভিন্ন অভিযানে এতিয়ালৈকে গোৱাত ১০০ শতাংশ সফল হৈছে, বাকী অন্যান্য লক্ষ্য পূৰণৰ বাবেও এই ধৰণৰ প্রচেষ্টাৰ জৰিয়তে আপোনালোকে দ্রুতগতিত সেইবোৰৰ সমাধান কৰিব পাৰিব৷

বন্ধুসকল,

মই যেতিয়া গোৱাক লৈ কথা কওঁ, তেতিয়া ফুটবলক লৈ একো নক, এইটো কেতিয়াও নোৱাৰে৷ ফুটবলৰ বাবে গোৱাৰ আকৰ্ষণ অতি পৃথক৷ ফুটবলৰ বাবে গোৱাৰ উন্মাদনা অতুলনীয়। ফুটবলৰ ৰক্ষণ বিভাগেই হওক বা আক্রমণ বিভাগ, সকলোতে ৰিয়েণ্টেড কোনোবাই বচাবলগীয়া হৈছে আৰু কোনোবাই কৰিবলগীয়া হৈছে৷ নিজৰ নিজৰ বা লক্ষ্য পূৰণৰ এই ভাৱনা গোৱাৰ জনগণৰ মাজত কেতিয়াও কম নহয়৷ কিন্তু পূৰ্বতে যিবোৰ চৰকাৰ আছিল, তেওঁলোকৰ কাম-কাজত এক টীম স্পীৰিটবা ইতিবাচক পৰিৱেশ গঢ়ি দেখা নগৈছিল। বহু সময় ধৰি গোৱাত অনুশাসনৰ সৰ্বাধিক ডাঙৰ শত্রু আছিল ৰাজনৈতিক স্বার্থ। গোৱাত ৰাজনৈতিক অস্থিৰতাও ৰাজ্যৰ উন্নয়নক ক্ষতিগ্রস্ত কৰিছে৷ কিন্তু বিগত কেইটামান বছৰত গোৱাৰ জনগণে এই অস্থিৰতা দূৰ কৰিবলৈ সক্ষম হৈছে৷ মোৰ বন্ধু স্বর্গীয় মনোহৰ পাৰিকৰজীয়ে গোৱাক দ্রুতগতিত উন্নয়নৰ জৰিয়তে যি আত্মবিশ্বাসেৰে আগুৱাই লৈ গৈছে, বর্তমান মুখ্যমন্ত্রী প্রমোদজীৰ টীমে সম্পূর্ণ সততাৰে এই উন্নয়নযাত্ৰাক নতুন উচ্চতা প্রদান কৰিছে৷ আজি গোৱাই নতুন আত্মবিশ্বাসৰে আগুৱাই গৈছে। টীম গোৱা এই নতুন টিম স্পীৰিটৰে ফল হৈছে স্বয়ংপূর্ণ গোৱাৰ এই সংকল্প

ভাই-ভনীসকল,

গোৱাত এক অতি সমৃদ্ধ গ্রামীণ সংস্কৃতি আৰু এক আকর্ষণীয় নাগৰিক জীৱনো আছে। গোৱাত কৃষি-কাৰ্যও আছে আৰু সমান্তৰালভাৱে নীল অৰ্থনীতিবা সমুদ্রসম্পদ আৰু সমুদ্রবাণিজ্য নির্ভৰ অর্থনীতিবিকাশৰ সম্ভাৱনাও আছে। আত্মনির্ভৰ ভাৰত গঢ়াৰ বাবে যিবোৰ প্রয়োজনীয় আছে, সেয়া গোৱাৰ ওচৰত আছে। সেইবাৰে গোৱাৰ সম্পূর্ণ বিকাশক আপোনালোকে দ্বৈত ইঞ্জিনৰ চৰকাৰে যথেষ্ট অগ্রাধিকাৰ দিছে৷

বন্ধুসকল,

দ্বৈত ইঞ্জিনৰ চৰকাৰ গোৱাই গ্রামীণ নাগৰিক আৰু সমুদ্র উপকূলৱর্তী সেৱাৰ উন্নয়নৰ দিশত বিশেষ লক্ষ্য লৈছে। গোৱাৰ দ্বিতীয় বিমানবন্দৰ আৰু লজিষ্টিকছ হাব নির্মাণ, ভাৰতৰ দ্বিতীয় বৃহত্তম কেৱল ব্রিজ বা সেতু নির্মাণৰ পৰা আৰম্ভ কৰি কেইবা হাজাৰ কোটি টকা বিনিয়োগৰ জৰিয়তে নেচনেল হাইৱে নির্মাণ-এইবোৰ আন্তঃগাঁথনি উন্নয়নৰ কামে গোৱাত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাযোগ ব্যৱস্থা গঢ়ি তুলি উন্নয়নৰ ক্ষেত্রত নতুন মাত্রা প্ৰদান কৰিছে৷

ভাই-ভনীসকল,

গোৱাত বিকশিত নতুন আন্তঃগাঁথনিৰ জৰিয়তে কৃষক, পশুপালক আৰু আমাৰ স্যজীৱি বন্ধুসকলৰ ৰোজগাৰ বৃদ্ধিৰ ক্ষেত্রত যথেষ্ট সহায়ক হৈছে৷ গ্রামীণ আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ বাবে এই বছৰ গোৱাই যি পূঁজি লাভ কৰিব, সেয়া পূৰ্বৰ তুলনাত পাঁচগুণতকৈ অধিক৷ গোৱাৰ গ্রামীণ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰে গোৱাক ৫০০ কোটি টকা প্ৰদান কৰিছে৷ ইয়াৰ জৰিয়তে কৃষি আৰু পশুপালন ক্ষেত্রত গোৱাত চলি থকা কামে নতুন গতি লাভ কৰিব৷

বন্ধুসকল,

কৃষক আৰু স্যজীৱিসকলক বেংক আৰু বজাৰৰ সৈতে জড়িত কৰাৰ বাবে যিবোৰ আঁচনি কেন্দ্রীয় চৰকাৰে প্ৰস্তুত কৰিছে, সেইবোৰ প্রতিগৰাকী নাগৰিকৰ কাষলৈ নিয়াৰ বাবে গোৱা চৰকাৰে অপ্রাণ চেষ্টা কৰিছে৷ গোৱাত যথেষ্ট সংখ্যক ক্ষুদ্র কৃষক আছে৷ তেওঁলোকে এফালে যেনেকৈ শাক-পাচলি খেতিৰ ওপৰত নির্ভৰশীল, আনফালে স্যজীৱিসকলৰ বেংকৰ পৰা ঋণ পোৱাৰ যি সমস্যা আছিল, সেই সমস্যাৰ মোকাবিলা কৰাত কিষাণ ক্রেডিট কার্ড আঁচনি প্ৰসাৰিত কৰা হৈছে৷ ফালে ক্ষুদ্র কৃষকসকলে মিচন ডত কিষাণ ক্রেডিট কার্ড দিয়া হৈছে, আনফালে পশুপালক আৰু স্যজীৱিসকলক প্রথমবাৰলৈ ইয়াৰ সৈতে যুক্ত কৰা হৈছে৷ গোৱাত অতি কম সময়ত হাজাৰ হাজাৰ নতুন কিষাণ ক্রেডিট কার্ড দিয়া হৈছে আৰু কোটি কোটি টকা সাহায্য প্ৰদান কৰা হৈছে৷ পিএম কিষাণ ন্মান নিধিৰ জৰিয়তেও গোৱাৰ কৃষকসকলক যথেষ্ট সুবিধা হৈছে৷ ধৰণৰ প্রচেষ্টাৰ বাবে বহু নতুন বন্ধুয়েও কৃষিক নিজৰ বৃত্তি কৰি পাৰিছে৷ মাত্র এবছৰৰ ভিতৰতে গোৱাত শাক-পাচলি পাদনৰ ক্ষেত্রত প্রায় ৪০ শতাংশ বৃদ্ধি হৈছে। দুগ্ধ পাদনৰ ক্ষেত্রতো ২০ শতাংশতকৈ অধিক বৃদ্ধি হৈছে৷ মোক কোৱা হৈছে যে গোৱা ৰাজ্য চৰকাৰেও এই বছৰ কৃষকসকলৰ পৰা অভিলেখ পৰিমাণ খাদ্যশস্য ক্রয় কৰিছে৷

বন্ধুসকল,

খাদ্য প্রক্রিয়াকৰণ উদ্যোগে স্বয়ংপূর্ণ গোৱাৰ এক ডাঙৰ শক্তি হোৱাৰ দিশে গতি কৰিছে। বিশেষকৈ, স্য প্রক্রিয়াকৰণত গোৱা ভাৰতৰ অন্যতম প্রধান শক্তি হৈ উঠিব পাৰে৷ ভাৰততে কিছু সময় ধৰি কেঁচামাল ৰপ্তানি কৰিছে৷ ভাৰতৰ মাছ পূব এছিয়াৰ দেশসমূহত প্রক্রিয়াকৰণ হৈ বিশ্বৰ সকলো বজাৰ পাবলৈ সক্ষম হৈছে৷ এই পৰিস্থিতি পৰিৱর্তনৰ বাবে দেশৰ স্যপালন ক্ষেত্রক প্রথমবাৰলৈ ব্যাপক হাৰত সহায় কৰা হৈছে। মাছৰ ব্যৱসায়-বাণিজ্য নিয়ন্ত্রণৰ বাবে স্বতন্ত্র মন্ত্ৰালয় গঢ়ি তোলাৰ পৰা আৰম্ভ কৰি আমাৰ স্যজীৱিসকলৰ নৌকাসমূহৰ আধুনিকীকৰণলৈকে প্রতিয়া পৰ্যায়ত সাহ যোগোৱা হৈছে৷ প্রধানমন্ত্রী স্য সম্পদা যোজনাৰ জৰিয়তেও গোৱাত আমাৰ স্যজীৱিসকলে বহু সাহায্য লাভ কৰিছে৷

বন্ধুসকল,

গোৱাৰ পৰিৱেশ আৰু গোৱাৰ পর্যটনউভয়ৰে উন্নয়ন ভাৰতৰ সৰ্বাংগীন উন্নয়নৰ সৈতে প্রত্যক্ষভাৱে জড়িত৷ গোৱা, ভাৰতৰ পর্যটন ক্ষেত্রৰ এক প্রধান কেন্দ্র। ক্রমবর্ধমান ভাৰতৰ অর্থনীতিত পৰ্যটন, ভ্ৰমণ আৰু আতিথ্য উদ্যোগ অংশীদাৰিত্ব ক্রমান্বয়ে বৃদ্ধি পাইছে৷ এই ক্ষেত্ৰত গোৱাৰ অংশীদাৰিত্ব স্বাভাৱিকতে যথেষ্ট বেছি৷ বিগত কেইবা বছৰ ধৰি পৰ্যটন আৰু আতিথ্য খণ্ডৰ উন্নয়নৰ গতি বৃদ্ধি কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা লোৱা হৈছে, সহায় কৰা হৈছে৷ ভিছা অন এৰাইভেল সেৱা প্ৰসাৰিত কৰা হৈছে৷ যোগাযোগ উপৰি অন্যান্য পর্যটন আন্তঃগাঁথনি উন্নয়নৰ বাবে বিগত বছৰসমূহত কেন্দ্রীয় চৰকাৰে গোৱাক কোটি কোটি টকা সাহায্য প্ৰদান কৰিছে৷

বন্ধুসকল,

ভাৰতৰ টিকাকৰণ অভিযানেও গোৱাকে ধৰি দেশৰ সেই ৰাজ্যসমূহক বিশেষ সাহ প্রদান কৰা হৈছে, যিবোৰ পর্যটনৰ প্রধান কেন্দ্র। ইয়াৰ ফলত গোৱাও যথেষ্ট লাভবান হৈছে৷ গোৱাই দিনে-ৰাতিয়ে চেষ্টা কৰি নিজৰ ৰাজ্যৰ সকলো যোগ্য ব্যক্তিক টিকাৰ প্রথম প্ৰদান কৰিছে৷ এতিয়া সমগ্র দেশতে ১০০ কোটি টিকা প্ৰদানৰ লক্ষ্য অতিক্রম কৰিছে৷ ইয়াৰ ফলত দেশৰ জনগণৰ মনত বিশ্বাস বৃদ্ধি পাইছে, পর্যটকসকলৰ মনত বিশ্বাস বাঢ়িছে। এতিয়া আপোনালোক যেতিয়া দ্বীপাৱলী, বৰদিন আৰু নৱবর্ষ উদযাপনৰ প্রস্তুতি লৈছে, তেতিয়া বিভিন্ন সৱ আৰু ছুটিৰ সময়ত গোৱাৰ পর্যটন ক্ষেত্রত নতুন প্রাণশক্তি সঞ্চাৰ হোৱাটো আশা কৰা হৈছে৷ গোৱাত স্বদেশী আৰু বিদেশীউভয় প্রকাৰ পর্যটকৰ অহা-যোৱা নিশ্চিতভাবে বৃদ্ধি পাবলৈ গৈছে। এইটোৱো গোৱাৰ পর্যটন উদ্যোগৰ বাবে ডাঙৰ শুভ সংকেত৷

ভাই-ভনীসকল,

যেতিয়া গোৱাই এই ধৰণৰ উন্নয়নৰ প্রত্যেক সম্ভাবনাক ১০০ শতাংশ ব্যৱহাৰ কৰিব পাৰিব, তেতিয়াই গোৱাই স্বয়ংপূৰ্ণ ব৷ স্বয়ংপূৰ্ণ গোৱাই সাধাৰণ মানুহৰ আকাংক্ষা আৰু প্রত্যাশাসমূহক বাস্তবায়িত কৰাৰ সংকল্প লৈছে৷ স্বয়ংপূৰ্ণ গোৱা মা, ভনী আৰু কন্যাসকলৰ স্বাস্থ্য সেৱা, নিৰাপত্তা আৰু সন্মানৰ ভৰসা। স্বয়ংপূৰ্ণ গোৱাই আজি যুব সম্প্রদায়ৰ বাবে ৰোজগাৰ আৰু আত্মনির্ভৰ ৰোজগাৰৰ সুযোগ আনি দিছে৷ স্বয়ংপূৰ্ণ গোৱাত ৰাজ্যৰ সমৃদ্ধ ভৱিষ্যতৰ ছবি পৰিস্ফুট হৈছে৷ ইটো কেৱল পাঁচ মাহ বা পাঁচ বছৰীয়াৰ এক আঁচনি নহয়, এয়া অহা ২৫ বছৰৰ প্রয়োজনসমূহৰ কথা ভাৱি গ্রহণ কৰা দূৰদৃষ্টিসম্পন্ন পদক্ষেপৰ প্রথম পর্যায়। এই পর্যায়ত উপনীত হোৱাৰ বাবে গোৱাৰ প্রতিগৰাকী নাগৰিকক জঁপিয়াই পৰিব লাগিব৷ ইয়াৰ বাবে গোৱাত ক্রমান্বয়ে দ্বৈত ইঞ্জিন চৰকাৰ বিচাৰো যাতে ৰাজ্যখনে উন্নয়নৰ নিৰন্তৰ সুযোগ পায়৷ গোৱাই এতিয়া যেনেকৈ স্পষ্ট নীতি বিচাৰে, তেনেকৈ ভৱিষ্যতে এতিয়াৰ দৰে স্থিৰ চৰকাৰ বিচাৰে, এতিয়াৰ দৰে প্রাণশক্তিৰে ভৰপুৰ নেতৃত্ব বিচাৰে৷ গোৱাবাসীৰ বিপুল আশীর্বাদত আমি স্বয়ংপূৰ্ণ গোৱাৰ সংকল্পক বাস্তবায়িত কৰিম, এই বিশ্বাসেৰে আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনালো৷

বহুত বহুত ধন্যবাদ!

****

DS/AKJ/VK/AK



(Release ID: 1768455) Visitor Counter : 185