প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰাখণ্ডৰ চক্ৰতাত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


দুৰ্ঘটনাত ক্ষতিগ্ৰস্তসকলৰ বাবে পিএমএনআৰএফৰ পৰা এককালীন সাহায্যত অনুমোদন প্ৰধানমন্ত্ৰীৰ

Posted On: 31 OCT 2021 3:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ চক্ৰতাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে শোকাৱহ পথ দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত লোকসকলৰ আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি(পিএমএনআৰএফ) পৰা এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে।

 

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এক টুইটত উল্লেখ কৰা হৈছে,

 

উত্তৰাখণ্ডৰ চক্ৰতাত সংঘটিত পথ দুৰ্ঘটনা অতি দুখজনক। সাহায্য আৰু উদ্ধাৰ অভিযানত চৰকাৰ আৰু স্থানীয় প্ৰশাসন নিয়োজিত হৈ আছে। এই দুৰ্ঘটনাত প্ৰিয়জনক হেৰুওৱা সকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা। একে সময়তে, মই আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁঃ প্ৰধানমন্ত্ৰী মোদী

 

উত্তৰাখণ্ডৰ চক্ৰতাত সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ক প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি(পিএমএনআৰএফ) পৰা লাখ টকাৰ অনুদান প্ৰদান কৰা ব। আহতসকলৰ প্ৰত্যেককে ৫০,০০০ টকাকৈ আৰ্থিক সাহায্য দিয়া বঃ প্ৰধানমন্ত্ৰী@narendramodi’

 

 ****

DS/SH/KG



(Release ID: 1768453) Visitor Counter : 127