প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১১ অক্টোবৰত ভাৰতীয় মহাকাশ সংস্থাৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 09 OCT 2021 3:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ অক্টোবৰ, ২০২১ ৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰতীয় মহাকাশ সংস্থা (ISpA) ৰ শুভাৰম্ভ কৰিব। তেখেতে তদুপৰি এই উল্লেখযোগ্য কাৰ্য্যসূচীত মহাকাশ উদ্যোগটোৰ প্ৰতিনিধিসকলৰ সৈতে মত-বিনিময় কৰিব।

ভাৰতীয় মহাকাশ সংস্থা (ISpA) সম্পৰ্কে

ভাৰতীয় মহাকাশ সংস্থা (ISpA) হৈছে মহাকাশ আৰু কৃত্ৰিম উপগ্ৰহ কোম্পানীসমূহৰ এটি আগশাৰীৰ উদ্যোগ সংস্থা, যাৰ ভাৰতীয় মহাকাশ উদ্যোগটোৰ সমন্বিত কণ্ঠ হৈ পৰাৰ আকাংক্ষা আছে। ই চৰকাৰখন আৰু ইয়াৰ সংস্থাসমূহকে ধৰি ভাৰতীয় মহাকাশ ডমেইনৰ সকলো পক্ষকে জড়িত কৰিব আৰু নীতি সমৰ্থন আগবঢ়াব। প্ৰধানমন্ত্ৰীগৰাকীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিৰে খোজ মিলাই, ভাৰতীয় মহাকাশ সংস্থা (ISpA) ই ভাৰতক আত্ম-নিৰ্ভৰ কৰি তোলা, প্ৰযুক্তিগতভাৱে অগ্ৰগতি সাধন আৰু মহাকাশ প্ৰেক্ষাপটত নেতৃস্থানীয় প্লেয়াৰ হৈ উঠাত সহায় কৰিব।

ভাৰতীয় মহাকাশ সংস্থা (ISpA) ক প্ৰতিনিধিত্ব কৰিছে মহাকাশ আৰু কৃত্ৰিম উপগ্ৰহ প্ৰযুক্তিসমূহত উন্নত ক্ষমতা সমৃদ্ধ শীৰ্ষস্থানীয় ঘৰুৱাভাৱে বিকাশ হোৱা আৰু বৈশ্বিক কৰ্প’ৰেশ্যনসমূহে। ইয়াৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ ভিতৰত আছেঃ লাৰ্ছেন এণ্ড টুব্রো, নেলক’ (টাটা গ্ৰুপ), ওৱানৱেব, ভাৰতী এয়াৰটেল, মেপমাইইণ্ডিয়া, ৱালচান্দনগৰ ইণ্ডাষ্ট্ৰীজ আৰু অনন্ত টেকনল’জি লিমিটেড। আন মূল সদস্যসকলৰ ভিতৰত আছেঃ গডৰেজ, হিউজেছ ইণ্ডিয়া, এজিষ্টা-বিএছটি এৰ’স্পেছ প্ৰাইভেট লিমিটেড, বিইএল, চেন্টাম ইলেকট্ৰনিক্স, মেক্সাৰ ইণ্ডিয়া।

***

DS/SH/SB



(Release ID: 1763864) Visitor Counter : 163