প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৮ ছেপ্টেম্বৰত বিশেষ বৈশিষ্ট্যযুক্ত ৩৫ ফচলৰ জাত ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰীয়ে ৰায়পুৰস্থিত ৰাষ্ট্ৰীয় বাঅ’টিক ষ্ট্ৰেচ মেনেজমেন্ট প্ৰতিষ্ঠানৰ নৱ নিৰ্মিত চৌহদ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব

কৃষি বিশ্ববিদ্যালয়সমূহলৈ গ্ৰীণ কেম্পাছ এৱাৰ্ডো আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

Posted On: 27 SEP 2021 7:30PM by PIB Guwahati

জলবায়ু প্ৰতিৰোধী প্ৰযুক্তিসমূহৰ অভিযোজনাৰ অৰ্থে জন সজাগতা সৃষ্টিৰ প্ৰচেষ্টা হিচাপে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ ছেপ্টেম্বৰৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সকলো আইচিএআৰ প্ৰতিষ্ঠান, ৰাজ্যিক আৰু কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰ (KVK) সমূহত আয়োজিত এটি ভাৰত ভিত্তিক কাৰ্য্যক্ৰমত বিশেষ বৈশিষ্ট্যযুক্ত ৩৫ ফচলৰ জাত ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰায়পুৰস্থিত ৰাষ্ট্ৰীয় বাঅটিক ষ্ট্ৰেচ মেনেজমেন্ট প্ৰতিষ্ঠানৰ নৱ নিৰ্মিত চৌহদ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।

একেটা কাৰ্য্যসূচীতে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষি বিশ্ববিদ্যালয়সমূহলৈ গ্ৰীণ কেম্পাছ এৱাৰ্ড আগবঢ়াব তথা একেদৰে উদ্ভাৱনীমূলক পদ্ধতি ব্যৱহাৰ কৰা কৃষকসকলৰ সৈতে মত-বিনিময় কৰিব আৰু উপস্থিতসকলক সম্বোধন কৰিব।

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় কৃষিমন্ত্ৰী আৰু চত্তীশগড়ৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব।

বিশেষ বৈশিষ্ট্যযুক্ত ফচলৰ জাত সম্পৰ্কে

জলবায়ু পৰিৱৰ্তন আৰু অপুষ্টি উক্ত দুই প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR) য়ে এই বিশেষ বৈশিষ্ট্যযুক্ত ফচলৰ জাতসমূহৰ বিকাশ সাধন কৰিছে। জলবায়ু প্ৰতিৰোধী আৰু অধিক পুষ্টিদায়ক উপাদান সমৃদ্ধ বিশেষ বৈশিষ্ট্যযুক্ত পয়ত্ৰিশ এনে ফচলৰ জাত ২০২১ বৰ্ষত বিকাশ সাধন কৰা হয়। ইয়াত আছে বুটৰ খৰাং বতৰ সহনশীল জাত, উইল্ট আৰু ষ্টেৰিলিটি মজেইক প্ৰতিৰোধী ৰহৰ, ছয়াবিনৰ শীঘ্ৰেই শ্ৰীবৃদ্ধি ঘটা জাত, ধানৰ ৰোগ প্ৰতিৰোধী জাত আৰু ঘেঁহু, বজৰা, গোমধান আৰু মটৰ, কুইনো, বকুইট, উৰহী আৰু ফ্যাবা বিনৰ বাঅ’ফৰ্টিফাইড জাত।

এই বিশেষ বৈশিষ্ট্যযুক্ত ফচলৰ জাতসমূহৰ মাজত তদুপৰি আছে মানৱ আৰু জীৱৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলোৱা বুলি প্ৰমাণিত পুষ্টিকৰ উপাদান প্ৰতিকূল ফচলৰে মোকাবিলা কৰা ফচলসমূহো। এনে জাতসমূহৰ উদাহৰণ হৈছেঃ পুছা ডাবল জিৰ’ মাষ্টাৰ্ড ৩৩, <২% ইৰুচিত এচিড আৰু <৩০ পিপিএম গ্ল’কোচিন’লেটছৰ সৈতে প্ৰথম কেন’লা কোৱালিটি হাইব্ৰিড আৰচিএইচ ১ আৰু কুনিটজ ট্ৰাইপচিন নিৰোধক আৰু লাইপক্সিজেনেচৰ দৰে দুই পুষ্টিকৰ উপাদান প্ৰতিকূলতাৰপৰা মুক্ত এটি ছয়াবিনৰ জাত। ছয়াবিন, জোৱাৰ আৰু বেবী কৰ্ণৰ আন বিশেষ বৈশিষ্ট্যযুক্ত জাতসমূহৰ বিকাশ সাধন কৰা হৈছে।

ৰাষ্ট্ৰীয় বাঅটিক ষ্ট্ৰেচ মেনেজমেন্ট প্ৰতিষ্ঠান সম্পৰ্কে

ৰায়ুপুৰস্থিত ৰাষ্ট্ৰীয় বাঅটিক ষ্ট্ৰেচ মেনেজমেন্ট প্ৰতিষ্ঠান স্থাপনৰ উদ্দেশ্য আছিল বাঅ’টিক ষ্ট্ৰেচৰ প্ৰাথমিক আৰু কৌশলগত গৱেষণা কৰা, মানৱ সম্পদ সৃষ্টি আৰু নীতি সমৰ্থন আগবঢ়োৱা। ২০২০-২১ শৈক্ষিক বৰ্ষৰপৰা প্ৰতিষ্ঠানখনিয়ে পিজি পাঠ্যক্ৰম আৰম্ভ কৰিছে।

গ্ৰীণ কেম্পাছ এৱাৰ্ড সম্পৰ্কে

ৰাজ্যিক আৰু কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়সমূহৰ চৌহদক অধিক সেউজীয়া আৰু স্বচ্ছ কৰি তোলাৰ পন্থাৰ বিকাশ সাধন বা অভিযোজনাৰ অৰ্থে অনুপ্ৰাণিত কৰিবলৈ গ্ৰীণ কেম্পাছ এৱাৰ্ডৰ সূচনা কৰা হৈছিল। এই বঁটা প্ৰৱৰ্তনৰ আন উদ্দেশ্যৰাজি আছিল ‘স্বচ্ছ ভাৰত অভিযান’, ‘আৱৰ্জনাৰপৰা সম্পদলৈ অভিযান’ৰে জড়িত হোৱাত এনে প্ৰতিষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীক উদ্বুদ্ধ কৰা, ৰাষ্ট্ৰীয় শিক্ষা নীতি- ২০২০ অনুসৰি সমাজৰে সংযোগ সাধনৰ প্ৰতি তেওঁলোকক উৎসাহিত কৰি তোলা।

 

****

DS/AKJ/SB



(Release ID: 1761720) Visitor Counter : 185