প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্যামজী কৃষ্ণ বর্মাৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ

Posted On: 04 OCT 2021 10:36AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্যামজী কৃষ্ণ বর্মাৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ২০০৩ ত ছুইজাৰলেণ্ডৰপৰা ভাৰতলৈ শ্যামজী কৃষ্ণ বর্মাৰ ভষ্ম অনা আৰু ২০১৫ ত যুক্তৰাজ্যৰপৰা তেওঁৰ ৰিইনছটেটমেন্ট চাৰ্টিফিকেট লাভ কৰাৰ কথা দোহাৰে।

এলানি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মহান ক্ৰান্তিকাৰী আৰু স্বতন্ত্ৰতা সেনানী শ্যামজী কৃষ্ণ বর্মাৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছো। দেশক দাসত্বৰপৰা মুক্ত কৰিবলৈ তেওঁ নিজৰ জীৱনক সমৰ্পিত কৰিছিল। কৃতজ্ঞ ৰাষ্ট্ৰই স্বাধীনতাৰ যুঁজত তেওঁৰ যোগদান কেতিয়াও পাহৰি নাযায়।

শ্যামজী কৃষ্ণ বর্মাৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছো।

২০০৩ ত ছুইজাৰলেণ্ডৰপৰা শ্যামজী কৃষ্ণ বর্মাৰ ভষ্ম কঢ়িয়াই অনা আৰু ২০১৫ ত মোৰ যুক্তৰাজ্য ভ্ৰমণৰ সময়ছোৱাত তেওঁৰ ৰিইনছটেটমেন্ট চাৰ্টিফিকেট গ্ৰহণৰ সুযোগ লাভে মোক কৃতাৰ্থ কৰিছিল। ভাৰতৰ যুৱ সমাজে তেওঁৰ সাহসিকতা আৰু মহানতা সন্দৰ্ভত অধিক জনাতো গুৰুত্বপূৰ্ণ।"

****

DS/SH/SB



(Release ID: 1761099) Visitor Counter : 201