প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ প্রধানমন্ত্রী ডিজিটেল স্বাস্থ্য মিচনৰ শুভাৰম্ভ কৰিব প্রধানমন্ত্রীয়ে


আয়ুষ্মান ভাৰত ডিজিটেল স্বাস্থ্য মিচন এনে এক অনলাইন প্লেটফৰ্মৰ গঢ় দিব, যি ডিজিটেল স্বাস্থ্য ব্যৱস্থাক আৰু অধিক কার্যকৰী কৰি তুলিব

Posted On: 26 SEP 2021 2:28PM by PIB Guwahati

এক ঐতিহাসিক পদক্ষেপ হিচাপে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ (২৭ ছেপ্টেম্বৰ) পুৱা ১১বজাত ভিডিঅ কনফাৰেন্সযোগে প্রধানমন্ত্রী ডিজিটেল স্বাস্থ্য মিচনৰ শুভাৰম্ভ কৰিব৷ তেওঁ এই উপলক্ষে ভাষণো প্ৰদান কৰিব৷

উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে ২০২০ চনৰ ১৫ আগষ্টত লালকিল্লাৰ প্রাচীৰৰ পৰা পৰীক্ষামূলক ভাবে ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিচনৰ কথা ঘোষণা কৰিছিল৷ বর্তমান এই স্বাস্থ্য মিচন পৰীক্ষামূলকভাবে ৬খন কেন্দ্রশাসিত অঞ্চলত ৰূপায়ণ কৰা হৈছে

ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ অধীনত আয়ূষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ তৃতীয় বর্ষপূর্তি উদযাপনৰ সৈতে দেশজুৰি প্রধানমন্ত্রী ডিজিটেল স্বাস্থ্য মিচনৰ শুভাৰম্ভ কৰা হৈছে এই উপলক্ষে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী উপস্থিত থাকিব৷

প্রধানমন্ত্রী ডিজিটেল স্বাস্থ্য মিচন (পিএম-ডিএইচএম) সম্পর্কে

জনধন, আধাৰ আৰু মোবাইল (জাম)এই ত্রিপাক্ষিক প্ৰচেষ্টা চৰকাৰৰ অন্যান্য ডিজিটেল কর্মসূচীৰ ওপৰত ভিত্তি কৰি হাতত লোৱা প্রধানমন্ত্রী ডিজিটেল স্বাস্থ্য মিচনে এনে এক অনলাইন প্লেটফৰ্ম গঢ়ি তুলিব, যাৰ সহায়ত বিভিন্ন ডাটা, তথ্য, আন্তঃগাঁথনি সম্পৰ্কীয় সেৱাকে ধৰি স্বাস্থ্য সম্পৰ্কীয় ব্যক্তিগত তথ্যৰ গোপনীয়তা বজাই ৰখা সম্ভৱ তদুপৰি, ডিজিটেল স্বাস্থ্য মিচনৰ জৰিয়তে নাগৰিকসকলৰ সন্মতিৰ ভিত্তিত স্বাস্থ্য সম্পৰ্কীয় তথ্য জনা আৰু সেইবোৰ বিনিময় কৰিব পৰা যাব৷

প্রধানমন্ত্রী ডিজিটেল স্বাস্থ্য মিচনত প্রতিগৰাকী নাগৰিকৰ বাবে এক স্বাস্থ্য পৰিচয় পত্ৰ কার্ড প্ৰস্তুত কৰা প্রকৃতাৰ্থত এই কাৰ্ডে প্রত্যেক নাগৰিকৰ স্বাস্থ্য একাউণ্ট হিচাপে কাম কৰিব তদুপৰি ব্যক্তিগত স্বাস্থ্য সম্পৰ্কীয় তথ্য মোবাইল এপ্লিকেশ্যনৰ সহায়ত লিংক কৰা লগতে সেইটো চাব পাৰিব৷ এই মিচনত স্বাস্থ্য সেৱা বৃত্তিৰ পঞ্জীয়ন আৰু স্বাস্থ্য সুবিধা পঞ্জীয়ন থাকিব, যি আধুনিক আৰু পৰম্পৰাগত চিকিসা পদ্ধতিৰ সৈতে জড়িত সকলো স্বাস্থ্য সেৱাদাতাৰ তথ্য ভাণ্ডাৰ হিচাপে কাম কৰিব এই নতুন ব্যৱস্থাৰ ফলত হাস্পতাল আৰু স্বাস্থ্য সেৱাদাতাসকলে সহজে সেৱা প্ৰদান কৰিব পাৰিব

ডিজিটেল স্বাস্থ্য মিচনৰ আন এক অংগ হৈছে চেণ্ড বক্স। এই পদ্ধতিৰ সহায়ত প্রযুক্তি আৰু সেৱাৰ গুণমান পৰীক্ষা কৰা সম্ভৱ

ডিজিটেল স্বাস্থ্য মিচনে ডিজিটেল স্বাস্থ্য ব্যৱস্থাত পাৰস্পৰিক তথ্য লেনদেনৰ কাম কৰিব৷ ইউনিফাইড পেমেণ্ট ইণ্টাৰফেছ(ইউপিআই) যেনেকৈ মাছুল প্রদান ব্যৱস্থাত বিপ্লৱ আনিছে, ডিজিটেল স্বাস্থ্য মিচনেও তেনেদৰে স্বাস্থ্য সেৱা ব্যৱস্থাত আমূল পৰিৱর্তন আনিব ইয়াৰ ফলত সাধাৰণ জনতাই সহজে স্বাস্থ্য সেৱাৰ সুবিধা পাৰিব৷

****

DS/SH/DB



(Release ID: 1760795) Visitor Counter : 211