প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

যুটীয়াভাৱে সংসদ টিভিৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

Posted On: 15 SEP 2021 8:42PM by PIB Guwahati

নমস্কাৰ!

কাৰ্যক্ৰমত আমাৰ সৈতে উপস্থিত ৰাজ্যসভাৰ মাননীয় সভাপতি আৰু দেশৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী ভেংকায়া নাইডু জী, লোকসভাৰ মাননীয় অধ্যক্ষ শ্ৰীমান ওম বিৰলা জী, ৰাজ্যসভাৰ মাননীয় উপ-সভাপতি শ্ৰী হৰিবংশ জী, লোকসভা আৰু ৰাজ্যসভাৰ বিৰোধী নেতৃবৰ্গ, ইয়াত উপস্থিত অন্য মহানুভৱ, দেৱীসকল আৰু সুধী সমাজ!

 

আজিৰ দিনটোৱে আমাৰ সংসদীয় ব্যৱস্থাত এটা আৰু গুৰুত্বপূৰ্ণ অধ্যায় সংযোগ কৰিছে।

 

আজি দেশে সংসদ টিভিৰ ৰূপত সঞ্চাৰ আৰু সংবাদৰ এটা এনেকুৱা মাধ্যম পাইছে, যি দেশৰ গণতন্ত্ৰ আৰু জনপ্ৰতিনিধিৰ নতুন কণ্ঠ হিচাপে কাম কৰিব।

 

মই আপোনালোক সকলোৰে এই ধাৰণাক সাকাৰ কৰা সমগ্ৰ টীমক শুভেচ্ছা জনাইছো। যেনেকৈ আমাৰ স্পীকাৰ ডাঙৰীয়াই কৈছে যে আজি দূৰদৰ্শনৰ প্ৰতিষ্ঠাৰো ৬২ বছৰ সম্পূৰ্ণ হৈছে। এয়া বহুত দীঘলীয়া যাত্ৰা। এই যাত্ৰাক সফল কৰিবলৈ অনেক লোকৰ যোগদান আছে। মই দূৰদৰ্শনৰ সঞ্চালনৰ সৈতে জড়িত সকলো লোককে অভিনন্দন জনাইছো।

 

বন্ধুসকল,

দ্ৰুতগতিত সলনি হৈ থকা সময়ত মিডিয়া আৰু টিভি চেনেলসমূহৰ ভূমিকাও বহুত দ্ৰুত গতিত সলনি হৈ আছে। ২১ শতিকাই তো বিশেষভাৱে সঞ্চাৰ আৰু সংবাদৰ জৰিয়তে revolution আনি আছে। এনে অৱস্থাত এই কথা স্বাভাৱিক হৈ পৰে যে আমাৰ সংসদৰ জড়িত চেনেলেও এই ব্যৱস্থাসমূহৰ হিচাপত নিজকে transform কৰিব।

 

মই আনন্দিত যে সংসদ টিভিৰ জৰিয়তে আজি এটা নতুন আৰম্ভণি হৈ আছে। মোক এই কথাও কোৱা হৈছে যে নিজৰ নতুন অৱতাৰত সংসদ টিভিয়ে ছচিয়েল মিডিয়া আৰু OTT platformsতো থাকিব, আৰু ইয়াৰ নিজা app-ও থাকিব। ইয়াৰ জৰিয়তে আমাৰ সংসদীয় সংবাদ কেৱল আধুনিক টেকনলজিৰ সৈতে সংযুক্ত হ'ব এনে নহয়, বৰং সাধাৰণ লোকলৈকে ইয়াৰ সংযোগো বৃদ্ধি পাব।

 

আজি এয়া সুখদায়ক সংযোগো যে ১৫ ছেপ্টেম্বৰক International Day of Democracy হিচাপে পালন কৰা হয়। আৰু যেতিয়া গণতন্ত্ৰৰ কথা আহে তেতিয়া ভাৰতৰ দায়িত্ব আৰু বাঢ়ি যায়। ভাৰত গণতন্ত্ৰৰ জননী। India is the mother of democracy. ভাৰতৰ বাবে গণতন্ত্ৰ কেৱল এটা ব্যৱস্থা নহয়, এটা বিচাৰ। ভাৰতত গণতন্ত্ৰ কেৱল সাংবিধানিক গাঁথনি নহয়, বৰং এটা spirit। ভাৰতত গণতন্ত্ৰ কেৱল সাংবিধানিক ধাৰাসমূহৰ সংগ্ৰহেই নহয়, ই হৈছে আমাৰ জীৱন ধাৰা। সেয়ে International Day of Democracyৰ দিনা সংসদ টিভি লঞ্চ হোৱাটো নিজে নিজেই বহুত প্ৰাসংগিক হৈ আছে।

 

একেদৰেই ভাৰতত আমি সকলোৱে আজি ইঞ্জিনিয়াৰছ ডেও পালন কৰিছো। এম বিশ্বেশ্বৰৰেয়াৰ জন্ম জয়ন্তীত এই শুভ দিনটো ভাৰতৰ মেহনতী আৰু দক্ষ ইঞ্জিনিয়াৰসকলৰ প্ৰতি সমৰ্পিত। টিভিৰ জগতখনত তো OB ইঞ্জিনিয়াৰ, ছাউণ্ড ইঞ্জিনিয়াৰ, গ্ৰাফিক ডিজাইনিঙৰ সৈতে জড়িত লোক, পেনেল চম্ভালা লোক, ষ্টুডিঅ' ডাইৰেক্টৰছ, কেমেৰামেন, ভিডিঅ' এডিটৰ্ছ, কিমান যে প্ৰফেচনেলছে  ব্ৰডকাষ্টক সম্ভৱ কৰি তোলে। আজি মই সংসদ টিভিৰ লগতে দেশৰ সকলো টিভি চেনেলত কাম কৰা ইঞ্জিনিয়াৰসকলকো বিশেষভাৱে অভিনন্দন জনাইছো।

 

বন্ধুসকল,

আজি যি সময়ত দেশে স্বাধীনতাৰ ৭৫ বছৰ পালন কৰি আছে, তেতিয়া আমাৰ সন্মুখত অতীতৰ গৌৰৱো আছে আৰু ভৱিষ্যতৰ সংকল্পও আছে। এই দুয়োখন ক্ষেত্ৰতে মিডিয়াৰ বহুত ডাঙৰ ভূমিকা আছে। মিডিয়াই যেতিয়া কোনো বিষয় উত্থাপন কৰে, যেনে স্বচ্ছ ভাৰত অভিযান, তেতিয়া সি বহুত দ্ৰুততাৰে প্ৰতিজন লোকৰ ওচৰলৈ লৈ যায়। স্বাধীনতাৰ অমৃত মহোৎসৱত দেশবাসীৰ প্ৰয়াসসমূহ প্ৰচাৰিত-প্ৰসাৰিত কৰা কাম মিডিয়াই ভালদৰে কৰিব পাৰে। উদাহৰণ স্বৰূপে, টিভি চেনেলসমূহে স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত ৭৫টা এপিছোড প্লেন কৰিব পাৰে, documentaries বনাব পাৰে। বাতৰিয়ে অমৃত মহোৎসৱৰ সৈতে জড়িত পৰিশিষ্ট প্ৰকাশ কৰিব পাৰে। ডিজিটেল মিডিয়াই quiz, competitionৰ দৰে ideasৰ জৰিয়তে যুৱক-যুৱতীসকলক পোনপটীয়াকৈ জড়িত কৰাব পাৰে।

 

মোক কোৱা হৈছে যে সংসদ টিভিৰ টীমে এই দিশত একাধিক প্ৰগ্ৰেমছ প্লেনো কৰিছে। এই প্ৰগ্ৰেমবিলাকে অমৃত মহোৎসৱৰ ভাবনাক প্ৰতিজন লোকৰ ওচৰলৈ লৈ যোৱাত যথেষ্ট সহায় কৰিব।

 

বন্ধুসকল,

আপোনালোক সকলো কমিউনিকেচন ফিল্ডৰ ক্ৰিয়েটিভ লোক। আপোনালোকে প্ৰায়ে কয় যে "কনটেণ্ট ইজ কিং"। মই আপোনালোকৰ সৈতে নিজৰ অনুভৱৰ আৰু এটা কথা ক'ব খোজো। মোৰ অনুভৱ হৈছে "কনটেণ্ট ইজ কানেক্ট"। অৰ্থাৎ, যেতিয়া আপোনাৰ ওচৰত উন্নত কনটেণ্ট থাকেতেতিয়া মানুহে নিজে আপোনাৰ সৈতে জড়িত হৈ পৰে। এই কথা যিমান মিডিয়াৰ ওপৰত প্ৰযোজ্য হয়, সিমানেই আমাৰ সংসদীয় ব্যৱস্থাৰ ওপৰতো প্ৰযোজ্য হয়। কিয়নো সংসদত কেৱল ৰাজনীতিয়েই নহয়, পলিচীও হয়।

 

আমাৰ সংসদত যেতিয়া অধিৱেশন হয়, বেলেগ বেলেগ বিষয়ৰ ওপৰত বিতৰ্ক হয় তেতিয়া যুৱক-যুৱতীসকলৰ বাবে কিমান যে জানিবলগীয়া শিকিবলগীয়া থাকে। আমাৰ মাননীয় সদস্যসকলেও দেখি আছে যেতিয়া তেওঁলোকেও সংসদৰ ভিতৰত উন্নত আচৰণৰ, উন্নত ব্যৱহাৰৰ প্ৰেৰণা লাভ কৰে। ইয়াৰ ফলত পাৰ্লিয়ামেণ্টৰ productivityও বাঢ়ে, আৰুজনহিতৰ কামে popularityও লাভ কৰে।

 

সেয়ে, ই বহুত আৱশ্যকীয় যে সদনৰ কাৰ্য বিৱৰণৰ সৈতে সাধাৰণ লোকে কানেক্ট কৰক, যদিও তেওঁলোক দেশৰ যিকোনো প্ৰান্তত থাকে, সদনৰ গতিবিধিৰ অংশ হওক। এনে অৱস্থাত সংসদ টিভিয়েও নিজৰ কাৰ্যক্ৰমৰ নিৰ্বাচন, জনসাধাৰণৰ, বিশেষকৈ যুৱক-যুৱতীসকলৰ ৰুচীৰ আধাৰত কৰিব লাগিব। ইয়াৰ বাবে ভাষাৰ ওপৰত মনোযোগ দিব লাগিব, ইণ্টাৰেষ্টিং আৰু এংগেজিং পেকেজ, এয়া প্ৰগ্ৰেম অনিবাৰ্য হৈ পৰিব।

 

যেনেকৈ সংসদত হোৱা ঐতিহাসিক ভাষণ ল'ব পৰা যায়। সাৰ্থক আৰু যুক্তিপূৰ্ণ বিতৰ্কৰ সমান্তৰালকৈ কেতিয়াবা কিছুমান আমোদজনক ক্ষণো দেখুৱাব পৰা যায়। বেলেগ বেলেগ সাংসদৰ বিষয়ে তথ্য দিব পৰা যায়, যাতে জনসাধাৰণে তেওঁলোকৰ কাম-কাজৰ তুলনাত্মক বিশ্লেষণ কৰিব পাৰে। বহু সাংসদে বেলেগ বেলেগ ক্ষেত্ৰত বহু প্ৰশংসনীয় কামো কৰি আছে। তেওঁলোকৰ এই প্ৰয়াসক আপোনালোকে দেশৰ সন্মুখত ৰাখিব, তেতিয়া তেওঁলোকৰো উৎসাহ বাঢ়িব আৰু আন জনপ্ৰতিনিধিয়েও সকাৰাত্মক ৰাজনীতিৰ প্ৰেৰণা লাভ কৰিব।

 

বন্ধুসকল,

আৰু এটা গুৰুত্বপূৰ্ণ বিষয় যাক আমি অমৃত মহোৎসৱত উত্থাপন কৰিব পাৰো, সেয়া হৈছে আমাৰ সংবিধান আৰু নাগৰিক কৰ্তব্য! দেশৰ নাগৰিকসকলৰ কৰ্তব্য কি, ইয়াক লৈ নিৰন্তৰ সজাগতাৰ প্ৰয়োজন। আৰু মিডিয়া এই সজাগতাৰ বাবে এটা প্ৰভাৱশালী মাধ্যম। মোক কোৱা হৈছে যে সংসদ টিভিয়ে এনেকুৱা একাধিক প্ৰগ্ৰেমছ লৈ আহিব।

 

এই প্ৰগ্ৰেমবিলাকৰ জৰিয়তে আমাৰ যুৱক-যুৱতীসকলে আমাৰ গণতান্ত্ৰিক সংস্থাসমূহৰ বিষয়ে, তাৰ কাৰ্য প্ৰণালীৰ জৰিয়তেই নাগৰিক কৰ্তব্যসমূহৰ বিষয়ে যথেষ্ট কথা শিকিব পাৰিব। এনেদৰে ৱৰ্কিং কমিটীসমূহ, legislative workৰ গুৰুত্ব, আৰু বিধানসভাবিলাকৰ কামকাজৰ বিষয়ে এনেকুৱা বহু তথ্য পাব যি ভাৰতৰ গণতন্ত্ৰক গভীৰভাৱে বুজাত সহায় কৰিব।

 

 মই বিশ্বাস কৰো যে সংসদ টিভিত ভূমিস্তৰৰ গণতন্ত্ৰৰ ৰূপত কাম কৰা পঞ্চায়তসমূহৰ ওপৰতো প্ৰগ্ৰেম প্ৰস্তুত কৰা হ'ব। এই প্ৰগ্ৰেমবিলাকে ভাৰতৰ গণতন্ত্ৰক এক নতুন শক্তি দিব, এক নতুন চেতনা দিব।

 

বন্ধুসকল,

আমাৰ সংসদ, বেলেগ বেলেগ ৰাজনৈতিক দল, আমাৰ মিডিয়া, আমাৰ সংস্থান,  সকলোৰে নিজৰ বেলেগ বেলেগ কৰ্মক্ষেত্ৰ আছে। কিন্তু দেশৰ সংকল্পৰ পূৰ্তিৰ বাবে সকলোৰে প্ৰয়াসৰ প্ৰয়োজন, একত্ৰিত প্ৰয়াসৰ প্ৰয়োজন।

 

মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমি সকলোৱে বেলেগ বেলেগ ভূমিকাত উমৈহতীয়া সংকল্পসমূহ লৈ আগবাঢ়িম, আৰু এখন নতুন ভাৰতৰ সপোন পূৰণ কৰিম।

 

এই বিশ্বাসেৰেই মই ভাই ৰৱি কপুৰকো বহুত অভিনন্দন জনাব বিচাৰিছো কিয়নো তেওঁৰ কৰ্মক্ষেত্ৰ নাই, কিন্তু যোৱা কিছু সময়ত তেওঁ যেনেদৰে বিশ্বৰ মানুহৰ সৈতে  consult কৰিলে, তেওঁলোকৰ পৰা মাৰ্গদৰ্শন ল'লে, আইডিয়াজ ল'লে, আৰু যেনেকৈ তেওঁ ৰচনা কৰিলে ….. এবাৰ মোক তেওঁ সেই কথা ক'বলৈ আহিছিল, মই সঁচাকৈ বহুত প্ৰভাৱিত হৈছিলো। মই ৰৱিক আৰু তেওঁৰ গোটেই টীমক বহুত অভিনন্দন জনাইছো। আপোনালোককো সকলোকে বহুত বহুত অভিনন্দন, বহুত বহুত শুভকামনা!

 

****

 

DS/VK/AK



(Release ID: 1759953) Visitor Counter : 131