আয়ুষ

আয়ুষ মহাবিদ্যালয় স্থাপনৰ বাবে কেন্দ্ৰৰ আৰ্থিক সাহায্য ৯ কোটি টকাৰপৰা ৭০ কোটি টকালৈ বৃদ্ধি

পূৰ্বোত্তৰত নতুন আয়ুষ মহাবিদ্যালয় স্থাপনত কেন্দ্ৰই সহায় আগবঢ়াবলৈ ইচ্ছুকঃ শ্ৰী সৰ্বানন্দ সোণোৱাল

যোৱা বছৰকেইটাত প্ৰফেশ্যনেলসকলৰ বাবে আয়ুষ খণ্ডত কেৰিয়াৰৰ সুযোগ বৃদ্ধি পাইছেঃ শ্ৰী সোণোৱাল

গুৱাহাটীত আয়ুষ মন্ত্ৰালয়ে অনুষ্ঠিত কৰিলে ‘আয়ুষ ব্যৱস্থাত বিভিন্ন আৰু পৰিপূৰ্ণ কেৰিয়াৰ পথঃ শিক্ষা, উদ্যোগশীলতা ও নিয়োগ; পূৰ্বোত্তৰত গুৰুত্ব’ শীৰ্ষক সন্মিলন

Posted On: 11 SEP 2021 6:10PM by PIB Guwahati

সমগ্ৰ দেশখনতে অধিক আয়ুষ মহাবিদ্যালয় স্থাপন কৰাতো নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰখনে  আৰ্থিক সাহায্য ৯কোটি টকাৰপৰা ৭০ কোটি টকালৈ বৃদ্ধি কৰিছে বুলি কেন্দ্ৰীয় আয়ুষ আৰু বন্দৰ, জাহাজ পৰিবহণ ও জলমাৰ্গ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে কয়। মন্ত্ৰীজনে গুৱাহাটীত ‘আয়ুষ ব্যৱস্থাত বিভিন্ন আৰু পৰিপূৰ্ণ কেৰিয়াৰ পথঃ শিক্ষা, উদ্যোগশীলতা ও নিয়োগ; পূৰ্বোত্তৰৰ ৰাজ্যসমূহত গুৰুত্ব’ শীৰ্ষক সন্মিলন সম্বোধন কৰি এইদৰে কয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলত মাত্ৰ কেইখনমানহে আয়ুষ মহাবিদ্যালয় আছে আৰু মাথো অধিক যোগ্য প্ৰেক্টিশ্যনাৰ উপলব্ধকৰণৰ জৰিয়তেহে ভাৰতীয় পৰম্পৰাগত মেডিচিন ব্যৱস্থাটোক জনপ্ৰিয় কৰি তুলিব পৰা যাব।

“এই উদ্দেশ্যৰে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত অধিক আয়ুষ শিক্ষণ মহাবিদ্যালয় স্থাপন কৰাটো প্ৰয়োজন। পূৰ্বে, কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনি ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ অধীনত নতুন আয়ুষ মহাবিদ্যালয় স্থাপনৰ অৰ্থে ৰাজ্য চৰকাৰসমূহলৈ ৯ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছিল। এতিয়া, ভাৰত চৰকাৰখনে এই পৰিমাণ ৭০ কোটি টকালৈ বৃদ্ধি কৰিছে। ইয়াৰ অৰ্থে এনএএমৰ নীতি-নিৰ্দেশনা অনুসৰি, ৰাজ্যসমূহে ভূমি আৰু মানৱ সম্পদ চিনাক্ত কৰিব পাৰে আৰু এই সুযোগ লাভ কৰিব পাৰে,” সোণোৱালে কয়।

সোণোৱালে লগতে কয় যে আয়ুষ মন্ত্ৰালয়ে তদুপৰি অসমৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়খনিক ১০ কোটি টকা ব্যয় সাপেক্ষে চেন্টাৰ অৱ এক্সেলেন্স হিচাপে উন্নয়ন সাধনৰ অৰ্থে নীতিগত অনুমোদন প্ৰদান কৰিছে। তেওঁ কয় যে তেওঁৰ মন্ত্ৰালয়ে পূৰ্বস্নাতক শিক্ষাৰ মহাবিদ্যালয়সমূহৰ উন্নয়নৰ অৰ্থে ৫ কোটি টকাকৈ আৰু স্নাতকোত্তৰ প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধনৰ অৰ্থে ৬ কোটি টকাকৈ আগবঢ়াইছে।

মন্ত্ৰীজনে লগতে গুৱাহাটীস্থিত কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান (CARI) ত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমৰ স্বাস্থ্য খণ্ডৰ দক্ষতা পৰিষদৰ অনুমোদিত পঞ্চকৰ্ম টেকনিচিয়ান পাঠ্যক্ৰম আৰম্ভণিৰ কথা ঘোষণা কৰে। এই পাঠ্যক্ৰম আৰম্ভ কৰাৰ উদ্দেশ্য হৈছে উত্তৰ পূৰ্বাঞ্চলত পঞ্চকৰ্ম থেৰাপীৰ অৰ্থে দক্ষ মানৱ সম্পদ উপলব্ধ কৰি তোলা আৰু দেশখনৰ এই অংশত নিয়োগৰ সুযোগ বৃদ্ধি কৰা। উক্ত পাঠ্যক্ৰমত ১০+২ ছাত্ৰ-ছাত্ৰীৰ অৰ্থে ১০ খন আসন আছে।

“যোৱা বছৰকেইটাত আয়ুষ খণ্ডটোত সকলো শ্ৰেণীৰ প্ৰফেশ্যনেলৰ বাবে কেৰিয়াৰৰ সুযোগ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। তদুপৰি, এই প্ৰচেষ্টাৰাজিৰ বাবে, বিশ্বজুৰি জনসাধাৰণৰ মাজত আয়ুষ ব্যৱস্থাটোৰ প্ৰতি বিশ্বাস পুনৰ প্ৰোথিত হৈছে,” সোণোৱালে কয়। তেওঁ লগতে কয় যে জনসাধাৰণৰ বহু সংখ্যক হেল্থকেয়াৰ প্ৰয়োজনীয়তা পৰিপূৰণ আৰু এই দেশৰ বিকাশ আৰু উন্নয়নত বৰঙণি যোগাবলৈ আয়ুষৰ বৃহৎ সম্ভাৱনা আছে।

এই সন্মিলনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ স্বাস্থ্য ও পৰিয়াল কল্যাণ আৰু বিজ্ঞান ও প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই।

এমাহ পূৰ্বে আয়ুষ মন্ত্ৰালয়ে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ আয়ুষ মন্ত্ৰীসকলৰ বিশেষ সন্মিলন সফলতাৰে অনুষ্ঠিত কৰিছিল আৰু ইয়াত অঞ্চলটোত আয়ুষ বিভাগৰ জনপ্ৰিয়কৰণৰ অৰ্থে আন্তঃগাঁথনিৰ উন্নয়ন সাধন সন্দৰ্ভত আলোচনা হয়। আজিৰ সন্মিলন আছিল আয়ুষ শিক্ষা আৰু ইয়াত কেৰিয়াৰৰ সুযোগ সন্দৰ্ভত বিশেষজ্ঞ পৰ্য্যায়ৰ আলোচনাৰে পৰৱৰ্তী পদক্ষেপ।

ইয়াত ‘আয়ুৰ্বেদ শিক্ষা, কেৰিয়াৰৰ সুযোগ’ শীৰ্ষক প্ৰেজেনটেশ্যন আগবঢ়াই নেশ্যনেল কমিশ্যন ফৰ ইণ্ডিয়ান চিষ্টেম অৱ মেডিচিন (NCISM) ৰ অধ্যক্ষ বৈদ্য জয়ন্ত যশৱন্ত দেওপূজাৰীয়ে। ইয়াৰ পাছতেই উত্তৰ পূবৰ ৰাজ্যসমূহত আয়ুষৰ কেৰিয়াৰৰ সুযোগ আৰু সম্ভাৱনাৰ অন্বেষণ শীৰ্ষক এখনি আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত, ৰাষ্ট্ৰীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান, জয়পুৰৰ সঞ্চালক অধ্যাপক সঞ্জীৱ শৰ্মাই ‘উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত আয়ুৰ্বেদ শিক্ষা ও কেৰিয়াৰৰ সুযোগ’ শীৰ্ষক বিষয়ত ভাষণ আগবঢ়াই আৰু চিচিআৰএএছ, নতুন দিল্লীৰ সঞ্চালক প্ৰধান ডাঃ এন. শ্ৰীকান্থে ‘ভাৰতৰ উত্তৰ পূবৰ ৰাজ্যসমূহৰ গৱেষণা ও উন্নয়ন’ শীৰ্ষক বিষয়ক বক্তব্য প্ৰদান কৰে।

উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্যৰ প্ৰোৎসাহনৰ অৰ্থে বিভাগৰ ষ্টাৰ্টআপ ইণ্ডিয়াৰ প্ৰৱন্ধক শ্ৰীযুতা ইন্দ্ৰাণী মাহাতুৱে ‘আয়ুষ খণ্ডৰ ‘ষ্টাৰ্ট আপ’ৰ উদ্যোগশীলতা’ শীৰ্ষক বিষয়ত বিশেষ ভাষণ প্ৰদান কৰে।

‘হোমিঅ’পেথীৰ কেৰিয়াৰৰ সুযোগ; উত্তৰ পূবৰ ৰাজ্যসমূহত ঔদ্যোগিক দৃষ্টিকোণ’ শীৰ্ষক বিষয়ত ভাষণ আগবঢ়াই এনআইএইচ, কলকাতাৰ সঞ্চালক ডাঃ সুভাষ সিঙে; ‘উত্তৰ পূবৰ ৰাজ্যসমূহত হোমিঅ’পেথী শিক্ষাৰ কেৰিয়াৰৰ সুযোগ’ শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰে এনচিএইচ, নতুন দিল্লীৰ সচিব ডাঃ তাৰকেশ্বৰ জৈন আৰু ‘উত্তৰ পূব ভাৰতৰ গৱেষণা ও উন্নয়ন আৰু জন স্বাস্থ্য’ শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰে এনআইএচ, কলকাতাৰ ডাঃ সুভাষ চৌধাৰীয়ে।

একেদৰে, ‘য়ুনানীৰ গৱেষণা শিক্ষা আৰু কেৰিয়াৰৰ সুযোগ’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে চিচিআৰইউএম, নতুন দিল্লীৰ সঞ্চালক প্ৰধান অধ্যাপক আছিম আলি খান; ‘সিদ্ধাৰ গৱেষণা শিক্ষা আৰু কেৰিয়াৰৰ সুযোগ’ শীৰ্ষক বিষয়ত ভাষণ আগবঢ়াই চিচিআৰএছ, চেন্নাইৰ সঞ্চালক প্ৰধান অধ্যাপক ডাঃ কে. কনকভল্লীয়ে; ‘চোৱা-ৰিগপাৰ গৱেষণা শিক্ষা আৰু কেৰিয়াৰৰ সুযোগ’ শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰে এনআৰআইএছ, লেহৰ সঞ্চালক ডাঃ পদ্ম গুৰমিটে আৰু ‘যোগ ও নেছাৰ’পেথীৰ গৱেষণা শিক্ষা আৰু কেৰিয়াৰৰ সুযোগ’ শীৰ্ষক বিষয়ত বক্তৃতা আগবঢ়াই কেন্দ্ৰীয় যোগ আৰু নেছাৰ’পেথীৰ গৱেষণা পৰিষদ, নতুন দিল্লীৰ সঞ্চালক ডাঃ ৰাঘৱেন্দ্ৰ ৰাওৱে। ইয়াৰ পাছতেই আয়ুষ উদ্যোগসমূহৰ প্ৰতিনিধিসকলে ‘কেৰিয়াৰৰ সুযোগ ও উদ্যোগশীলতাঃ ঔদ্যোগিক দৃষ্টিকোণ’ শীৰ্ষক বিষয়ত প্ৰেজেনটেশ্যন আগবঢ়াই আৰু ইয়াৰ পাছত অনুষ্ঠিত হয় উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আয়ুষৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰে মত-বিনিময় কাৰ্য্যসূচী।

এই সন্মিলনত আয়ুষ মন্ত্ৰালয়, আয়ুষ প্ৰতিষ্ঠান আৰু গৱেষণা পৰিষদ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ আয়ুষ মহাবিদ্যালয়সমূহৰ বিষয়া-বৰ্গ, শিক্ষক, ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় ২৫০ অংশগ্ৰহণকাৰীয়ে ভাগ লয়।

 

*****

MV/SK/SB



(Release ID: 1754198) Visitor Counter : 152