গৃহ মন্ত্ৰালয়

কাৰ্বি চুক্তি – প্ৰধানমন্ত্ৰীৰ “বিদ্ৰোহ মুক্ত সমৃদ্ধিশালী পূৰ্বোত্তৰ” দৃষ্টিত আন এটি মাইলৰ খুঁটিঃ শ্ৰী অমিত শ্বাহ


কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উপস্থিতিত স্বাক্ষৰিত ঐতিহাসিক কাৰ্বি আংলং চুক্তিয়ে কেইবা দশক পুৰণি সমস্যাৰ অৱসানেৰে অসমৰ প্ৰাদেশিক অখণ্ডতা নিশ্চিত কৰিব

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে অসমৰ শান্তি আৰু সমৃদ্ধিৰ বাবে আজিৰ কাৰ্বি আংলং চুক্তি স্বাক্ষৰিত হৈছে, অসমৰ ইতিহাসত আজিৰ দিনটো সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ’ব

কাৰ্বি অঞ্চলসমূহৰ উন্ননয়ৰ অৰ্থে বিশেষ প্ৰকল্প ৰূপায়ণৰ বাবে মোদী চৰকাৰে প্ৰায় ১০০০ কোটি টকাৰ বিশেষ উন্নয়ন অনুদান প্ৰদান কৰিব

প্ৰধানমন্ত্ৰী হোৱাৰেপৰা, শ্ৰী নৰেন্দ্ৰ মোদীৰ বাবে পূৰ্বোত্তৰ কেৱল গুৰুত্বৰ অঞ্চলেই নহয়, বৰঞ্চ পূৰ্বোত্তৰৰ সৰ্বাংগীন উন্নয়ন, শান্তি আৰু সমৃদ্ধি চৰকাৰখনৰ বাবেই সৰ্বাধিক অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে

মোদী চৰকাৰখনৰ এই নীতিয়ে হিংসা পৰিহাৰকৰাসকলক মূল সুঁতিলৈ ঘূৰাই আনিছে আৰু আমি তেওঁলোকৰ সৈতে অধিক বিনম্ৰতাৰে বাৰ্তালাপ কৰিছো আৰু তেওঁলোকৰ দাবীতকৈ অধিক প্ৰদান কৰিছো

কেৱল এই নীতিৰ জৰিয়তে, মোদী চৰকাৰখনে উত্তৰাধিকাৰসূত্ৰে লাভ কৰা পুৰণি সমস্যাৰাজি আমি এটা এটাকৈ সমাধানৰ প্ৰয়াস কৰিছো

Posted On: 04 SEP 2021 6:36PM by PIB Guwahati

কেইবা দশক পুৰণি সংকটৰ অৱসান ঘটাই অসমৰ প্ৰাদেশিক অখণ্ডতা সুনিশ্চিত কৰি আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উপস্থিতিত ঐতিহাসিক কাৰ্বি আংলং চুক্তি স্বাক্ষৰিত হয়। ইয়াত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ ও জলমাৰ্গ আৰু আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, গৃহ পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ (KAAC) ৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্বি লংৰী উত্তৰ কাছাৰ পাৰ্বত্য মুক্তি বাহিনী (KLNLF), পিপুলছ ডেমক্ৰেটিক কাউন্সিল অৱ কাৰ্বি লংৰী (PDCK), ইউনাইটেড পিপুলছ লিবাৰেশ্যন আৰ্মি (UPLA), কাৰ্বি পিপুলছ লিবাৰেশ্যন টাইগাৰ্ছ (KPLT) গোটৰ প্ৰতিনিধিসকল তথা কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল।

এই ঐতিহাসিক চুক্তিৰ জৰিয়তে, ১০০০ ৰোধিক সশস্ত্ৰ কেডাৰে হিংসাৰ পথ পৰিহাৰ কৰে আৰু সমাজৰ মূল সুঁতিৰে সংযুক্ত হৈ পৰে। কেন্দ্ৰীয় চৰকাৰখনে অহা পাঁচ বছৰত ১০০০ কোটি টকাৰ এটি বিশেষ উন্নয়ন অনুদান আগবঢ়াব আৰু অসম চৰকাৰে কাৰ্বি অঞ্চলসমূহৰ উন্নয়নৰ অৰ্থে বিশেষ প্ৰকল্প ৰূপায়ণ কৰিব।

শ্ৰী অমিত শ্বাহে কয় যে কাৰ্বি চুক্তিখনি হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ “বিদ্ৰোহ মুক্ত সমৃদ্ধিশালী পূৰ্বোত্তৰ” দৃষ্টিত আন এটি মাইলৰ খুঁটি। তেওঁ কয় যে আজিৰ ঐতিহাসিক কাৰ্বি আংলং চুক্তি অসমৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ’ব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী হোৱাৰেপৰা, শ্ৰী নৰেন্দ্ৰ মোদীৰ বাবে পূৰ্বোত্তৰ কেৱল গুৰুত্বৰ অঞ্চলেই নহয়, বৰঞ্চ পূৰ্বোত্তৰৰ সৰ্বাংগীন উন্নয়ন, শান্তি আৰু সমৃদ্ধি চৰকাৰখনৰ বাবেই সৰ্বাধিক অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে।

শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰখনৰ এই নীতিয়ে অস্ত্ৰ সম্বৰণকৰা সকলক মূল সুঁতিলৈ ঘূৰাই আনিছে আৰু আমি তেওঁলোকৰ সৈতে অধিক বিনম্ৰতাৰে বাৰ্তালাপ কৰিছো আৰু তেওঁলোকে বিচৰাতকৈ অধিক প্ৰদান কৰিছো। শ্ৰী শ্বাহে কয় যে কেৱল এই নীতিৰ জৰিয়তে, মোদী চৰকাৰখনে উত্তৰাধিকাৰসূত্ৰে লাভ কৰা পুৰণি সমস্যাৰাজি আমি এটা এটাকৈ সমাধানৰ প্ৰয়াস কৰিছো। কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে আমাৰ চৰকাৰৰ কাৰ্য্যকালত স্বাক্ষৰিত চুক্তিসমূহৰ সকলো দফা আমি পৰিপূৰণ কৰিছো আৰু এয়া মোদী চৰকাৰৰ ট্ৰেক ৰেকৰ্ড হৈ আহিছে।

চুক্তিখনিৰ প্ৰধান বৈশিষ্ট্যৰাজিঃ

    • নিষ্পত্তিৰ চুক্তি (Memorandum of Settlement) এ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদখনৰ স্বশাসনৰ বৃহত্তৰ হস্তান্তৰণ, কাৰ্বি জনসাধাৰণৰ স্বকীয়তা, ভাষা, সংস্কৃতি ইত্যাদিৰ সুৰক্ষা নিশ্চিত কৰিব আৰু অসমৰ প্ৰাদেশিক আৰু প্ৰশাসনিক অখণ্ডতাত প্ৰভাৱ বিস্তাৰ নকৰাকৈ পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহৰ উন্নয়নত গুৰুত্ব আৰোপ কৰিব।

 

    • সশস্ত্ৰ গোটসমূহে হিংসাৰ পথ পৰিহাৰ কৰি এই দেশৰ আইন অনুসৰি প্ৰতিষ্ঠিত শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ সন্মত হৈছে। এই চুক্তিয়ে তদুপৰি সশস্ত্ৰ গোটসমূহৰ কেডাৰসকলৰ পুনর্বাসনৰ পোষকতা কৰিছে।

 

অসম চৰকাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ (KAAC) ৰ অন্তৰ্গত এলেকাৰ বাহিৰত বসবাস কৰা কাৰ্বি লোকসকলৰ সমনোযোগী উন্নয়নৰ অৰ্থে কাৰ্বি কল্যাণ পৰিষদ স্থাপন কৰিব।

ৰাজ্যখনৰ সঞ্চিত নিধি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ (KAAC) ৰ সম্পদৰাজিত পৰিপূৰণৰ অৰ্থে বৃদ্ধি কৰা হ’ব।

এক অৰ্থত, বৰ্তমানৰ এই নিষ্পত্তিয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ (KAAC) লৈ অধিক বিধায়িনী, কার্যনির্বাহক, প্ৰশাসনিক আৰু বিত্তীয় ক্ষমতা আগবঢ়োৱাৰ পোষকতা কৰিছে।

****

NW/RK/AY/RR/SB



(Release ID: 1752427) Visitor Counter : 289