কেবিনেট

বিশ্ব বাণিজ্য সংস্থাত ভাৰতীয় বৈদেশিক বাণিজ্য সংস্থাৰ অধীনস্থ বাণিজ্য আৰু বিনিয়োগ আইন কেন্দ্ৰৰ ভাৰতৰ স্থায়ী মিচন আৰু দ্য গ্ৰেজুৱেট ইনষ্টিটিউট, জেনেভাৰ চেণ্টাৰ ফৰ ট্রেড এণ্ড ইকন’মিক ইণ্টিগ্রেচনৰ মাজত স্বাক্ষৰিত বুজাবুজি পত্ৰত কেবিনেটৰ অনুমোদন

Posted On: 18 AUG 2021 4:19PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত বিশ্ব বাণিজ্য সংস্থাত ভাৰতীয় বৈদেশিক বাণিজ্য সংস্থাৰ অধীনস্থ বাণিজ্য আৰু বিনিয়োগ আইন কেন্দ্ৰৰ ভাৰতৰ স্থায়ী মিচন আৰু দ্য গ্ৰেজুৱেট ইনষ্টিটিউট, জেনেভাৰ চেণ্টাৰ ফৰ ট্রেড এণ্ড ইকন’মিক ইণ্টিগ্রেচনৰ মাজত স্বাক্ষৰিত বুজাবুজি পত্ৰত অনুমোদন জনাইছে।

লাভালাভঃ

দ্য গ্ৰেজুৱেট ইনষ্টিটিউট অৱ ইণ্টাৰনেচনেল এণ্ড ডেভেলপমেন্ট ষ্টাডিজৰ চিটিইআইৰ সৈতে স্বাক্ষৰিত বুজাবুজি পত্ৰ অনুসৰি, চিটিআইএলৰ কর্মীসকলে বিভিন্ন গুৰুত্বপূর্ণ গৱেষণা সম্পর্কে মূল্যবান তথ্য সংগ্রহ কৰিব পাৰিব৷ তদুপৰি, বাণিজ্য দপ্তৰৰ বিষয়া, চিটিআইএলৰ গৱেষক আৰু শিক্ষাবিদসকলে আন্তর্জাতিক ব্যৱসায়-বাণিজ্যৰ বিষয়ত সমকালীন বিভিন্ন তথ্য জানিব পাৰিব৷ ইয়াৰ ফলত তেওঁৰ দক্ষতা বৃদ্ধি পাব আৰু আন্তর্জাতিক ব্যৱসায়-বাণিজ্য আৰু বিনিয়োগ সংক্রান্তীয় আইনত ভাৰতৰ অৱস্থান সুদৃঢ় হ’ব।
এই বুজাবুজি অনুসৰি, চিটিআইএল, বাণিজ্য বিভাগৰ আৰু অন্যান্য চৰকাৰী সংস্থাৰ কর্মীসকলে চিটিইআইৰ পৰা বিভিন্ন তথ্য সংগ্রহ কৰিব পাৰিব৷ ইয়াৰ সহায়ক আন্তর্জাতিক ব্যৱসায়-বাণিজ্যৰ আলোচনা আৰু বাণিজ্য সংক্রান্তীয় বিভিন্ন বিবাদৰ নিষ্পত্তিত ভাৰতৰ সুবিধা হ’ব।

সবিশেষঃ এই বুজাবুজি অনুসৰি ভাৰত, ছুইজাৰলেণ্ডকে ধৰি অন্যান্য দেশৰ শিক্ষাবিদ, নীতি প্রণয়নকাৰী, ছাত্র-ছাত্রী আৰু বাণিজ্য আইনক লৈ যিসকলে কাম কৰিব, তেওঁলোকে আন্তর্জাতিক বাণিজ্য আৰু বিনিয়োগৰ নতুন নতুন বিষয় সম্পর্ক জানিব পাৰিব৷ এই বুজাবুজি পত্ৰৰ ম্যাদ তিনি বছৰ৷

 

****

DS/DB



(Release ID: 1748157) Visitor Counter : 191