কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
উত্তৰ পূব আঞ্চলিক কৃষি বিপণন নিগম লিমিটেডৰ পুনৰুজ্জীৱিতকৰণত কেবিনেটৰ অনুমোদন
৭৭.৪৫ কোটি টকাৰ পুনৰুজ্জীৱিতকৰণৰ পেকেজ (পুঁজিভিত্তিক সমৰ্থনৰ বাবে ১৭ কোটি টকা আৰু অনা-পুঁজিভিত্তিক সমৰ্থনৰ বাবে ৬০.৪৫ কোটি টকা)
উক্ত পদক্ষেপৰ জৰিয়তে পূৰ্বোত্তৰ ক্ষেত্ৰৰ কৃষকসকলৰ বাবে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে লাভকাৰী মুল্য সুনিশ্চিত কৰাত সহায়ক হ’ব
প্ৰায় ৩৩,০০০ জন ব্যক্তি পৰোক্ষভাৱে উপকৃত হ’ব
प्रविष्टि तिथि:
18 AUG 2021 4:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে উত্তৰ পূৰ্বাঞ্চল বিকাশ মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত উত্তৰ পূব আঞ্চলিক কৃষি বিপণন নিগম লিমিটেডৰ পুনৰুজ্জীৱিতকৰণ বাবে ৭৭.৪৫ কোটি টকাৰ (পুঁজিভিত্তিক সমৰ্থনৰ বাবে ১৭ কোটি টকা আৰু অনা-পুঁজিভিত্তিক সমৰ্থনৰ বাবে ৬০.৪৫ কোটি টকা) অনুমোদন প্ৰদান কৰিছে ৷
লাভ সমূহঃ
পুনৰুজ্জীৱিতকৰণৰ পেকেজ প্ৰৱৰ্তন হোৱাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ কৃষকসকলৰ বাবে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে লাভকাৰী মূল্য সুনিশ্চিত কৰাত সহায়ক হ’ব ৷ এই পেকেজৰ জৰিয়তে নিগমটোৱে বিভিন্ন নতুন যোজনা প্ৰণয়ন কৰাত সুবিধা পাব ৷ তাৰোপৰি নিগমটোৰ ৰাজহো বৃদ্ধি পাব আৰু ভাৰত চৰকাৰৰ ঋণৰ ওপৰত ইয়াৰ নিৰ্ভৰতাও হ্ৰাস পাব ৷
****
DS/MANN
(रिलीज़ आईडी: 1747262)
आगंतुक पटल : 209
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam