স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR), ভাৰত আৰু উদ্ভাৱনীমূলক নতুন ডায়েগনষ্টিক্সৰ অৰ্থে ফাউণ্ডেশ্যন (FIND), ছুইজাৰলেণ্ডৰ মাজৰ বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 18 AUG 2021 4:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR), ভাৰত আৰু উদ্ভাৱনীমূলক নতুন ডায়েগনষ্টিক্সৰ অৰ্থে ফাউণ্ডেশ্যন (FIND), ছুইজাৰলেণ্ডৰ মাজত স্বাক্ষৰিত এখনি বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে। এই বুজাবুজিৰ চুক্তিৰ লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ কাঠামোৰ অধীনত সম্পৰ্ক সুদৃঢ় কৰা আৰু পাৰস্পৰিক আগ্ৰহৰ ক্ষেত্ৰত সহযোগিতাক প্ৰোৎসাহিত কৰা। ২০২১ ৰ ফেব্ৰুৱাৰীত ভাৰতৰদ্বাৰা এই বুজাবুজিৰ চুক্তি (MoU) ত স্বাক্ষৰ কৰা হৈছিল।

লাভালাভঃ

এই বুজাবুজিৰ চুক্তি (MoU) এ ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজত পাৰস্পৰিক আগ্ৰহৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ কাঠামোৰ অধীনত সম্পৰ্ক অধিক সুদৃঢ় কৰিব।

আৰ্থিক প্ৰভাৱ (Financial Implications):

ৰিকুৱেষ্ট ফৰ প্ৰপ’জেল (RFP) ৰ জৰিয়তে চিনাক্ত কৰা স্থানীয় অংশীদাৰ আৰু গৱেষণাকাৰীসকলৰ অৰ্থে $১০০,০০০ আমেৰিকান ডলাৰ পৰ্যন্ত পুঁজি উপলব্ধ কৰিবলৈ আইচিএমআৰ অংগীকাৰবদ্ধ হোৱাৰ সমান্তৰালভাৱে এফআইএনডিয়ে $৪০০,০০০ আমেৰিকান ডলাৰ পৰ্যন্ত পুঁজি উপলব্ধ কৰিব।

পৃষ্ঠপটঃ

আইচিএমআৰে দেশখনত অভ্যন্তৰীণ আৰু বাহ্যিক গৱেষণাৰ জৰিয়তে জৈৱ চিকিৎসা গৱেষণাক উদ্দীপনা যোগাইছে। এফআইএনডি হৈছে (ভাৰতীয়) কোম্পানী আইন, ২০১৩ ৰ ৮ নং অনুচ্ছেদৰ অধীনত গঠিত এটি স্বতন্ত্ৰ লাভ-হীন সংস্থা।

 

****

DS/SB


(रिलीज़ आईडी: 1747251) आगंतुक पटल : 206
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Punjabi , Gujarati , Odia , Telugu , Kannada