প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপনৰ বাবে বিশ্ব নেতাসকলক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ

Posted On: 15 AUG 2021 9:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা আৰু শুভকামনা জ্ঞাপনৰ বাবে বিশ্ব নেতাসকলক ধন্যবাদ জনাইছে।

ভূটানৰ প্ৰধানমন্ত্ৰীৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"স্বাধীনতা দিৱসৰ উষ্ম সম্ভাষণৰ বাবে @PMBhutan লিওনচেনক ধন্যবাদ জনাইছো। ভূটানৰে আমাৰ বন্ধুত্বৰ স্বকীয়তা আৰু বিশ্বাসক সকলো ভাৰতীয়ই আস্থাত লৈছে।"

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মোৰ বন্ধু @ScottMorrisonMP, আপোনাৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনাইছো। সহভাজিত প্ৰমূল্যবোধ আৰু মানুহৰপৰা মানুহলৈ বলিষ্ঠ সংযোগ আধাৰিত অষ্ট্ৰেলিয়াৰ সৈতে বৰ্ধিত প্ৰাণোচ্ছল বন্ধুত্বক ভাৰতেও পোষণ কৰিছে।"

প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মই প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষক তেওঁৰ উষ্ম শুভেচ্ছাৰ বাবে ধন্যবাদ জনালো। ভাৰত আৰু শ্ৰী লংকাই সহস্রাব্দ পুৰণি সাংস্কৃতিক, আধ্যাত্মিক আৰু সভ্যতাগত সংযোগ সহভাজিত কৰিছে, যিয়ে আমাৰ বিশেষ বন্ধুত্বৰ ভেটিক সমৃদ্ধ কৰিছে। @PresRajapaksa"

প্ৰধানমন্ত্ৰী শ্ৰী চেৰ বাহাদুৰ দেউবাৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মই প্ৰধানমন্ত্ৰী শ্ৰী চেৰ বাহাদুৰ দেউবাক তেওঁৰ শুভেচ্ছা আৰু শুভকামনাৰ বাবে ধন্যবাদ জনালো! ভাৰত আৰু নেপালৰ জনতা আমাৰ সহভাজিত সাংস্কৃতিক, ভাষিক, ধৰ্মীয় আৰু পৰিয়ালৰ সংযোগৰদ্বাৰা ঐক্যবদ্ধ। @SherBDeuba"

মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ চলিহৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মই ৰাষ্ট্ৰপতি @ibusolih ক তেওঁৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনালো। মালদ্বীপ হৈছে আমাৰ গুৰুত্বপূৰ্ণ সাগৰীয় চুবুৰীয়া আৰু এটি নিৰাপদ, সুৰক্ষিত, সৰ্বব্যাপী আৰু সমৃদ্ধিশালী ইণ্ডো-পেছিফিক অঞ্চলৰ সহভাজিত দৃষ্টিৰ অগ্ৰগতিসাধনত আমাৰ অংশীদাৰ।"

শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মই ৰাষ্ট্ৰপতি @GotabayaR ক তেওঁৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনালো আৰু ভাৰত-শ্ৰী লংকাৰ সকলো ক্ষেত্ৰতে পৰৱৰ্তী সহযোগিতা সুদৃঢ়কৰণৰ অৰ্থে তেওঁৰ সৈতে কাম কৰি যাবলৈ অপেক্ষা কৰিছো।"

মৰিচাছৰ প্ৰধানমন্ত্ৰী প্রবিন্দ যুগনাথৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"প্ৰধানমন্ত্ৰী প্রবিন্দ যুগনাথক ধন্যবাদ জনাইছো! ভাৰত আৰু মৰিচাছৰ লোকৰ মাজৰ কেইবাশতিকা পুৰণি সংযোগৰ পৰিপ্ৰেক্ষিতত, আমাৰ উভয় ৰাষ্ট্ৰই একে মূল প্ৰমূল্যবোধ আৰু পৰম্পৰাক সহভাজিত কৰে। ই আমাৰ অতিশয় বিশেষ বন্ধুত্বৰ ভেটিক সমৃদ্ধ কৰিছে। @JugnauthKumar"

ইজৰাইলৰ প্ৰধানমন্ত্ৰী নাফতালি বেনেটৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মহামহিম প্ৰধানমন্ত্ৰী @naftalibennett, আপোনাৰ উষ্ম শুভকামনাৰ বাবে ধন্যবাদ জনাইছো। আমাৰ চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ সুদৃঢ়কৰণৰ অৰ্থে আৰু ভাৰত-ইজৰাইলৰ কৌশলী অংশীদাৰিত্বৰ ভেটি দৃঢ় কৰিবলৈ একেলগে কাম কৰি যোৱাৰ ক্ষেত্ৰত আশাৰে বাট চালো।"

***

DS/SH/SB



(Release ID: 1746573) Visitor Counter : 154