প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৩ আগষ্টত গুজৰাটত বিনিয়োগকাৰী সন্মিলন সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

বাহন স্ক্ৰেপিং আন্তঃগাঁথনি স্থাপনৰ অৰ্থে বিনিয়োগ আহ্বান কৰিবলৈ এই সন্মিলনৰ আয়োজন কৰা হৈছে

प्रविष्टि तिथि: 11 AUG 2021 9:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ আগষ্ট, ২০২১ ৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে গুজৰাটত বিনিয়োগকাৰী সন্মিলন সম্বোধন কৰিব। স্বেচ্ছামূলক ভেহিকল-ফ্লীট আধুনিকীকৰণ কাৰ্য্যক্ৰম বা বাহন স্ক্ৰেপিং নীতিৰ অধীনত বাহন স্ক্ৰেপিং আন্তঃগাঁথনি স্থাপনৰ অৰ্থে বিনিয়োগ আহ্বান কৰিবলৈ এই সন্মিলনৰ আয়োজন কৰা হৈছে। ইয়াত তদুপৰি এটা সংহত স্ক্ৰেপিং হাবৰ বিকাশ সাধনৰ অৰ্থে আলঙস্থিত শ্বীপ ব্ৰেকিং ইণ্ডাষ্ট্ৰীৰদ্বাৰা উপস্থাপন কৰা সমন্বয়তো গুৰুত্ব আৰোপ কৰা হ’ব।

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় আৰু গুজৰাট চৰকাৰে এই সন্মিলন অনুষ্ঠিত কৰিছে। গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত কৰা এই সন্মিলনত সম্ভাৱ্য বিনিয়োগকাৰী, উদ্যোগ বিশেষজ্ঞ আৰু সংশ্লিষ্ট কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰালয় আৰু বিভাগসমূহে অংশগ্ৰহণ কৰিব।

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় পথ পৰিবহণ ও ঘাইপথ মন্ত্ৰী আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব।

বাহন স্ক্ৰেপিং নীতি সম্পৰ্কে

বাহন স্ক্ৰেপিং নীতিখনিৰ লক্ষ্য হৈছে পৰিবেশ অনুকূল আৰু সুৰক্ষিতভাৱে আনফিট আৰু প্ৰদূষণ সৃষ্টিকাৰী বাহনসমূহ ফেজিং আউটৰ অৰ্থে এটা বাতাবৰণ যুগুত কৰা। এই নীতিয়ে সমগ্ৰ দেশখনত অট’মেটেড টেষ্টিং ষ্টেচন আৰু পঞ্জীকৃত ভেহিকল স্ক্ৰেপিং ব্যৱস্থাৰ জৰিয়তে স্ক্ৰেপিং আন্তঃগাঁথনি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে।

*****

DS/AKJ/SB


(रिलीज़ आईडी: 1745805) आगंतुक पटल : 232
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam