প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চৰ্দাৰ বল্লভভাই পেটেল নেশ্যনেল পুলিছ একাডেমিত আইপিএছ প্ৰৱেশ্যনাৰসকলক প্ৰধানমন্ত্ৰীৰ সম্বোধন

Posted On: 31 JUL 2021 2:18PM by PIB Guwahati

মই আপোনালোক আটাইকে সম্বোধন কৰিবলৈ পাই আনন্দিত হৈছো। মই আপোনালোকৰ দৰে যুৱ বন্ধুসকলৰ সৈতে মত-বিনিময়ৰ অৰ্থে প্ৰতি বছৰে প্ৰচেষ্টা হাতত লৈ আহিছো, যাতে আপোনালোকৰ চিন্তা সন্দৰ্ভত জানিব পাৰো। আপোনালোকৰ কথা, প্ৰশ্ন আৰু অনুসন্ধিৎসুতাই মোকো ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰে মোকাবিলাত সহায় কৰিব।

বন্ধুসকল,

ভাৰতে স্বাধীনতাৰ ৭৫ বছৰৰ অমৃত মহোৎসৱ উদযাপন কৰি থকা সময়ত এই আলোচনা অনুষ্ঠিত কৰা হৈছে। এই বৰ্ষৰ ১৫ আগষ্টত স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হ’ব। যোৱা ৭৫ বছৰত, ভাৰতে এটা উন্নতৰ আৰক্ষী সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছে। যোৱা কেইটামান বছৰত আৰক্ষী প্ৰশিক্ষণেৰে সম্পৰ্কীয় আন্তঃগাঁথনিৰো অগ্ৰগতি সাধন হৈছে। আজি, মই আপোনালোকক সম্বোধন কৰি থকা সময়ত, মই অহা ২৫ বছৰত ভাৰতৰ আইন আৰু শৃংখলা নিশ্চিতকৰণত অংশগ্ৰহণ কৰিবলগীয়া যুৱকসকলক প্ৰত্যক্ষ কৰিব পাৰো। এয়া এক গুৰু দায়িত্ব। সেয়েহে, আমি এটা নতুন আৰম্ভণি আৰু এটি নতুন সংকল্পৰে আগবাঢ়িব লাগে।

বন্ধুসকল,

আপোনালোকৰ কিমানজন দাণ্ডীলৈ গৈছে বা কিমানজনে সবৰমতী আশ্ৰম দৰ্শন কৰিছে, মই বিশেষ নাজানো। কিন্তু মই আপোনালোকক ১৯৩০ ৰ দাণ্ডী যাত্ৰাৰ কথা মনত পেলাই দিব খুজিছো। গান্ধীজীয়ে লোণ সত্যাগ্ৰহৰ জৰিয়তে বৃটিছ শাসনৰ ভেটি কঁপাই দিয়াৰ কথা কৈছে। তেওঁ তদুপৰি কৈছিল যে "পদ্ধতি সঠিক আৰু শুদ্ধ হ’লে, ভগৱানেও সংগ দিয়ে।"

বন্ধুসকল,

এটা সৰু দল লৈ মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰমৰপৰা প্ৰস্থান কৰিছিল। দিন পাৰ হোৱাৰ লগে-লগে, যিকোনো স্থানৰ লোকে লোণ সত্যাগ্ৰহত যোগদান কৰিবলৈ ধৰে। ২৪ দিনৰ পাছত দাণ্ডীত গান্ধীজীয়ে তেওঁৰ যাত্ৰা সম্পূৰ্ণ কৰাত, সমগ্ৰ দেশখনেই ঐক্যৰে ঠিয় দিছিল। কাশ্মীৰৰপৰা কন্যাকুমাৰীলৈ আৰু এটকৰপৰা কটকলৈ, সমগ্ৰ ভাৰতেই উদ্দীপ্ত হৈ উঠিছিল। সেই আবেগ আৰু ইচ্ছা-শক্তি মনত পেলাওঁকচোন। এয়াই আছিল উৎসাহ আৰু সংহতি যিয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অৰ্থে যৌথবাদৰ শক্তিক উজ্জীৱিত কৰি তুলিছিল। দেশখনে পৰিৱৰ্তনৰ বাবে একে উদ্দীপনা আৰু যুৱ সমাজৰপৰা একে ইচ্ছা শক্তিৰ কামনা কৰিছে। দেশখনত ১৯৩০ আৰু ১৯৪৭ ৰ মাজত সৃষ্টি হোৱা জোৱাৰৰ লেখীয়াকৈ দেশখনৰ যুৱ সমাজে যিদৰে আগবাঢ়ি আহিছিল আৰু যিদৰে এটা লক্ষ্যৰ বাবে সমগ্ৰ যুৱ প্ৰজন্ম একত্ৰিত হৈ পৰিছিল, আজিও একেদৰে আপোনালোকৰপৰা একে উদ্দীপনা কামনা কৰা হৈছে। আমি আটায়ে এই উদ্দীপনাৰে জীয়াই আছো আৰু এই সংকল্পৰ অৰ্থে বদ্ধপৰিকৰ। সেই সময়ত, দেশখনৰ জনতাই, বিশেষকৈ যুৱ সমাজে, স্বৰাজ (নিজা-শাসন) ৰ অৰ্থে যুঁজ দিছিল। আজি, আপোনালোকে সুৰাজ্য (সু শাসন) ৰ অৰ্থে আন্তৰিকতাৰে কাম কৰিব লাগে। সেই সময়ত, দেশখনৰ স্বাধীনতাৰ অৰ্থে মৃত্যুবৰণ কৰিবলৈ নাগৰিক সাজু আছিল। আজি আপোনালোকে দেশখনৰ বাবে জীয়াই থকাৰ উদ্দীপনাৰে আগুৱাই যাব লাগে। আমাৰ আৰক্ষী সেৱা কেনে হ’ব, ২৫ বছৰৰ পাছত ই কিমান শক্তিশালী হ’ব যেতিয়া ভাৰতৰ স্বাধীনতাৰ ১০০ বছৰ পূৰ্ণ হ’ব, সেয়া আপোনালোকে আজি কৰা কামৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনালোকে ২০৪৭ ত নিৰ্মাণ হ’বলগীয়া বিশাল আৰু শৃংখলাবদ্ধ ভাৰতৰ অট্টালিকাটোৰ ভেটি গঢ়িব লাগিব। এই সংকল্প পৰিপূৰণৰ অৰ্থে সময়ে আপোনালোকৰ দৰে যুৱ সমাজক বাছনি কৰিছে। আৰু মই ইয়াক আপোনালোক আটাইৰে বাবে মহান বিশেষাধিকাৰ হিচাপে গণ্য কৰিছো। আপোনালোকে ভাৰতে প্ৰতিটো ক্ষেত্ৰতে আৰু প্ৰতিটো পৰ্য্যায়তে ৰূপান্তৰৰ এটি পৰ্য্যায়ৰ মাজেদি আগবঢ়াৰ সময়তে আপোনালোকৰ কেৰিয়াৰ আৰম্ভ কৰিছে। আপোনালোকৰ কেৰিয়াৰৰ অহা ২৫ বছৰ ভাৰতৰ উন্নয়নৰ ২৫ বছৰৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ হ’ব। সেয়েহে, এই বৃহত্তৰ লক্ষ্যৰ সৈতে আপোনালোকৰ প্ৰস্তুতি, আপোনালোকৰ মানসিক স্থিতি সূত্ৰবদ্ধ কৰা উচিত। অহা ২৫ বছৰত, আপোনালোকে দেশখনৰ বিভিন্ন স্থানত ভিন্ন দায়িত্ব পালন কৰিব আৰু বিভিন্ন ভূমিকা পালন কৰিব। এটি আধুনিক, ফলপ্ৰসূ আৰু সচেষ্ট আৰক্ষী সেৱা গঢ়াৰ আপোনালোক আটাইৰে বৃহৎ দায়িত্ব আছে। সেয়েহে, আপোনালোকে সদায়েই মনত ৰাখিব যে আপোনালোক ২৫ বছৰৰ বাবে এটা বিশেষ মিছনত আছে আৰু ভাৰতে ইয়াৰ বাবে আপোনালোকক বিশেষভাৱে বাছনি কৰিছে।

বন্ধুসকল,

সমগ্ৰ বিশ্বৰ অভিজ্ঞতাই দেখুৱাইছে যে যেতিয়া এখন ৰাষ্ট্ৰই উন্নয়নৰ পথত অগ্ৰসৰ হয়, দেশখনৰ বাহিৰৰপৰা আৰু দেশখনৰ ভিতৰৰপৰাও সমানেই প্ৰত্যাহ্বানৰাজি আহি পৰে। সেয়েহে, প্ৰযুক্তিগত বিঘটনৰ এই যুগত আপুনি নিৰলসভাৱে আৰক্ষী ব্যৱস্থাক সাজু কৰি তুলিব লাগিব। আপোনালোকে অধিক বেছি উদ্ভাৱনীমূলক পন্থাৰে নতুন ধৰণৰ অপৰাধ ৰুদ্ধ কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব। আপোনালোকে চাইবাৰ সুৰক্ষা সম্পৰ্কীয়কে প্ৰমুখ্য কৰি নতুন পৰীক্ষা-নিৰীক্ষা, গৱেষণা আৰু পদ্ধতিৰ বিকাশ সাধন আৰু প্ৰয়োগো কৰিব লাগিব।

বন্ধুসকল,

দেশবাসীক দেশখনৰ সংবিধান আৰু গণতন্ত্ৰই যি অধিকাৰ প্ৰদান কৰিছে, তাৰ আধাৰত তেওঁলোকে দায়িত্ব পালন কৰাটো নিশ্চিতকৰণত আপোনালোকৰ ভূমিকা গুৰুত্বপূৰ্ণ। সেয়েহে, আপোনালোকৰপৰা প্ৰত্যাশা অধিক আৰু আপোনালোকৰ কাম-কাজ সদায়েই নিৰীক্ষণ কৰি থকা যায়। আপোনালোকৰ ওপৰত চাপো অধিক। আপোনালোকে কেৱল আৰক্ষী নিবেশ বা আৰক্ষী সদৰৰ চাৰিসীমাৰ ভিতৰতে চিন্তা কৰিব নোৱাৰিব। আপোনালোকে সমাজৰ প্ৰতিটো নিয়মৰ সৈতে পৰিচিত হ’ব লাগিব, বন্ধুত্বপূৰ্ণ হ’ব লাগিব আৰু সদায়েই পোছাকজোৰৰ মৰ্য্যাদাক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগিব। এটা কথা আপোনালোকে সদায় মনত ৰাখিব লাগিব। আপোনালোকে দেশখনৰ ভিন্ন জিলা আৰু চহৰত সেৱা আগবঢ়াব। সেয়েহে, আপোনালোকে সকলো সময়তে এটা মন্ত্ৰ মনত ৰাখিব লাগিব। আপোনালোকে ক্ষেত্ৰত থকা সময়ত যি সিদ্ধান্ত গ্ৰহণ কৰে, সেই সিদ্ধান্ত দেশখনৰ অনুকূলে যোৱাটো উচিত, ইয়াৰ এটা ৰাষ্ট্ৰীয় দৃষ্টিকোণ থকাটো উচিত। আপোনালোকৰ কামৰ সুযোগ আৰু সমস্যাৰাজি প্ৰায়েই স্থানীয় হ’ব পাৰে, সেয়ে ইয়াৰে মোকাবিলা কৰাত এই মন্ত্ৰটো অধিক ব্যৱহাৰযোগ্য হ’ব। আপোনালোকে সদায়েই মনত ৰাখিব লাগিব যে আপোনালোক হৈছে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ (One India, Supreme India) ৰো ধ্বজাবাহক। সেয়ে, আপোনালোকৰ প্ৰতিটো কামে ৰাষ্ট্ৰ প্ৰথম, সদায়েই প্ৰথমৰ উদ্দীপনা প্ৰতিফলিত কৰা উচিত।

বন্ধুসকল,

মই তদুপৰি মোৰ সন্মুখত নতুন প্ৰজন্মৰ মহিমান্বিত মহিলা বিষয়াসকলক দেখা পাইছো। যোৱা কেইবাবছৰ ধৰি, আৰক্ষী বাহিনীটোত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ অৰ্থে নিৰলস প্ৰচেষ্টা গ্ৰহণ কৰি অহা হৈছে। আমাৰ জীয়ৰীসকলে আৰক্ষী সেৱাটোত দক্ষতা আৰু দায়িত্বৰ সৈতে নম্ৰতা, সহজতা আৰু সংবেদনশীলতাৰ মূল্যবোধ উদ্দীপিত কৰিছে। একেদৰে, ৰাজ্যসমূহে এক নিযুতৰ অধিক জনসংখ্যা থকা চহৰসমূহত কমিশ্যনাৰ ব্যৱস্থা ৰূপায়ণৰ কাম অব্যাহত ৰাখিছে। এতিয়ালৈকে, ১৬ খন ৰাজ্যৰ বহু চহৰত এই ব্যৱস্থা ৰূপায়ণ কৰা হৈছে। মই নিশ্চিত যে আন স্থানসমূহতো একেদৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হ’ব।

বন্ধুসকল,

আৰক্ষী ব্যৱস্থাক ভৱিষ্যদৰ্শী আৰু ফলপ্ৰসূ কৰি তুলিবলৈ, যৌথভাৱে আৰু সংবেদনশালতাৰে কাম কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। আনকি এই ক’ৰোনাৰ সময়তো, পৰিস্থিতিৰে মোকাবিলাত আমাৰ আৰক্ষীৰ সতীৰ্থসকলে কিদৰে এটা বৃহৎ ভূমিকা পালন কৰিছে সেয়া আমি দেখিছো। ক’ৰোনাৰ বিৰুদ্ধে যুঁজখনত আমাৰ আৰক্ষীয়ে দেশবাসীৰ সৈতে হাতে-হাত ধৰি কাম কৰিছে। এই প্ৰচেষ্টাত বহু আৰক্ষীৰ লোকে তেওঁলোকৰ জীৱন বিসৰ্জন দিবলগীয়া হৈছে। মই এনে আটাই জোৱান, আৰক্ষী কমৰেডলৈ সন্মানপূৰ্বক শ্ৰদ্ধা নিবেদন কৰিছো আৰু দেশখনৰ হৈ তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো।

বন্ধুসকল,

মই আপোনালোকৰ সন্মুখত আন এটি দৃষ্টিকোণ উপস্থাপন কৰিব খুজিছো। এইকেইদিন আমি প্ৰত্যক্ষ কৰিছো যে প্ৰাকৃতিক বিপৰ্য্যয়, বান, ঘূৰ্ণী বতাহ বা ভূমিস্খলন সংঘটনৰ মাত্ৰেকেই, আমাৰ এনডিআৰএফ কমৰেডসকল সম্পূৰ্ণ সাজু হৈ আছে। দুৰ্য্যোগৰ সময়ত এনডিআৰএফৰ নামটোৱে এতিয়াও জনসাধাৰণৰ মাজত বিশ্বাসৰ ভাৱ জগাই তোলে। এনডিআৰএফে ইয়াৰ উৎকৃষ্ট কৰ্মেৰে এই নিৰ্ভৰযোগ্যতা গঢ়ি তুলিছে। আজি জনসাধাৰণৰ এই বিশ্বাস গঢ়ি উঠিছে যে দুৰ্য্যোগৰ সময়ত এনডিআৰএফৰ লোকে তেওঁলোকৰ জীৱন দি হ’লেও তেওঁলোকক ৰক্ষা কৰিব। এনডিআৰএফত তদুপৰি, সততে, আৰক্ষী বাহিনীৰ লোক থাকে, যিসকল আপোনালোকৰ নিজা সতীৰ্থ। কিন্তু সমাজখনত আৰক্ষী কমাণ্ডটোৰ প্ৰতি এই অনুভৱ আৰু সন্মান আছে নে? এনডিআৰএফত আৰক্ষীৰ লোক আছে। এনডিআৰএফৰো সন্মান আছে। এনডিআৰএফত কৰ্মৰত আৰক্ষীৰ লোকসকলো সন্মানীয়। কিন্তু সামাজিক ব্যৱস্থাটোৱে এই দৃষ্টি প্ৰদৰ্শন কৰে নে? কিয় এনে হয়? আপোনালোকেও ইয়াৰ উত্তৰটো জানে। জন মানসত আৰক্ষীৰ প্ৰতি নেতিবাচক দৃষ্টিভংগী এটা বৃহৎ প্ৰত্যাহ্বান। ক’ৰোনাৰ আৰম্ভণিতে, এই দৃষ্টিভংগী অলপ সলনি হোৱা যেন অনুভৱ হয়। কিয়নো আৰক্ষীৰ লোকে দৰিদ্ৰ লোকক সহায় আগবঢ়োৱা, ভোকাতুৰক খাদ্যৰ যোগান ধৰা, খাদ্য ৰান্ধি এয়া দৰিদ্ৰ লোকৰ মাজত বিতৰণৰ ভিডিঅ’ জনসাধাৰণে সামাজিক মাধ্যমত প্ৰত্যক্ষ কৰিছে। সেয়েহে, সমাজত আৰক্ষীৰ প্ৰতি দৃষ্টিভংগী সলনি হৈছে। কিন্তু একে পুৰণি পৰিস্থিতি পুনৰ ঘূৰি আহিছে। মুঠৰ ওপৰত, জনসাধাৰণৰ আস্থা কিয় বাঢ়িবলৈ নাপায়, নিৰ্ভৰযোগ্যতা বৃদ্ধি হ’বলৈ নাপায় কিয়?

বন্ধুসকল,

আমাৰ আৰক্ষীৰ লোকসকলে দেশখনৰ সুৰক্ষাৰ অৰ্থে, আইন আৰু শৃংখলা নিয়ন্ত্ৰণৰ অৰ্থে আৰু সন্ত্ৰাস দূৰ কৰিবলৈ গৈ আনকি তেওঁলোকৰ জীৱন ত্যাগ কৰিছে। আপোনালোকে বহু দিন ধৰি ঘৰলৈ যাবলৈ নাপায় আৰু আনকি উৎসৱৰ সময়তো আপোনালোকে সততে আপোনালোকৰ পৰিয়ালৰপৰা দূৰত থাকিবলগীয়া হয়, কিন্তু যেতিয়াই আৰক্ষীৰ ছবি এখন ভাঁহি আহে, জনসাধাৰণৰ অভিব্যক্তি সলনি হৈ পৰে। আৰক্ষীত যোগদান কৰা নতুন প্ৰজন্মৰ দায়িত্ব হৈছে এই ছবিখন সলনি কৰা; আৰক্ষীৰ এই নেতিবাচক দৃষ্টিভংগীৰ অৱসান ঘটোৱা উচিত। আপোনালোকে এনে কৰিব লাগে। আপোনালোকে আৰক্ষী বিভাগটোৰ প্ৰতিষ্ঠিত পৰম্পৰাসমূহৰ সৈতে প্ৰতি দিনে মুখামুখি হ’ব লাগিব যিসমূহ আপোনালোকৰ প্ৰশিক্ষণ অব্যাহত থকা বছৰসমূহত প্ৰচলিত হৈ আহিছে। এয়া আপোনালোকৰ প্ৰশিক্ষণ, ইচ্ছা শক্তি আৰু আপোনালোকৰ নৈতিকতাৰ ওপৰত নিৰ্ভৰশীল। ব্যৱস্থাটোৱে আপোনালোকক সলনি কৰিব নে আপোনালোকে ব্যৱস্থাটো সলনি কৰিব, সেই কথা। আপোনালোকৰ অভিপ্ৰায় কি? আপোনালোক কি আদৰ্শৰাজিৰে সংপৃক্ত হৈ আছে? এই আদৰ্শৰাজি পৰিপূৰণত কি সংকল্পেৰে আপোনালোক আগবাঢ়িব? সেয়া মাথো নিৰ্ভৰ কৰিব আপোনালোকৰ আচৰণৰ ওপৰত। এক অৰ্থত, আপোনালোকৰ বাবে এয়া হ’ব আন এটি পৰীক্ষা। আৰু এই ক্ষেত্ৰটো আপোনালোক সফল হ’ব বুলি মই নিশ্চিত।

বন্ধুসকল,

মই ইয়াত তদুপৰি আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ কেইখনৰ যুৱ বিষয়াসকলক শুভেচ্ছা জ্ঞাপন কৰিব খুজিছো। সেয়া ভূটান, নেপাল, মালদ্বীপ বা মৰিচাছ, আমি কেৱল চুবুৰীয়াই নহয় বৰঞ্চ আমাৰ চিন্তা আৰু সামাজিক গঠনতো আমি বহু পৰিমাণে সহজাত। আমি সকলো সুখ আৰু দুখৰ সমভাগী। কোনো দুৰ্য্যোগ বা সমস্যাৰ উদ্ভৱ হোৱা মাত্ৰেকে, আমি হৈছো প্ৰথমেই পৰস্পৰে-পৰস্পৰক সহায় কৰোতা। আমি আনকি ক’ৰোনাৰ সময়ছোৱাতে এই অভিজ্ঞতা লাভ কৰিছো। সেয়েহে, আহি থকা বছৰকেইটাত উন্নয়নৰ বৰ্ধনৰ অৰ্থে আমাৰ অংশীদাৰিত্ব বান্ধ খাই আছে। অপৰাধ আৰু অপৰাধীয়ে সীমা চেৰাই যোৱা আজিৰ দিনটোত বিশেষতঃ পাৰস্পৰিক সমন্বয় হৈছে অধিক গুৰুত্বপূৰ্ণ। মই নিশ্চিত যে আপোনালোকে চৰ্দাৰ পেটেল একাডেমিত কটোৱা দিনবোৰে আপোনালোকৰ কেৰিয়াৰ, আপোনালোকৰ ৰাষ্ট্ৰীয় আৰু সামাজিক অংগীকাৰ আৰু ভাৰতৰ সৈতে বন্ধুত্ব সুদৃঢ়কৰণত সহায় কৰিব। আপোনালোক আটাইকে পুনৰ এবাৰ শুভেচ্ছা জনাইছো! ধন্যবাদ!

 

****

DS/VK/AK/SB



(Release ID: 1744740) Visitor Counter : 194