কেবিনেট

কেবিনেটে ফাষ্ট ট্ৰেক বিশেষ আদালতৰ বাবে কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি আগন্তুক দুই বছৰলৈ অব্যাহত ৰখাত অনুমোদন জনাইছে

৩৮৯খন বিশেষ পক্সো আদালতসহ ১০২৩খন ফাষ্ট ট্ৰেক বিশেষ আদালত (এফটিএছচি)ৰ কাম-কাজ অব্যাহত থাকিব

মুঠ ব্যয় ১৫৭২.৮৬ কোটি টকা, ইয়াৰে কেন্দ্ৰীয় চৰকাৰে ৯৭১.৭০ কোটি টকা আৰু ৰাজ্য চৰকাৰে ৬০১.১৬ কোটি টকা ব্যয় কৰিব

কেন্দ্ৰৰ অংশ নিৰ্ভয়া পুঁজিৰ পৰা পুঁজি যোগান ধৰিব লাগিব

ফাষ্ট ট্ৰেক বিশেষ আদালত হৈছে যৌন অপৰাধৰ ভুক্তভোগীসকলৰ বাবে দ্ৰুত ন্যায়ৰ বাবে সমৰ্পিত আদালত আৰু ই যৌন অপৰাধীৰ বাবে প্ৰতিৰোধ পৰিকাঠামো শক্তিশালী কৰে

Posted On: 04 AUG 2021 3:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি হিচাপে ৩৮৯ খন বিশেষ পক্সো আদালতকে ধৰি ১০২৩ খন ফাষ্ট ট্ৰেক বিশেষ আদালত (এফটিএছচি)ৰ কাম-কাজ ০১.০৪.২০২১ ৰ পৰা ৩১.০৩.২০২৩লৈকে অব্যাহত ৰখাত অনুমোদন জনাইছে। ইয়াৰ বাবে মুঠ ১৫৭২.৮৬ কোটি টকা (কেন্দ্ৰীয় অংশ হিচাপে ৯৭১.৭০কোটি টকা আৰু ৰাজ্যিক অংশ হিচাপে ৬০১.১৬ কোটি টকা)ধাৰ্য কৰা হৈছে। কেন্দ্ৰীয় অংশ নিৰ্ভয়া পুঁজিৰ পৰা পুঁজি যোগান ধৰা হ’ব। আঁচনিখন ০২.১০.২০১৯ তাৰিখে আৰম্ভ কৰা হৈছিল।

 

চৰকাৰে সদায় মহিলা আৰু শিশুৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়টোক সৰ্বাধিক গুৰুত্ব দি আহিছে। কন্যা সন্তানক শক্তিশালী কৰাৰ দিশত চৰকাৰে ইতিমধ্যে ‘বেটি বচাওবেটি পঢ়াও’ আদিৰ দৰে কেইবাটাও কাৰ্যসূচী আৰম্ভ কৰিছে। বাৰ বছৰৰ তলৰ নাবালক ছোৱালী আৰু ষোল্ল বছৰৰ তলৰ ছোৱালীৰ ওপৰত সংঘটিত যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনাই সমগ্ৰ দেশৰ বিবেকক জোকাৰি গৈছে। এনে ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা আৰু অভিযুক্তসকলক দোষী সাব্যস্ত কৰিবলৈ দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি এক সমৰ্পিত আদালতযন্ত্ৰ সৃষ্টি কৰাৰ প্ৰয়োজন হৈছিল যিয়ে বিচাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰে আৰু যৌন অপৰাধৰ ভুক্তভোগীসকলক তাৎক্ষণিক সকাহ প্ৰদান কৰিব পাৰে।

 

এইধৰণৰ গোচৰৰ অধিক কঠোৰ ব্যৱস্থা, দ্ৰুত বিচাৰ আৰু নিষ্পত্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ‘ফৌজদাৰী আইন (সংশোধনী) আইন,২০১৮’ প্ৰণয়ন কৰে আৰু ধৰ্ষণৰ অপৰাধীসকলৰ বাবে মৃত্যুদণ্ডসহ কঠোৰ শাস্তিৰ ব্যৱস্থা কৰে। ইয়াৰ ফলত ফাষ্ট ট্ৰেক বিশেষ আদালত (এফটিএছচি) স্থাপন হয়।

 

ফাষ্ট ট্ৰেক বিশেষ আদালতসমূহ সমৰ্পিত আদালত যিয়ে বিচাৰ প্ৰক্ৰিয়া দ্ৰুততাৰে সম্পন্ন কৰে। প্ৰচলিত আদালতসমূহৰ তুলনাত ফাষ্ট ট্ৰেক বিশেষ আদালতসমূহত  গোচৰ নিস্পত্তিৰ হাৰ ভাল আৰু ন্যায় প্ৰক্ৰিয়া দ্ৰুততাৰে সম্পন্ন হয়। ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ বলি হোৱা অসহায় ভুক্তভোগীসকলক দ্ৰুত ন্যায় প্ৰদান কৰাৰ উপৰিও, এইধৰণৰ আদালতসমূহে যৌন নিপীড়নত অভিযুক্তসকলৰ বিৰুদ্ধে দ্ৰুত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ বিষয়টোকো সুনিশ্চিত কৰে।

 

বৰ্তমানে ২৮ খন ৰাজ্যত ফাষ্ট ট্ৰেক বিশেষ আদালত আছে। বাকী তিনিখন ৰাজ্যকে ধৰি ৩১ খন ৰাজ্যত এই আঁচনি সম্প্ৰসাৰণৰ প্ৰস্তাৱ দিয়া হৈছে। ই প্ৰান্তীয় আৰু দূৰ-দূৰণিৰ অঞ্চলকে ধৰি দেশত যৌন অপৰাধৰ অসহায় ভুক্তভোগীসকলক সময়সীমাৰ ভিতৰত ন্যায় প্ৰদান কৰাৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰৰ প্ৰচেষ্টাক সহায় কৰিছে। আঁচনিখনৰ প্ৰত্যাশিত ফলাফলবোৰ নিম্নলিখিত ধৰণৰঃ

• মহিলা আৰু কন্যা সন্তানৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে ৰাষ্ট্ৰৰ দায়বদ্ধতা।

• ধৰ্ষণ আৰু পক্সো আইনৰ অমীমাংসিত গোচৰৰ সংখ্যা হ্ৰাস কৰা।

• যৌন অপৰাধৰ ভুক্তভোগীসকলক দ্ৰুত ন্যায়বিচাৰ প্ৰদান কৰা আৰু যৌন   অপৰাধীসকলক দুস্কৰ্মৰ পৰা বিৰত ৰাখিবলৈ এক গুৰুত্বপূৰ্ণ হাতিয়াৰ হিচাপে কাম কৰা।

 • এই গোচৰবোৰৰ দ্ৰুত নিস্পত্তিৰ ফলত অমীমাংসিত গোচৰৰ সংখ্যাও লাহে লাহে হ্ৰাস পাব।

 

****

DS/KG



(Release ID: 1743752) Visitor Counter : 171