কেবিনেট

ন্যায়পালিকাৰ আন্তঃগাঁথনিমূলক সুবিধাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষক আঁচনি(চিএছএছ) অহা পাঁচ বছৰ ধৰি চলাই যোৱাৰ বাবে কেবিনেটৰ অনুমোদন

মুঠ ব্যয় হ’ব ৯,০০০ কোটি টকা, য’ত কেন্দ্ৰীয় চৰকাৰৰ ব্যয় হ’ব ৫,৩৫৭ কোটি

ন্যায় প্ৰদান আৰু আইনী সংস্কাৰৰ ৰাষ্ট্ৰীয় মিচনৰ জৰিয়তে এক মিচন ম’ডত গ্ৰাম ন্যায়ালয় আঁচনি ৰূপায়ণ কৰা হ’ব

Posted On: 14 JUL 2021 4:04PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত চলিত বৰ্ষৰ ১ এপ্রিলৰ পৰা ২০২৬ চনৰ ৩১ মার্চলৈকে পৰৱর্তী ৫ বছৰ ন্যায়পালিকাৰ আন্তঃগাঁথনিমূলক সুবিধা উন্নয়নৰ বাবে কেন্দ্রীয় সাহায্যপ্রাপ্ত প্রকল্প(চিএছএছ) চলাই যোৱাত অনুমোদন জনাইছে৷ ইয়াৰ বাবে ৯,০০০ কোটি টকা ব্যয় হ’ব৷ ইয়াৰ ভিতৰত গ্ৰাম ন্যায়ালয় প্ৰকল্পৰ বাবে ৫০ কোটি টকাকে ধৰি কেন্দ্ৰীয় চৰকাৰে মুঠ ৫,৩৫৭কোটি টকা ব্যয় কৰিব৷ এই গ্রাম ন্যায়ালয় প্রকল্পটো আইনী সংস্কাৰৰ বাবে ৰাষ্ট্ৰীয় অভিযানৰ মাধ্যমেৰে মিচন ম’ডত কার্যকৰী কৰা হ’ব৷

আঁচনিখনৰ মুল কাম-কাজঃ

উল্লেখ্য যে এতিয়াও কেতবোৰ আদালত ভাড়া কৰা অপর্যাপ্ত স্থানত আৰু জৰাজীর্ণ অৱস্থাৰ মাজত সৌলিক সা-সুবিধা অবিহনে কাম চলাই আহিছে৷ আনকি বিচাৰ বিভাগৰ বিষয়াসকলক আৱাসিক স্থানৰ অভাৱত কাৰ্যক্ষেত্ৰত ব্যাঘাট জন্মিছে৷ বৰ্তমান চৰকাৰে সকলোৰে বাবে সহজতে আৰু সময়মতে বিচাৰ ব্যৱস্থাৰ সুবিধা প্ৰদানৰ বিভাগীয় আন্তঃগাঁথনি সংস্কাৰৰ দৰে গুৰুত্ব পদক্ষেপ গ্ৰহণ কৰিছে৷ সেয়েহে বিভাগীয় আন্তঃগাঁথনিমূলক দক্ষতা উন্নয়ন এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা৷

২০২১ৰ পৰা ২০২৬লৈকে আঁচনিখন ৰূপায়ণ কৰা হ’ব

এই প্রস্তাৱৰ অধীনত জিলা আৰু নিম্ন আদালতৰ বিচাৰ বিভাগীয় বিষয়াসকলৰ বাবে ৪,০০০ আৱাসিক কেন্দ্ৰ, ৩,৮০০ আদালত কক্ষ, ১,৪০০ অধিবক্তা বহাৰ সুবিধা থকা ঘৰ, ১,৪৫০টা শৌচালয় আৰু ৩,৮০০ ডিজিটেল কম্পিউটাক কক্ষ নিৰ্মাণ কৰা হ’ব৷ ইয়াৰ দ্বাৰা দেশৰ ন্যায়পালিকাৰ কাৰ্যকাৰিতাৰ ক্ষেত্ৰত উন্নয়নত সহায় কৰিব আৰু এক নতুন ভাৰতৰ বাবে আৰু এক নতুন ভাৰতৰ বাবে আৰু অধিক উন্নত আদালয় গঠনৰ দিশত এখোজ আগুৱাই নিয়া হ’ব৷ বৈঠকত কেন্দ্ৰীয় কেবিনেটে ৫০ কোটি টকা ব্যয়েৰে ৫ বছৰৰ ভিতৰত গ্ৰাম ন্যায়ালয় গঠনৰ সিদ্ধান্তত অনুমোদন জনাইছে৷ ইয়াৰ বাবে ৰাজ্যসমূহক আৰ্থিক মঞ্জুৰি দিয়া হ’ব৷ গ্ৰাম ন্যায়ালয় নিৰ্মাণ প্ৰকল্পই সফলতা অৰ্জন কৰিছে নে নাই, সেয়া এবছৰৰ পাছত পৰ্যালোচনা কৰা হ’ব৷ চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ২০২৬ৰ ৩১মাৰ্চলৈকে ন্যায়পালিকাৰ আন্তঃগাঁথনিমূলক সুবিধা উন্নয়নৰ বাবে কেন্দ্ৰীয় সাহাৰ্যপ্ৰাপ্ত প্ৰকল্পত মুঠ ৯,০০০ কোটি টকা ব্যয় কৰা হ’ব৷ বিচাৰ বিভাগে এক অনলাইন নিৰীক্ষণ ব্যৱস্থাপনা গঢ় দিয়া হ’ব৷ এই ব্যৱস্থা গঢ়ি তোলাত ইছৰোই প্ৰযুক্তিগত দিশত সহায় আগবঢ়াব৷

 

আঁচনিখনৰ নিৰীক্ষণ

ইফালে, ‘ন্যায় বিকাশ-২.০’ ৱেব প’ৰ্টেলৰ উন্নতি সাধন আৰু চিএছএছ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বিষয়ে ম’বাইল এপৰ সহায়ত নিৰীক্ষণ কৰা হ’ব৷ এই প্ৰকল্পই সমগ্ৰ দেশত জিলা আৰু নিম্ন আদালয়ৰ বিচাৰ বিভাগ/বিভাগীয় বিষয়াসকলৰ বাবে এক সু-সুজ্জিত আদালয় কক্ষ, আৱাসিক প্ৰাংগনৰ সা-সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব৷

 

আঁচনিখনৰ লাভালাভ

আঁচনিখনৰ ডিজিটেল কম্পিউটাৰ কক্ষ স্থাপন কৰা হ’ব৷ গ্ৰাম ন্যায়ালয়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ সাধাৰণ জনতাই ন্যায়ৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব৷

 

*****

DS/DB



(Release ID: 1739008) Visitor Counter : 248