কেবিনেট

কোভিড প্রভাবিত ক্ষেত্রসমূহৰ বাবে ঋণ নিশ্চয়তা আঁচনি (এলজিএছচিএএছ) আৰু আপৎকালীন ঋণ সহায়তা নিশ্চয়তা আঁচনি (ইচিএলজিএছ) সম্প্রসাৰণত মন্ত্রীসভাৰ অনুমোদন

Posted On: 30 JUN 2021 4:01PM by PIB Guwahati

কোভিড-১৯ মহামাৰীৰ দ্বিতীয় লহৰৰ সময়ত যি বাধা-বিপত্তি সৃষ্টি হৈছে, স্বাস্থ্য ক্ষেত্রৰ ওপৰতো সেই প্রভাব পৰিছে। এই প্রেক্ষিতত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰোহিত্যত কেন্দ্রীয় মন্ত্রীসভাই স্বাস্থ্য আৰু চিকিৎসা পৰিকাঠামো সম্পর্কিত গ্রিনফিল্ড প্রকল্পসমূহৰ সুবিধার্থে ৫০ হাজাৰ কোটি টকাৰ ঋণ নিশ্চয়তা তহবিল গঠনত অনুমতি দিছে।

 

মন্ত্রীসভাই স্বাস্থ্য পৰিসেৱাৰ সৈতে যুক্ত ক্ষেত্রবিলাকৰ লগতে অন্যান্য ক্ষেত্র আৰু ঋণ সহায়তা দাতাসকলৰ সুবিধার্থে এক আঁচনি আৰম্ভ কৰাৰ প্রস্তাব অনুমোদন কৰিছে। উদ্ভূত পৰিস্থিতিৰ ওপৰত নির্ভৰ কৰি সঠিক সময়ত এই আঁচনিৰ পন্থা-পদ্ধতি চূড়ান্ত কৰা হ'ব।

 

ইয়াৰ উপৰিও, মন্ত্রীসভাই আপৎকালীন ঋণ সহায়তা নিশ্চয়তা আঁচনিৰ আওতাত ১ লক্ষ ৫০ হাজাৰ কোটি টকাৰ অতিৰিক্ত তহবিল গঠনৰ প্রস্তাবো মঞ্জুৰ কৰিছে।

 

উদ্দেশ্য :

কোভিড প্রভাবিত ক্ষেত্রসমূহৰ বাবে ঋণ সহায়তা নিশ্চয়তা আঁচনি (এলজিএছচিএএছ) : এই আঁচনিৰ মাধ্যমত ২০২২ চনৰ ৩১ মার্চ পর্যন্ত যিবিলাক ঋণ সহায়তা মঞ্জুৰ কৰা হ'ব অথবা ৫০ হাজাৰ কোটি টকাৰ তহবিলৰ অর্থ ঋণ হিচাপে শেষ নোহোৱালৈকে সুবিধা পোৱা যাব।

 

আপৎকালীন ঋণ সহায়তা নিশ্চয়তা আঁচনি (ইচিএলজিএছ) : এইটো এটা চলিত প্রকল্প। অহা ৩০ ছেপ্টেম্বৰ পর্যন্ত যিবিলাক ঋণ সহায়তা মঞ্জুৰ কৰা হ'ব, সেই ক্ষেত্ৰত এই আঁচনিৰ সুবিধা লাভ কৰিব। অথবা, আঁচনিৰ আওতাত ৪ লক্ষ ৫০ হাজাৰ কোটি টকাৰ যি তহবিল গঠন কৰা হৈছে, সেয়া শেষ নোহোৱালৈকে সুবিধা পোৱা যাব।

 

প্রভাব :

এলজিএছচিএএছ : কোভিড-১৯ দ্বিতীয় লহৰৰ সময়ত স্বাস্থ্য পৰিকাঠামোৰ ক্ষেত্রত যি নাটনি দেখা গৈছে, সেয়া পূৰণৰ লক্ষতে কোভিড প্রভাবিত ক্ষেত্রসমূহৰ বাবে ঋণ সহায়তা নিশ্চয়তা আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিৰ উদ্দেশ্য হ’ল – ঋণ সুবিধা গ্রহণত আংশিক আশংকা দূৰ কৰা আৰু স্বল্প সুতৰ হাৰত বেঙ্কত ঋণ সহায়তা।

 

ইচিএলজিএছ : কোভিড-১৯ দ্বিতীয় লহৰৰ সময়ত যি বাধা-বিপত্তিয়ে দেখা দিছে, তাৰ প্রেক্ষিতত আপৎকালীন ঋণ সহায়তা নিশ্চয়তা আঁচনি গ্রহণ কৰা হৈছে। মহামাৰীৰ দ্বিতীয় লহৰৰ সময়ত অর্থনীতিৰ বিভিন্ন ক্ষেত্রত প্রতিকূল পৰিস্থিতিৰ মোকাবিলাত আপৎকালীন ঋণ সহায়তা নিশ্চয়তা আঁচনি গ্রহণ কৰা হৈছে। এই আঁচনিৰ আওতাত স্বল্প সুতৰ হাৰত ঋণ দাতা প্রতিষ্ঠানসমূহক দেৰলক্ষ কোটি টকা পর্যন্ত ঋণ দানত উৎসাহ দিয়া হৈছে। ইয়াৰ ফলত, ব্যৱসায়িক প্রতিষ্ঠানসমূহে ঋণ সংগ্রহ কৰি তেওঁলোকৰ কাজকর্ম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ উপৰিও, ক্ষুদ্র আৰু মজলীয়া শিল্প সংস্থাসমূহে এই আঁচনিৰ মাধ্যমত আর্থিক সহায়তা লাভ কৰি পুনৰুজ্জীৱন ঘটাব পাৰিব। ফলস্বৰূপে, অর্থনীতিত ইতিবাচক প্রভাব পৰিব।

 

পৃষ্ঠভূমি :

এলজিএছচিএএছ : চৰকাৰে কোভিড-১৯ মহামাৰীৰ ফলত সৃষ্টি হোৱা সংকটৰ সৈতে মোকাবিলা কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। মহামাৰীৰ দ্বিতীয় লহৰৰ ফলত এই সংকট আৰু বৃদ্ধি পাইছে। এই লহৰৰ দ্বাৰা স্বাস্থ্য সুবিধাৱলীৰ লগতে কেইবাটাও ক্ষেত্ৰত জীৱিকা আৰু ব্যৱসায়িক উপক্ৰমৰ ওপৰত হেঁচা যথেষ্ট বৃদ্ধি পাইছে। এই লহৰৰ দ্বাৰা স্বাস্থ্য ক্ষেত্ৰত চৰকাৰী আৰু বেচৰকাৰী বিনিয়োগৰ প্ৰয়োজনীয়তা যথেষ্ট বৃদ্ধি পাইছে। মেট্ৰো চহৰসমূহৰ পৰা আৰম্ভ কৰি শ্ৰেণী-৪ আৰু ৫ চহৰৰ উপৰি গ্ৰামীণ অঞ্চলসমূহলৈকে সমগ্ৰ দেশতে আৱশ্যকতা আছে। এই আৱশ্যকতাসমূহৰ ভিতৰত অতিৰিক্ত হাস্পতালৰ বিছনা, আইচিইউ, ডায়েগ্নষ্টিক চেণ্টাৰ, অক্সিজেনৰ সুবিধা, টেলিফোন বা ইণ্টাৰনেট আধাৰিত স্বাস্থ্য পৰামৰ্শ আৰু পৰ্যবেক্ষণ, গৱেষণাৰ সুবিধা আৰু যোগান, ভেকচিনৰ বাবে ক'ল্ড চেইন সুবিধা, ঔষধ আৰু ভেকচিনৰ বাবে আধুনিক ৱেৰহাউছ, ৰোগীৰ বাবে আইছলেচন সুবিধা, ছিৰিঞ্জ আৰু ইজেকচন আদিৰ দৰে সহায়ক যোগানৰ উৎপাদনত বৃদ্ধি আদি অন্তৰ্ভুক্ত আছে। প্ৰস্তাৱিত এলজিএছচিএএছৰ উদ্দেশ্য দেশত বিশেষভাৱে বঞ্চিত অঞ্চলসমূহক লক্ষ্য কৰি চিকিৎসা পৰিকাঠামোৰ বিস্তাৰ কৰা। এলজিএছচিএএছ ৮ মেট্ৰ'পলিটান টিয়েৰ ১ চহৰ (শ্ৰেণী এক্স চহৰ)ক বাদ দি চহৰ বা গ্ৰামাঞ্চলত স্থাপিত ব্ৰাউনফিল্ড পৰিকল্পনাক ৫০% আৰু নতুন অৰ্থাৎ গ্ৰীণফিল্ড পৰিকল্পনাসমূহক ১০০ কোটি টকা লৈকে স্বীকৃত ঋণৰ বাবে ৭৫% লৈকে গেৰাণ্টী উপলব্ধ কৰোৱা হ'ব। আকাংক্ষী জিলাসমূহৰ বাবে, দুয়োটা ব্ৰাউনফিল্ড বিস্তাৰ আৰু গ্ৰীণফিল্ড পৰিকল্পনাৰ বাবে ৭৫% গেৰাণ্টী ক'ভাৰ পাব।

 

ইচিএলজিএছ : সম্প্ৰতি ভাৰতত কোভিড-১৯ মহামাৰীৰ পুনৰ আক্ৰমণ আৰু স্থানীয়/ক্ষেত্ৰীয় স্তৰত প্ৰয়োগ কৰা বাধা দিয়াৰ উপায়বিলাকৰ জৰিয়তে নতুন অনিশ্চয়তাৰ সৃষ্টি হৈছে তথা আৰম্ভণিৰ স্তৰত আৰ্থিক পুনৰুদ্ধাৰ প্ৰভাৱিত হৈছে। এই পৰিস্থিতিত ব্যক্তিগত ঋণ লোৱা আৰু এমএছএমই ঋণ লওঁতাৰ সবাতোকৈ সংবেদনশীল শ্ৰেণী, যাৰ বাবে ভাৰত চৰকাৰে লক্ষিত নীতিগত প্ৰক্ৰিয়াৰ ৰূপত ইচিএলজিএছৰ উপস্থাপন কৰিছে। ইচিজিএলএছৰ ডিজাইনৰ জৰিয়তে ক্ৰমবৰ্দ্ধমান প্ৰয়োজনীয়তাৰ ওপৰত তুৰন্তে প্ৰক্ৰিয়াৰ বাবে স্থিতিস্থাপকতা পোৱা যায়, যি ইচিএলজিএছ ২.০, ৩.০ আৰু ৪.০ৰ উপস্থাপনৰ সৈতেই ৩০ মে' ২০২১ত ঘোষিত পৰিৱৰ্তনসমূহ দৃষ্টিগোচৰ হয়। এই সকলো ৩ লাখ কোটি টকাৰ সীমাৰ ভিতৰত উপলব্ধ আছিল। বৰ্তমান, ইচিএলজিএৰ জৰিয়তে প্ৰায় ২.৬ লাখ কোটি টকাৰ ঋণ স্বীকৃত কৰা হৈছে। সম্প্ৰতি ঘোষিত পৰিৱৰ্তনসমূহে আৰবিআইৰ দ্বাৰা ০৪ জুন, ২০২১ত ৫০ কোটি টকাৰ একত্ৰিত ৰিষ্ট্ৰাকচাৰিঙৰ সীমাৰ বিস্তাৰ আৰু কোভিডৰ উপক্ৰমৰ ওপৰত অব্যাহত থকা নকাৰাত্মক প্ৰভাৱ চলি থকাৰ সময়ত ইয়াত পুনৰ দ্ৰুততা অহাৰ অনুমান কৰা হৈছে।

 

*******

 

DS

 



(Release ID: 1732107) Visitor Counter : 193