কেবিনেট

‘প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা’(পিএম-জিকেএওৱাই)ৰ সময়সীমা জুলাই, ২০২১ৰ পৰা নৱেম্বৰ, ২০২১ পৰ্যন্ত সম্প্ৰসাৰিত কৰাৰ প্ৰস্তাৱলৈ অনুমোদন চৰকাৰৰ

যোৱাটো বৰ্ষত চৰকাৰে এপ্ৰিল, ২০২০ৰ পৰা নৱেম্বৰ, ২০২০পৰ্যন্ত সময়কালৰ বাবে ‘এনএফএছএ’ৰ অধীনস্থ সকলো হিতাধিকাৰীৰ বাবে ঘোষণা কৰিছিল ‘পিএম-জিকেএওৱাই’

‘এনএফএছএ’ৰ অধীনস্থ প্ৰায় ৮০কোটি হিতাধিকাৰীয়ে ৮মাহ ধৰি বিনামূলীয়াকৈ লাভ কৰিছিল ৫কিলোকৈ অতিৰিক্ত খাদ্য-সামগ্ৰী

২০২১ত ২৬,৬০২কোটি টকাৰ প্ৰাককলিত ব্যয়ৰে দুটা মাহ(মে’ আৰু জুন)ৰ বাবে ‘পিএম-জিকেএওৱাই’ ঘোষণা কৰা হৈছিল

মাননীয় প্ৰধানমন্ত্ৰীয়ে যোৱা ৭জুন, ২০২১ত প্ৰদান কৰা ভাষণত নৱেম্বৰ, ২০২১ত হ’বলগীয়া দীপাৱলী পৰ্যন্ত অতিৰিক্ত পাঁচমাহৰ বাবে ‘পিএম-জিকেএওৱাই’ৰ সময়সীমা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল

‘এনএফএছএ’ৰ অধীনস্থ প্ৰায় ৮০কোটি হিতাধিকাৰীক সম্প্ৰসাৰিত ৫টা মাহত ৬৭,২৬৬কোটি টকাৰ প্ৰাককলিত ব্যয়ৰে ২০৪লাখ মেট্ৰিক টন পৰিমাণৰ অতিৰিক্ত খাদ্যদ্ৰব্য যোগান ধৰা হ’ব

বিনামূলীয়াকৈ লাভ কৰিবলগীয়া এই খাদ্য সামগ্ৰীসমূহ ‘এনএফএছএ’ৰ অধীনস্থ হিতাধিকাৰীসকলে মাহেকত নিয়মীয়া ভাবে লাভ কৰি থকা খাদ্য সামগ্ৰীৰ সৈতে অতিৰিক্তকৈ লাভ কৰিব

অতিৰিক্ত ভাবে যোগান ধৰিবলগীয়া এই খাদ্য দ্ৰব্যৰ বাবদ হ’বলগীয়া সমুদায় ব্যয় বহণ কৰিব কেন্দ্ৰীয় চৰকাৰে

Posted On: 23 JUN 2021 12:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ সভাই আন এক পাঁচমহীয়া সময়কাল, অৰ্থাত্ জুলাই, ২০২১ৰ পৰা নৱেম্বৰ, ২০২১পৰ্যন্ত ‘প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা’(চতুৰ্থ পৰ্যায়)ৰ অধীনত অতিৰিক্ত খাদ্যদ্ৰব্য আৱন্তন দিয়াৰ বাবে চৰকাৰে উথ্থাপন কৰা প্ৰস্তাৱলৈ অনুমোদন জনায়। এই সিদ্ধান্তৰ আধাৰত ‘প্ৰত্যক্ষ লাভ হস্তান্তৰ’(ডিবিটি)কে ধৰি ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন’(এনএফএছএ)ৰ অধীনস্থ (‘অন্তুদ্যোয়া অন্ন যোজনা’ আৰু প্ৰায়’ৰিটী হাউছহল্ডছ) ৮১.৩৫কোটি হিতাধিকাৰীৰ প্ৰতিগৰাকীয়ে অতিৰিক্ত ভাবে @৫কিলোগ্ৰামকৈ খাদ্যদ্ৰব্য বিনামূলীয়াকৈ লাভ কৰিব।

উল্লেখ্য যে যোৱাটো বৰ্ষত চৰকাৰে এপ্ৰিল, ২০২০ৰ পৰা নৱেম্বৰ, ২০২০পৰ্যন্ত সময়কালৰ বাবে ‘এনএফএছএ’ৰ অধীনস্থ সকলো হিতাধিকাৰীৰ বাবে ‘পিএম-জিকেএওৱাই’ ঘোষণা কৰিছিল। সেই অনুসৰি ‘এনএফএছএ’ৰ অধীনস্থ হিতাধিকাৰীসকলে এপ্ৰিল, ২০২০ৰ পৰা নৱেম্বৰ, ২০২০ৰ এই ৮মাহ জোৰা সময়চোৱাত অতিৰিক্ত ভাবে প্ৰতি ব্যক্তিৰ বিপৰীতে ৫কিলোগ্ৰামকৈ চাউল অথবা আটা লাভ কৰিছিল। ইয়াৰ বাবে বিভাগে মুঠ ৩২১লাখ মেট্ৰিক টন পৰিমাণৰ খাদ্যদ্ৰব্যৰ আৱণ্টন দিয়াৰ বিপৰীতে দেশৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ইয়াৰে ৩০৫লাখ মেট্ৰিক টন খাদ্যদ্ৰব্য আহৰণ কৰি সমগ্ৰ দেশতে প্ৰায় ২৯৮লাখ মেট্ৰিক টন পৰিমাণ(আৱণ্টিত সামগ্ৰীৰ প্ৰায় ৯৩শতাংশ)ৰ খাদ্যদ্ৰব্য বিতৰণ কৰিছিল।

ক’ভিড-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষৰ আৰ্হিতে ২০২১চনত ২৬,৬০২কোটি টকাৰ প্ৰাককলিত ব্যয়ৰে দুটা মাহ(মে’ আৰু জুন)ৰ বাবে ‘পিএম-জিকেএওৱাই’ ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰা হৈছিল। পৰৱৰ্তি সময়ত কৰা পৰ্যালোচনৰ অন্তত মাননীয় প্ৰধানমন্ত্ৰীয়ে যোৱা ৭জুন, ২০২১ত প্ৰদান কৰা ভাষণত নৱেম্বৰ মাহত হ’বলগীয়া দীপাৱলী পৰ্যন্ত অতিৰিক্ত পাঁচমাহৰ বাবে ‘পিএম-জিকেএওৱাই’ৰ সময়সীমা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল। সেই অনুসৰিয়ে ‘এনএফএছএ’ৰ অধীনস্থ প্ৰায় ৮০কোটি হিতাধিকাৰীক সম্প্ৰসাৰিত ৫টা মাহত ৬৭,২৬৬কোটি টকাৰ প্ৰাককলিত ব্যয়ৰে ২০৪লাখ মেট্ৰিক টন পৰিমাণৰ অতিৰিক্ত খাদ্যদ্ৰব্য যোগান ধৰা হ’ব। বিনামূলীয়াকৈ লাভ কৰিবলগীয়া এই খাদ্য সামগ্ৰীসমূহ ‘এনএফএছএ’ৰ অধীনস্থ হিতাধিকাৰীসকলে মাহেকত নিয়মীয়া ভাবে লাভ কৰি থকা খাদ্য সামগ্ৰীৰ সৈতে অতিৰিক্তকৈ লাভ কৰিব। অতিৰিক্ত ভাবে যোগান ধৰিবলগীয়া এই খাদ্য দ্ৰব্যৰ বাবদ হ’বলগীয়া সমুদায় ব্যয় বহণ কৰিব কেন্দ্ৰীয় চৰকাৰে।

 

 

***

DS/KB



(Release ID: 1730183) Visitor Counter : 247