প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

লিংকডইনত প্ৰকাশিত প্ৰধানমন্ত্ৰীৰ ব্লগৰ অসমীয়া অনুবাদ

প্ৰত্যয় আৰু উদগনিসমূহৰ দ্বাৰা সংস্কাৰসমূহ

Posted On: 22 JUN 2021 8:04PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীয়ে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশ্বব্যাপী চৰকাৰসমুহৰ সন্মূখত সম্পূৰ্ণ নতুন প্ৰত্যাহ্বানৰ সমষ্টি হিচাপে আহি থিয় দিছিল৷ ভাৰত ইয়াৰ ব্যাতিক্ৰম নাছিল৷ দীৰ্ঘস্থায়ীত্ব নিশ্চিত কৰাৰ বাবে জনকল্যাণৰ ক্ষেত্ৰত পৰ্যাপ্ত সম্পদ বৃদ্ধি কৰাতো প্ৰত্যাহ্বানসমূহৰ মাজৰ এক অন্যতম ডাঙৰ সমস্যা হিচাপে পৰিগণিত হৈছিল৷

বিশ্বব্যাপী দেখা দিয়া আৰ্থিক নাটনিৰ পৃষ্ঠভূমিত, আপুনি জানেনে ২০২০-২১ ত ভাৰতৰ ৰাজ্যসমূহে উল্লেখযোগ্যভাৱে অধিক ঋণ ল’বলৈ সক্ষম হৈছিল? সম্ভৱতঃ এইটোই আপোনাক আচৰিতধৰণে আনন্দ প্ৰদান কৰিব যে ৰাজ্যসমূহে ২০২০-২১ ত অতিৰিক্ত ১.০৬ লাক্ষ কোটি লৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল৷ সম্পদৰ উপলব্ধতাৰ এই উল্লেখযোগ্য বৃদ্ধি সম্ভৱপৰ কৰি তোলা হৈছে কেন্দ্ৰ-ৰাজ্যৰ অংশীদাৰীত্বৰ এক প্ৰয়াসৰ দ্বাৰা৷

যেতিয়া আমি ক’ভিড-১৯ মহামাৰীৰ প্ৰতি আমাৰ অৰ্থনৈতিক প্ৰতিক্ৰিয়া তৈয়াৰ কৰিছিলো, আমি নিশ্চিত কৰিব বিচাৰিছিলো যে আমাৰ আৰ্হিয়ে যাতে ‘এক আকাৰ সকলোৰে বাবে’ অনুসৰণ নকৰে৷ মহাদেশীয় পৰিধিসমূহৰ এক ফেডাৰেল ৰাষ্ট্ৰৰ বাবে, ৰাজ্য চৰকাৰৰ দ্বাৰা সংস্কাৰসমূহৰ প্ৰচাৰৰ বাবে ৰাষ্ট্ৰীয় স্তৰত নীতি সজুঁলিৰ সন্ধান অৱশ্যেই প্ৰত্যাহ্বানমূলক৷ কিন্তু, আমাৰ ফেডাৰেল শাসন প্ৰণালীৰ বলিষ্ঠতাৰ উপৰত বিশ্বাস আছিল আৰু আমি কেন্দ্ৰ-ৰাজ্যৰ অংশীদাৰীত্বৰ উদ্যমৰ মাজেৰে আগবাঢ়ি গৈছিলো৷

মে ২০২০ ত, আত্মনিৰ্ভৰ ভাৰতৰ পেকেজৰ অংশ হিচাপে, ভাৰত চৰকাৰে ঘোষণা কৰিছিল যে ৰাজ্য চৰকাৰসমূহক ২০২০-২১ ত বৰ্ধিত ঋণ গ্ৰহণৰ অনুমতি প্ৰদান কৰা হ’ব৷ জিএচডিপি ৰ অতিৰিক্ত ২% অনুমোদিত কৰা হৈছিল, যাৰ ১% নিৰ্দিষ্ট অৰ্থনৈতিক সংস্কাৰ বাস্তৱায়নৰ চৰ্তসপক্ষে প্ৰদান কৰা হৈছিল৷ এইধৰণৰ উদগনিমূলক অৰ্থনৈতিক সংস্কাৰ ভাৰতীয় জন-অৰ্থনীতিত বিৰল৷ এইটো এক উদগনিমূলক আছিল, ৰাজ্যসমূহক অতিৰিক্ত পূঁজিসমূহ গ্ৰহণৰ বাবে প্ৰগতিশীল নীতি গ্ৰহণৰ বাবে উৎসাহিত কৰিছিল৷ এই প্ৰয়োগৰ ফলাফল কেৱল মাত্ৰ প্ৰেৰণাদায়কেই নাছিল আনকি দৃঢ় অৰ্থনৈতিক নীতি গ্ৰহণকাৰীসকল সীমিত থকাৰ ধাৰণাৰ বিপৰীতে কাম কৰিছিল৷

চাৰিটা সংস্কাৰ যাৰ সৈতে অতিৰিক্ত ঋণ সম্পৰ্কিত হৈ আছিল (প্ৰতিটোৰ সৈতে জিডিপি ৰ ০.২৫% জোৰা লগোৱা আছিল) তাৰ দুটা বৈশিষ্ট্য আছিল৷ প্ৰথমতে, প্ৰতিটো সংস্কাৰ জনসাধাৰণ বিশেষকৈ দৰিদ্ৰসকল, দুৰ্বলসকল আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱনধাৰণ স্বাচ্ছন্দ্য উন্নত কৰাৰ সৈতে জড়িত আছিল৷ দ্বিতীয়তে, তেওঁলোকে বিত্তীয় দীৰ্ঘস্থায়ীত্ব প্ৰচাৰ কৰাৰ সৈতে৷

‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড’ নীতিৰ অধীনত প্ৰথম সংস্কাৰ আছিল যাতে ৰাজ্য চৰকাৰে ৰাজ্যত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (NFSA) ৰ অধীনত থকা সকলো ৰেচন কাৰ্ড পৰিয়ালৰ সকলো সদস্যৰ আধাৰ নম্বৰ সৈতে সংযুক্ত কৰে আৰু সকলো সুলভ মূল্যৰ দোকানসমূহত বিক্ৰী সজুঁলিসমূহৰ ইলেক্ট্ৰনিক পইন্ট থাকে৷ ইয়াৰ প্ৰধান উপকাৰীতা হ’ব যে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে তেওঁলোকৰ খাদ্যৰ ৰেচন দেশৰ যিকোনো অংশৰ পৰাই গ্ৰহণ কৰিব পাৰিব৷ নাগৰিকসকলক এই সুবিধাসমূহৰ উপৰিও, ভুৱা কাৰ্ডসমূহ আৰু নকল সদস্যবোৰ দূৰ কৰাৰ দ্বাৰা আৰ্থিক সুবিধাও লাভ কৰিব পাৰি৷ ১৭ খন ৰাজ্যই এই সমস্কাৰ সম্পূৰ্ণ কৰিছে আৰু তেওঁলোকক ৩৭,৬০০ কৌটি টকাৰ অতিৰিক্ত ঋণো প্ৰদান কৰা হৈছে৷

দ্বিতীয় সংস্কাৰটো, ব্যৱসায়ী কৰাৰ স্বাচ্ছন্দ্য উন্নত কৰাৰ লক্ষ্যৰে, ৰাজ্যসমূহে ৭ খন আইনৰ অধীনত ব্যৱসায়-সম্পৰ্কীয় অনুজ্ঞাপত্ৰসমূহ নৱীকৰণ কেৱলমাত্ৰ মাচুল আদায়ে স্বয়ং, অনলাইন যোগে আৰু বৈষম্যহীনভাৱে হোৱাটো নিশ্চিত কৰা উচিত৷ আন এক প্ৰয়োজনীয়তা হ’ল কম্পিউটাৰৰ প্ৰণালীৰ সহায়ত এক অনিয়মিত পৰীক্ষণ ৰূপায়ন আৰু তাৰোপৰি ১২ খন আইনৰ অধীনত হাৰাশাস্তি আৰু কেলেংকাৰী হ্ৰাসৰ বাবে পৰীক্ষণৰ এক আগতীয়া জাননী প্ৰেৰণ৷ এই সংস্কাৰ (১৯ খন আইন সামৰি) ক্ষুদ্ৰ আৰু সৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ এক বিশেষ সহায়ৰ বাবে, যিয়ে ‘ইঞ্চপেক্টৰ ৰাজ' বোজাৰ পৰা সবাতোকৈ ক্ষতিগ্ৰস্থ হৈছে৷ ইয়ে এক উন্নত বিনিয়েোগৰ পৰিবেশ, উচ্চতৰ বিনিয়োগ আৰু দ্ৰুত উন্নয়ন প্ৰচাৰ কৰে৷ ২০ খন ৰাজ্যই এই সংস্কাৰ সম্পূৰ্ণ কৰিছে আৰু তেওঁলোকক ৩৯,৫২১ কোটি টকাৰ অতিৰিক্ত ঋণো প্ৰদান কৰা হৈছে৷

১৫ সংখ্যক বিত্ত আয়োগ আৰু বহুতো একাডেমীয়ে দৃঢ় সম্পত্তি কৰাৰোপণৰ উপৰত চূড়ান্ত গুৰুত্ব প্ৰদান কৰিছিল৷ তৃতীয় সংস্কাৰটোত ৰাজ্যসমূহে নগৰ অঞ্চলসমূহত সম্পত্তিৰ লেনদেন বাবে যথাক্ৰমে মুদ্ৰাংক শুল্কৰ নিৰ্দেশিকাৰ মান আৰু বৰ্তমানৰ মূল্য সৈতে সামঞ্জস্য ৰাখি সম্পত্তি কৰৰ বাবে মজিয়াৰ নিৰিখ আৰু পানী তথা পয়ঃপ্ৰণালীৰ নিৰিখসমূহ অধিসূচিত কৰাটো প্ৰয়োজনীয়৷ এইটোই নগৰাঞ্চলৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক উন্নতমানৰ সেৱাসমূহ প্ৰদানৰ বাবে সক্ষম কৰে, উন্নত আন্তঃগাঠনি সমৰ্থন আৰু বৃদ্ধিক উৎসাহিত কৰে৷ সম্পত্তি কৰো ইয়াৰ আপতনত এক প্ৰগতিশীল আৰু এইদৰে নগৰাঞ্চলৰ দৰিদ্ৰসকল সকলোতকৈ লাভান্বিত হ’ব৷ এই সংস্কাৰে পৌৰ কৰ্মচাৰীসকলকো উপকৃত কৰিব যিসকলে প্ৰায়ে তেওঁলোকৰ মজুৰি লাভ কৰাৰ ক্ষেত্ৰত বিলম্বতা মুখামুখী হয়৷ ১১ খন ৰাজ্যই এই সংস্কাৰ সম্পূৰ্ণ কৰিছে আৰু তেওঁলোকক ১৫,৯৫৭ কোটি টকাৰ অতিৰিক্ত ঋণো প্ৰদান কৰা হৈছে৷

চতুৰ্থ সংস্কাৰটো কৃষকসকলক বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ ক্ষেত্ৰত প্ৰত্যক্ষ হিতাধীকাৰী হস্তান্তৰ (ডিবিটি) প্ৰবৰ্তন৷ তাৰ বাবে প্ৰয়োজন আছিল পাইট হিচাপে এখন জিলাত বাস্তৱায়নৰ সৈতে এক ৰাজ্য-জুৰি আঁচনি তৈয়াৰ কৰা৷ অতিৰিক্ত ঋণ জিএচডিপি ৰ ০.১৫% ইয়াৰ সৈতে সম্পৰ্কিত হৈ আছিল৷ এক উপাদান প্ৰযুক্তিগত আৰু বীণিজ্যিক ক্ষতি হ্ৰাসৰ কৰাৰ বাবে আৰু অন্য এটা ৰাজহসমূহ আৰু ব্যয়সমূহৰ (প্ৰতিটোৰ বাবে জিএচডিপি ৰ ০.০৫%) ব্যৱধান হ্ৰাস কৰাৰ বাবে প্ৰদান কৰা হৈছে৷ এইটোই বিতৰণ কোম্পানীসমূহৰ অৰ্থনীতি উন্নত কৰে, পানী তথা শক্তি সংৰক্ষণৰ প্ৰচাৰ কৰে আৰু উন্নত আৰ্থিক আৰু প্ৰযুক্তিগত কৰ্মদক্ষতাৰ মাজেৰে পৰিসেৱাৰ মানদণ্ড উন্নত কৰে৷ ১৩ খন ৰাজ্যই অন্ততঃ এটা উপাদান ৰূপায়ন কৰিছে, যত ৬ খন ৰাজ্যই ডিবিটি উপাদান ৰূপায়ন কৰিছে৷ ফলস্বৰূপে, ১৩,২০১ কোটি টকাৰ অতিৰিক্ত ঋণৰ অনুমতি প্ৰদান কৰা হৈছে৷

সামগ্ৰিকভাৱে, ২৩ খন ৰাজ্যই ২.১৪ লাক্ষ কোটিৰ সম্ভাব্য পুঁজিৰ ভিতৰত অতিৰিক্ত ১.০৬ লাক্ষ কৌটি অতিৰিক্ত ঋণ গ্ৰহণ কৰিছে৷ ফলস্বৰূপে, ২০২০-২১ (চৰ্তসাপেক্ষ আৰু চৰ্তহীনভাৱে) ৰাজ্যসমূহক প্ৰদান কৰা ঋণৰ মুঠ অনুদান অনুমোদন প্ৰাৰম্ভিক পৰ্যায়ত অনুমান কৰা ডিএচডিপি ৰ ৪.৫% হৈছে৷

আমাৰ দৰে জটিল সমস্যাপূৰ্ণ এক বৃহত ৰাষ্ট্ৰৰ বাবে, এইটো এক অনন্য অভিজ্ঞতা৷ আমি প্ৰায়ে দেখা পাওঁ যে বিভিন্ন কাৰণৰ বাবে, আঁচনিসমূহ আৰু সংস্কাৰসমূহ বহুবছৰ ধৰি অকাৰ্য্যকৰী হৈ থাকে৷ এইটো অতীতৰ এক আনন্দায়ক যাত্ৰা আছিল যত মহামাৰীৰ মাজত কম সময়ৰ ভিতৰতে কেন্দ্ৰ আৰু ৰাজ্যসমূহে একলগে হৈ জনসাধাৰণ সহায়ক হোৱাকৈ সংস্কাৰ প্ৰচলন কৰিব পাৰিছিল৷ এইটো সম্ভৱপৰ হ’ল আমাৰ সকলোৰে সৈতে, সকলোৰে বিকাশ আৰু সকলোৰে বিশ্বাসৰ প্ৰয়াসৰ বাবে৷ এই সংস্কাৰৰ সৈতে কাম কৰি থকা বিষয়াসকলে পৰামৰ্শ প্ৰদান কৰিছিল যে অতিৰিক্ত পূঁজিৰ উদগনি অবিহনে, এই নীতিসমূহ কাৰ্যকৰীকৰণৰ বাবে বহু বছৰৰ প্ৰয়োজন হ’লহেতেন৷ ভাৰতে এক ‘সন্তৰ্পণে আৰু বাধ্যতামূলকভাৱে এক সংস্কাৰ’ ৰ আৰ্হি দেখা পালে৷ এইটো ‘প্ৰত্যয় আৰু উদগনিসমূহৰ দ্বাৰা সংস্কাৰ’ ৰ এটা নতুন আৰ্হি৷ মই সকলো ৰাজ্যৰে প্ৰতি কৃতজ্ঞ যিসমূহে এই কঠিন সময়ৰ মাজতো তেওঁলোকৰ নাগৰিকসকলৰ উৎকৰ্ষ সাধনৰ বাবে এই নীতিসমূহ আগুৱাই নিয়াত নেতৃত্ব বহন কৰিছে৷ আমি ১৩০ কোটি ভাৰতীয়ৰ ক্ষিপ্ৰ উন্নয়নৰ বাবে একেলগে কাম কৰি যোৱা উচিত৷

*****

DS/MANN



(Release ID: 1729995) Visitor Counter : 166