স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ টীকাকৰণৰ শেহতীয়া স্থিতি

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ ২৪কোটি পালিৰো অধিক প্ৰতিষেধক যোগান

ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত এতিয়াও জমা আছে ১.৬৫কোটি পালিৰো অধিক প্ৰতিষেধক

Posted On: 05 JUN 2021 12:13PM by PIB Guwahati

ৰাষ্ট্ৰ জুৰি চলা টীকাকৰণ অভিযানৰ অংশ হিচাপে ভাৰত চৰকাৰে দেশৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ সম্পূৰ্ণ বিনামূলীয়া ভাবে প্ৰতিষেধক প্ৰদান কৰি সহযোগিতাৰ হাত আগবঢ়াই আহিছে। তদুপৰি, ভাৰত চৰকাৰে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰে প্ৰতিষেধকৰ সংগ্ৰহ প্ৰত্যক্ষভাবে কৰাৰ বাবেও সুবিধা আগবঢ়াইছে। নমুনাৰ পৰীক্ষণ, অনুসৰণ, চিকিত্সা প্ৰদান আৰু ক’ভিড-বিহিত আচৰণকে ধৰি  মহামাৰীৰ সংক্ৰমণ আৱদ্ধকৰণ তথা প্ৰবন্ধনৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিস্তৃত ৰণ-কৌশলৰ অভিন্ন অংগ হৈছে টীকাকৰণ।

মুক্ত আৰু ত্বৰান্বিত ৰণ-কৌশল হিচাপে টীকাকৰণ অভিযানৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ ঘোষণা কৰা হৈছিল ১মে’, ২০২১তাৰিখে।

এই ৰণ-কৌশলৰ আধাৰত ‘কেন্দ্ৰীয় ঔষধ পৰীক্ষাগাৰ’(চিডিএল)য়ে প্ৰতিমাহে মোকলাই দিয়া যিকোনো প্ৰস্তুতকৰ্তা প্ৰতিষ্ঠানৰ ৫০% প্ৰতিষেধক ভাৰত চৰকাৰে সংগ্ৰহ কৰে। এইখিনি প্ৰতিষেধক পূৰ্বৰ দৰেই দেশৰ বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলক বিনামূলীয়া বিতৰণৰ বাবে যোগান ধৰি আহিছে।

এনেদৰে বিনামূলীয়াকৈ প্ৰদান কৰিবলগীয়া আৰু ভাৰত চৰকাৰৰ জৰিয়তে লাভ কৰা তথা ৰাজ্যসমূহে নিজাববীয়াকৈ সংগ্ৰহ কৰা প্ৰতিষেধককে ধৰি ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ২৪কোটিৰো অধিক(২৪,৩০,০৯,০৮০)পালি প্ৰতিষেধক যোগান ধৰা হৈছে।

ইয়াৰে, অধানাৰ্জি হোৱা খিনিকো ধৰি মুঠ ২২,৬৫,০৮,৫০৮পালি(আজি পুৱা ৮বজা পৰ্যন্ত পোৱা তথ্য অনুসৰি) প্ৰতিষেধক ব্যৱহাৰ কৰা হৈছে।

ইফালে, ১.৬৫কোটিৰো অধিক(১,৬৫,০০,৫৭২)পালি প্ৰতিষেধক এতিয়াও ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত এতিয়াও মজুত আছে।

***

MV/KB



(Release ID: 1724957) Visitor Counter : 134