ৰেল মন্ত্ৰালয়

অক্সিজেন এক্সপ্রেছে জাতিৰ উদ্দেশ্যে ২৫ হাজাৰ মেট্রিক টন তৰল অক্সিজেন সৰবৰাহ কৰি মাইলৰ খুটি অতিক্রম কৰিছে

সমগ্ৰ দেশজুৰি ১৫০০টা টেংকাৰৰ জৰিয়তে তৰল মেডিকেল অক্সিজেন সৰবৰাহ কৰা হৈছে

৩৬৮খন অক্সিজেন এক্সপ্রেছে দেশৰ ১৫খন ৰাজ্যত এই পর্যন্ত অক্সিজেন সৰবৰাহ কৰিছে

Posted On: 05 JUN 2021 2:28PM by PIB Guwahati

দেশত বর্তমান কোভিড-১৯ জনিত পৰিস্থিতিত ভাৰতীয় ৰে'লে অক্সিজেন এক্সপ্রেছৰ জৰিয়তে তৰল মেডিকেল অক্সিজেন বিভিন্ন ৰাজ্যলৈ সৰবৰাহৰ প্রক্রিয়া অব্যাহত ৰাখিছে। ইয়াৰ লগে লগে, ভাৰতীয় ৰে'লে ২৫ হাজাৰ মেট্রিক টন তৰল মেডিকেল অক্সিজেন সৰবৰাহ কৰাৰ মাইলৰ খুটি অতিক্রম কৰিছে। এই পর্যন্ত ভাৰতীয় ৰে'লে ১৫০৩টা টেংকাৰৰ জৰিয়তে মুঠ ২৫৬২৯ মেট্রিক টন তৰল মেডিকেল অক্সিজেন সৰবৰাহ কৰিছে।

 

মুঠ ৩৬৮খন অক্সিজেন এক্সপ্রেছে বিভিন্ন ৰাজ্যলৈ অক্সিজেন সৰবৰাহ কৰি নিজৰ যাত্রা শেষ কৰিছে।

 

ইয়াৰ সমান্তৰালকৈ, ৩০টা টেংকাৰৰ জৰিয়তে ৭খন অক্সিজেন ভর্তি এক্সপ্রেছে য'ত ৪৮২ মেট্রিক টন তৰল মেডিকেল অক্সিজেন আছে, সেইবোৰ বর্তমান যাত্রা পথত আছে।

 

কর্নাটকত ৩ হাজাৰ মেট্রিক টন তৰল মেডিকেল অক্সিজেন সৰবৰাহ কৰা হৈছে।

 

অসমলৈ পঞ্চম অক্সিজেন এক্সপ্রেছৰ জৰিয়তে চাৰিটা টেংকাৰত আকৌ ৮০ মেট্রিক টন তৰল মেডিকেল অক্সিজেন পঠিওৱা হৈছে।

 

বিগত ৪২ দিন পূর্বে যোৱা ২৪ এপ্রিলত মহাৰাষ্ট্রলৈ ১২৬ মেট্রিক টন অক্সিজেন সৰবৰাহ কৰি অক্সিজেন এক্সপ্রেছৰ যাত্রা আৰম্ভ হয়। ৰাজ্যসমূহৰ প্রয়োজনত সময়মতে অক্সিজেন সৰবৰাহ কৰাই ভাৰতীয় ৰে'লৰ লক্ষ্য।

 

ৰে'লৰ পক্ষৰ পৰা এই পর্যন্ত ১৫খন ৰাজ্যলৈ তৰল মেডিকেল অক্সিজেন সৰবৰাহ কৰা হৈছে। এই ৰাজ্যসমূহৰ মাজত আছে উত্তৰাখণ্ড, কর্ণাটক, মহাৰাষ্ট্র, মধ্যপ্রদেশ, অন্ধ্রপ্রদেশ, ৰাজস্থান, তামিলনাড়ু, হাৰিয়ানা, তেলেঙ্গানা, পাঞ্জাব, কেৰালা, দিল্লী, উত্তৰপ্রদেশ, ঝাড়খণ্ড আৰু অসম।

 

এই ১৫খন ৰাজ্যৰ ৩৯খন চহৰত অক্সিজেন সৰবৰাহ কৰা হৈছে। এই চহৰবিলাকৰ মাজত আছে, উত্তৰপ্রদেশৰ লখনৌ, বাৰানসী, কানপুৰ, বেৰিলি, গোৰখপুৰ আৰু আগ্রা।

 

মধ্যপ্রদেশৰ সাগৰ, জব্বলপুৰ, কাটনি আৰু ভোপাল।

 

মহাৰাষ্ট্রৰ নাগপুৰ, নাসিক, পুনে, মুম্বাই আৰু সোলাপুৰ।

 

তেলেঙ্গানাৰ হায়দ্রাবাদ। হাৰিয়ানাৰ ফৰিদাবাদ গুৰগাঁও। দিল্লীৰ তুঘলকাবাদ, দিল্লী কেন্টনমেন্ট আৰু ওখলা।

 

ৰাজস্থানৰ কোটা আৰু কনকপুৰ। কর্নাটকৰ বেঙ্গালুৰু। উত্তৰাখণ্ডৰ দেৰাদুন। অন্ধ্ৰপ্রদেশৰ নেল্লোৰ, গুন্টুৰ, তাদিপাত্রি আৰু বিশাখা পত্তনম। কেৰালাৰ এৰনাকুলাম। তামিলনাড়ুৰ তিৰুভাল্লুৰ, চেন্নাই, তুতিকোৰিন, কোয়েম্বাটুৰ আৰু মাদুৰাই। পাঞ্জাবৰ ভাতিন্ডা আৰু ফিলাউৰ। অসমৰ কামৰূপ আৰু ঝাড়খন্ডৰ ৰাঁচি।

 

ৰে'লৰ পক্ষৰ পৰা এই অক্সিজেন নিয়া হৈছে পশ্চিমাঞ্চলৰ হাপা, বৰোদা, মুন্ড্রাৰ পৰা। পূর্বাঞ্চলৰ ৰাউৰকেল্লা, দুর্গাপুৰ, টাটানগৰ আৰু আঙ্গুলৰ পৰা। ইয়াৰ উপৰিও সেইবিলাক সৰবৰাহ কৰা হৈছে উত্তৰাখণ্ড, কর্ণাটক, মহাৰাষ্ট্র, মধ্যপ্রদেশ, অন্ধ্রপ্রদেশ, ৰাজস্থান, তামিলনাড়ু, হাৰিয়ানা, তেলেঙ্গানা, পাঞ্জাব, কেৰালা, দিল্লী, উত্তৰ প্রদেশ আৰু অসমৰ বিভিন্ন স্থানলৈ।

 

***

 

DJN/MK



(Release ID: 1724954) Visitor Counter : 176