স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড সাহায্যৰ শেহতীয়া তথ্য

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এতিয়ালৈকে ১৮,০১৬টা অক্সিজেন কনচেনট্ৰেটৰ; ১৯,০৮৫টা অক্সিজেন চিলিণ্ডাৰ; ১৯টা অক্সিজেন উৎপাদন প্ৰকল্প; ১৫,২০৬টা ভেণ্টিলেটৰ/ বাই-পেপ; ~৭.৭ এল ৰেমডিচিভিৰ ভাইল, ~১২ লাখ ফাভিপিৰাভিৰ টেবলেট প্ৰেৰণ/বিতৰণ কৰা হৈছে

Posted On: 28 MAY 2021 1:45PM by PIB Guwahati

ভাৰত চৰকাৰে ২৭ এপ্ৰিল,২০২১ৰ পৰা বিভিন্ন দেশ/সংগঠনৰ পৰা কোভিড-১৯ সাহায্য চিকিৎসা সামগ্ৰী আৰু সঁজুলিৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা লাভ কৰি আহিছে। এইবোৰ তৎক্ষণাৎ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ/বিতৰণ কৰা হৈছে।

 

সামগ্ৰিকভাৱে ২৭এপ্ৰিল ২০২১ৰ পৰা ২৬মে’ ২০২১লৈ পথ আৰু বিমানসেৱাৰ জৰিয়তে ১৮,০১৬টা অক্সিজেন কনচেনট্ৰেটৰ; ১৯,০৮৫টা অক্সিজেন চিলিণ্ডাৰ; ১৯টা অক্সিজেন উৎপাদন প্ৰকল্প; ১৫,২০৬টা ভেণ্টিলেটৰ/বাই-পেপ; ~৭.৭লাখ ৰেমডিচিভিৰ ভাইল, ~১২ লিটাৰ ফাভিপিৰাভিৰ টেবলেট বিতৰণ/প্ৰেৰণ কৰা হৈছে।

 

২৬/২৭মে’ ২০২১তাৰিখে কানাডা, জাৰ্মানী, বাহৰেইন (ভাৰতীয় আৰু বাহৰেইন সংগঠন), ৰবাৰ্ট বছ (জাৰ্মানী)ৰ পৰা লাভ কৰা প্ৰধান সামগ্ৰীসমূহ হৈছে ১০টা অক্সিজেন কনচেনট্ৰেটৰ আৰু ৬৯২টা ভেণ্টিলেটৰ/বাই-পেপ/চিপেপ।

 

লাভ কৰা সামগ্ৰীসমূহ তাৎক্ষণিকভাৱে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত  বিতৰণ কৰা।

 

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে নিয়মীয়াকৈ ইয়াক নিৰীক্ষণ কৰি আছে। অনুদান, সাহায্য আৰু অনুদানৰ ৰূপত আন্তৰ্জাতিক সহযোগিতা হিচাপে বিদেশী কোভিড সাহায্য সামগ্ৰী লাভ আৰু আৱণ্টনৰ সমন্বয়ৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ত এক সমৰ্পিত সমন্বয় কোষ সৃষ্টি কৰা হৈছে। এই কোষটোৱে ২০২১ চনৰ ২৬ এপ্ৰিলৰ পৰা কাম কৰা আৰম্ভ কৰিছিল। ২মে’, ২০২১ৰ পৰা স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা এক মানক সঞ্চালন প্ৰক্ৰিয়া প্ৰস্তুত আৰু কাৰ্যকৰী কৰা হৈছে।

***



(Release ID: 1722611) Visitor Counter : 193