PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 27 MAY 2021 6:40PM by PIB Guwahati

  •  
  •  
  •  
  • একেৰাহে ১৪দিন ধৰি আৰোগ্যৰ সংখ্যাই চেৰ পেলাইছে নতুনকৈ আক্ৰান্তৰ সংখ্যাক
  • আৰোগ্যৰ হাৰ ৯০.০১%লৈ বাঢ়িছে
  • দৈনিক আক্ৰান্তৰ হাৰ ৯.৭৯%, একেৰাহে তিনি দিন ধৰি ১০%ৰ তলত
  • দেশজুৰি চলা টীকাকৰণ অভিযানৰ জৰিয়তে এই পৰ্যন্ত ২০.২৭কোটি পালি প্ৰতিষেধক প্ৰদান
  • য়াছ ঘূৰ্ণীৰ বাবে অক্সিজেনৰ যোগানত কোনো বাধাৰ সৃষ্টি হোৱা নাই
  • এদিনত সৰ্বাধিক ১১৯৫মেট্ৰিক টন পৰিমাণৰ অক্সিজেনৰ সাহায্য অক্সিজেন এক্সপ্ৰেছৰ জৰিয়তে বিতৰণ কৰা হৈছে

 

#Unite2FightCorona

#IndiaFightsCorona

Image

একেৰাহে ১৪দিন ধৰি আৰোগ্যৰ সংখ্যাই চেৰ পেলাইছে নতুনকৈ আক্ৰান্তৰ সংখ্যাক

  • ২.১১লাখ আক্ৰান্ত, নতুনকৈ আক্ৰান্তৰ সংখ্যাৰ অৱনমনৰ ধাৰা অব্যাহত
  • এই পৰ্যন্ত দেশত আৰোগ্য কৰা লোকৰ সংখ্যা হৈছেগৈ ২,৪৬,৩৩,৯৫১গৰাকী। যোৱা ২৪ঘণ্টাত আৰোগ্য হৈছে ২,৮৩,১৩৫গৰাকী লোক
  • আৰোগ্য লাভৰ হাৰ বাঢ়িল ৯০.০১%লৈ
  • আক্ৰান্তৰ সাপ্তাহিক হাৰ ১০.৯৩%
  • দৈনিক আক্ৰান্তৰ হাৰ ৯.৭৯%, একেৰাহে ৩দিন ধৰি ১০%ৰ তলত
  • দেশ জুৰি চলা টীকাকৰণ অভযানৰ জৰিয়তে ২০.২৭কোটি পালি প্ৰতিষেধক প্ৰদান
  • মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পিচত ২০কোটি প্ৰতিষেধক প্ৰদানৰ অভিলেখ ৰচা  দ্বিতীয়খন দেশ হল ভাৰত
  • নমুনা পৰীক্ষণৰ সামৰ্থ্যৰ লক্ষণীয় বৃদ্ধি-যোৱা ২৪ঘণ্টাত ২১.৫৭লাখ নমুনাৰ পৰীক্ষণ

সবিশেষ তথ্যৰ বাবে:https://www.pib.gov.in/PressReleasePage.aspx?PRID=1722035

 

ভাৰতৰ টীকাকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত চলা মিথ্যাচাৰ আৰু বাস্তৱ সত্য

ভাৰতৰ ক’ভিড-১৯ৰ টীকাকৰণ অভিযান সন্দৰ্ভত সৰ্বত্ৰে মুখৰোচক কাহিনীৰে জনৰৱ চলি থকা পৰিলক্ষিত হৈছে। বিভ্ৰান্তিমূলক মন্তব্য, অৰ্দ্ধ সত্য কিম্বা গোকাট মিছা কথাৰ সমাহাৰৰে এইবোৰ কাহিনীৰ অৱতাৰণা কৰা দেখা গৈছে।

এনে প্ৰেক্ষাপটতে, ‘নীতি আয়োগ’ৰ সদস্য(স্বাস্থ্য) তথা ‘ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰবন্ধন সম্পৰ্কীয় ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোট’ৰ অধ্যক্ষ ড০ বিনোদ পালে এই সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি এনেবোৰ উৰা বাতৰিক খণ্ডন কৰাৰ ব্যৱস্থা কৰিছে।

 

সবিশেষ তথ্যৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1722078

 

ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চললৈ ২২কোটি পালিৰো অধিক প্ৰতিষেধকৰ যোগান

ভাৰত চৰকাৰে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ (বিনামূলীয়া আৰু প্ৰত্যক্ষ ভাবে ৰাজ্যৰ সংগ্ৰহ এই দুই শ্ৰেণীভুক্ত) এই পৰ্যন্ত ২২কোটি (২২,১৬,১১,৯৪০)পালিৰো অধিক প্ৰতিষেধক যোগান ধৰিছে।

ইয়াৰে আধানাৰ্জি হোৱাকো ধৰি মুঠ ২০,১৭,৫৯,৭৬৮পালি (আজি পুৱা ৮বজা পৰ্যন্ত উপলব্ধ তথ্য়ানুসৰি) ব্যৱহৃত হৈছে।

ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত দিব পৰাকৈ এতিয়াও জমা আছে ১.৮৪কোটি পালিৰো অধিক(১,৮৪,৯০,৫২২) প্ৰতিষেধক

সবিশেষ তথ্যৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1722053

 

’ভিড সাহায্য সামগ্ৰীৰ শেহতীয়া স্থিতি

ক’ভিড-১৯ৰ বিৰুদ্ধে অব্যাহত ৰখা যুঁজখনত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্য পৃথিৱীৰ বিভিন্ন দেশ তথা বিভন্ন সংস্থাসমূহৰ পৰা ভাৰত চৰকাৰে চিকিত্সা সামগ্ৰীকে ধৰি বিভিন্ন সা-সামগ্ৰী সাহায্য হিচাপে লাভ কৰিছে। যোৱা ২৭ এপ্ৰিল, ২০২১ৰ লাভ কৰা এই সাহায্য সামগ্ৰীসমূহ বিশেষ তত্পৰতাৰে দেশৰ বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ তথা প্ৰদানৰ দিহা কৰা হৈছে।

সামগ্ৰিক ভাবে, ২৬মে’, ২০২১ পৰ্যন্ত ১৮,০০৬টা অক্সিজেন কনচেণ্ট্ৰেটৰ, ১৯,০৮৫টা অক্সিজেন চিলিণ্ডাৰ, ১৯টা অক্সিজেন জেনেৰেটৰ প্লাণ্ট, ১৪,৫১৪টা ভেণ্টিলেটৰ-বাইপেপ, ৭লাখ ৰেমডিচিভিৰ ভাইল আৰু ১২লাখ ফেভিপিৰাভিৰ টেবলেট বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলললৈ প্ৰেৰণ আৰু প্ৰদান কৰা হৈছে।

 

সবিশেষ তথ্যৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1722111

 

বয়োজ্যেষ্ঠ আৰু বিশেষ ভাবে সক্ষম লোকসকলৰ বাবে ঘৰৰ কাষৰ কভিড টীকাকৰণ শিবিৰ(এনএইচচিভিচি) সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বিধি নিৰ্দেশনা

 

সবিশেষ তথ্যৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1722164

 

য়াছ ঘূৰ্ণীৰ বাবে তীখাৰ উত্পাদন অথবা অক্সিজেনৰ যোগান ব্যাহত হোৱা নাই

 

সবিশেষ তথ্যৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1722073

 

এদিনত সৰ্বাধিক ১১৯৫মেট্ৰিক টন পৰিমাণৰ অক্সিজেনৰ সাহায্য অক্সিজেন এক্সপ্ৰেছৰ জৰিয়তে বিতৰণ কৰা হৈছে, ইয়াৰ পূৰ্বৰ অভিলেখ আছিল ১১৪২মেট্ৰিক টন

সবিশেষ তথ্যৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1722123

 

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সহযোগিতাৰে পুনৰ ব্যৱহাৰযোগ্য এন৯৫ মাস্ক, পিপিই কিট, মেডিকেল গিয়েৰৰ উত্পাদন আৰু কভিড-১৯ সম্পৰ্কীয় বায়-মেডিকেল আৱৰ্জনা হ্ৰাসৰ দিহা

 

সবিশেষ তথ্যৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1722192

 

ৰোনাভাইৰাছৰ সংক্ৰমণৰ পৰা সামগ্ৰিক ভাবে সমাজক ৰক্ষা কৰাৰ বাবে এনটিপিচিৰ সহযোগিতা
 

 

সবিশেষ তথ্যৰ বাবে:https://www.pib.gov.in/PressReleasePage.aspx?PRID=1722081

 

পিআইবি-ৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা তথ্যাৱলী

কেৰালা: কভিডৰ সংক্ৰমণৰ শেহতীয়া স্থিতি পৰ্যালোচনা কৰাৰ পিচতহে ৰাজ্যখনত লকডাউনৰ সময়সীমা সম্প্ৰসাৰণ কৰা নকৰা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হব। সম্প্ৰতি এই সময়সীমা ৩০মে পৰ্যন্ত অব্যাহত থাকিব। ৰাজ্যখনত এইটো সপ্তাহত আক্ৰান্তৰ হাৰ হৈছে ২২.২%। অৱশ্যে, কিছুমান জিলাত এই হাৰ ২৫% পৰ্যন্ত হোৱা দেখা গৈছে। ইফালে, ১৫১গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত কভিডৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা হয়গৈ ৭৮৮২গৰাকী। দিনটোত আক্ৰান্তৰ সংখ্যা আছিল ২৮,৭৯৮গৰাকী। এই পৰ্যন্ত ৮৮,৫৬,৮৯৭গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইয়াৰে ৬৮,৩৪,৯৩৩গৰাকীয়ে প্ৰথম পালি আৰু ২০,২১,৯৬৪গৰাকীয়ে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে।

 

 

অসম: ৰাজ্যখনত ৫%ৰ তললৈ নামিছে সংক্ৰমণৰ হাৰ। অৱশ্যে দিনটোত মৃত্যু হৈছে ৯০গৰাকী লোকৰ। স্বাভাৱিকতেই ইয়ে উদ্বিগ্ন কৰি ৰাখিছে ৰাজ্যৰ স্বাস্থ্য বিভাগক।  ৰাজ্যখনত সম্পন্ন কৰা মুঠ ১,১৬,১১৯টা নমুনা পৰীক্ষা কৰাৰ বিপৰীতে ৫,৬৯৯গৰাকী লোক নতুনকৈ ক’ভিড আক্ৰান্ত হোৱাৰ তথ্য নিশ্চিত কৰা হৈছে। আক্ৰান্তৰ হাৰ হৈছে ৪.৯১%। ইফালে, প্ৰতিষেধক গ্ৰহণৰ পূৰ্বে নমুনা পৰীক্ষণ বাধ্য়তামূলক কৰি ৰাজ্য চৰকাৰে এছঅপি জাৰি কৰিছে।



মণিপুৰ: ৰাজ্যখনত ৮৭৪গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ১০গৰাকী লোকৰ মৃত্যু হৈছে। ইফালে, ৰাজ্যৰ ব্যক্তিগত চিকিত্সালয়সমূহত কোভিড ৰোগীৰ চিকিত্সাৰ বাবদ গ্ৰহণ কৰা মাচুলৰ উচ্চসীমা নিৰ্দ্ধাৰণ কৰি ৰাজ্য চৰকাৰে এই নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যখনত এই পৰ্যন্ত ৩,৫৫,৭৯৩গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা

 

মেঘালয়: বুধবাৰে ৮৪৬গৰাকী নতুনকৈ আক্ৰান্ত লোক চিনাক্ত কৰাৰ পিচত ৰাজ্যখনত মুঠ আক্ৰান্ত সংখ্যাই ৮০০০ৰ ঘৰ অতিক্ৰম কৰিলে। অৱশ্যে আৰোগ্য হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। একেৰাহে দ্বিতীয়টো দিনৰ বাবে ৭০০ৰো অধিক লোকে আৰোগ্য লাভ কৰিছে ৰাজ্যখনত। যোৱা ২৪ ঘণ্টাত ১০গৰাকী লোকৰ মৃত্যু হোৱাৰ পিচত এই পৰ্যন্ত ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ৫১২গৰাকী।ৰাজ্য চৰকাৰে মহামাৰী ৰোগ আইন কঠোৰ ভাবে বলবত্কৰণৰ সকীয়নি জাৰি কৰিছে।

 

ছিক্কিম: শেহতীয়া ভাবে ২৯৫গৰাকী আক্ৰান্ক চিনাক্ত কৰা হৈছে। ইয়াকে ধৰি ৰাজ্যখনত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১৩,৮০৬গৰাকী। এইখিনি সময়ত ২৪১গৰাকী লোকে আৰোগ্য লাভ কৰাৰ পিচত ৰাজ্যখনত আৰোগ্য লাভ কৰা লোকৰ মুঠ সংখ্যা হৈছেগৈ ৯৯৩৩গৰাকী। ২গৰাকী লোকে মৃত্যু বৰণ কৰিছে যোৱা ২৪ঘণ্টাত। ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩,৪২২গৰাকী।

ত্ৰিপুৰা: কালি ৬৬৭গৰাকী আক্ৰান্ক চিনাক্ত কৰা হৈছে। আনহাতে, যোৱা ২৪ঘণ্টাত ৬গৰাকী লোকে মৃত্যু বৰণ কৰিছে যোৱা ২৪ঘণ্টাত। ৰাজ্যখনত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ১০৬৬গৰাকী। পিচে, ৰাজ্যখনত আৰোগ্যৰ হাৰতকৈ আক্ৰান্ত হাৰ অধিক হোৱা কথাই সকলোকে উদ্বিগ্ন কৰি ৰাখিছে।

নাগালেণ্ড: ৰাজ্যখনত যোৱা ২৪ঘণ্টাত ২৬০গৰাকী আক্ৰান্ক চিনাক্ত কৰা হৈছে। ইয়াকে ধৰি ৰাজ্যখনত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ২০,৭৯৫গৰাকী। সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪৯২৩গৰাকী।এইখিনি সময়ত ২৪১গৰাকী লোকে আৰোগ্য লাভ কৰাৰ পিচত ৰাজ্যখনত আৰোগ্য লাভ কৰা লোকৰ মুঠ সংখ্যা হৈছেগৈ ৯৯৩৩গৰাকী। যোৱা ২৪ ঘণ্টাত ১২গৰাকী লোকে মৃত্যু বৰণ কৰিছে। ৰাজ্যখনত স্থাপন কৰা প্ৰকল্পত এতিয়া প্ৰতি মিনিটত ২০০লিটাৰ অক্সিজেনৰ উত্পাদন হৈছে।

*****

 



(Release ID: 1722552) Visitor Counter : 197