কেবিনেট

বিদেশী ৰাষ্ট্ৰ/সংস্থাৰে ইনষ্টিটিউট অৱ কষ্ট একাউনটেন্ট অৱ ইণ্ডিয়া (ICoAl) আৰু ইনষ্টিটিউট অৱ কোম্পানী চেক্ৰেটেৰী অৱ ইণ্ডিয়া (ICSI) ৰ বুজাবুজিৰ চুক্তি (MoU) ত কেবিনেটৰ অনুমোদন

Posted On: 25 MAY 2021 1:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ভিন্ন বিদেশী ৰাষ্ট্ৰ/সংস্থাৰে ইনষ্টিটিউট অৱ কষ্ট একাউনটেন্ট অৱ ইণ্ডিয়া (ICoAl) আৰু ইনষ্টিটিউট অৱ কোম্পানী চেক্ৰেটেৰী অৱ ইণ্ডিয়া (ICSI) ৰ বুজাবুজিৰ চুক্তি (MoU) ত অনুমোদন জনালে।

ইনষ্টিটিউট অৱ কষ্ট একাউনটেন্ট অৱ ইণ্ডিয়া (ICoAl) আৰু ইনষ্টিটিউট অৱ কোম্পানী চেক্ৰেটেৰী অৱ ইণ্ডিয়া (ICSI) ই যিকেইটা বিদেশী সংস্থাৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল, সেই কেইটা হৈছেঃ ইনষ্টিটিউট অৱ পাব্লিক একাউনটেন্ট (IPA), অষ্ট্ৰেলিয়া, চাৰ্টাৰ্ড ইনষ্টিটিউট ফৰ চিকিউৰিটি এণ্ড ইনভেষ্টমেন্ট, যুক্তৰাজ্য (CISI), চাৰ্টাৰ্ড ইনষ্টিটিউট অৱ পাব্লিক ফাইনেন্স এণ্ড একাউনটেন্সী (CIPFA), যুক্তৰাজ্য, ইনষ্টিটিউট অৱ চাৰ্টিফাইড মেনেজমেন্ট একাউনটেন্ট, শ্ৰী লংকা আৰু ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড চেক্ৰেটেৰী এণ্ড এডমিনিষ্ট্ৰেটৰ (ICSA), যুক্তৰাজ্য।

এই বুজাবুজিৰ চুক্তিসমূহৰ লক্ষ্য হৈছেঃ যোগ্যতাৰ পাৰস্পৰিক স্বীকৃতি সহজতৰ কৰা আৰু জ্ঞানৰ আদান-প্ৰদান, অভিজ্ঞতাৰ আদান-প্ৰদান আৰু কাৰিকৰী সহযোগিতাৰ অৰ্থে সম্পৰ্কীয় বিস্তৃত সহযোগী ক্ৰিয়া-কলাপ যথাঃ বাৰ্ষিক সন্মিলন/প্ৰশিক্ষণ কাৰ্যক্ৰম/কৰ্মশালা, আলোচনা চক্ৰ আৰু যুটীয় গৱেষণা প্ৰকল্প ইত্যাদিত অংশগ্ৰহণ।

প্ৰভাৱঃ

স্বাক্ষৰিত বুজাবুজিৰ চুক্তিসমূহে হিতাধিকাৰী ৰাষ্ট্ৰসমূহৰ মাজত সমতা, ৰাজহুৱা দায়িত্ব আৰু উদ্ভাৱন সম্পৰ্কীয় লক্ষ্যৰ অগ্ৰগতি সাধন কৰিব।

পৃষ্ঠপটঃ

সংসদৰ কষ্ট এণ্ড ৱৰ্ক একাউনটেন্ট এক্ট, ১৯৫৯ শীৰ্ষক বিশেষ আইনখনৰ জৰিয়তে কষ্ট একাউনটেন্সীৰ বৃত্তিৰ নিয়ন্ত্ৰণৰ অৰ্থে এটা বিধিবদ্ধ প্ৰফেশ্যনেল সংস্থা হিচাপে ইনষ্টিটিউট অৱ কষ্ট একাউনটেন্ট অৱ ইণ্ডিয়া (ICoAl) প্ৰতিষ্ঠা কৰা হৈছিল। এই প্ৰতিষ্ঠানটি হৈছে কষ্ট একাউনটেন্সীৰ বাবে বিশেষভাৱে গঠন কৰা ভাৰতৰ একমাত্ৰ স্বীকৃতিপ্ৰাপ্ত বিধিবদ্ধ প্ৰফেশ্যনেল সংস্থা আৰু অনুজ্ঞাপ্ৰাপ্ত সংস্থা।

ইনষ্টিটিউট অৱ কোম্পানী চেক্ৰেটেৰী অৱ ইণ্ডিয়া (ICSI) হৈছে ভাৰতৰ সংসদৰ এখন আইন যথাঃ দ্য কোম্পানী চেক্ৰেটেৰী এক্ট, ১৯৮০ (আইন নং: ১৯৮০ ৰ ৫৬) অনুসৰি প্ৰতিষ্ঠিত এটি বিধিবদ্ধ সংস্থা। এই সংস্থাটি প্ৰতিষ্ঠাৰ উদ্দেশ্য আছিল ভাৰতৰ কোম্পানী চেক্ৰেটেৰীৰ বৃত্তিটোৰ উন্নয়ন সাধন আৰু নিয়ন্ত্ৰণ কৰা।

*****

DS/SB



(Release ID: 1721600) Visitor Counter : 209