স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড সাহায্য সামগ্ৰীৰ শেহতীয়া স্থিতি

এই পৰ্যন্ত ১৬,৫৩০টা অক্সিজেন কনচেণ্ট্ৰেটৰ, ১৫,৯০১টা অক্সিজেন চিলিণ্ডাৰ, ১৯টা অক্সিজেন জেনেৰেটৰ প্লাণ্ট, ১১,৪১৬টা ভেণ্টিলেটৰ-বাই-পেপ, ৬.৫ লাখ ৰেমডিচিভিৰ ভাইল বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলললৈ প্ৰেৰণ আৰু প্ৰদান কৰা হৈছে

प्रविष्टि तिथि: 22 MAY 2021 4:18PM by PIB Guwahati

ক’ভিড-১৯ৰ বিৰুদ্ধে অব্যাহত ৰকা যুঁজখনত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্য পৃথিৱীৰ বিভিন্ন দেশ তথা বিভন্ন সংস্থাসমূহৰ পৰা ভাৰত চৰকাৰে চিকিত্সা সামগ্ৰীকে ধৰি বিভিন্ন সা-সামগ্ৰী সাহায্য হিচাপে লাভ কৰিছে। যোৱা ২৭ এপ্ৰিল, ২০২১ৰ লাভ কৰা এই সাহায্য সামগ্ৰীসমূহ বিশেষ তত্পৰতাৰে দেশৰ বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ তথা প্ৰদানৰ দিহা কৰা হৈছে।

সামগ্ৰিক ভাবে, ২১মে’, ২০২১ পৰ্যন্ত ১৬,৫৩০টা অক্সিজেন কনচেণ্ট্ৰেটৰ, ১৫,৯০১টা অক্সিজেন চিলিণ্ডাৰ, ১৯টা অক্সিজেন জেনেৰেটৰ প্লাণ্ট, ১১,৪১৬টা ভেণ্টিলেটৰ-বাই-পেপ, ৬.৫ লাখ ৰেমডিচিভিৰ ভাইল বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলললৈ প্ৰেৰণ আৰু প্ৰদান কৰা হৈছে।

২০-২১ মে, ২০২১ত কাটাৰ চৰকাৰ, ৱেলছ চৰকাৰ(ইউকে), কানাডা চৰকাৰ, ছাস্কেচ্ছৱান(কানাডা), ইউএছআইএছপিএফ, ৰবাৰ্ট বস্ক(জাৰ্মানী)কে ধৰি লাভ কৰা সামগ্ৰী

সামগ্ৰী

পৰিমাণ

অক্সিজেন জেনেৰেটৰ

963

ভেণ্টিলেটৰ/বাই-পেপ/চি-পেপ

465

 

*লগতে ফেচ চিল্ড, মাস্ক আৰু অন্যান্য পিপিই কিটো লাভ কৰা হৈছে।

 

সংগৃহিত সামগ্ৰীসমূহ বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ আৱণটন, তত্কালীন ভাবে প্ৰেৰণ আৰু প্ৰদানৰ প্ৰভাৱশালী ভাবে ব্যৱস্থা কৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই সমগ্ৰ ব্যৱস্থাৱলীৰ বিস্তৃতভাবে আৰু নিয়মীয়াকৈ চোৱা-চিতা কৰি আহিছে। 

 

*****

MV/KB

 


(रिलीज़ आईडी: 1721008) आगंतुक पटल : 257
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Tamil , Telugu , Kannada