বিত্ত মন্ত্ৰালয়

আয়কৰ বিভাগে নতুন ই-ফাইলিং প’ৰ্টেল শুভাৰম্ভ কৰাৰ বাবে ০১.০৬.২০২১ৰ পৰা ০৬.০৬.২০২১লৈকে বন্ধ ৰাখিব ই-ফাইলিং সেৱা

Posted On: 20 MAY 2021 6:18PM by PIB Guwahati

আয়কৰ বিভাগে ৭ জুন, ২০২১ত বিভাগটোৰ নতুন ই-ফাইলিং প’ৰ্টেল www.incometax.gov.in শুভাৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে৷ নতুন ই-ফাইলিং প’ৰ্টেল( www.incometax.gov.in)ৰ উদ্দেশ্য হৈছে কৰদাতাসকলক সুবিধাজনক, বাধাহীন সেৱাৰ অভিজ্ঞতা প্ৰদান কৰা৷

  • কৰদাতাসকলৰ অনুকূল নতুন প’ৰ্টেলত কৰদাতাসকলৰ তাৎক্ষণিক ৰিটাৰ্ণ প্ৰদান কৰাৰ লগতে কম সময়তে আয়কৰ ৰিটাৰ্ণ(আইটিআৰ) দাখিল কৰাৰ ব্যৱস্থা একত্ৰীকৰণ কৰা হৈছে;
  • কৰদাতাসকলে অনুসৰণ কৰা কামৰ বাবে সকলো বিষয় আৰু আপলোড বা পেণ্ডিং কামসমূহ একক ডেশ্ববোৰ্ডত প্ৰদৰ্শিত কৰা হ’ব;
  • কোনো কৰৰ তথ্য অবিহনেও আগতীয়া ফাইলিংৰ সুবিধাৰ লগতে ডাটা অন্তৰ্ভূক্তিৰ ন্যূনতম ৰূপত প্ৰস্তুত কৰি কৰদাতাসকলক আইটিআৰ দাখিলৰ সহায়ৰ বাবে আলোচনামূলক প্ৰশ্নৰ লগতে বিনামূলীয়াকৈ আইটিআৰ প্ৰস্তুত কৰাৰ বাবে অনলাইন আৰু অফলাইন ছফটৱেৰৰ সুবিধা প্ৰদান কৰা;
  • এফএকিউ, টিউটৰিয়েল, ভিডিঅ’ আৰু চাটবোট/লাইভ এজেণ্টৰ জৰিয়তে কৰদাতাৰ প্ৰশ্নৰ ক্ষিপ্ৰতাৰে উত্তৰ দি কৰদাতাসকলকৰ সহায়ৰ বাবে নতুন কল চেণ্টাৰ স্থাপন কৰা;
  • ডেস্কটপৰ সকলো প্ৰধান প’ৰ্টেলৰ কাম ম’বাইল এপত উপলব্ধ হ’ব, যিবোৰ পাছত ম’বাইল নেটৱৰ্কতো যিকোনো সময়ত চাব পৰাকৈ প্ৰস্তুত কৰা হ’ব;
  • নতুন প’ৰ্টেলত নতুন অনলাইন ব্যৱস্থাৰে ধন আদায় দিয়া পদ্ধতিৰ জৰিয়তে কৰদাতাসকলে যিকোনো বেংক একাউণ্টৰ পৰা সহজে প্ৰদান কৰিব পৰাকৈ নেটবেংকিং, ইউপিআই, ক্ৰেডিট কাৰ্ড আৰু আৰটিজিএছ/এনইএফটিৰ ব্যৱহাৰকে ধৰি বিভিন্ন নতুন ধন আদায় দিয়াৰ বিকল্প সুবিধা যুক্ত কৰা হৈছে৷

এই প’ৰ্টেল শুভাৰম্ভ কৰা আৰু মাইগ্ৰেচনৰ কাম-কাজৰ পৰিপ্ৰেক্ষিতত বিভাগটোৰ পূৰ্বৰ প’ৰ্টেল www.incometax.gov.in টো ১ জুন, ২০২১ৰ পৰা ৬ জুন, ২০২১লৈ নিৰ্দিষ্ট সময়ৰ বাবে কৰদাতাৰ লগতে অন্যান্য বাহিৰা হিতাধিকাৰীৰ বাবে বন্ধ থাকিব৷

কৰদাতাসকলক যিকোনো ধৰণৰ অসুবিধা কম কৰাৰ বাবে, বিভাগৰ এই সময়ছোৱাত কোনো ধৰণৰ অনুৱৰ্তী দিন নিৰ্ধাৰণ নকৰে৷ ইয়াৰ উপৰি, নতুন প্ৰণালীত প্ৰতিক্ৰিয়া প্ৰদানৰ উদ্দেশ্যে কৰদাতাসকলক সময় দিয়াৰ বাবে কেৱল ১০ জুন, ২০২১ৰ পৰাহে বিভিন্ন গোচৰৰ শুনানি দিয়াৰ অনুৱৰ্তী দিন জাৰি কৰা হৈছে৷ এই সমছোৱাত নিৰ্ধাৰিত শুনানি বা অনুৱৰ্তী প্ৰদান কৰাটো প্ৰয়োজন, সেয়াৰ সময়ৰ পূৰ্বে কৰা হ’ব বা স্থগিত ৰখা হ’ব আৰু কাম-কাজ এই নিৰ্দিষ্ট সময়ৰ পাছত কৰাৰ বাবে নিৰ্ধাৰিত কৰা হ’ব

বিভাগে বেংক, এমচিএ, জিএছটিএন, ডিপিআইআইটি, চিবিআইচি, জিইএছ, ডিজিএফটিকে ধৰি বাহিৰা কাৰ্যালয়, যি পেন সত্যাপন আদিৰ সুবিধা প্ৰদান কৰে, সেইবোৰক সেৱা বন্ধ কৰাৰ সন্দৰ্ভত জাননী দিয়া হৈছে আৰু তেওঁলোকক নিজৰ নিজৰ গ্ৰাহক/হিতাধিকাৰীসকলক জনোৱাৰ বাবে অনুৰোধ কৰা হৈছে, যাতে ব্লেকআউট কৰাৰ সময়ৰ পূৰ্বে তেওঁলোকে নিজৰ জৰুৰী কাম-কাজ সম্পন্ন কৰিব পাৰে৷

কোনো ধৰণৰ তথ্য অন্তৰ্ভূক্তি, আপলোড বা ডাউনলোডৰ সৈতে জড়িত সকলো কাম ১জুন, ২০২১ৰ পূৰ্বে কৰাৰ বাবে প্ৰোৎসাহিত কৰা হৈছে, যাতে ব্লেক আউটৰ সময়ত কোনো ধৰণৰ সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে৷

বিভাগে নতুন ই-ফাইলিং প’ৰ্টেল সম্পূ্ৰ্ণ ৰূপে কাৰ্যকৰী কৰা আৰু আৰম্ভণি সময়ত সকলো কৰদাতাক অন্য হিতাধিকাৰীৰ জৰিয়তে নতুন ব্যৱস্থাৰ লগত যোগসুত্ৰ ৰখালৈকে সংযম ৰাখিবলৈ অনুৰোধ জনাইছে৷ ই চিবিডিটিক কৰদাতা আৰু অন্য হিতাধিকাৰীসকলৰ বাবে সহজ অনুৱৰ্তী উপলব্ধ কৰোৱাৰ দিশত গ্ৰহণ কৰা আন এক উল্লেখযোগ্য পদক্ষেপ৷

*****

RM/MV/KMN/DB



(Release ID: 1720511) Visitor Counter : 192