PIB Headquarters
ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন
प्रविष्टि तिथि:
19 MAY 2021 2:47PM by PIB Guwahati


#Unite2FightCorona
#IndiaFightsCorona

একেৰাহে ৬ষ্ঠ দিনৰ বাবে দৈনিক আৰোগ্যৰ সংখ্যাই দৈনিক নতুন ঘটনাৰ সংখ্যা অতিক্ৰম কৰিছে
- ক্ৰমশঃ তিনি দিনত ৩ লাখতকৈ কম দৈনিক নতুন ঘটনা
- যোৱা ২৪ ঘণ্টাত সৰ্বাধিক ২০ লাখ পৰীক্ষা কৰা হৈছে যিটো এটা বিশ্ব অভিলেখ
- দৈনিক সক্ৰিয়তাৰ হাৰ ১৩.৩১%লৈ অৱনমিত হৈছে
- বৰ্তমানলৈকে ১৮-৪৪ বছৰ বয়সৰ ৬৪ লাখতকৈও অধিক সুফলভোগীক টীকা দিয়া হৈছে
সবিশেষ জানিবলৈঃ https://pib.gov.in/PressReleasePage.aspx?PRID=1719843
১৫ জুন, ২০২১লৈকে ৰাজ্য আৰু কেন্দ্ৰ শাসিত প্ৰদেশসমূহক ভাৰত চৰকাৰে ভেকচিন ড’জ যোগানৰ পৰ্যাপ্ততাৰ আগতীয়া তথ্য প্ৰদান কৰে
ক’ভিড টীকাকৰণৰ বাবে ৰাজ্যসমূহক জিলাভিত্তিক, ক’ভিড টীকাকৰণ কেন্দ্ৰ (চিভিচি)ভিত্তিক পৰিকল্পনা আগতীয়াকৈ প্ৰস্তুত কৰিবলৈ আৰু ইয়াক ৰাজহুৱা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। টীকাকৰণ কেন্দ্ৰসমূহত অতিৰিক্ত সমাগম ৰোধ কৰিবলৈ চিভিচিবিলাকে ক’উইনত কেলেণ্ডাৰ প্ৰকাশ কৰিব।
সবিশেষ জানিবলৈঃ https://pib.gov.in/PressReleasePage.aspx?PRID=1719837
ৰাজ্যসমূহত প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত আৰম্ভ কৰা নতুন এইমছে উন্নত ক’ভিডৰ চিকিৎসা প্ৰদান কৰি আছে
প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা (পিএমএছএছৱাই), এটা কেন্দ্ৰীয় খণ্ডৰ আঁচনি, ২০০৩ৰ আগষ্টত ঘোষণা কৰা হয়, ইয়াৰ উদ্দেশ্য হৈছে দেশত তৃতীয় তৰপৰ চিকিৎসাৰ হাস্পতালৰ পৰ্যাপ্ততাৰ ক্ষেত্ৰত থকা বৈষম্য দূৰ কৰা আৰু চিকিৎসা শিক্ষা উন্নত কৰা।
সবিশেষ জানিবলৈঃ https://pib.gov.in/PressReleasePage.aspx?PRID=1719809
ক’ভিড-১৯ৰ প্ৰতিটো প্ৰয়োজনীয় ঔষধৰ যোগান পৰ্যবেক্ষণ কৰি আছে চৰকাৰে
ৰাজ্য মন্ত্ৰী শ্ৰী মনসুখ মন্দাভিয়াই আজি আশ্বাস দিয়ে যে চৰকাৰে ক’ভিড-১৯ৰ প্ৰতিটো প্ৰয়োজনীয় ঔষধৰ যোগান পৰ্যবেক্ষণ কৰি আছে। ক’ভিড-১৯ৰ ব্যৱস্থাপনাত ব্যৱহৃত সকলো ঔষধ এতিয়া উৎপাদন দ্ৰুত কৰি আৰু যোগান বৃদ্ধি কৰি ভাৰতত পৰ্যাপ্ত কৰা হৈছে। এই ঔষধবিলাকৰ পৰ্যাপ্ততা যোগান শৃংখলা ব্যৱস্থাপনা, চাহিদাৰ দিশৰ ব্যৱস্থাপনা আৰু সামৰ্থ্যৰ তিনিতৰপীয়া ৰণনীতি প্ৰয়োগ কৰি পৰ্যবেক্ষণ কৰি থকা হৈছে।
সবিশেষ জানিবলৈঃ https://pib.gov.in/PressReleasePage.aspx?PRID=1719867
পিআইবিৰ ফেক্ট চেক
https://twitter.com/mygovindia/status/1394680426522812421?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1394680426522812421%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fpib.gov.in%2FPressReleasePage.aspx%3FPRID%3D1719926
https://twitter.com/mygovindia/status/1394292873508491267?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1394292873508491267%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fpib.gov.in%2FPressReleasePage.aspx%3FPRID%3D1719926
********
(रिलीज़ आईडी: 1719982)
आगंतुक पटल : 133